বিশ্ব সাহিত্যৰ ভৰাঁল চহকী কৰা বিখ্যাত শিল্পী সাহিত্যিক সকলৰ কিছুমানে নির্জন পৰিৱেশত থাকি তেওঁলোকৰ মহান শিল্প সাহিত্য সৃষ্টিত একান্তভাৱে মনোনিৱেশ কৰিব পাৰিছে। বিখ্যাত “ইউলিছিছ ” উপন্যাসৰ ৰচিয়তা জেমছ জয়ছে প্ৰায়ে বন্ধু বর্গৰপৰা আঁতৰি থাকিবৰ চেষ্টা কৰিছিল। তেওঁ নির্জন পৰিৱেশৰ মাজত থাকি কাব্য চর্চা কৰিবলৈ ভাল পাইছিল। তেওঁ নিজেই স্বীকাৰ কৰিছে – I do not bear to be alone or to be spumed for another or to leave whatever I have to leave.”
বৰেণ্য চিত্ৰশিল্পী পল গগাঁই স্ব-ইচ্চাই নিঃসংগ জীৱন বাচি লৈ টাহিটি দ্বীপত থাকি ছবি অকাঁত মনোনিবেশ কৰিছিল। কিন্তু নেপোলিয়ন বোনাপার্টৰ দৰে আত্মবিশ্বাসী বীৰে যেতিয়া ৱাটাৰলু যুদ্ধত মিত্ৰ শক্তিৰ হাতত বন্দী হৈ ছেন্ট হেলেনা দ্বীপলৈ নির্বাসিত হ’ব লগা হৈছিল তেতিয়া তেওঁ কৈ উঠিছিল- “নিঃসংগতাকে মই ভয় কৰোঁ।” নেপোলিয়নৰ দৰে দৃঢ় মনৰ ব্যক্তিয়েও নিঃসংগতাক ভয় কৰিবলৈ বাধ্য হৈছিল।
নির্জনতাৰ এক নান্দনিক সৌন্দর্য আছে। গভীৰ আৰু সুক্ষ্ম অনুভূতিসম্পন্ন শিল্পীমনৰ ব্যক্তিয়েহে নির্জনতাৰ এই অপূর্ব সৌন্দর্য অনুভৱ কৰি উপভোগ কৰিব পাৰে – নিঃসংগতাৰ। এনে নির্জন পৰিবেশত তেওঁলোকৰ বোধ চেতনা তীব্ৰতৰ হৈ পৰে । নির্জন পৰিবেশৰ মাজক থাকিয়েই কবিয়ে কবিতা লিখে, চিত্ৰকৰে ছবি আঁকে, একাত্ম হয় নিজৰ ভাৱনাত।
নিঃসংগতাৰ কোনো সার্বজনীন সংজ্ঞা নাই। নিঃসংগতাৰ আভিধানিক অর্থ হ’ল – সংগীহীন। এজন ব্যক্তিয়ে নিঃসংগবোধ কৰা মানেই হৈছে তেওঁৰ ওচৰত দ্বিতীয় এটা মানৱ শৰীৰ নথকা। প্ৰতিজন ব্যক্তিয়ে নিজৰ অজ্ঞাতে নিজৰ ভিতৰত পোহপাল দিয়ে নিঃসংগতাক। মানুহৰ জীৱন বহু অনিশ্চয়তাৰে পূর্ণ। বিশেষ কিছুমান মুহুর্তত এই অনিশ্চয়তাক ভালদৰে অনুভৱ কৰিব পাৰি। দৈনন্দিন জীৱনৰ নানা ব্যর্থতা আৰু অতৃপ্তিয়ে মানুহৰ সীমাবদ্ধতাক উপলব্ধি কৰোৱায়। তেনেবোৰ সময়তে অস্থিৰতা, নিৰাপত্তাহীনতাত ভোগে আৰু নিজকে অকলশৰীয়া অনুভৱ কৰে। এইদৰেই আহে নিঃসংগতা। এনে নিঃসংগবোধ বৰ যন্ত্ৰণাদায়ক। এনে অৱস্থাত মানুহৰ প্ৰতি থকা আস্থা হেৰাই যায়, ব্যক্তি সংগ হৈ পৰে বিৰক্তিকৰ। কিছুমান এনে ব্যক্তিও আছে যি জনসমুদ্ৰত থাকিও নিজকে নিঃসংগ অনুভৱ কৰে।
মানুহে আটাইতকৈ বেছি নিঃসংগবোধ কৰে প্ৰিয়জনৰ মৃত্যুত সৃষ্টি হোৱা বিচ্ছেদৰ মুহুর্তত। প্ৰিয়জনৰ মৃত্যু শোকেই হয়তো আটাইতকৈ বেছি যন্ত্ৰণাদায়ক। যাৰ সংগ সুখে জীৱনটোক কৰি তোলে আনন্দময়, দিয়ে গভীৰ মানসিক প্ৰশান্তি আৰু জীয়াই থকাৰ প্ৰেৰণা। সেই প্ৰিয়জনৰ মৃত্যুত সৃষ্টি হোৱা নির্মম বিচ্ছেদৰ যন্ত্ৰণাই অতি দৃঢ়মনৰ ব্যক্তিকো নিঃসংগবোধ কৰোৱায়। যি প্ৰিয়জনৰ নিবিড় সান্নিধ্যই ব্যক্তি জীৱনক পূর্ণতা প্ৰদান কৰে, সেই প্ৰিয়জনক হঠাতে এৰিবলগীয়া হ’লে তেনে বিচ্ছেদৰ যন্ত্ৰণা সহ্য কৰাটো কঠিন হৈ পৰে আৰু তেওঁতকৈ দুর্ভগীয়া, নিঃসংগ ব্যক্তি দ্বিতীয়জন নাই বুলি ভাবিবলৈ বাধ্য হ’ব। সেয়ে মানুহৰ আটাইতকৈ বেছি বিশ্বস্ত সংগী নিঃসংগতা, দুর্দিনৰ অন্তৰংগ লগৰী – নিঃসংগতা।
অজন্তা বৰা