মূল পৃষ্ঠা / স্বাস্থ্য / মানসিক স্বাস্থ্য / ডিপ্ৰেছন বা গভীৰ দুখানুভূতি: মুক্তিৰ উপায় কি?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ডিপ্ৰেছন বা গভীৰ দুখানুভূতি: মুক্তিৰ উপায় কি?

ডিপ্ৰেছন বা গভীৰ দুখানুভূতি: মুক্তিৰ উপায় কি?

আজিৰ সময়ত মানুহৰ ব্যস্ত জীৱনযাত্ৰাত প্ৰায়ে শুনিবলৈ পোৱা এটা শব্দ হ’ল ‘ডিপ্ৰেছন’। পৰিসংখ্যা মতে সমগ্ৰ বিশ্বত প্ৰায় ১২১ নিযুত লোক ‘ডিপ্ৰেছন’ত ভূগি আছে। অৱশ্যে এই সংখ্যা আৰু বেছি হ’ব পাৰে, কাৰণ নিজে ক’ব নোৱাৰাকৈয়ে বহুতে ‘ডিপ্ৰেছন’ৰ চিকাৰ হৈ আছে।  আমেৰিকা যুক্তৰাষ্ট্ৰত ‘ডিপ্ৰেছন’ তৃতীয় ঘাতক ৰোগ হিছাপে পৰিগণিত হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমান মতে ২০২০ চনত ‘ডিপ্ৰেছন’ সমগ্ৰ বিশ্বতে দ্বিতীয় ঘাতক ব্যাধি বুলি পৰিগণিত হ’ব। বৰ্তমান সমগ্ৰ বিশ্বতে  ডিপ্ৰেছনে এক মহামাৰীৰ ৰূপত ধৰা দিছে। পৰিসংখ্যা মতে ভাৰতত প্ৰায় ৩৬% মানুহ ‘ডিপ্ৰেছন’ৰ ভুক্তভোগী।  ‘ডিপ্ৰেছন’ৰ অসমীয়া প্ৰতিশব্দ হিছাপে বিষাদগ্ৰস্থতা, বিষন্নতা আদি বিভিন্ন সময়ত ব্যৱহাৰ হৈ আহিছে যদিও মই ‘ডিপ্ৰেছন’ৰ প্ৰতিশব্দ হিছাপে ‘গভীৰ দুখানুভূতি’ শব্দটো ব্যৱহাৰ কৰিব বিচাৰিছোঁ।

মানুহৰ এক স্বাভাৱিক ধৰ্ম হ’ল যে প্ৰতিজন মানুহে এটা সুখী জীৱন বিচাৰে। এই সুখানুভূতি অৱশ্যে আমাৰ প্ৰতিজন মানুহৰে নিজস্ব, স্বকীয় বৈশিষ্ট। কোনো এজন মানুহে খেতি কৰি, মাছ মাৰি পেটে ভাতে খাই থাকিও সুখানুভূতি পাব পাৰে, সেইদৰে কোনো এজন মানুহে কোটি কোটি টকাৰ সম্পত্তি আহৰণ কৰি সুখানুভূতি পোৱা বুলি ভাবিব পাৰে। সাধাৰণতে এই সুখানুভূতিৰ অভাৱ বা সুখানুভূতিৰ অপ্ৰাপ্তিৰ কাৰণে আমাৰ মনত দুখানুভূতি আহে। হেনৰী লংফেলোৱে ঊনৈশ শতিকাতে তেওঁৰ কবিতাত কৈছিল, ‘সকলো মানুহৰে বুকুৰ মাজত কিছুমান গোপন দুখানুভূতি থাকে যিবোৰে বহু সময়ত মানুহ এজনৰ জীৱন আনন্দহীন কৰি তোলে’। (“Every man has his secret sorrows which the world knows not; and often times we call a man cold when he is only sad.”-Longfellow)  এনে অনুভূতি সমুহে সঘনে, প্ৰবল ৰূপত আত্মপ্ৰকাশ কৰিলে আমাৰ মনত সৃষ্টি হোৱা গভীৰ দুখানুভূতিকে ডিপ্ৰেছন বুলি ক’ব পৰা যায়।

