বৰ্তমান সময়ত সমগ্র বিশ্বতে মহামাৰীৰ আকাৰ ধাৰণ কৰিছে "বিষন্নতা' ৰোগে। "ৱৰ্ল্ড ফেডাৰেচন ফৰ মেণ্টেল হেলথ্ৰ হিচাপ অনুযায়ী সমগ্র বিশ্বতে প্রায় ৩৫০ মিলিয়ন বা ৩৫ কোটি মানুহ বিষন্নতা ৰোগত আক্ৰান্ত। ১৭খন দেশত পৰিচালিত বিশ্ব মানসিক স্বাস্থ্য সমীক্ষাত দেখা গৈছে বিগত বছৰত প্রতি ২০ জনৰ ভিতৰত এজন বিষন্নতাত আক্ৰান্ত হৈছিল। আমাৰ দেশতো এই ভয়াৱহ ৰোগত ভোগা লোকৰ সংখ্যা দিনে দিনে বৃদ্ধি পাব ধৰিছে।
অতি গুৰুত্বপূৰ্ণ কথা যে এই ৰোগৰ দ্বাৰা আক্ৰান্তসকলৰ ১৫ শতাংশই আত্মহত্যাৰ পথ বাছি লয়। বিষন্নতা ৰোগত আক্ৰান্ত লোকসকলে দিনৰ পাছত দিন ধৰি মন মাৰি থাকে। প্রিয় গীতটোও তেতিয়া শুনিবৰ মন নাযায়, পঢ়ি ভাল পোৱা কিতাপখনেও আমনিহে লগায়। আনকি প্রিয়জনৰ সান্নিধ্যয়ো তেতিয়া পীড়াহে কৰে। তেনে সময়ত কোনো কামলৈকে উৎসাহ নাথাকে। অকলশৰে থাকি, অকলশৰে চিন্তা কৰিহে ভাল লাগে। খোৱা-বোৱাৰ প্ৰতিও ৰুচি কমি আহে। লগতে কমি আহে নিদ্রা। এটা সময়ত এই ৰোগৰ তীব্রতা ইমানেই বাঢ়ি যায় যে ৰোগীয়ে ধীৰে ধীৰে নিজৰ জীৱনটোলৈকো মায়া-মমতা হেৰৱাই পেলায়। তেতিয়াই আহে জীৱনটোক শেষ কৰি দিয়া হাবিয়াহ।
যিকোনো বয়সৰ মানুহে বিষন্নতাত ভুগিব পাৰে। আজিকালি কিশোৰ-কিশোৰীকে আৰম্ভ কৰি বয়সস্থজনেও বিষন্নতাত ভোগা দেখা যায়। সামান্য কথাতে লাগি মানুহ বিষন্ন হয়। বিষন্নতাত ভোগে পৰীক্ষাত সুফল নোপোৱা ১৫-১৬ বছৰীয়া কিশোৰ-কিশোৰীয়ে, অথবা নিঃসংগতাত ভোগা ৭৫ বছৰীয়া বৃদ্ধয়ো। আনহাতে এই বিষন্নতাত গৈ ইমানেই তীব্ৰ হৈ পৰে যে তেতিয়া তেওঁলোকে বাছি লয় আত্মহননৰ পথ।
বিষন্নতাত ভোগাজনৰ প্ৰতি পৰিয়ালৰ প্ৰতিজন ব্যক্তিয়ে বিশেষ দৃষ্টি ৰখা উচিত। বিষন্নতাৰ কাৰণ কি সেই বিষয়েও নজৰ দিব লাগে। বহু সময়ত দেখা যায় বিষন্নতা ৰোগৰ দ্বাৰা আক্ৰান্তজনৰ কথা পৰিয়ালৰ আন আন সদস্যই গমেই নাপায়। একাকী পৰিয়াল আৰু ব্যস্ততাপূর্ণ জীৱনযাত্ৰাই ইয়াৰ মূল কাৰণ। পৰিণতিস্বৰূপে ফলাফল হয়গৈ ভয়াবহ। কিন্তু যিকোনো ব্যক্তিৰ চাল-চলন আৰু কথা-বার্তালৈ বিশেষ লক্ষ্য ৰাখিলেই অনুমান কৰিব পাৰি যে তেওঁ বিষন্নতাৰ দ্বাৰা আক্ৰান্ত। সেই সময়ত তেওঁক সান্নিধ্যৰ খুবেই প্রয়োজন। সকলো সময়তে তেওঁক আনন্দ-স্ফূর্তিত ৰাখিবলৈ যত্ন কৰিব লাগে। নিয়মিতভাবে যাতে টোপনি আহে তাৰ প্রতিও লক্ষ্য ৰাখিব লাগে। কিন্তু অত্যাধিক টোপনিও বেয়া। বিষন্নতা ৰোগ স্বাভাবিক সাময়িক দুখবোৰতকৈ সম্পূর্ণ বেলেগ। ই হ’ল আৱেগ সংক্রান্ত মানসিক অসুস্থতা। আকৌ তীব্রতা ভেদে ই ব্যক্তিৰ স্বাভাৱিক দৈনন্দিন জীৱন-যাপনক বাধাগ্ৰস্ত কৰে। নিজৰ জীৱনটোকে নিৰৰ্থক আৰু নিজকে আনৰ বোজাস্বৰূপ এটা ধাৰণা মনলৈ আহে।
কিন্তু এই বিষন্নতা চিকিৎসাযোগ্য। এটা মানসিক ৰোগ। সঠিক সময়ত চিকিৎসা নকৰোৱাৰ কাৰণেই ইয়াৰ পৰিণতি হয়গৈ নিৰ্মম, শোকাৱহ। বিষন্নতাৰ লক্ষণ দেখা পালেই মানোচিকিৎসকৰ পৰামৰ্শলৈ চিকিৎসা কৰাব লাগে। ঔষধ আৰু চাইক'থেৰাপী উভয় পদ্ধতিৰে ইয়াৰ চিকিৎসা কৰাব পাৰি। তেনে কৰিলে ইয়াৰ সুফলো পোৱা যায় সোনকালে।
বিষন্নতা ৰোগে ব্যক্তিৰ কেৱল কর্মক্ষমতাকে হ্রাস নকৰে। সামগ্রিকভাৱে সামাজিক, অর্থনৈতিক আৰু উৎপাদনশীলতাৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলায়। এই ৰোগৰ প্ৰতিৰোধ কৰাতো কেৱল ব্যক্তি বা পৰিয়ালৰে নহয়, সমাজৰো এক নৈতিক কৰ্তব্য।
লেখিকা: অনিতা গোস্বামী, অসম বাণী।
শেহতীয়া উন্নীতকৰণ: : 6/18/2020