অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জ্যেষ্ঠ নাগৰিকৰ মনৰ অসুস্থতা

জ্যেষ্ঠ নাগৰিকৰ মনৰ অসুস্থতা

 

মানুহৰ জীৱনলৈ অহা পৰিস্থিতিৰ লগত সদায় খাপ খাবলগীয়া হয়। কিছুমান জ্যেষ্ঠ নাগৰিকৰ আনৰ লগত মিলি যাবলৈ কঠিন হয়। কিয়নো বয়সৰ লগত শৰীৰ আৰু মনৰ পৰিৱর্তন হয়। এনে বয়সত মানুহৰ টোপনি কমে, স্মৰণ শক্তি কমে, খিংখিঙীয়া স্বভাৱৰ হয়, খং বেছি হয়, সকলোৱে তেওঁক আদৰ নকৰে বুলি ভাবে, সন্দেহ মনোভাব হয় আদি।

বর্তমান ৬৫ বছৰৰ ওপৰৰ বয়স হ’লে এজন ব্যক্তিক জ্যেষ্ঠ নাগৰিক বুলি সন্মান কৰে। ১৯৭১ চনৰ পিয়ল অনুসৰি শতকৰা ৫.৫ ভাগ এনে নাগৰিক আছিল। বর্তমান ই শতকৰা ১০ ভাগ হ’লগৈ। এই বয়সত মানুহ মানসিক ৰোগত আক্রান্ত হ’লে পৰিয়াললৈ নানা সমস্যা আহে। মানসিক ৰোগবোৰ এনে ধৰণৰ-

  • অতিপাত স্মৰণ শক্তি লোপ পোৱা ব্যক্তিৰ শতকৰা ৫.৫ ভাগ।
  • মধ্যমীয়া হিচাপে স্মৰণ শক্তি লোপ পোৱা ব্যক্তিৰ সংখ্যা শতকৰা ৫.৭ ভাগ।
  • উদ্বায়ুগ্ৰস্ত ৰোগৰ (Neurotic) সংখ্যা শতকৰা ১২.৫ ভাগ|
  • বিষাদত আক্রান্ত ব্যক্তিৰ সংখ্যা শতকৰা ১.৪ ভাগ।
  • স্কিজফ্রেনিয়া ৰোগ (Schizophrenia) শতকৰা ১.১ ভাগ।

আমাৰ দেশৰ নানা ঠাইত এই বিষয়ে গৱেষণা কৰা হৈছে যদিও সম্পূর্ণ নিৰ্ভৰযোগ্য তথ্য পোৱা নাই। কিয়নো বহুতে ৰোগৰ চিকিৎসা ল’বলৈ নাহে।

কিছুসংখ্যক জ্যেষ্ঠ নাগৰিকৰ বিভিন্ন বিষয়বস্তু জানিবলৈ ইচ্ছা নাথাকে। তেওঁলোকে আনৰ লগত আদান-প্রদান নকৰে। কোনো আনন্দ নাপালে নিঃসংগ হৈ থাকিবলৈ বিচাৰে। এনে বহু জ্যেষ্ঠ নাগৰিকৰ নানা ধৰণৰ অসুখ হয় বুলি আপত্তি কৰে। দৰাচলতে তেওঁলোক বিষাদ মনৰ আৰু বহু ঠাইত চিকিৎসা কৰিবলৈ বিচাৰে। এনেধৰণৰ মানসিক ক্রিয়াক উদ্বায়ুগ্ৰস্ত (Neurotic) ৰোগ বুলি নামকৰণ কৰা হয়| তেওঁলোকৰ লক্ষণসমূহ এনেধৰণৰ-

  • চঞ্চল অৱস্থা।
  • অনৱৰত আপত্তি কৰা।
  • নানা ধৰণৰ ভয়|
  • মানুহৰ আগত ওলাবলৈ ইচ্ছা নকৰে।
  • অনৱৰতে ঘৰৰ পৰিয়ালৰ পৰা আশ্বাস বিচাৰে।

শৰীৰৰ লক্ষণবোৰ এনেধৰণৰ-

  • বুকু ঢপঢপায়।
  • মূৰৰ কামোৰণি।
  • কোষ্ঠবদ্ধতা।
  • হাত-ভৰি ঠাণ্ডা হোৱা আদি।

একাংশ জ্যেষ্ঠ নাগৰিকে মদপান, ভাং, আফিং আদি দ্রব্য ব্যৱহাৰ কৰি নানা ধৰণৰ মানসিক লক্ষণ দেখুৱায়। এনে দ্রব্য ব্যৱহাৰ কৰা জ্যেষ্ঠ নাগৰিকসকল Dementia ৰোগত আক্রান্ত হ’ব পাৰে। এনে ৰোগীয়ে পাহৰণি, খঙাল, টোপনি কম হোৱা আদি লক্ষণবোৰ দেখুৱায়। এনে ৰোগীক চিকিৎসালয়ত ভর্তি কৰিবলগীয়া হয়।

