মূল পৃষ্ঠা / স্বাস্থ্য / মানসিক স্বাস্থ্য / বিষাদগ্ৰস্ততা ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যত ইয়াৰ প্ৰভাৱ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিষাদগ্ৰস্ততা ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যত ইয়াৰ প্ৰভাৱ :

বিষাদগ্ৰস্ততা ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যৰ বিষয়ে লিখা হৈছে ।

 

সাধাৰণ দৃষ্টিত যদিও ভবা যায় যে শিশু আৰু কিশোৰসকল মানসিক ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা কম, প্ৰকৃততে কিন্তু সেই ধাৰণা শুদ্ধ নহয়। সমীক্ষা মতে দেখা গৈছে (বিশ্ব স্বাস্থ্য সংস্থা) ২০৩০ চনত বিষাদগ্ৰস্ততা (Depression) পৃথিৱীৰ এক নম্বৰ ৰোগত পৰিণত হ’ব। ২ ৰ পৰা ৩ শতাংশ শিশু আৰু ৮ শতাংশ কিশোৰ এই ৰোগত এই ৰোগত আক্ৰান্ত হয়। ল’ৰাতকৈ ছোৱালী এই ৰোগত বেছি আক্ৰান্ত হয়।

এই ৰোগ বহু পৰিমাণে বংশগত। দেখা গৈছে যে পিতৃ অথবা মাতৃ বা পিতৃ-মাতৃ এই ৰোগত আক্ৰান্ত হ’লে ল’ৰা-ছোৱালী ১৮ বছৰ বয়সৰ ভিতৰত বিষাদগ্ৰস্ততা ৰোগত ভোগাৰ সম্ভাৱনা খুবেই বেছি। কিন্তু বংশানুক্ৰমিতাৰ লগত পৰিৱেশগত প্ৰভাৱেও এই ৰোগ হোৱা নোহোৱাত বহু পৰিমাণে প্ৰভাৱ বিস্তাৰ কৰে। পাৰিবাৰিক অশান্তি, দৈহিক, মানসিক বা যৌন নিৰ্যাতন, পিতৃ-মাতৃৰ মানসিক ৰোগ, বন্ধু-বান্ধৱৰ লগত সম্পৰ্কৰ বিঘিনি, পঢ়া-শুনাত অকৃতকাৰ্যকে ধৰি বিভিন্ন কাৰকে এই ৰোগত আক্ৰান্ত হ’বনে নহয়, সেয়া বহুদুৰ নিৰুপণ কৰে।

লক্ষণসমুহ -

শিশুৰ বিষাদগ্ৰস্ততা ৰোগ: শিশুৱে সাধাৰণতে নিজৰ মনৰ ভাব ভালদৰে প্ৰকাশ কৰিব নোৱাৰে। বিষাদগ্ৰস্ততাত ভোগা শিশুৰ লক্ষণসমুহ হ’ল- বিভিন্ন ধৰণৰ দৈহিক অসুবিধা (যেনে-মুৰৰ বিষ, ভৰিৰ বিষ, দুৰ্বল ভাব, খাদ্যৰ প্ৰতি অনীহা), মানসিক আৰু শাৰীৰিক অস্থিৰতা- এনেধৰণৰ শিশুৱে স্থিৰেৰে থাকিব নোৱাৰে, কোনো কথা বা কাৰ্যত আনন্দ নাপায়, অলপ কথাতে খং উঠে, খেলা-ধুলা কৰিব মন নকৰা হয়, বন্ধু-বান্ধৱৰ পৰা আঁতৰি থাকে। এওঁলোক পঢ়া-শুনাত পিছ পৰি যায়। কাৰণসমুহ হৈছে- মনোযোগহীনতা, চিন্তাৰ জড়তা, মনত ৰখাত অসুবিধা।

বিষাদগ্ৰস্ততা ৰোধ কৰাৰ উপায় -

১) এই ৰোগ ৰোধ কৰাত পিতৃ-মাতৃ, অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰী আৰু বন্ধু-বান্ধৱৰ গুৰুত্বপুৰ্ণ ভুমিকা আছে। ঘৰুৱা আৰু পাৰিপাৰ্শ্বিক অৱস্থা সুস্থ ৰাখিবলৈ চেষ্টা কৰক।

২) ল’ৰা-ছোৱালী বয়সজনিত যি আত্মসন্মানবোধ তাত আঘাত কৰিবলৈ চেষ্টা নকৰিব।

৩) পিতৃ-মাতৃৰ ব্যৱহাৰ কৰ্তৃত্বশীল হোৱাৰ লগে লগে সহযোগিতামুলক, বন্ধুসুলভ আৰু বহু ক্ষেত্ৰত সহনশীল হোৱাটো প্ৰয়োজন।

৪) অনাহক ঠাট্টা-বিদ্ৰুপ নকৰিব, সামাজিকভাৱে হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা নকৰিব। সকলো কথা ধনাত্মক দৃষ্টিভংগীৰে বিচাৰ কৰিবৰ কাৰণে পথ দেখুৱাব।

৫) ল’ৰা-ছোৱালীক অন্যৰ লগত তুলনা নকৰিব। ইয়ে তেওঁলোকৰ আত্মবিশ্বাস আৰু আত্মসন্মানবোধত আঘাত কৰে।

৬) নিয়মীত ধ্যান, ব্যায়াম, আৰু যোগাসনে দেহ-মন দুয়োটা সুস্থ কৰি ৰাখে। আধ্যাত্মিকতাই বহুক্ষেত্ৰত অনুঘটক হিচাপে কাম কৰে।

৭) সৰ্বোপৰি এই ৰোগত আক্ৰান্ত হোৱা বুলি গম পালে মানসিক ৰোগ বিশেষজ্ঞৰ ওচৰ চাপি নিয়মীয়া চিকিৎসা কৰিলে আৰোগ্য লাভ কৰিব পাৰিব।

সামৰণি -

মনোসামাজিক বিৱৰ্তন (Psychosocial Development) ৰ কাৰণে কৈশোৰ অৱস্থাত (১২ বছৰৰ পৰা ১৮ বছৰ বয়স) ল’ৰা- ছোৱালী পিতৃ-মাতৃৰ ছত্ৰছায়াৰ পৰা কিছু আঁতৰি বন্ধু-বান্ধৱৰ সান্নিধ্য বিচাৰে, পৰিয়ালতকৈ বন্ধু-বান্ধৱৰ গ্ৰহণযোগ্যতাই আগস্থান পায়, স্ব-কতৃত্বশীলতা (Autonomy) বিচাৰে, নিজৰ পৰিচয় (Identity) বিচাৰে, নিজকে সৰ্বশক্তিমান (Omnipotent) বুলি ভাৱে, সামাজিক তথা ঘৰুৱা ৰীতি-নীতিৰ ওপৰত প্ৰশ্ন কৰিব পাৰে। অথবা ইয়াৰ বিৰোধিতা কৰিব পাৰে। পিতৃ-মাতৃ, অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰী এইখিনি বয়সৰ ল’ৰা-ছোৱালীক খুব সাৱধানে, ধৈৰ্য সহকাৰে মোকাবিলা কৰা  উচিত। এই সময়খিনি সুস্থভাৱে পাৰ হৈ গ’লে ভৱিষ্যতে আমি এজন সুস্থ প্ৰাপ্তবয়স্ক লাভ কৰিব পাৰোঁ।

লেখক: ডা: নিপুল মহন্ত (দেওবৰীয়া সুকন্যা)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top