মূল পৃষ্ঠা / স্বাস্থ্য / মানসিক স্বাস্থ্য / বাৰ্ধক্য জীৱনৰ এক অনাকাংক্ষিত সমল:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বাৰ্ধক্য জীৱনৰ এক অনাকাংক্ষিত সমল:

 

বাস্তৱত আমি দেখা পাওঁ যে মানুহৰ পাৰ্থিৱ জীৱনত লগা বস্তুৰ তালিকাখন অতি দীঘল। অন্ন, বস্ত্ৰ, বাসস্থান আদি অপৰিহাৰ্য সমলৰ উপৰি ধন, ঐশ্বৰ্য, সম্পদ, সংসাৰ, প্ৰতিভা, ক্ষমতা, প্ৰেম-প্ৰীতি, দয়া, মমতা, বিলাস আৰু কত কিহ্ল ইবিলাকৰ বিপৰীতে কিন্তু আমাক নলগা সমলৰ তালিকাখন অতি চুটি। এই তালিকাৰ ভিতৰত প্ৰথমে স্থান দিব পৰা সমলকণ হৈছে বাৰ্ধক্য। মানৱ জীৱনৰ শেষ পৰ্যায় হৈছে বাৰ্ধক্য। ই প্ৰ্ত্যেকৰে জীৱনৰ এক অপৰিহাৰ্য সলম হ’লেও কিন্তু কোনেও নিবিচাৰে ইয়াক। ই সম্পূৰ্ণ অনাকাংক্ষিত, অবাঞ্ছিত। কেৱল সেয়ে নহয়, ই সকলোতে লেই লেই-ছেই ছেই। কিন্তু কিয়? কিয় ই কাৰো কাম্য নহয়?

ইয়াৰ কাৰণ হয়তো এনে হ’ব যে :

১)বাৰ্ধক্য বুলিলে মানুহৰ মনলৈ এক ভয়াৱহ দুৰ্যোগপূৰ্ণ ছবি আহি নিস্তেজিত কৰি তোলে, আৰু

২)জীৱনৰ এই সংকটাপন্ন অৱস্থাক ওফৰাই পঠিয়াব পৰা উপায় বা ক্ষমতা আয়ত্ত কৰাত অসমৰ্থতা প্ৰকাশ কৰা।

এইটো অনস্বীকাৰ্য যে বাৰ্ধক্য বুলিলে প্ৰত্যেকৰ চকুৰ আগত ভাহি উঠা ছবিখনত থাকে- শোটোৰা-শোটোৰ ছাল, পকা চুলি, মৰা দাঁত, হনু ওলোৱা গাল, শীৰ্ণকায়, দৃষ্টি দুৰ্বল নেত্ৰদ্বয়, থৰক-বৰক খোজৰ লগতে জৰাগ্ৰস্ত এক অসহায় অৱস্থা। লগতে ছবিয়ে প্ৰত্যক্ষ কৰোৱায় শাৰীৰিক, মানসিক আৰু শ্ৰৱণশক্তিৰ দীনতাৰ এক মূৰ্ত প্ৰকাশ। ইবিলাকৰ উপৰি দাঙি ধৰে পৰনিৰ্ভৰশীলতাৰ এক কৰুণ অৱস্থা। সেয়ে ই কাৰো কাম্য নহয়। আৰু সেয়ে ইয়াক এৰাই চলাব বাবে কৃত্ৰিম উপায় অৱলম্বনতো প্ৰবৃত্ত হয় এচাম লোক। মূৰত কলপ ঘঁহি লগাই গাল পূৰঠৰ লগতে মুখমণ্ডল শোভিত কৰা, মুখত অত্যাধুনিক প্ৰসাধন সামগ্ৰী লগাই গাল-মুখৰ ছাল মিহি তথা সতেজ কৰাৰ দৰে ত্ৰিশ-এবুৰি উপায় অৱলম্বনেৰে বাহ্যিক দৃষ্টিত নিজকে তজবজীয়া দেখুওৱাত আজিকালি সজাগতা প্ৰদৰ্শন কৰা লোকৰ সংখ্যা বৃদ্ধি পোৱাটো পৰিলক্ষিত হয়। এই সকলোৰে লক্ষ্য হৈছে নিজক বুঢ়া সজোৱাৰ পৰা দূৰৈত থকা। মুঠতে বাৰ্ধক্য বুলিলে সকলোৰে অন্তৰত ভয়, শংকা বা অসন্তোষ থাকে বাবেই এনে কৰা হয়।