ডিমেনচিয়া আৰু এলজেইমাৰ ৰোগ

এলজেইমাৰ ৰোগটো ৫৫-৬০ বছৰৰ ভিতৰত দেখা দিয়ে। আৰম্ভণিতে এনে ৰোগৰ চিকিৎসা নকৰিলে ডিমেনচিয়া ৰোগলৈ ৰূপান্তৰিত হয়। এলজেইমাৰ ৰোগত আৰম্ভণিতে চিকিৎসা কৰিলে আৰোগ্য হোৱাৰ সম্ভাৱনা থাকে। কিন্তু চিকিৎসা নকৰিলে Dementia হয় আৰু এনে অৱস্থাত চিকিৎসা কৰিলে ভাল হোৱাৰ সম্ভাৱনা কম পৰিমাণে থাকে।

Dementia ৰোগত স্মৰণ শক্তি কমি যায়। এনে ব্যক্তিৰ বিবেক, বিবেচনা কমি যায়। এনে ব্যক্তিৰ বিবেক, বিবেচনা কমি গৈ থাকে আৰু কালক্ৰমত সকলো পাহৰি যায়। আৰম্ভণিতে সদায় কৰি থকা কামটো সময়ত ভুল হয়। টকা-পইচাৰ লেন-দেন কৰিবলৈ প্ৰায়ে অসুবিধা হয়। নিজৰ ঘৰ, বাট-পথ ভুল হয়। লাহে লাহে ব্যক্তিজনৰ দৈনন্দিন কাম কৰিবলৈকো অসমৰ্থ হয়। খোৱা-বোৱাৰ কাৰণে আনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। কথা ক’বলৈ অপাৰগ হয়। মানুহ চিনিব নোৱাৰা হয়। ব্যৱহাৰ সলনি হয়। ৰাতি ভ্ৰম বেছি হয়। চঞ্চল হৈ নিজৰ ঘৰতে ঘূৰি ফুৰে আৰু কোনো সময়ত বাহিৰলৈ ওলাই গৈ হেৰাই যাব পাৰে। এনে ৰোগীৰ কেতিয়াবা খং বেছি হ’ব পাৰে। গণ্ডগোল কৰে, বিষাদ মনৰ অৱস্থাত থাকে। তেওঁলোকৰ টোপনি কম হয়, ভোক নালাগে, স্নায়ুবিলাক শুকান হৈ পৰে। হাতৰ কঁপনি বেছি হয় আৰু খোজকাঢ়িব নোৱৰা হয়।

বিষাদগ্ৰস্ততা

জ্যেষ্ঠ নাগৰিকসকলৰ বিষাদগ্ৰস্ততা ৰোগ বেছি হয়। পুৰুষতকৈ নাৰীৰ বিষাদ বেছি হয়। এনে অৱস্থাত ভোক নালাগে। টোপনি কম হয়। এলাহ বেছি হৈ শুই থাকে। তেওঁলোকে কথা পাতিবলৈ ইচ্ছা নকৰে। এনে অৱস্থাত শাৰীৰিক অসুস্থতা হোৱাৰ সম্ভাৱনা থাকে। শাৰীৰিক অসুস্থতাই বিষাদত বৃদ্ধি কৰে আৰু মৃত্যুৰ ফাললৈ আগুৱাই যায়। এনে ৰোগক উদাসীন বিষাদগ্ৰস্ততা (Apathetic Depression) বুলি নামকৰণ কৰিছে।

বাইপলাৰ বিষাদগ্ৰস্ততা

এই ৰোগৰ দুটা পর্যায় আছে। এটা সময়ত মন মাৰি থাকে আৰু কিছুদিনৰ পাছত উত্তেজিত হৈ পৰে। সেই পর্যায়ত এনেধৰণৰ-

বিষাদগ্ৰস্ততা®সুস্থতা®উত্তেজিত অৱস্থা®সুস্থতা®বিষাদগ্ৰস্ততা।

এনে ৰোগৰ লক্ষণবোৰ এটা সালসলনি থকা বৃত্তৰ নিচিনা। বিষাদগ্ৰস্ত অৱস্থাত থাকিলে ৰোগীয়ে আত্মহত্যা কৰিব পাৰে।

