অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

দেহৰ ভাগৰ মনৰ ভাগৰ

দেহৰ ভাগৰ মনৰ ভাগৰ

 

সকলো মানুহৰে ভাগৰ লাগে। ভাগৰ এক শাৰীৰিক-মানসিক প্রতিক্রিয়া। সকলো মানুহৰ বাবে ভাগৰ এনে এটা মানসিক বোধ যেই শৰীৰতো বোধগম্য হয়, মনতো বোধগম্য হয়। কণমানি শিশুটোৰ পৰা বৃদ্ধ-বৃদ্ধলৈকে সকলোৱে একো একোটা সময়ত ভাগৰ অনুভৱ কৰে। আনকি যৌৱনোদ্দীপ্ত ডেকা-গাভৰুৱেও ভাগৰ অনুভৱ কৰে। ভাগৰ অনুভৱ কৰে অলিম্পিকত ক্ৰীড়া নৈপুণ্য দেখুওৱাজনেও। বিভিন্ন কাৰণত ভাগৰ লাগে। এটি শিশুৱে বেছিকৈ লিখিলে বা বেছি সময় পঢ়াশুনা কৰি থাকিলে সিহঁতৰ ভাগৰ লাগে। বৃদ্ধ বয়সত অলপ কাম কৰিলে বা খোজ কাঢ়িলে আনকি মানুহৰ লগত কথা পাতিলেও ভাগৰ লাগে। ডেকা-গাভৰুৱেও একেৰাহে কাম কৰি থাকিলে, শাৰীৰিক পৰিশ্ৰম কৰিলে আনকি বহু সময় পঢ়িলেও ভাগৰ লাগে। আটাইতকৈ ডাঙৰ কথা— একেৰাহে আনন্দ-স্ফূৰ্তি কৰি থাকিলেও এসময়ত ভাগৰ লাগেগৈ। ইয়াৰ কাৰণ আমাৰ শৰীৰে নির্দিষ্ট হাৰতহে পৰিশ্ৰম কৰিব পাৰে। শৰীৰটো এটা মেচিন নহয় যে এবাৰ চলাই দিলে চলি থাকিব। কাম কৰা বা পঢ়াৰ মাজত কিছু জিৰণিৰ প্রয়োজন। তাৰ পাছত শৰীৰ পুনৰ কাৰ্যক্ষম হৈ পৰে।

ভাগৰক যদি আমি বিশ্লেষণ কৰিবলৈ যাওঁ তেতিয়াহ’লে ক’ব লাগিব এই ভাগৰ হৈছে দুবিধ। এবিধ শাৰীৰিক ভাগৰ, আনবিধ মানসিক ভাগৰ। এই দুবিধ ভাগৰ নোহোৱা কৰিব পাৰো। শৰীৰৰ ভাগৰ সেয়েহে ক্ষন্তেকীয়া। কিন্তু মানসিক ভাগৰ শৰীৰৰ ভাগৰৰ দৰে সৰল নহয়। মানসিক ভাগৰ দীঘলীয়া হ’ব পাৰে আৰু মানসিক ভাগৰে মানুহৰ জীৱনলৈ দুর্যোগ নমাই আনিব পাৰে। বিভিন্ন কাৰণত যিকোনো লোককে মানসিক ভাগৰে আহি লগ ল’ব পাৰে। আমাৰ জীৱনত বা সাংসাৰিক জীৱনত সমস্যাৰ উদ্ভৱ হ’লে, চাকৰিৰ ক্ষেত্ৰত সমস্যাই দেখা দিলে, বেমাৰ-আজাৰ, ল’ৰা-ছোৱালী বা পাৰিবাৰিক ভুল বুজাবুজিৰ অশান্তি, ‘ক্ৰণিক’ বা দীঘলীয়া বেমাৰত ভুগি থকা ইত্যাদি নানা কাৰণত মানুহ মানসিক ভাগৰৰ চিকাৰ হ’ব পাৰে। আজিৰ আধুনিক যুগত বেছিভাগ ক্ষেত্ৰতে মানুহ মানসিক ভাগৰৰ দ্বাৰাহে আক্ৰান্ত হোৱা দেখা যায়। ইয়াৰ কাৰণ বহুতো। মানুহে সমস্যাবোৰ জটিল ৰূপত গ্রহণ কৰে। আগৰ দিনৰ মানুহৰ জীৱনতো সমস্যা আছিল। ঘৰৰ ল’ৰা-ছোৱালীয়ে পঢ়িবলৈ ওচৰত স্কুল নাছিল। ল’ৰা-ছোৱালীয়ে বাটকুৰি বাই দূৰৰ স্কুলত পঢ়িছিলগৈ। শাকে-পাতে যি পাইছিল সকলোৱে সুখী মনেৰে খাইছিল। বস্তুবাদিতা কি বস্তু বুজি নাপাইছিল। ঘৰৰ ল’ৰাই পঢ়াশুনা কৰিব নোৱাৰি খেতিবাতিত ধৰিলেও বা ক’ৰবাত সাধাৰণ চাকৰিত সোমালেও মাক-দেউতাকৰ দুখ নাছিল। কিন্তু এতিয়া মানুহৰ জীৱনত স্ব-আর্জিত দুখেই দুখ। মানুহে বিচাৰে জীৱনৰ সকলো দিশ পূর্ণ হোৱা। ইজনতকৈ সিজন আগ বাঢ়ক। ইঘৰতকৈ সিঘৰ প্রতিপত্তিশীল হওক। আনৰ উন্নতি-লাগিলে হাজাৰটা অন্যায় কৰিয়েই উন্নতি সাধন কৰিছে তেওঁক দেখিও যদি মানুহৰ বুকুত ঈর্ষাৰ জুই জ্বলে কিদৰে সুখী হ’ব মানুহ। যিবোৰ কামে আমাক আনন্দ নিদিয়ে তাকে অবিৰাম কৰি থকা এইবোৰেও এসময়ত আমাক ভাগৰুৱা আৰু ক্লান্ত কৰি তোলে।