সাধাৰণতে দেখা যায় যে মানুহে বাহ্যিক জগতৰ কোনো ব্যক্তি বা অৱস্থাক নিজৰ সুখানুভূতিৰ কাৰক হিছাপে গণ্য কৰে। এজন ছাত্ৰৰ বাবে পৰীক্ষাত প্ৰথম হোৱাটো, এজন যুৱকৰ বাবে এগৰাকী যুৱতীৰ প্ৰেম লাভ কৰাটো, এজন লেখকৰ কাৰণে এখন গ্ৰন্থ সম্পূৰ্ণ কৰাটো, এজন চাকৰিয়ালৰ বাবে পদোন্নতি লাভ কৰাটো বা এগৰাকী নাৰীৰ বাবে সন্তান লাভ কৰাটো পৰম সুখানুভূতিৰ কাৰণ হ’ব পাৰে। প্ৰায়বোৰ ক্ষেত্ৰতে মানুহৰ মনত কিবা নহয় কিবা এক প্ৰাপ্তিৰ বাসনাৰ লগত সুখানুভূতি জড়িত হৈ থকা দেখা যায়। সেয়ে সেই প্ৰাপ্তিৰ বাসনা কিবা কাৰণত নিৰ্বাপিত হ’লে অপ্ৰাপ্তিৰ বেদনা জাগে। এই অপ্ৰাপ্তিৰ বেদনা বা আশা ভংগৰ যাতনাই মানুহৰ দুখানুভূতিৰ সৃষ্টি কৰে। প্ৰায় প্ৰতিজন মানুহে নিজৰ পাৰিবাৰিক বা সামাজিক জীৱনতো নিজৰ বাবে সুখানুভূতিৰ সংজ্ঞা নিৰূপন কৰি লয়। প্ৰত্যেকৰে সুখানুভূতিৰ পূৰ্ব চৰ্ত হিছাপে কিছুমান অপূৰ্ণ আশা আকাংক্ষা থাকে। এই আশা আকাংক্ষাবোৰ পূৰণ নহ’লে মানুহৰ দুখানুভূতি জাগি উঠে।

প্ৰতিজন মানুহৰ জীৱনতে আশা ভংগ আৰু অপ্ৰাপ্তিৰ বেদনাই সময়ে সময়ে দুখানুভূতিৰ সৃষ্টি কৰাটো স্বাভাৱিক। পিছে এনে দুখানুভূতি সঘনে হ’বলৈ ধৰিলে মানুহ এজনৰ মানসিক ভাৱে কিছুমান পৰিৱৰ্তন আহিবলৈ ধৰে। লাহে লাহে তেওঁ দুখানুভূতিত অভ্যস্ত হ’বলৈ ধৰে আৰু দুখানুভূতিকে এক স্বাভাৱিক জীৱন যাপনৰ প্ৰক্ৰিয়া হিছাপে গ্ৰহণ কৰি লয়। এনে অৱস্থালৈ যোৱা মানুহে বাহ্যিক কোনো আনন্দ দিব পৰা কাৰকৰ পৰাও সুখানুভূতি আহৰন কৰিব নোৱাৰা হয়। উদাহৰণ স্বৰূপে কোনো সামাজিক আনন্দ, উত্সৱৰ অনুস্থানত তেওঁলোকে অংশগ্ৰহণ কৰিবলৈ ইচ্ছা নকৰা হয়, কোনো কথাতে ৰস নোপোৱা হয়, বন্ধু বান্ধৱৰ পৰা আতৰি থাকে, নিজৰ শুভ চিন্তক সকলকো কেতিয়াবা শত্ৰু জ্ঞান কৰিবলৈ লয়। স্বাভাৱিক দৈনন্দিন কাম কাজৰ প্ৰতিও তেওঁলোকৰ চৰম অনীহা আৰম্ভ হয়। টেলিভিচনৰ আগত অন্যমনস্ক ভাৱে বহি সময় পাৰ কৰিবলৈ লয়, খোৱা বোৱা আৰু টোপনি অনিয়মীয়া হয়, কথা বতৰাত উদাসীন হৈ পৰে। এনে অৱস্থাকে ‘গভীৰ দুখানুভূতি’ বা ‘ডিপ্ৰেছন’ বুলি ক’ব পৰা যায়।

গৱেষণাৰ পৰা এই কথা পোহৰলৈ আহিছে যে এনে গভীৰ দুখানুভূতিয়ে মানুহৰ শৰীৰতো কিছুমান বিষাক্ত ৰাসায়নিক প্ৰক্ৰিয়াৰ সূচনা কৰে। শৰীৰত হৰমোনৰ সন্তুলনতো বিৰূপ প্ৰভাৱ পৰিবলৈ আৰম্ভ হয়। ফলত হৃদৰোগ, উচ্চ ৰক্তচাপ, বহুমূত্ৰ, নিদ্ৰাহীনতা, ওজন হ্ৰাস আদি ঘাতক ৰোগ সমূহে সোনকালেই নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ ধৰে। পৰীক্ষাৰ দ্বাৰা জানিব পৰা গৈছে যে গভীৰ দুখানুভূতিয়ে মানুহৰ মগজুৰ কাম কাজত ব্যাঘাত জন্মায়। মগজুত হোৱা এনে বিসংগতিয়ে শাৰীৰিক ভাৱেও ক্ষতি কৰে। মগজুৰ পৰা শৰীৰৰ বিভিন্ন অংগলৈ প্ৰবাহিত হোৱা নিউৰো ট্ৰান্সমিটাৰ বোৰৰ সন্তুলন ব্যাঘাতপ্ৰাপ্ত যোৱাৰ কাৰণে শৰীৰৰ বিভিন্ন অংগত বিষৰ অনুভূতি হ’ব পাৰে, টোপনি আৰু যৌন আসক্তি একেবাৰে কমি যাব পাৰে, শৰীৰ অত্যাধিক ভাগৰুৱা হৈ পৰিব পাৰে। গভীৰ দুখানুভূতিয়ে মানুহৰ স্বাভাৱিক ৰোগ প্ৰতিৰোধী ক্ষমতা হ্ৰাস কৰে বুলিও গৱেষণাৰ পৰা জানিব পৰা গৈছে।

আনহাতে বহুতো মানুহ শাৰীৰিক ভাৱে ৰোগাগ্ৰস্থ হ’লে বা শাৰীৰিক ভাৱে অক্ষম হৈ পৰিলে এনে গভীৰ দুখানুভূতিত আক্ৰান্ত হয়। যিবোৰ মানুহে মনস্তাত্বিক ভাৱে গভীৰ দুখানুভূতিলৈ গতি কৰে তেওঁলোকৰ আৰোগ্য হ’বলৈ বেছি সময়ৰ প্ৰয়োজন হয়। মানসিক শক্তিৰ অভাৱত এনে পৰিস্থিতিত কিছুমান মানুহে জীয়াই থকাৰ ইচ্ছাও হেৰুৱাই পেলায়। কোনো কাৰণত আনৰ পৰা ঠগ প্ৰৱঞ্চনাৰ চিকাৰ হ’বলগীয়া হ’লেও মানুহৰ মনত গভীৰ নৈৰাশ্য আৰু দুখানুভূতিয়ে ক্ৰিয়া কৰে। নিসঙ্গতায়ো কিছুমান মানুহৰ জীৱনলৈ ‘দুখানুভূতি’ লৈ আহে। মানুহ সামাজিক প্ৰাণী হোৱা হেতুকে আত্মীয় স্বজন, বন্ধু- বান্ধৱ, শুভাকাংক্ষীৰ অভাৱ হ’লে দুখানুভূতিৰ চিকাৰ হয়। সকলো মানুহেই নিজৰ এক পাৰিবাৰিক তথা সামাজিক গ্ৰহণযোগ্যতা আৰু জীয়াই থকাৰ কাৰণে এক অৰ্থ বিচাৰে। এই দুই বিধৰ অভাৱেও মানুহক দুখানুভূতিৰ পিনে লৈ যাব পাৰে।

দুখানুভূতি গভীৰ হৈ পৰিবলৈ আৰম্ভ কৰিলে মানুহে সকলো সময়তে এখন দুখৰ সাগৰত ওপঙি থকা যেন অনুভৱ কৰিবলৈ লয়। আচৰিত কথা এয়ে যে বহুতো মানুহে তেনে অৱস্থাৰ পৰা ওলাই আহিবলৈ নিজাববীয়াকৈ একো চেষ্টা নকৰে। বৰং তেনে পৰিস্থিতিত বাস কৰিয়েই এক ধৰণৰ সন্তুষ্টি লাভ কৰে। এটা সময়ত তেওঁলোকে দুখানুভূতি উপভোগ কৰিবলৈও আৰম্ভ কৰে। তেনে অৱস্থালৈ যোৱা মানুহ এজনে তেওঁৰ তেনে অৱস্থাৰ কাৰণে আনৰ পৰা পোৱা সহানুভূতি হেৰোৱাৰ আশংকাতো তেনে পৰিস্থিতিৰ পৰা বাহিৰ ওলাই আহিব নিবিছাৰে। তেনে মানুহৰ মনত পলায়নবাদী মনোভাৱে গা কৰি উঠিব পাৰে। এটা সময়ত তেওঁলোকৰ কোনো কথাই ভাল নলগা হৈ পৰে। সকলো কথাতে গভীৰ অসন্তুষ্টি আৰু গভীৰ দুখবোধে মানুহ এজনৰ জীৱন দুৰ্বিসহ কৰি তুলিব পাৰে। এনে পৰিস্থিতিত অসহনীয় মানসিক যাতনাৰ পৰা পৰিত্ৰাণ বিচাৰি মানুহজন আত্মহননৰ বাবেও আকৃষ্ট হ’ব পাৰে। সমীক্ষাত পোৱা গৈছে যে আত্ম হত্যাৰ পথ বাচি লোৱা সৰহ সংখ্যক লোকেই এনে গভীৰ দুখানুভূতিৰ চিকাৰ হয়।