দ্বিতীয়তে, বাৰ্ধক্য জীৱনৰ এক অবিচ্ছেদ্য অংশ বুলি জানিও ইয়াক নিবিচৰাৰ কাৰণ হৈছে ইয়াৰ প্ৰতিৰোধ বা প্ৰতিহত কৰাৰ ক্ষমতা আহৰণত অদ্যাপি সকলোৱে অক্ষমতা বা অসমৰ্থতা প্ৰকাশ কৰা। আজিৰ বিজ্ঞান-প্ৰযুক্তিৰ অভাৱনীয় সফলতাৰে আমাৰ চকুৰ আগত অবিস্মৰণীয় আৱিষ্কাৰৰ দ্বাৰা গোটেইখন তল-ওপৰ লগাই থকাৰ সময়ত কিন্তু বাৰ্ধক্য প্ৰতিৰোধ সঁচা অৰ্থত সম্ভৱ আজিও কৰি তুলিব পৰা হোৱা নাই। সেয়েহে ধন-দৌলতেৰে জয়জয়-ময়ময় হৈ থকা লোকেও নিজৰ পৰিয়াল, আনকি নিজকো বাৰ্ধক্য অথবা মৃত্যুৰ পৰা বাচিব নোৱাৰি চকলো টুকি নিষ্ঠুৰ বাস্তৱৰ ওচৰত সেও মানিব লগা হয়। অৰ্থাৎ বাৰ্ধক্য মৃত্যুৰ ক্ষেত্ৰত অন্য জীৱজগতত যি ঘটি আছে নিৰন্তৰ, তাকেই মানুহৰ ক্ষেত্ৰতো ঘটাটো স্বাভাৱিক বুলি স্বীকাৰ কৰাৰ বাহিৰে আমাৰ ওচৰত উপায় নাই। অৱশ্যে বাৰ্ধক্যৰ প্ৰকৃত কাৰণ নিৰ্ণয় কৰি পৰিস্থিতি সাপেক্ষে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিলে বাৰ্ধক্য প্ৰতিহত কৰাটো এদিন হয়তো সম্ভৱ হ’ব পাৰে। কিন্তু তাৰ পৰৱৰ্তী সময়ত জীৱৰ চিৰাচৰিত প্ৰথাৰ বিলোপনে কি আনুষংগিক সমস্যাৰ সৃষ্টি কৰিব পাৰে তাক লৈও উসজাগ হোৱাৰ প্ৰাসংগিকতা আছে। কিয়নো, বাৰ্ধক্য প্ৰতিহত কৰা মানেই মৃত্যু প্ৰতিহত কৰা। আৰু যদি বাস্তৱত সেয়া সম্ভৱ হৈ উঠে, তেন্তে ইতিমধ্যেই অস্বাভাৱিক জনবিসফোৰণে সামগ্ৰিক জনজীৱন দুৰ্দশাগ্ৰস্ত কৰি যি এক ভয়াৱহ অৱস্থাৰ সূচনা কৰিছে সি অনাগত দিনত অতি ৰূঢ় আৰু অসহনীয় কৰি তোলাই স্বাভাৱিক।

এইটো কাৰো অজ্ঞাত নহয় যে জন্ম থাকিলে মৃত্যু থকাটোও অৱশ্যম্ভাৱী। আমাৰ অতিন্দ্ৰীয়বাদী কবিয়েও সেইটো স্বীকাৰ কৰি গৈছে- ‘জন্মিলে মৰিব লাগে নীতি এই বন্ধা-ধৰা, আহিছে চলি ই সৃষ্টিৰ পাতনিৰে পৰা’। এই কথা আমি প্ৰত্যেকেই জানো। তেনেকৈ জানে বিজ্ঞানীসকলেও। তেওঁলোকেও নিৰন্তৰ দেখি আহিছে সমস্ত বিশ্বৰে জড়-জীৱ, সকলোৰে জন্ম-মৃত্যু অপ্ৰতিৰোধ্য। তথাপি বাৰ্ধক্যৰ কাৰণ নিৰ্ণয় কৰাৰ প্ৰয়াসত মগ্ন হ’ব ধৰিছে বিজ্ঞানী এচাম। কোনো কোনোৱে আকৌ বাৰ্ধক্যৰ লেহেমীয়াকৰণেৰে পৰমায়ু বৃদ্ধিৰ উপায় উদ্ভাৱনতো সচেষ্ট হৈ উঠাৰ আভাস পোৱা গৈছে।