স্কিজফ্ৰেনিয়া

ইয়াৰ লক্ষণবোৰ বহু ধৰণৰ হ’ব পাৰে। কিছুমানে চিন্তা কৰি ঘৰৰ ভিতৰতে সোমাই থাকে। তেওঁলোকৰ মনত সন্দেহ বেছি আৰু ভ্ৰান্তিমূলক ধাৰণা বেছি। কিছুমানে কোনোবাই কথা কৈ থকা যেন শুনিবলৈ পায়। কোনোবাই মাৰিবলৈ অহা যেন লাগে। কিছুমান খঙাল আৰম্ভ উত্তেজিত হৈ পৰে ইত্যাদি।

পেঞ্চনৰ লগত জড়িত মনৰ সংঘাত

পেঞ্চন পোৱাৰ আগত বা তাৰ কিছুদিনৰ পাছতো মনৰ সংঘাতৰ লক্ষণবোৰ দেখা পোৱা যায়। কিছুমান মানসিক ৰোগৰ লক্ষণে দেখা দিব পাৰে। এনে অৱস্থাক Retirement Syndrome বুলি নামকৰণ কৰিছে। লক্ষণসমূহ এনেধৰণৰ-

  • নিজকে বৃদ্ধ হৈ পৰিলোঁ বুলি বিচলিত হৈ পৰে।
  • উপার্জন কমি যোৱা|
  • ব্যস্ত জীৱনৰ অন্ত পৰা|
  • ক্ষমতা লোপ পোৱা|
  • আনৰ লগত খাপ খোৱাই চলাত অসুবিধা অনুভৱ কৰা।
  • পৰিস্থিতিৰ লগত মিলিব নোৱাৰি নানাধৰণৰ অসুবিধাত ভোগা।

পৰিস্থিতিৰ লগত খাপ খাব নোৱৰাৰ কাৰণ

  • ঘৰত নানা অশান্তি।
  • নতুন কথা জানিবলৈ ইচ্ছা নথকা। দুর্বল আর্থিক অৱস্থা।
  • সমাজৰ লগত আদান-প্ৰদান নথকা।
  • পেঞ্চন পোৱাৰ অসুবিধা থাকিলে।
  • দুৰ্নীতিৰ লগত লিপ্ত হৈ অপৰাধী হৈ পৰা বেয়া স্বাস্থ্য।
  • নীচাত্মিকা মনোভাব।

পেঞ্চন পোৱাৰ ৫ বছৰমান থাকেঁতেই মানসিকভাৱে সাজু হৈ থাকিব লাগে। মহিলাসকলে পেঞ্চন পোৱাৰ লগত মিলি যাব পাৰে। মহিলাসকলে ঘৰুৱা কামত ব্যস্ত থকাৰ উপৰি সমাজৰ লগত আদান-প্ৰদান কৰি থকাৰ বাবে অসুস্থ অনুভৱ নকৰে।

জ্যেষ্ঠ নাগৰিকৰ প্ৰয়োজন হয়, ব্যায়াম, প্রাতঃভ্রমণ, আমোদ-প্রমোদ, উপযুক্ত খাদ্য আৰু শাৰীৰিক আৰাম। বিভিন্ন সংস্থা যেনে— নাগৰিক সংস্থা, পেঞ্চন সংস্থা, আত্মসহায়ক গোট আদি সামাজিক অনুষ্ঠানসমূহে জ্যেষ্ঠ নাগৰিকসকলক আগবঢ়াই নিব পাৰে। বর্তমান সময়ত পৰিয়ালবোৰ গাইগুটীয়া হোৱাৰ কাৰণে এনেধৰণৰ সংস্থাৰ প্ৰয়োজন আছে। চৰকাৰৰ পৰিকল্পনাৰ প্রয়োজন হৈছে। এনে পৰিকল্পনা সকলো জ্যেষ্ঠ নাগৰিকৰ কাৰণে কৰিব লাগে। বৃদ্ধ অৱস্থাৰ দুখ বুলি ভবাটো উচিত নহয়| এনে বয়সত তেওঁলোকৰ জীৱন সুন্দৰ কৰি তুলিব পাৰে। সেই কাৰণে এটি ইংৰাজী আপ্তবাক্য- 'Grow old gracefully’ বুলি অনুভৱ কৰাৰ প্রয়োজন আছে।

লিখক: বিজয় প্ৰসাদ বৰা, দৈনিক জনমভূমি।

শেহতীয়া উন্নীতকৰণ: : 1/17/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate