মূল পৃষ্ঠা / স্বাস্থ্য / মানসিক স্বাস্থ্য / মই মানুহজন স্বাভাৱিকনে নে, মোৰ মনটো ক’তো স্থিৰে নাথাকি বৰকৈ ঘূৰি ফুৰে?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মই মানুহজন স্বাভাৱিকনে নে, মোৰ মনটো ক’তো স্থিৰে নাথাকি বৰকৈ ঘূৰি ফুৰে?

"মই মানুহজন স্বাভাৱিক বা নর্মেল নে ? মই দেখোন কোনো কথাত ১০ ছেকেণ্ডৰ বেছি সময় মনোযোগ ৰাখিব নোৱাৰো, মানুহ এজনৰ নাম কৈ তেওঁৰ লগত মোক চিনাকি কৰি দিয়াৰ অলপ পিছতে মই তেওঁৰ নামটোকেচোন পাহৰি যাওঁ, দিনটোত বহুবাৰ দেখোন মোৰ মনলৈ যৌন চিন্তা আহে— মই মানুহজন বাৰু স্বাভাৱিক মানুহনে?”—এনে চিন্তা বাৰু আপোনাৰ মনলৈ কেতিয়াবা আহেনে ?

যদি আপোনাৰ এনেকুৱা লক্ষণবোৰ আছে তেনেহ’লে আপোনাক অভিনন্দন। কাৰণ আপুনি এজন একেবাৰে স্বাভাৱিক, একেবাৰেই নর্মেল মানুহ। সৃজনশীলতাত আমাৰ মস্তিষ্কটোৰ তুলনা নাই। কিন্তু ই নানা ধৰণৰ নানা চিন্তা, আচৰিত ধৰণৰ ভাবপীড়াগ্রস্ততা' (obsession), অযুক্তিকৰ আৱেগ আৰু বিভ্রান্তিমূলক বিশ্বাসৰো বাহ।

গতিকে ‘স্বাভাৱিক মন' বুলিলে আচলতে কি বুজায়? বা, ‘স্বাভাৱিক মন' বোলা বস্তু এটা আছেনে ?

মই চিনেমা চাওঁ, কিন্তু চিনেমাৰ বিষয়ে কুইজ প্রতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰোঁ। চিনেমাবোৰৰ কাহিনী মোৰ ভালদৰে মনত থাকে, কিন্তু সেইবোৰৰ কাহিনীকাৰ, গায়ক, সঞ্চালক বা আন তেনে বিতং তথ্য মোৰ বেছিদিনলৈ মনত নাথাকে। ভ্ৰমণ কৰা ঠাইবোৰৰ পাহাৰ এখন বা স্তম্ভ একোটাৰ উচ্চতা মোৰ একেবাৰে মনত নাথাকে, কিন্তু কাৰ লগত কোন সময়ত কিহেৰে ক’ৰ পৰা গৈছিলোঁ বিতংকৈ মনত থাকি যায়। মোৰ বন্ধু বিজয় কিন্তু ইয়াৰ একেবাৰে ওলোটা। তেওঁ কুইজত যোগ দি জিকে, পাহাৰ বা স্তম্ভৰ উচ্চতা দশমিকৰ তিনি ঘৰলৈ পটককৈ ক’ব পাৰে, কিন্তু বাকী কথাবোৰ তেওঁৰ ভালকৈ মনত নাথাকে। আমি দুজনৰ ভিতৰত কোন স্বাভাৱিক ? তেওঁ চিন্তিত হোৱা উচিত, নে মই?

পাহৰণিয়েই স্মৃতি

 

আমাৰ স্মৃতি মানে আচলতে বিস্মৃতি বা পাহৰণিহে। সকলো মস্তিষ্কয়েই যিমানবোৰ তথ্য পায় তাৰ বেছিভাগকেই আঁতৰাই পেলায় বা মচি পেলায়। আজি আপোনাৰ লগত হোৱা কথা-বতৰাখিনি কাইলৈ হয়তো মোৰ বিতংকৈ মনত থাকিব পাৰে। এসপ্তাহমান পিছত কিন্তু সেই কথা-বতৰাখিনিৰ বহু অংশই আমি পাহৰি যাম। এবছৰ-দুবছৰ পিছত কি বিষয়য়েনো কথা পাতিছিলোঁ সেইটোও পাহৰি যাব পাৰে। দহ বছৰ পিছত এদিন হয়তো এই কথাটোৱেই পাহৰি যাব পাৰো যে এদিন আমি তেনেদৰে সেই বিষয়ৰ কথা পাতিছিলোঁ।

আমাৰ ইন্দ্ৰিয়সমূহৰ পৰা অহা পোনপটীয়া স্মৃতিবোৰ আমি কেইমূহুর্তমান পিছত পাহৰি যাওঁ। তাৰে কিছুমান হ্রস্বকালীন স্মৃতি হিচাপে সঞ্চিত হয়। তেনে উদাহৰণ হ’ল এইমাত্ৰ ডায়েল কৰা ফোন নম্বৰটো। এটা গড় মস্তিষ্কই (অর্থাৎ বহুতো মস্তিষ্কৰ গড় ফলাফল মতে মানৱ মস্তিষ্কই) চাৰিটা কথা একেলগে প্রায় ৩০ ছেকেণ্ড মনত পাৰে।

মাত্র প্রকৃততে কামত অহা বা গুৰুত্বপূর্ণ তথ্যহে, যেনে কোনোবাই আমাক কৰা অপমানৰ কথা, আমি দীর্ঘদিনলৈ মনত ৰাখো।

আমেৰিকাৰ আৰভিনৰ কেলিফ’ৰ্নিয়া বিশ্ববিদ্যালয়ৰ জেমছ মেক্‌গই (Jance Me Gaugh) কৈছে যে ‘আমাৰ আৱেগ জাগৰুক কৰি দিব পৰা কথা আমি স্মৃতি কৰি ৰাখোঁ। এই কাম আমি দক্ষতাৰে কৰোঁ। তেওঁৰ মতে দীর্ঘদিনীয়া স্মৃতিৰ দুটা ভাগ আছে।  এটা ভাগে ছবিৰ দৰে কথাবোৰ মনত ৰাখে, যেনে-আমি যোৱা ৰে’লগাড়ী দেখাত কেনে, তাত কি কি আছে ইত্যাদি। আনটো ভাগে ঘটনাটো মনত ৰাখে, যেনে-আমি কৰা ৰে’লযাত্ৰাৰ কথাখিনি মনত ৰাখে।

কাৰ কিমান মনত থাকে

 

দেশ-বিদেশৰ নানা তথ্য মনত থকা বিশ্বকোষীয় স্মৃতিৰ দুই-এজন মানুহ আমি হয়তো লগ পাইছোঁ, আন কিছুমান মানুহৰ আকৌ নানা কাহিনী স্পষ্টকৈ মনত থাকে। এনে লোকৰ বহু বছৰ আগৰ ঘটনা এটাও বিতংকৈ মনত থাকে। আনহাতে, আপুনি-মই হয়তো দুসপ্তাহ আগৰ ঘটনা এটাও সিমান বিশদভাৱে মনত পেলাব নোৱাৰোঁ। চিন্তা নকৰিব, কাৰণ এনে মানুহো আছে যি একেবাৰে অলপতে হৈ যোৱা ঘটনা এটাও ভালদৰে মনত পেলাব নোৱাৰে। এনে মানুহে আত্মজীৱনী এখন লিখিব কেনেকৈ?

আমাৰ বেছিভাগেই এই দুই চৰম সীমাৰ মাজতেই পৰোঁ। মতা মানুহতকৈ তিৰোতা মানুহৰ ঘটনা মনত ৰখাৰ স্মৃতিশক্তি বেছি। মতা মানুহে আকৌ তথ্য-পাতি বা আকাৰ-আকৃতি ভালদৰে মনত ৰাখিব পাৰে। (‘বাইদেউৰ বিয়াত ? নাই নাই, দেউতাই প্রভিডেন্ট ফাণ্ডৰ পৰা চল্লিছ হাজাৰহে উলিয়াইছিল।”— তেওঁলোকে পঁচিছ বছৰ পিছতো মনত পেলাব পাৰে।) বয়স হ'লে মানুহে তথ্য-পাতি মনত পেলাবলৈ সিমান টান নাপায়, কিন্তু ঘটনা বা অভিজ্ঞতা স্পষ্টকৈ মনত পেলাব নোৱাৰা হয়। হতাশাৰ ফলতো এনে হয়। চল্লিছ বছৰমান বয়সৰ পৰাই মানুহে নতুন নাম মনত নতুন কথা বা তথ্যৰ ভাৰ সহিব নোৱৰা হয় বাবে এনে হোৱা বুলি ভাবিব নোৱাৰি। কাৰণ, আমাৰ মস্তিষ্কটোৰ অসীম ধাৰণ-ক্ষমতা আছে। কিন্তু আমাৰ মস্তিষ্কৰ গঠন বেলেগ হৈ গৈ থাকে- তাত মস্তিষ্কৰ কোষ নিউৰনবোৰৰ মাজত সংযোগ স্থাপন কৰা ডেণ্ড্ৰইটৰ সংখ্যা কমি আহে। তেতিয়া নিউৰনৰ সংযোগ দুর্বল হয়। ফলত স্মৃতিৰ সৃষ্টি কৰা আৰু তাক পুনৰুদ্ধাৰ কৰাটো কঠিন হৈ পৰে।