বাৰ্ধক্যৰ কাৰণ নিৰ্ণয় কৰিবলৈ গৈ বিজ্ঞানীসকলে দেখা পাইছে ব্যক্তিভেদে ইয়াৰ কাৰণ তথা কাৰক সুকীয়া সুকীয়া। তথাপি সামগ্ৰিকভাৱে এইটো ব্যক্ত কৰিব পৰা হৈছে যে মানৱ শৰীৰত চলা বিপাকীয় কাৰ্যৰ ফলত সৃষ্ট লাইপ’ফুছিন নামৰ ৰঞ্জক পদাৰ্থবিধে বাৰ্ধক্য সৃষ্টিত অৱদান আগবঢ়ায়। বিপাকীয় কাৰ্যৰ ফলত বয়স বঢ়াৰ লগে লগে শৰীৰত এইবিধ দ্ৰব্যৰ সৃষ্টিও বৃদ্ধি পায়। বিশেষকৈ স্নায়ু, যকৃৎ, পেশী আদিত জমা হৈ স্বাভাৱিক প্ৰক্ৰিয়াত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে, যাৰ ফলত বাৰ্ধক্যৰ সূচনা হয় বুলি ধাৰণা কৰা হৈছে। প্ৰসংগক্ৰমে উল্লেখনীয় যে সম্প্ৰতি বাৰ্ধক্যৰ কাৰণ নিৰ্ণয়তকৈ কেনেকৈ বাৰ্ধক্যক লেহেমীয়া কৰি মানুহৰ পৰমায়ু বৃদ্ধি কৰিব পৰা হয় তাৰ উপায় উদ্ভাৱনতহে বিজ্ঞানীসকলে বেছি তৎপৰ হোৱাটো কাৰ্যতঃ দেখা গৈছে। আৰু এইটোও ঠিক যে কিছুমান স্বাস্থ্যসন্মত নিয়ম পালনেৰে আজি সমগ্ৰ বিশ্বতে বাৰ্ধক্য আংশিকভাৱে হ’লেও লেহেমীয়া কৰি পৰমায়ু বৃদ্ধি সমগ্ৰ বিশ্বতে সম্ভৱ কৰি তুলিব পৰা গৈছে। অন্য নালাগে, আমাৰ দেশতে প্ৰাক-স্বাধীনতা কালত থকা ভাৰতীয় লোকৰ গড় পৰমায়ু ৩৭ বছৰৰ ঠাইত বৰ্তমান ৬৮.৩ বছৰলৈ বৃদ্ধি কৰাটো সম্ভৱ হৈ উঠিছে। এয়া সম্ভৱ হৈছে খাদ্য গ্ৰহণত সজাগতা প্ৰকাশ, ক্ষতিকাৰক দ্ৰব্য গ্ৰহণত সতৰ্কতা অৱলম্বন, স্বাস্থ্যসন্মত পৰিৱেশত বসবাসৰ প্ৰতি যত্নপৰ হোৱা, খোৱা-শোৱাত পৰিষ্কাৰ-পৰিচ্ছন্নতা গ্ৰহণ, ব্যায়াম-মনোৰঞ্জনৰ উপায় অৱলম্বনত গুৰুত্ব দিয়া আদিৰ জৰিয়তেই। সমান্তৰালভাৱে নানা ৰোগ প্ৰতিৰোধী ঔষধ ব্যৱহাৰৰ দ্বাৰাও পূৰ্বৰ দুৰাৰোগ্য ব্যাধিক আজি নিপাত-নিয়ন্ত্ৰণ কৰিব পৰা হোৱাত ক্ৰমে ৰোগমুক্ত হোৱাৰ পৰিপ্ৰেক্ষিতত পৰমায়ু বৃদ্ধিও সম্ভৱ হৈ উঠিছে বুলি ক’ব পাৰি।