এতিয়া প্ৰশ্ন হয়, এনে অৱস্থাৰ পৰা মুক্তি পোৱাৰ উপায় কি? গভীৰ দুখানুভূতিত ভোগা মানুহ এজনক স্বাভাৱিক অৱস্থালৈ ঘুৰাই অনাটো সম্ভৱ নে? বৰ্তমান সময়ত গভীৰ দুখানুভূতিৰ অৱস্থাত উপনীত হোৱা ব্যক্তি এজনক আকৌ স্বাভাৱিক অৱস্থালৈ ঘুৰাই আনিবলৈ উন্নত চিকিত্সাৰ ব্যৱস্থা আছে। চিকিত্সকৰ পৰামৰ্শ মতে ‘এণ্টি ডিপ্ৰেছেণ্ট’ বা দুখানুভূতি দুৰকাৰী দৰৱ নিয়মিত ভাৱে গ্ৰহণ কৰি থাকিলে এই দুখানুভূতিৰ পৰা সাময়িক ভাৱে সকাহ পোৱা যায়। এই দৰৱ বোৰে মগজুত থকা নিউৰো ট্ৰান্সমিটাৰ বোৰৰ সন্তুলন ৰক্ষা কৰি দুখানুভূতিৰ পৰা সকাহ পোৱাত সহায় কৰে। পিছে এনে দৰৱৰ কিছুমান পাৰ্শ্ব ক্ৰিয়া বা ছাইড এফেক্ট থাকে। এই পাৰ্শ্ব ক্ৰিয়া সমুহে আকৌ বেলেগ কিছুমান শাৰীৰিক সমস্যাৰ সৃষ্টি কৰে। এনে দৰৱৰ পৰিমাণ সঠিক পৰিমিত পৰিমাণৰ নহ’লে বিপৰীতমুখী প্ৰতিক্ৰিয়া হোৱাৰো সম্ভাৱনা থাকে। তথাপিও অতি গভীৰ দুখানুভূতিৰ পৰা পৰিত্ৰাণ পাবলৈ বহু সময়ত দৰৱৰ সহায় লোৱাৰ বাহিৰে গত্যন্তৰ নাথাকে। অৱশ্যে এই কথাও প্ৰমাণিত হৈছে যে দৃঢ় আত্মবিশ্বাস আৰু মানসিক শক্তি থাকিলে চিকিত্সাৰ সহায় নোলোৱাকৈও দুখানুভূতিৰ অৱস্থাৰ পৰা মুক্তি পাব পাৰি। বহু ক্ষেত্ৰত দেখা যায় যে মুকলি ভাৱে কথা পাতি মনত বাহ লোৱা চিন্তা সমুহ উন্মোচন কৰিব পাৰিলেই বহুতো সমস্যাৰ সমাধান পোৱা যায়। নোকোৱাকৈ থকা বহুতো অব্যক্ত কথাই মানুহৰ মনত সৃষ্টি হোৱা চৰম হতাশা অধিক গভীৰ কৰি তুলিব পাৰে। সেয়ে কোনো সহৃদয় ব্যক্তি বা প্ৰশিক্ষণপ্ৰাপ্ত পৰামৰ্শদাতাৰ (Counselor) লগত সুস্থ কথোপকথনে সমস্যা সমাধানৰ বাট বিচৰাত সহায় কৰিব পাৰে।

জীৱনত সাময়িক দুখানুভূতিৰ সন্মুখীন হোৱা সকলো মানুহেই গভীৰ দুখানুভূতিৰ অৱস্থালৈ গমন নকৰে। মানসিক ভাৱে সুস্থিৰ লোক সকলে জীৱনৰ সৰু বৰ অপ্ৰাপ্তিৰ বেদনা বা আশা ভংগত হতাশ হৈ নপৰে। সেয়ে এই কথা প্ৰতীয়মান হৈছে যে গভীৰ দুখানুভূতিৰ অৱস্থালৈ যোৱাত বাধা দিবলৈ হ’লে মানুহে মানসিক ভাৱে নিজকে সবল কৰি তোলাটো প্ৰয়োজনীয়। হয়তো জীৱনৰ পোৱা নোপোৱাৰ হিচাপ বোৰ বা জীৱনটোকে অলপ বেলেগ দৃষ্টিৰে চোৱাটো এই ক্ষেত্ৰত আৱশ্যকীয় হৈ পৰে।

