মূল পৃষ্ঠা / স্বাস্থ্য / মানসিক স্বাস্থ্য / নেতিবাচক চিন্তাই ক্ষতি কৰে ৰূপ, স্বাস্থ্যৰ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নেতিবাচক চিন্তাই ক্ষতি কৰে ৰূপ, স্বাস্থ্যৰ

নেতিবাচক চিন্তাই ক্ষতি কৰে ৰূপ, স্বাস্থ্যৰ

 

আপুনি যদি নিজকে প্রকৃতাৰ্থত সুস্বাস্থ্য আৰু সৌন্দৰ্য্যৱান কৰি ৰাখিব বিচাৰে, তেন্তে নেতিবাচক চিন্তাৰ পৰা নিজকে আঁতৰাই ৰাখক। মার্কিন স্বাস্থ্য গৱেষকে প্রকাশ কৰা মতে, এজন ব্যক্তিৰ চিন্তাধাৰাই তেওঁৰ স্বাস্থ্যক যথেষ্ট পৰিমাণে প্ৰভাৱিত কৰে। নিৰাশা, ঈর্ষা, দুঃচিন্তা, খং, ঘৃণা আদি নেতিবাচক মানসিকতাই লোকজনৰ স্বাস্থ্যৰ সৰ্বাধিক ক্ষতি কৰে বুলি মন্তব্য কৰিছে স্বাস্থ্য গৱেষকসকলে। এটা গৱেষণামূলক অধ্যয়নৰ পৰা জানিব পৰা মতে, নেতিবাচক চিন্তাধাৰাই এজন ব্যক্তিৰ শাৰীৰিক সৌন্দর্যক প্রভাৱিত কৰে। বিশেষকৈ অত্যধিক নিৰাশা, দুঃচিন্তা, ক্ৰোধ আদিত ভোগা ব্যক্তিসকল আশাবাদী মনোভাবৰ তথা নেতিবাচক চিন্তাৰ পৰা মুক্ত ব্যক্তিৰ তুলনাত কম বয়সতে বৃদ্ধ হৈ পৰে। এই ধৰণৰ নেতিবাচক মানসিকতাই মানুহৰ ছাল আৰু কোষৰ ওপৰতো ক্ষতিকাৰক প্ৰভাৱ পেলায়।

স্বাস্থ্য গৱেষণাটোৰ প্ৰতিবেদনত প্রকাশ পোৱা মতে, যিসকল ব্যক্তি সদায় অত্যধিক থাকে, তেনে ব্যক্তিৰ মাজত উচ্চ ৰক্তচাপ আৰু হৃদৰোগ অধিক হোৱা দেখা যায়। নেতিবাচক চিন্তাধাৰাই ৰক্তচাপ বৃদ্ধিত যথেষ্ট অৰিহণা যোগাই বুলি গৱেষকসকলে চলোৱা সমীক্ষাত প্রকাশ। ইয়াৰ বিপৰীতে সদায় আশাবাদী আৰু ইতিবাচক চিন্তাধাৰাৰ ব্যক্তিসকলৰ মাজত স্বাস্থ্যগত সমস্যা তেনেই সীমিত হয় বুলি মাৰ্কিন স্বাস্থ্য গৱেষকে মন্তব্য কৰিছে। মার্কিন যুক্তৰাষ্ট্র, গ্ৰেইট ব্রিটেইন আৰু ফ্রান্সত চলোৱা এই সমীক্ষাৰ তথ্যত কোৱা হৈছে যে বিশ্বজুৰি যি দ্রুতগতিত উচ্চ ৰক্তচাপ, হৃদৰোগ আৰু ডায়েবেটিচ বৃদ্ধি পাব ধৰিছে, তাৰ অন্যতম এটা কাৰণ হৈছে আধুনিক মানুহৰ মাজত বৃদ্ধি পোৱা “মানসিক সমস্যা”। গৱেষকৰ দলটোৱে লগতে কয় যে আধুনিক জীৱনশৈলীয়ে মানুহৰ মাজত নিৰাশা আৰু নেতিবাচক ধ্যান-ধাৰণা বৃদ্ধি কৰিছে আৰু ইয়াৰ কুফল এগৰাকী ব্যক্তিৰ স্বাস্থ্য আৰু সৌন্দৰ্যৰ ওপৰত পৰে।

শৰীৰত আইৰনৰ অভাৱ হ’বলৈ নিদিব

 

মানৱ দেহত আইৰন অর্থাৎ লৌহ পদার্থৰ ভূমিকা যথেষ্ট গুৰুত্বপূর্ণ। শৰীৰত আইৰনৰ অভাৱ ঘটিলে এনিমিয়া অর্থাৎ ৰক্তহীনতাই দেখা দিয়ে। আইৰনে মানৱ শৰীৰত ৰঙা ৰক্তকণিকা নির্মাণ কৰাত সহায় কৰে। শৰীৰত ইয়াৰ মাত্রা হ্রাস পালে ৰক্তকণিকাৰ পৰিমাণো দেখা দিয়ে। ভাৰতত পুষ্টিকৰ আহাৰৰ অভাৱত বুজনসংখ্যক নাগৰিকে আইৰনৰ পর্যাপ্ত যোগান লাভ নকৰা হেতুকে ৰক্তহীনতা ৰোগত ভুগিব ধৰিছে। উল্লেখযোগ্য যে বহু ব্যক্তিয়ে পুষ্টিকৰ খাদ্য খালেও পর্যাপ্ত পৰিমাণে আইৰনযুক্ত খাদ্য গ্রহণ নকৰাৰ ফলত দেহত ৰক্তহীনতাই দেখা দিয়াৰ সম্ভাৱনা থাকে। সেয়েহে কোনবোৰ খাদ্যত প্ৰচুৰ পৰিমাণে আইৰন নিহিত থাকে সেই তথ্য প্ৰতিজন স্বাস্থ্য সচেতন ব্যক্তিয়ে জানি লোৱা প্রয়োজন। পালেং, সেউজীয়া শাক-পাচলি, বিলাহী, আঙুৰ আদিত পর্যাপ্ত পৰিমাণে আইৰন থাকে। এই খাদ্যসমূহ সেয়েহে প্ৰতিগৰাকী ব্যক্তিয়ে নিয়মীয়াকৈ খাব লাগে।

গৰ্ভাৱস্থাত মহিলাসকলৰ মাজত আইৰনৰ অভাৱ ঘটিলে মাতৃ আৰু গৰ্ভস্থ সন্তান দুয়োৰে জীৱনৰ প্ৰতি সংশয় আহিব পাৰে। সেয়েহে গৰ্ভৱতী মহিলাসকলক চিকিৎসকে প্ৰচুৰ পৰিমাণে আইৰনযুক্ত খাদ্য খাবলৈ পৰামর্শ দিয়ে। মহিলাসকলে পালেং, কাচকল, সেউজীয়া শাক-পাচলি, বিলাহী আদি যথেষ্ট পৰিমাণে খোৱাৰ অভ্যাস কৰিলে শৰীৰত আইৰনৰ অভাৱ হোৱাৰ সম্ভাৱনা নাথাকে। উল্লেখযোগ্য যে আইৰনৰ অভাৱৰ ফলত হোৱা ৰক্তহীনতা সমস্যাত মহিলাসকলে অধিক পৰিমাণে আক্রান্ত হয়।

শৰীৰত পর্যাপ্ত পৰিমাণৰ তেজৰ উৎপাদন নহ’লে নানা শাৰীৰিক সমস্যাই দেখা দিয়ে। তেজৰ পৰিমাণ কমি গ’লে বিভিন্ন ৰোগে দেখা দিয়াৰ লগতে শৰীৰ দুৰ্বল হৈ পৰে। সেয়েহে প্ৰতিগৰাকী ব্যক্তিয়ে শৰীৰত যাতে তেজৰ অভাৱ হ’ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আইৰনযুক্ত খাদ্য গ্ৰহণত গুৰুত্ব দিব লাগে।

নিদ্ৰাৰ অভাৱো হ’ব পাৰে হৃদৰোগৰ কাৰণ

 

দৈনিক পাঁচ ঘণ্টাতকৈ কম সময় নিদ্রা গ্রহণ কৰা ব্যক্তিসকলৰ মাজত হৃদৰোগৰ সম্ভাৱনা অধিক হয়। এই তথ্য প্রকাশ কৰিছে আমেৰিকান হার্ট এছ’চিয়েশ্যনে। প্রতিষ্ঠানটোৰ গৱেষকে প্রকাশ কৰা মতে, পাঁচ ঘণ্টাতকৈ কম সময় নিদ্রা গ্রহণ কৰা ব্যক্তিসকল হৃদৰোগ আৰু অন্যান্য স্বাস্থ্যগত সমস্যাত আক্রান্ত হোৱাৰ তুলনাত অধিক হয়। গৱেষকসকলে কয় যে নিদ্রাৰত অৱস্থাত হৃদযন্ত্ৰ আৰু ইয়াৰ মাংসপেশীয়ে সম্পূর্ণ বিশ্রাম লাভ কৰে আৰু যিসকল ব্যক্তিয়ে দীর্ঘসময় নিদ্রা গ্রহণ কৰে তেওঁলোকৰ হৃদযন্ত্ৰৰ কাৰ্যদক্ষতা অধিক হয়। গৱেষকৰ মতে, কম সময় নিদ্রা গ্রহণ কৰিলে এগৰাকী ব্যক্তিৰ শৰীৰত উচ্চ ৰক্তচাপ আৰু হৃদযন্ত্ৰৰ অন্য সমস্যাই দেখা দিয়াৰ সম্ভাৱনা অধিক। কিয়নো পর্যাপ্ত সময়ৰ নিদ্রা গ্রহণ নকৰাৰ ফলত এনে ব্যক্তিৰ হৃদযন্ত্ৰ আৰু তেজ পৰিবাহী ধমনীসমূহে স্বাভাৱিক ৰূপে কাম কৰাৰ বাবে অধিক হেঁচা বহন কৰিব লগীয়া হয়। এনে কাৰণত এগৰাকী ব্যক্তিক পাছলৈ হৃদৰোগত আক্রান্ত হোৱাৰ সম্ভাৱনা থাকে বুলি গৱেষকসকলে মন্তব্য কৰিছে। প্ৰতিষ্ঠানটোৰ স্বাস্থ্য গৱেষকৰ মতে, হৃদযন্ত্ৰৰ স্বাস্থ্যৰ লগত নিদ্ৰাৰ প্ৰত্যক্ষ সম্পর্ক আছে। অৱশ্যে গৱেষক দলটোৱে লগতে প্ৰকাশ কৰা মতে, দীৰ্ঘ সময়ৰ নিদ্ৰা হৃদযন্ত্ৰৰ বাবে প্রয়োজনীয় যদিও কোনো ব্যক্তিয়ে ৯ ঘণ্টাতকৈ অধিক সময় নিদ্রা গ্রহণ কৰা স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।

লিখক: দিব্যজ্যোতি ভূঞা, দৈনিক জনমভূমি।

 

 

2.85714285714
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top