বাৰ্ধক্য লেহেমীয়াকৰণত ইতিবাচক প্ৰভাৱ পেলাব পৰা দুটি উপায়ৰ সন্ধান পোৱা গৈছে বুলি পোহৰলৈ আহিছে। সেই দুটা উপায় হৈছে দেহত এনডৰফিনৰ পৰিমাণ বৃদ্ধি ঘটোৱা আৰু মাইট’কন্দ্ৰিয়াক সক্ৰিয় কৰা। বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ দ্বাৰা আংশিকভাৱে হ’লেও এটা সিদ্ধান্তত উপনীত হ’ব পাৰিছে যে যিসকল ব্যক্তি জীৱনৰ শেষৰ ফালে আনন্দমুখৰ পৰিৱেশত দিন অতিবাহিত কৰাৰ সুযোগ পায়, সেইসকল ব্যক্তিৰ পৰমায়ু বৃদ্ধিও আশাব্যঞ্জক হৈ উঠে। কিয়নো, এনে হোৱাৰ মূলতে যি শাৰীৰিক শ্ৰম, আনন্দ-উল্লাস বা ব্যায়ামৰ ফলত সৃষ্টি হৈ মানুহৰ কোষত, বিশেষকৈ মগজুত থিতাপী ল’ব ধৰে। ইয়াৰ মূলতঃ মৰফিন জাতীয় যৌগ আৰু মগজুত ভাল লগা বা সতেজতা অনুভৱ কৰায়। ফলত বৃদ্ধ লোক একোজনৰ মনত আনন্দ, উৎসাহ আদি বৃদ্ধি পাব ধৰে। ফলত পৰমায়ু বৃদ্ধিও সম্ভৱ হৈ উঠে। এইটোও অৱশ্যে পৰিলক্ষিত হয় যে ৰং-ৰহইচ বা আনন্দমুখৰ পৰিৱেশত দিন কটোৱা লোকসকল স্বাভাৱিকতে সুখী হয় আৰু ফলত তেনে লোকক বাৰ্ধক্যয়ো কিছু পলমকৈ আঁচোৰাটো সম্ভৱ হয়।

এইটো হয়তো উল্লেখ নকৰিলেও হয় যে পৰস্পৰ বিপৰীতধৰ্মী দুটি জননকোষৰ মিলনৰ পিছত নিষেচিত ভ্ৰূণৰ বিন্যাস বিকাশৰ জৰিয়তেই ক্ৰমধাৱিতভাৱে এটা সময়লৈ মানৱ দেহৰ বিকাশো চলি থাকে। কোষৰ এই বিনাশৰ মূলতে মাইট’কন্দ্ৰিয়াৰ অৱক্ষয় বুলি কোৱা হয়। মন কৰিবলগীয়া যে মাইট’কন্দ্ৰিয়া হৈছে কোষৰ মাজত সোমাই থকা প্ৰ’টিন, ফচফ’লিপিড আৰু কিছুসংখ্যক ৰাইব’নিউক্লিক এচিডৰ দ্বাৰা গঠিত বহু সূক্ষ্ম কণাৰ সমষ্টি। এই মাইট’কন্দ্ৰিয়াকে দেহৰ শক্তি উৎপাদনৰ মূল আধাৰ(পাৱাৰ হাউছ) ৰূপে অভিহিত কৰা হয়। লক্ষণীয়, মাইট’কন্দ্ৰিয়াৰ শক্তি উৎপাদনত আকৌ প্ৰধানভাৱে জড়িত উপাদানবিধক কোৱা হয় নেড(নিক’টিনাইড এডেনিন ডাইনিউক্লিয়টাইড)। পৰীক্ষাৰ দ্বাৰা বোলে পোৱা গৈছে যে বয়স বৃদ্ধিৰ লগে লগে শৰীৰত নেডৰ উৎপাদন কমি অহাৰ ফলতে মানুহ দুৰ্বল তথা বৃদ্ধ হৈ পৰে। গতিকে বিজ্ঞানীসকলে শেহতীয়াভাৱে দেহত নেডৰ পৰিমাণ বৃদ্ধিৰ পৰিসৰ ৰচি বাৰ্ধক্য কমোৱা আৰু পৰমায়ু বৃদ্ধিৰ উপায় কৰাত যত্নপৰ হ’ব ধৰিছে। এই ক্ষেত্ৰত উৎসাহজনক এয়ে যে নিক’টিনাইড ৰিব’চাইড, সংক্ষেপে এন আৰ নামৰ উপাদান এবিধৰ জৰিয়তে দেহত নেডৰ পৰিমাণ বৃদ্ধিত সুফল লাভ কৰা হৈছে। তেন্তে এনে সফল প্ৰয়াসৰ আধাৰত মানুহৰ আয়ুস বৃদ্ধিত উৎসাহজনক ফলাফল লাভ কৰাটোও আশাপ্ৰদ হৈ উঠিছে। এই ক্ষেত্ৰত অন্য এক উৎসাহজনক খবৰ এইটোও যে আমেৰিকাস্থ কেলিফ’ৰ্নিয়াৰ লা জোলাৰ ছ’ক প্ৰতিষ্ঠানৰ এটি বিজ্ঞানীৰ দলে আকৌ জিনীয় অভিযন্ত্ৰণ প্ৰণালী(জেনেটিক ইঞ্জিনিয়াৰিং টেকন’লজী) প্ৰয়োগেৰে বোলে নিগনিৰ ক্ষেত্ৰত ইতিমধ্যে পৰমায়ু ৩০ শতাংশ বৃদ্ধি সম্ভৱ কৰি তুলিছেই। সেয়ে উক্ত বিজ্ঞানী মহলে একে পদ্ধতি প্ৰয়োগেৰে মানুহৰ আয়ুস বৃদ্ধি সম্ভৱ কৰাৰ ক্ষেত্ৰত নিৰন্তৰ গৱেষণা কৰাত লাগিছে।

