ব’ডী ডিছমৰ্ফিক ডিছঅৰ্ডাৰ এক মানসিক ৰোগ। এই বিষয়ে লিখাৰ আগেয়ে এটা ‘ফ্লেছ হিষ্টৰী' উল্লেখ কৰা হ’ল। ছোৱালীজনীৰ বয়স ১৬ বছৰ। ঘৰত থকা সময়খিনি বেছিভাগ সময় আইনাত নিজৰ মুখখন বাৰে বাৰে চাই থাকে। তাইৰ মনৰ ভাব আন ছোৱালীতকৈ তাই দেখাত ধুনীয়া নহয়। প্রসাধন সামগ্ৰীৰে ড্ৰেছিং টেবুল ভৰাই তুলিছে। অথচ তাই এজনী নিখুঁত, ধুনীয়া ছোৱালীয়েই।' এনেধৰণৰ সমস্যা হ’লে মাক-দেউতাকে গালি পাৰি সমস্যাৰ সমাধান কৰিব বিচাৰিলে হিতে বিপৰীত হ’ব পাৰে। যিহেতু এয়া এক মানসিক ৰোগ।
ব'ডী ডিছমর্ফিক ডিছঅর্ডাৰত ভোগা ৰোগীয়ে অকল আইনা চোৱাই নহয়, শৰীৰৰ খুঁত নাথাকিলেও খুঁত থকা বুলি ধৰি লৈ এই সমস্যা সমাধানৰ বাবে নিজে নিজে চেষ্টা কৰি থাকে। ফলত প্ৰথমে দুশ্চিন্তাত ভোগে, শেষত হতাশাগ্ৰস্ত হৈ পৰে।
মুখৰ চেহেৰা ঠিকেই যদিও নাক, চকু, মুখত খুঁত থকা বা আনতকৈ ভাল নহয় বুলি সকলো সময়তে দুশ্চিন্তাত থকা। আইনাৰ সম্মুখত ঘণ্টাৰ পিছত ঘণ্টা ধৰি আইনা চাই থকা, মুখৰ বিভিন্ন খুঁতবোৰ পৰীক্ষা কৰা, কেতিয়াবা হতাশাগ্ৰস্ত হৈ আইনা ভাঙি পেলোৱা নাইবা কোঠাৰ পৰা বাহিৰ কৰি দিয়া, মুখৰ অৱয়ৱ পৰিৱৰ্তনৰ বাবে কছমেটিক, প্লাষ্টিক ছাৰ্জনৰ শৰণাপন্ন হোৱা। এইবোৰ কৰি থাকিও একোতে শান্তি নাপাই দিনে দিনে উদ্বেগ, হতাশগ্ৰস্ত বাঢ়ি গৈ থাকে। বিশেষ কিছু ক্ষেত্ৰত আত্মগ্লানিৰ পৰা আত্মহত্যাৰ প্ৰৱণতা তৈয়াৰ হ’ব পাৰে।
সাধাৰণতে এনে ৰোগৰ আৰ্বিভাৱ হয় ১৫-২০ বছৰৰ ল’ৰা- ছোৱালীৰ। নাৰী-পুৰুষ উভয়ৰে হ’ব পাৰে। কিছুমানৰ প্ৰকোপ অত্যন্ত বেছি আৰু কিছুমানৰ কম। কমবোৰে গোটেই জীৱন আইনা দেখিলেই মুখ চোৱা, সৰু আইনা লৈ ঘূৰি ফুৰা আৰু য’তেই অলপ সুবিধা পায় তাতেই আইনা চাই স্বস্তিৰ নিশ্বাস পেলায়।