আমাৰ এই ভাগৰ ক’ত? শৰীৰত নে মনত ? প্রথমে আমি তাক ভাবি উলিয়াব লাগিব। বিশেষ কাম নকৰাকৈ যদি ভাগৰ লাগিছে, কাম কৰিবৰ মানসিক ইচ্ছা বা আনন্দ যদি নাই ভাবি ল’ব এই ভাগৰ মানসিক ভাগৰ। বিচাৰি উলিৱাওক— কিয় অনুভৱ কৰিছে এই মানসিক ভাগৰ। আপোনাৰ জীৱন-চৰ্চা কেনেদৰে চলিছে? যিবোৰ কাম কৰি গৈছে, যি চিন্তাধাৰাৰে কৰি গৈছে, যি চিন্তাধাৰাৰে কৰি গৈছে, কামৰ পৰা কিমান উপকৃত হৈছে সেই লৈ আপুনি সুখীনে ? যদি সুখী তেন্তে মানসিক ভাগৰ লগাৰ কথা নাই। শাৰীৰিক বিজুতিহে নিশ্চয় ঘটিছে। গতিকে চিকিৎসকৰ ওচৰ চপা উচিত। শাৰীৰিক কাৰণতে মানসিক ভাগৰ অনুভৱ কৰা যায়। যেনে-উচ্চ ৰক্তচাপ, থাইৰয়েড, ডায়েবেটিছ, এনিমিয়া, হৃদযন্ত্ৰৰ সমস্যা ইত্যাদি। এনে বহু সমস্যা বাহ্যিক দৃষ্টিৰে ধৰা পেলাব নোৱাৰি। ডাক্তৰী পৰীক্ষাতহে ধৰা পৰে। যদি কৰি থকা কামবোৰ আনন্দদায়ক নহয়, নিজৰ স্বার্থৰ বাবে আনক তোষামোদ কৰিব লগা হৈছে, নিজৰ লাভৰ বাবে আনক ঠগিব লগা হৈছে, নিজৰ তুচ্ছতা, নিজৰ কৰ্ম-কাণ্ডৰ বাবে বন্ধু-বান্ধৱ হেৰুৱাইছে, যিবিলিক কথাই ব্যক্তিৰ গভীৰত ক’ৰবাত খোচা-বিন্দু কৰি আছে, এনেবিলাক নেতিবাচক কথাই কাৰোবাৰ ব্যক্তিগত জীৱনলৈ মানসিক ভাগৰ নমাই অনাৰ পথ বহু সূচল কৰি তোলে। এই মানসিক ভাগৰৰ পৰা অব্যাহতি পাবলৈ তুচ্ছ জীৱনৰ পৰা মুক্ত হৈ সেই জীৱন গ্রহণ কৰিবলৈ যত্ন কৰিব লাগে য’ত হেৰৱাবলগীয়া, মন বেয়া হ’বলগীয়া একো নাই।

লেখিকা: অংশুমা শইকীয়া, অসম বাণী।

শেহতীয়া উন্নীতকৰণ: : 1/10/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate