মূল পৃষ্ঠা / স্বাস্থ্য / মানসিক স্বাস্থ্য / জটিল মানসিক ৰোগ অ’চিডি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জটিল মানসিক ৰোগ অ’চিডি

জটিল মানসিক ৰোগ অ’চিডিৰ বিষয়ে লিখা হৈছে

পৃথিৱীখন যিমানেই উন্নতিৰ দিশে ধাৱমান হৈছে সিমানেই ন ন স্বাস্থ্যজনিত সমস্যাই দেখা দি সমাজখনক চিন্তাক্লিষ্ট কৰি তুলিছে। আজি এবিধ জটিল মানসিক ৰোগ অ’চিডি(Obsessive Compulsive Disorder)ৰ বিষয়ে কিছু কথা আলোচনা কৰিবলৈ ওলাইছোঁ। দুটা দশক আগতে সিমান গুৰুত্ব নোপোৱা এই ৰোগে বৰ্তমানক চিকিৎসা বিজ্ঞানী আৰু সমাজ বিজ্ঞানৰ লগত জড়িত লোকসকলক নতুনকৈ গভীৰভাৱে ভাবিবলৈ বাধ্য কৰি তুলিছে। আমেৰিকা, অষ্ট্ৰেলিয়া আৰু ইউৰোপত এই ৰোগৰ প্ৰাদুৰ্ভাৱ ২ৰ পৰা ৩ শতাংশ হোৱাৰ বিপৰীতে আমাৰ দেশ ভাৰতবৰ্ষত এক শতাংশৰো কম ৰোগী আছে বুলি ইণ্ডিয়ান জাৰ্নেল অৱ চাইক্ৰিয়াটিত প্ৰকাশিত এক নিবন্ধত কোৱা হৈছে। বৰ্তমান অষ্ট্ৰেলিয়াত ৫ লাখৰো অধিক এনে ৰোগী চিকিৎসকৰ তত্ত্বাৱধানত আছে বুলি জনা যায়।

১৯১০ চনত ফ্ৰয়েডে এই ৰোগৰ বৰ্ণনা দিয়াৰ আগলৈকে মানুহে এনে মানসিক ৰোগ সম্বন্ধে ভ্ৰান্ত ধাৰণাৰ বশৱৰ্তী হৈ আছিল। আনকি আজিও আমাৰ দেশত বহু এনে মানসিক ৰোগীক ডাইনী বা ভূত-প্ৰেত লম্ভা বুলি সন্দেহৰ চকুৰে চোৱা হয় বুলিলে অত্যুক্তি কৰা নহ’ব।

অসমীয়াত এই ৰোগৰ নিৰ্দিষ্ট নামকৰণ কিবা কৰা হৈছে যদি মোৰ জ্ঞাত নহয়। তথাপি ইয়াক আমি ‘মনোগ্ৰাসিত বাধ্যতা বিকাৰ’ আখ্যা দিব পাৰোঁ। এটি সাধাৰণ উদাহৰণেৰে আলোচনাটি আগবঢ়াওঁ- এগৰাকী ৩৫ বছৰীয়া গৃহিণী, ৩টি সন্তানৰ মাতৃ, যি আগতে ওচৰ-চুবুৰীয়াৰ ঘৰলৈ মিলা-প্ৰীতিৰে অহা-যোৱা কৰিছিল। এতিয়া যোৱা ৫/৬ বছৰৰ পৰা বেছিকৈয়ে পৰিষ্কাৰ-পৰিচ্ছন্ন থাকিবলৈ যত্নপৰ হোৱা দেখা গ’ল। বাৰম্বাৰ একেবোৰ বাচনকে ধুই ধুই থাকে। আনকি শীতকালৰ ঠাণ্ডাতো কেঁথা-কম্বল ধুই ৰ’দত মেলি দিয়াত ব্যস্ত থাকে। এওঁ হ’ল এই মানসিক ৰোগৰ চিকাৰ।

মনোগ্ৰাসিত বাধ্যতা বিকাৰ সকলো বয়সৰ সকলো জাতি-উপজাতিৰ পুৰুষ-মহিলা উভয়ৰে হ’ব পাৰে। এই ৰোগৰ ভুক্তভোগী দুজন বিখ্যাত লোক হ’ল ব্ৰিটেইনৰ কবি চেম্যুৱেল জনছন আৰু আমেৰিকান চিত্ৰ নিৰ্মাতা-অভিনেতা হাৱাৰ্ড হিউ’গন।

ৰোগৰ আৰম্ভণিৰ গড় বয়স ১৯ বছৰ বুলি এক তথ্যত প্ৰকাশ হৈছে। একে পৰিয়ালৰে একাধিক লোক ৰোগাক্ৰান্ত হোৱালৈ চাই ৰোগৰ ক্ষেত্ৰত বংশগতিৰ প্ৰভাৱ থাকিব পাৰে বুলি অনুমান কৰা হৈছে। ইয়াৰ উপৰি পাৰিপাৰ্শ্বিকতা, জীৱন ধাৰণৰ পদ্ধতি, অত্যধিক মানসিক চাপ, কিছুমান ঘটনা-দুৰ্ঘটনা(যেনে- Sexual abuse) আদিৰ প্ৰভাৱতো মনোগ্ৰাসিত বাধ্যতা বিকাৰ উৎপন্ন হ’ব পাৰে।

ৰোগৰ ক্ষেত্ৰত চেৰ’টনিনৰ ভূমিকা-

 

পাকস্থলীৰ স্নায়ুতন্ত্ৰত ট্ৰিপ্টফেন নামৰ এমাইনো এচিডৰ পৰা উৎপন্ন হোৱা ৰাসায়নিক দ্ৰব্য চেৰ’টনিনৰ ভূমিকা হ’ল মানুহৰ মুড নিয়ন্ত্ৰণত ৰখা। চেৰ’টনিনৰ অভাৱত যৌন উত্তেজনা বাঢ়ে আৰু চেৰ’টনিন বাঢ়িলে যৌন ক্ষুধা কমে। এই ৰাসায়নিক দ্ৰব্যই নিদ্ৰা নিয়ন্ত্ৰণত ৰাখে। নিয়মীয়া পৰিমাণৰ চেৰ’টনিনে মন শান্ত, চিন্তাৰহিত, সুখী আৰু একাগ্ৰচিত্তে ভাবিব পৰা কৰি ৰাখে। তেজত চেৰ’টনিনৰ স্বাভাৱিক পৰিমাণ হ’ল ১০১ৰ পৰা ২৮৩ নেনোগ্ৰাম প্ৰতি মিলিমিটাৰত।

ৰোগৰ লক্ষণ:

 

এইবিধ মনোৰোগৰ প্ৰকৃতি হ’ল দীৰ্ঘকাল চলি থকা। যাক ডাক্তৰী ভাষাত ক্ৰনিক ৰোগ বোলে। এই অসুখৰ ফলত ৰোগীৰ আত্মীয়-স্বজনৰ লগত সম্পৰ্কৰ বিজুতি ঘটাৰ সম্ভাৱনাই দেখা দিয়ে। দুশ্চিন্তা হ’ল ৰোগৰ এক প্ৰধান লক্ষণ। দুশ্চিন্তাই ক্ৰমে মনলৈ বিষাদ, হতাশা, একাকী ভাব আৰু ডিপ্ৰেছন আনিব আৰু ৰোগৰ গভীৰ পৰ্যায়ত আত্মহননৰ চিন্তা ৰোগীৰ মনলৈ আহিব পাৰে।

ৰোগীৰ মনলৈ অহা কিছুমান চিন্তাই এনে ৰূপ ল’ব পাৰে-

 

  • বীজাণুৰ আক্ৰমণৰ ভয়ত বাৰম্বাৰ হাত ধুই থকা,
  • নিজৰ শৰীৰৰ দুৰ্গন্ধ আঁতৰ নোহোৱা বুলি বাৰম্বাৰ গা ধুই থকা,
  • কাপোৰ পৰিষ্কাৰ নোহোৱা বুলি ভাবি একেখিনি কাপোৰ বাৰম্বাৰ ধুই থকা,
  • ঘৰৰ তলটো, দুৱাৰখন, লাইটটো, চোলাৰ বুটাম আদি বাৰম্বাৰ পৰীক্ষা কৰি থকা।

থোৰতে ৰোগৰ লক্ষণ কিছুমান হ’ল-

 

বাৰে বাৰে একেখিনিকে ধুই বা চাফা কৰি থকা। একেটা পৰীক্ষাকে বাৰম্বাৰ কৰি থকা। অবাবত অত্যধিক বস্তু জমা কৰা। হিংসুক, কামুৰ বা ধাৰ্মিক চিন্তাত অনবৰতে লিপ্ত থকা।

চিকিৎসা:

 

মনোৰোগ বিশেষজ্ঞৰ কাষ চাপি পৰামৰ্শ লোৱাটো একান্ত আৱশ্যক। ৰোগীৰ লগত বিতং একান্ত আলোচনা কৰি চিকিৎসকে দিহা-পৰামৰ্শ আগবঢ়াব। ৰোগী হয়তো আজীৱন চিকিৎসকৰ তত্ত্বাৱধানত আৰু দৰব নিৰ্ভৰশীল লৈ থাকিবলগীয়া হ’ব পাৰে।

দৰব আৰম্ভ কৰাৰ পৰা ৰোগৰ উপশম ঘটালৈ ১২ সপ্তাহ সময় অপেক্ষা কৰিবলগীয়া হ’ব পাৰে। কেইবিধমান উপযোগী দৰবৰ নাম হ’ল- Flouxtene, Fluvoxamine, Clomipramine, Setraline আদি।

মোখনিত ইমানেই ক’ম যে এনে ৰোগীক সদায় সহানুভুতিৰে চাব আৰু ৰোগীক কেতিয়াও অকলে নেৰিব। যোগাসন, ধ্যান, নানাবিধ আসন আদিয়ে। কিছুমান ৰোগীক উপকৃত কৰা দেখা যায়। এই মানসিক ৰোগৰ চিকিৎসা যিমানে সোনকালে কৰা যায় সিমানে মংগলদায়ক। নিজাকৈ কোনেও ঔষধ ক্ৰয় কৰি নাখাব আৰু চিকিৎসকৰ পৰামৰ্শ অবিহনে দৰবৰ ব্যৱহাৰ বাদ নিদিব।

এই চমু নিবন্ধটো মোৰ পাঠকৰ একান্ত অনুৰোধত লিখিছোঁ। লেখাটো পঢ়া অভিজ্ঞ মনোৰোগ চিকিৎসকে বাদ পৰি যোৱা লাগতিয়াল কথা পাঠকক অৱগত কৰে যেন ইয়াকে অনুৰোধ জনালোঁ।

লেখক: ডাঃ ভূপেন শইকীয়া(নিয়মীয়া বাৰ্তা)

3.075
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top