বেছি হ’লে ৰোগীয়ে প্ৰচণ্ড মানসিক অশান্তি, কষ্টত জৰ্জৰিত হৈ পৰে। ৰোগীয়ে সকলো সামাজিক কাম-কাজত নিজকে আঁতৰাই ৰাখে। কোনোবাই বেলেগ কথা পাতিলেও ৰোগীৰ বিষয়ে কথা পতা বুলি ভাবি হতাশ হৈ পৰে। দিনে দিনে বন্ধুহীন হৈ অকলশৰীয়া হৈ জীৱন কটাবলৈ ধৰে। ক্ৰমে ইয়াৰ লগত আন নানাবিধ জটিল সমস্যাৰ সৃষ্টি হয়। পৰিয়ালৰ মানুহ আৰু পাৰিপাৰ্শ্বিক লোকসকলো এনে ৰোগীৰ বাবে অস্তত্বিত পৰে। ব'ডী ডিছমৰ্ফিক ডিছঅৰ্ডাৰ ৰোগবিধ চোমাটো ফৰ্ম ডিছঅর্ডাৰৰ অন্তৰ্ভুক্ত এবিধ ৰোগ। এনে ৰোগত আক্ৰান্ত ৰোগীক বহুতে কছমেটিক ছাৰ্জনৰ ওচৰলৈহে লৈ যায়।
দেখা যায়- যিকোনো মানসিক ৰোগ হ’লেই গোটেই পৰিয়ালে ৰোগীৰ কাৰণে দ্বিধা-দ্বন্দ্ব, হতাশা, সংশয়, অনিশ্চয়তাত ভুগি বহু অমূল্য সময় অবাবতে নষ্ট কৰে। অথচ আন শাৰীৰিক ৰোগ হ’লে চিকিৎসকৰ ওচৰলৈ লৈ যায়। কাৰণ, মানসিক অসুখ হোৱা মানেই ঘৰৰ, বংশৰ, পৰিয়ালৰ বদনাম হ’ব বুলি আজিৰ বৈজ্ঞানিক যুগতো বহু মানুহে ভাবে। কিছুমানে ওজা, পীৰ, মাদলি, টাৰিজৰ সহায় ল’বলৈও কুণ্ঠাবোধ নকৰে।
এই ৰোগৰ চিকিৎসা বর্তমান উন্নত মেডিচিন কাউন্সেলিঙৰ দ্বাৰা সম্পূৰ্ণ নিৰাময় হয়। চাইকো এনালিটিক থেৰাপী ৰোগীৰ লগত কথা পাতি ৰোগীক বিশ্বাস আৰু আস্থা অৰ্জন কৰি শৰীৰৰ ত্রুটি সম্বন্ধে থকা ভ্ৰান্ত ধাৰণা দূৰ কৰা। বিহেভিয়াৰ থেৰাপী, ফেমিলী থেৰাপী অত্যন্ত প্রয়োজন-য’ত ৰোগীক নহয়, ৰোগীৰ পৰিয়ালকো ৰোগীৰ প্ৰতি কেনে ব্যৱহাৰ আৰু কি কি কৰিব লাগিব ভালদৰে বুজাই দিয়া হয়। বিশেষ কিছু মেডিচিন প্ৰয়োজন সাপেক্ষে প্রয়োগ কৰা হয়। সকলোতকৈ দৰকাৰী কথা হ’ল ৰোগী যেতিয়া আৰোগ্যৰ পথত বা আৰোগ্য হয়, তেতিয়া পৰিয়ালৰ কোনো লোকে এনে আচৰণ কৰা উচিত নহয়, যিয়ে ৰোগীৰ আত্ম সন্মানত আঘাত দিয়ে।
লিখক: ড° সনাতন ডেকা।
শেহতীয়া উন্নীতকৰণ: : 1/19/2024
অসমৰ খোৱাপানীৰ ফ্ল’ৰাইডৰ সমস্যাটো
অসম ডাইনী অপৰাধ (নিষেধ, প্ৰতিষেধ আৰু সুৰক্ষাপ্ৰদান...
উচ্চ শিক্ষা, চৰকাৰৰ আৰু আমাৰ সমস্যাৰ সমীকৰণ
অসমৰ জলবায়ু পৰিবৰ্তন: এক জ্বলন্ত সমস্যা