অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বতৰো হতাশাৰ কাৰণ

 

প্রত্যেক মানুহেই জীৱনত যিকোনো সময়ত হতাশাত ভোগে। এবাৰ-দুবাৰেই নহয়, একাধিকবাৰ এনেকুৱা মুহূর্ত আহে যেতিয়া মানুহক হতাশাই আবৰি ধৰে। মনলৈ হতাশা আহিবৰ বাবে খুব যে ডাঙৰ ঘটনা ঘটিব লাগে তেনে কথাও নহয়, খুব সৰু কথায়ো মানুহক ভালেমান পৰ বা ভালেকেইদিনলৈ হতাশাত ডুবাই ৰাখে। কেতিয়াবা আনকি অকাৰণতো মানুহে হতাশা অনুভৱ কৰে। হতাশা এনে এটা অনুভূতি যিয়ে পৃথিৱীলৈ অহা প্ৰতিগৰাকী লোকক আক্রান্ত কৰি যায়। ইয়াৰ পৰা পৃথিৱীৰ বিখ্যাত-সফল-সার্থকতাপূর্ণ ব্যক্তিসকলো হাত সাৰিব নোৱাৰে। সেই কাৰণে তেনে সফল-সার্থক বিখ্যাত লোকসকলো হতাশাৰ চিকাৰ হৈ মানসিক ভাৰসাম্য হেৰুওৱাও দেখা যায়। বহুতে মানুহৰ পৰা নিজক আঁতৰাই নিয়াও পৰিলক্ষিত হয়। বিভিন্ন কাৰণ-অকাৰণত মানুহ হতাশাই আবৰি ধৰে। কিন্তু এতিয়া মনোবিশেষজ্ঞসকলে ঠাৱৰ কৰিছে বতৰ আৰু দিনটোৰ কিছুমান বিশেষ মূহুৰ্তয়ো মানুহলৈ হতাশা আনি দিয়ে। এৰা, কেতিয়াবা নির্জন দুপৰীয়া বা এটা উদাসী সন্ধিয়া হঠাৎ কাৰোবাৰ মনলৈ হতাশাৰ ভাব আহি যাব পাৰে। ইয়াৰ বাবে কোনো কাৰণো অথচ নাই। অর্থাৎ দুপৰৰ নিৰ্জনতা বা সন্ধিয়াটোৰ বৰণ, গোমা হৈ পৰা আকাশখনে মনৰ মাজত ক’ব নোৱাৰাকৈয়ে এটা উদাসীন ক্ৰিয়া কৰে। কাৰণ মানুহৰ মনত পৰিৱেশে যথেষ্ট প্রভাৱ পেলায়। যেনেদৰে ব’হাগৰ কুলিৰ মাত শুনিলে, সেউজীয়া গছবোৰ দেখিলে, আজাৰ ফুলা দেখিলে, বিহু নাচ দেখিলে মানুহৰ মন আনন্দিত হৈ উঠে। তেনেকৈয়ে পৰিৱেশৰ নিঃসংগ বা গোমা গোমা ভাবে আমাৰ মনলৈকো গোমা ভাব এটা কঢ়িয়াই আনিব পাৰে।

গৰমৰ দিনবোৰতকৈ শীতৰ দিনবোৰে মানুহক যিকোনো মূহুৰ্তত বিমর্ষ কৰি তুলিব পাৰে। গৰমৰ দিনবোৰ দীঘল হয়। আমি বিভিন্ন কামত অতিশয় ব্যস্ত থাকো, ঠাণ্ডা দিনতকৈ গৰমৰ দিনত মানুহৰ কাম-কাজ বেছি হয়। দিনটোৰ বুকুত যথেষ্ট উজ্জ্বলতা থাকে। তদুপৰি আটাইতকৈ ডাঙৰ কথা হৈছে গৰমত ছাটি-ফুটি কৰি থাকোতে অর্থাৎ গৰমটোৰ কথা বেছি ভাবি থাকোতে অন্য কিছুমান ভাব আমাৰ মনলৈ আহিবলৈ অৱকাশেই নাপায়। অর্থাৎ আমাৰ মনটো শূন্য হৈ নপৰে। সেই কাৰণে উৎকট গৰমে আমাক জলা-কলা খুৱালেও দীঘল দিনৰ কর্ম তৎপৰতাৰ বাবে আমি ব্যস্ততাৰে দিনটো পাৰ কৰাত হতাশা আহিবলৈ সুৰুঙা কম পায়। ঠাণ্ডা দিনবোৰে মানুহক এলেহুৱা কৰে। ৰ’দৰ উজ্জ্বলতা কম হয়। মাজে মাজে সেমেকা বতাহ এছাটিও বলি থাকে। সোনকালে গাটো টঙাবলৈ মন নাযায়। জাৰৰ কাপোৰবোৰেও যেন মনটো হেঁচা মাৰি ধৰি থাকে। বতাহতো বিমর্ষ বিমর্ষ ভাব। গতিকে বাহিৰৰ বিমর্ষ ভাবটোৱেই আহি আমাৰ মনত ঠাই কৰি লয়হি। সেয়েহে গৰমৰ দিনতকৈ শীতৰ দিনত মানুহৰ মনলৈ হতাশাৰ ভাব অহাৰ সুবিধা বেছি। পুৱা দেৰিকৈ শুই উঠিলে অথবা দুপৰীয়া শুই উঠাৰ পাছত মানুহৰ মন হঠাৎ হতাশাগ্রস্ত হৈ পৰিব পাৰে। কাৰণ নিদ্ৰিত অৱস্থাৰ পৰা তৎক্ষণাৎ বাহিৰৰ বাতাবৰণৰ লগত মনটোৱে খাপ খাব নোৱাৰা হয়।