পৰমায়ু বৃদ্ধিৰ ক্ষেত্ৰত প্ৰথিতযশা চিন্তানায়ক বাৰ্ট্ৰাণ্ড ৰাচেলৰ ধাৰণাও মন কৰিব লগা। তেওঁৰ মতে, ‘ছক্ৰেটিছ, প্লেটো, এৰিষ্ট’টলৰ পৰা আৰম্ভ কৰি আজি পৰ্যন্ত জীয়াই থকা বহু বুদ্ধিজীৱী-দাৰ্শনিকৰ কথা ভাবিলে মনলৈ আহে অজস্ৰ অশীতিপৰ বৃদ্ধৰ জীৱন ছবি। অৱশ্যে তাৰ ব্যতিক্ৰমো আছে।……তথাপি এই কথাটো সম্পূৰ্ণ সত্য যে সম্প্ৰদায় হিচাপে দাৰ্শনিক-বুদ্ধিজীৱীসকল এই পৃথিৱীত বেছি দিন জীয়াই আছে। এই দীৰ্ঘ জীৱনৰ কাৰণটো হ’ল এই যে তেওঁলোকে হৃদয়তকৈ বেছি মস্তিষ্ক খৰচ কৰে। হৃদয় খৰচ কৰি যি মানুহ জীয়াই থাকে তেওঁলোক সোনকালে মৃত্যুমুখত পৰে। মস্তিষ্ক খৰচ কৰি জীয়াই থকা মানুহৰ জীৱনী শক্তি বেছি খৰচ নহয়। ফলত আয়ুস দীঘলীয়া হয়। ৰাচেলৰ এনে ধাৰণাৰ সত্যতা অৱশ্যে আমাৰ মহাপুৰুষদ্বয় শংকৰদেৱ-মাধৱদেৱৰ লগতে মথুৰাদাস বুঢ়া আতাৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা দেখা যায়, যিসকলে পৰমায়ু লাভ কৰিছিল শতাধিক বছৰ।

উল্লিখিত দিশবোৰে সূচায় যে বিভিন্ন উপায় অৱলম্বনেৰে মানুহৰ বাৰ্ধক্য কিছু পৰিমাণে লেহেমীয়া কৰি পৰমায়ুৰ বৃদ্ধি ঘটোৱাটো অসম্ভৱ নহ’ব। পিছে তীব্ৰ জনবিসফোৰণে কঢ়িয়াব ধৰা বিভীষিকাৰ প্ৰতি লক্ষ্য ৰাখি এনে দিশত বেছি আগ নবঢ়াটোৱেই মংগলজনক হ’ব যেন ভাব হয়। ব্যক্তিগতভাৱে মই পৰমায়ু পঁচাশী বছৰ আধিক্যৰ প্ৰত্যাশী নহয়। আনসকলেও এনে কৰাটোৱেই বাঞ্ছনীয়। এই সন্দৰ্ভত অৱশ্যে ইংৰাজীৰ বহুমূলীয়া উপদেশ ‘Go aged gracefully’ৰ প্ৰতি যত্নপৰ হ’লে বাৰ্ধক্য কিছু শান্তিদায়ক হ’ব বুলি বিশ্বাস হয়।

উৎস: জিএচআৰচি স্বাস্থ্য(অৰ্পণ দত্ত)

3.04166666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top