আগতে কৈ অহাৰ দৰে সাধাৰণতে আমাৰ সুখানুভূতি সমুহৰ কাৰণে কিছুমান কাৰক আমি মানসিক ভাৱে সৃষ্টি কৰি লওঁ। উদাহৰন স্বৰূপে এজন মানুহে কোনো এটা লক্ষ্য প্ৰাপ্তিকে জীৱনৰ চৰম সাফল্য বা সুখানুভূতিৰ কাৰক হিচাপে ভাবিব পাৰে। এই লক্ষ্য প্ৰাপ্তিৰ দিশত আগবাঢ়োতে তেওঁ দৈনন্দিন সুখানুভূতিৰ প্ৰতি সচেতন হ’বলৈ পাহৰি যায়। প্ৰতিটো মূহুৰ্তই তেওঁৰ কাৰণে লক্ষ্য প্ৰাপ্তিৰ কাৰণে কৰা ত্যাগ আৰু ব্যক্তিগত স্বাৰ্থ বলিদানত পৰিণত হ’ব পাৰে। থোৰতে ক’বলৈ হ’লে তেওঁ লক্ষ্যপ্ৰাপ্তিৰ দিশত কৰা যাত্ৰা উপভোগ নকৰে, বৰং চৰম লক্ষ্যত উপনীত হোৱাটোকে জীৱনৰ চৰম সুখানুভূতিৰ উত্স বুলি গন্য কৰে। সেয়ে কিবা কাৰণত লক্ষ্য প্ৰাপ্তিৰ পৰা বঞ্চিত হ’বলগীয়া হ’লে তেনে এজন লোকক চৰম হতাশাই আগুৰি ধৰে। আনহাতে লক্ষ্য প্ৰাপ্তিৰ বাবে হোৱা তেওঁৰ সুখানুভূতিও ক্ষণস্থায়ী হয়, কাৰণ এসময়ত সেই লক্ষ্য প্ৰাপ্তিৰ সুখানুভূতিও নিৰ্বাপিত হয়। সেই কাৰণে এটা লক্ষ্য প্ৰাপ্তিৰ পিছত সুখানুভূতিৰ কাৰণে তেওঁ আন এক লক্ষ্য নিৰ্ধাৰণ কৰি লয়। এনেদৰেই সুখানুভূতিৰ প্ৰাপ্তি তেওঁ নিজেই ভৱিষ্যতৰ কোনোবা এটা দিনলৈ স্থগিত কৰি ৰাখে আৰু ভৱিষ্যতৰ সেই দিনটোৰ অপেক্ষাত সুখানুভূতি প্ৰাপ্তিৰ পৰা নিজকে বঞ্চিত কৰি ৰাখে। গতিকে দেখা যায় যে বাহ্যিক জগতৰ পৰা পোৱা বস্তু বা কোনো পৰিস্থিতিৰ ওপৰত আমি আমাৰ সুখানুভূতিৰ মাপকাঠী নিৰ্ধাৰণ কৰিলে সেয়া ক্ষণস্থায়ী হয় আৰু সেয়াও কেতিয়াবা দুখানুভূতিৰ কাৰণ হৈ পৰিব পাৰে।

দুখানুভূতিৰ অৱস্থাৰ পৰা মুক্তি পাবলৈ সৰ্ব প্ৰথম চৰ্ত হ’ল বৰ্তমানৰ পৰিস্থিতি যেনেকুৱাই নহওক, সেই পৰিস্থিতিক কায়মনোবাক্যে স্বীকাৰ কৰাটো। প্ৰতিকুল পৰিস্থিতিকো মুকলি মনেৰে গ্ৰহণ কৰিব পাৰিলেহে তেনে পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পোৱাৰ বাট চকুত পৰে। সেইদৰে কোনো ব্যক্তিৰ আচৰণে মনত দুখানুভূতিৰ সৃষ্টি কৰিলেও সামগ্ৰিক পৰিস্থিতি আৰু ব্যক্তিজনৰ আচৰণক এক অনাহুত সত্য আৰু তেনে পৰিস্থিতিয়ে দীৰ্ঘ সময়ৰ বাবে নিজকে একো ক্ষতি কৰিব নোৱাৰে বুলি নিজকে প্ৰবোধ দিব পাৰিলে দুখানুভূতিৰ পৰা ওলাই অহাৰ বাট মুকলি হয়। নিজকে নিজে সকলো পৰিস্থিতিতে গ্ৰহণ কৰি নিজৰ চিন্তা ধাৰাক নিয়ন্ত্ৰণ কৰিব পাৰিলে মনলৈ দুখানুভূতি অহাত বাধা দিব পাৰি। আনৰ আচৰণ বা বাহ্যিক পৰিস্থিতিৰ নিয়ন্ত্ৰণ মানুহৰ নিজৰ হাতত নাথাকে, কিন্তু নিজৰ চিন্তাধাৰাৰ নিয়ন্ত্ৰণ নিজৰ হাততে থাকে। অবাঞ্চনীয় পৰিস্থিতিৰ সন্মুখীন হ’লেও ইতিবাচক চিন্তাৰে সেই পৰিস্থিতিয়ে মনত সৃষ্টি কৰিব পৰা কুফলৰ পৰা হাত সাৰিব পাৰি। এনে ইতিবাচক চিন্তাৰ বাবে মানসিক অনুশীলনীৰ প্ৰয়োজন। নিজকে নিজে বুজিবলৈ চেষ্টা কৰাটো এনে মানসিক অনুশীলনীৰ প্ৰথম পদক্ষেপ বুলি ক’ব পৰা যায়। নিজৰ মনোজগত আৰু নিজৰ চিন্তাধাৰাক সজাগতাৰে লক্ষ্য কৰিবলৈ অভ্যাস কৰিলে নিজকে বুজি পোৱাত সহায়ক হয়। নিজকে পৰীক্ষা কৰি নেতিবাচক চিন্তা সমুহ সজাগতাৰে মনৰ পৰা পৰিহাৰ কৰি মনক ইতিবাচক চিন্তাৰে ভৰাই তোলাটো সম্ভৱ।