বিশেষ কাৰণতে হওক বা সময় আৰু বতৰৰ বাবেই হওক হতাশাক সাধাৰণতে মানুহে সহজভাৱে ল’ব নোৱাৰে। দীর্ঘ সময়ৰ বাবে হওক, ক্ষন্তেক পৰৰ বাবেই হওক হতাশাক মানুহে ভয় কৰে আৰু এৰি চলিব খোজে। তাৰ উপায় মানুহৰ হাততে আছে। যিবোৰ কাৰকে সাময়িকভাৱে হ’লেও মনত হতাশাৰ ভাব সৃষ্টি কৰে সেই কাৰকবোৰ যদি চিনিব পাৰিছে তেনে তাক এৰাই চলিবলৈ যত্ন কৰিব লাগে। শীতৰ দিনতো প্ৰতিটো মূহুৰ্তত সক্ৰিয় হৈ থাকিবলৈ যত্ন কৰিব লাগে। যিকোনো কামত ব্যস্ত থাকিব লাগে। ইণ্টাৰনেটত যিকোনো খবৰ বিচাৰি মগ্ন থাকিব পাৰে। তাৰ বাবে কম্পিউটাৰ চলোৱা কাম পুৰুষসকলে শিকি ল'ব পাৰে। আমাৰ বৃদ্ধ মহিলাসকলে সাধাৰণতে কম্পিউটাৰৰ কাম শিকাতকৈ কিতাপ-আলোচনী পঢ়া, উলৰ কাম কৰাৰ প্রতিহে বেছি আগ্রহী। শীতৰ দিনত বয়সস্থ মহিলাসকলে শৰীৰটো উমাল কৰি ৰাখি কিতাপ-পত্ৰ পঢ়ি থাকিব পাৰে নাইবা উল গুঠা কাম কৰিব পাৰে। বয়সস্থ কালত মনলৈ নেতিবাচক চিন্তা কোনো মতেই আহিবলৈ দিব নালাগে। সকলো সময়তে ইতিবাচক উৎসাহী চিন্তা কৰিব লাগে। মানুহক ভাল পাব লাগে, সকলোৰে মংগল চিন্তা কৰিব লাগে। শীতৰ দিনৰ সাজ-পাৰ যেন ৰঙীণ হয়। কাৰণ পোছাকেও মনত প্ৰভাৱ পেলায়। পুৱা দেৰিকৈ উঠিলে যদি মন উদাস হয় তেনে পুৱা সোনকালে উঠাৰ চেষ্টা কৰক। সেইদৰে দিবানিদ্ৰাই যদি মনটোলৈ বিমৰ্ষতা আনে, তেনে দুপৰীয়া শোৱাৰ পৰা বিৰত থাকক। বয়সস্থ কালত যিহেতু পৰীক্ষা ৰিজাল্ট, চাকৰি আদিৰ চিন্তা নাই, গতিকে টিভিত মন পছন্দৰ চিনেমা চাই সময় কটোৱাটো দোষণীয় নহয়; বৰঞ্চ ই মনক সতেজ কৰি ৰাখে।

সময়ৰ লগে লগে পুৰণি ধ্যান-ধাৰণা সলাই আধুনিক মনৰ হৈ উঠিবলৈ যত্ন কৰিব লাগে। জীৱনটো চলাই নিবলৈ যিখিনি আধুনিক আচাৰ-আচৰণৰ দৰকাৰ সেইখিনি মুক্ত মনে আয়ত্ত কৰি জীৱনটো আনন্দময় উপভোগ কৰি ৰখা দৰকাৰ। জীৱনৰ সকলো ইতিবাচক কথাতে গুৰুত্ব দি সহজ সৰল সুন্দৰভাৱে চলিব খুজিলেও কেতিয়াবা অকাৰণতে হতাশাবোধে মনটোক চুই যাব খোজে। কিন্তু তাক গুৰত্ব নিদি নিজক সেই মনোভাবৰ পৰা উলিয়াই আনি সুখী হ’বলৈ যত্ন কৰিব লাগে। জীৱনৰ অভিজ্ঞতাৰে সেই কাম নিজেই কৰিব পাৰে। তাৰ চাবি-কাঠী নিজৰ হাততে।

লেখিকা: প্ৰাৰ্চী কাশ্যপ, অসম বাণী।

3.10344827586
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top