দুখানুভূতিৰ পৰিস্থিতিৰ পৰা নিজকে মুকলি কৰিবলৈ দুৰ্বাৰ আগ্ৰহ এই দিশত অতি প্ৰয়োজনীয়। দুখানুভূতিৰ পৰিস্থিতিত নিজকে সংকুচিত কৰি বৰ্হিজগতৰ পৰা নিজকে সংযোগহীন নকৰি সামাজিক ভাৱে নিজকে সক্ৰিয় কৰি ৰাখিবলৈ যতন কৰা উচিত। নিজৰ আগ্ৰহৰ কোনো বিষয়, সঙ্গীত, কলা আদিত মনোনিবেশ কৰিব পাৰিলে নিজকে সংকুচিত হোৱাৰ পৰা ৰক্ষা কৰিব পাৰি। এটা কথা অনুধাৱন কৰাটো অতি আৱশ্যকীয় যে দুখানুভূতি মানুহৰ মনত নেতিবাচক চিন্তাৰ পৰা সৃষ্টি হোৱা এক সাময়িক পৰিস্থিতি। প্ৰায় প্ৰতিজন মানুহেই জীৱনৰ কোনোবা নহয় কোনোবা সময়ত এনে পৰিস্থিতিৰ সন্মুখীন হয়। পিছে প্ৰৱল ইচ্ছাশক্তি আৰু ইতিবাচক চিন্তাৰে মানুহে এই পৰিস্থিতিৰ নেতিবাচক পৰিণামৰ পৰা নিজকে মুক্ত কৰিব পাৰে। নেতিবাচক চিন্তাৰ পৰা মন মুকলি কৰি ইতিবাচক ভাৱধাৰা গ্ৰহণ কৰিব পৰাটোৱেই দুখানুভূতি আঁতৰ কৰাৰ আটাইতকৈ কাৰ্য্যকৰী উপায়। এই ক্ষেত্ৰত মেডিটেচন বা ধ্যানে বিশেষভাৱে সহায় কৰিব পাৰে। ধ্যান, প্ৰাণায়াম আৰু যোগাভ্যাসৰ দ্ৱাৰা মানসিক ভাৱে শক্তি সঞ্চয় কৰিব পাৰিলে এনে অৱস্থাৰ পৰা মুক্তি পোৱাটো আৰু সুচল হৈ পৰে।

দিপাংকৰ বৰুৱা

3.1914893617
Mamata Tiwari Aug 16, 2016 03:58 PM

নেতিবাচক চিন্তাৰ পৰা মন মুকলি কৰি ইতিবাচক ভাৱধাৰা গ্ৰহণ কৰিব পৰাটোৱেই দুখানুভূতি আঁতৰ কৰাৰ আটাইতকৈ কাৰ্য্যকৰী উপায়।অতি সুন্দৰ

জিতুল দেউৰী Oct 07, 2015 05:14 PM

মই বহুত উপক্ৰীত হলো

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top