কিন্তু আপুনি আগতে বহুবাৰ কৰি অহা কামবোৰ কৰাত যদি একো অসুবিধা নাপায়, বা কথা-বতৰাৰ আঁত ধৰাতো যদি একো দিগ্‌দাৰি নাপায়, আপোনাৰ স্মৃতি আগতকৈ বেলেগ ধৰণৰ হৈ পৰা বাবে মুঠেই চিন্তা নকৰিব। কাৰণ মুঠৰ ওপৰত, স্মৃতি বস্তুটো এটা ব্যক্তিগত বস্তু।

সংযুক্ত ৰাজ্যৰ ডাৰহাম বিশ্ববিদ্যালয়ৰ মনস্তত্ত্ববিদ চাৰ্লছ ফাৰ্নিহাফে (Charles Fernyhough)  মন্তব্য কৰিছে- “মানুহে নিজৰ বাবে যিবোৰ কথা গুৰুত্বপূর্ণ সেইবোৰ মনত ৰাখে। আমাৰ প্ৰত্যেকৰে ৰাপ বেলেগ বেলেগ। সেই কথাটোৱে আমাৰ মনটোৱে কি মনত ৰাখিব তাক বাছি লোৱাত আগভাগ লয়। মোৰ পত্নীয়ে ফুল ভাল পায়। আমি যেতিয়া কোনো বাগিচালৈ যাওঁ, মই মাত্র অ'ত-ত'ত নানা ৰঙৰ নক্সা দেখোঁ, কিন্তু মোৰ পত্নীয়ে বহুতো বিতং তথ্য মনত ৰাখি থয়।"

স্মৃতিবোৰ হ’ল বহুতো বেলেগ বেলেগ অংশ থকা একো একোটা তন্ত্র। সময়ৰ লগে লগে সেইবোৰৰ পৰিৱর্তন হয়। গতিকে সেইবোৰ বেলেগ বেলেগ বয়সত বেলেগ বেলেগ হোৱাটোত আচৰিত হ’বলগীয়া একো নাই।

মানুহৰ স্মৃতিৰ লক্ষণেই এনে যে আমি সকলোৱে একে কথাকে মনত ৰাখিব নোৱাৰোঁ। আমি প্রত্যেকেই একেটা ঘটনা বা একেবোৰ তথ্যৰ পৰা নিজা নিজাকৈ বেলেগ বেলেগ কথা মনত ৰাখোঁ। আপোনাৰ পত্নীয়ে আলহী গৰাকীৰ শাৰীৰ পাৰিটো মনত ৰখাৰ বিপৰীতে আপুনি তেওঁৰ চকুযুৰি মনত ৰাখিব পাৰে।

মনোযোগৰ দৈৰ্ঘ্য কিমান

 

মোৰ মনোযোগৰ সময়ৰ দৈর্ঘ্য বা মোৰ মনোযোগ-বিস্তৃতি (Attention span)  স্বাভাৱিকনে? উপন্যাসখনৰ পৃষ্ঠা এটা মেলি দফা এটা শেষ কৰাৰ আগতেই দেখোন মোৰ মনটো আন কৰবালৈ, যেনে— কাইলৈ গধূলি যে বন্ধু দম্পতী দুটাক খাবলৈ মাতিছোঁ তাৰ যা-যোগাৰ কৰাৰ চিন্তালৈ গুচি যায়! তেনেহ’লে মোৰ মনটোৱে আন মানুহৰ মনৰ তুলনাত বৰকৈ আঁতৰি আঁতৰি গৈ ঘূৰি ফুৰে নেকি?

'এই চিন্তা কেৱল আপোনাৰ-মোৰে নহয়, বেছিভাগ মানুহেই এনে চিন্তা কৰে। আমি তাৰ সাক্ষাৎ প্রমাণে পাইছোঁ', এই কথা কৈছে আমেৰিকাৰ ছেন্টা বাৰবাৰৰ কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ জনাথন স্কুলাৰে (Jonathan Schoolar)।

স্কুলাৰে মানুহৰ মনটোৰ স্বাভাৱিক অনির্দিষ্ট ভ্রমণ (wandering) নির্ণয় কৰিবলৈ বহুতো মানুহৰ ওপৰত এক পৰীক্ষা চলাইছিল। তেওঁ মানুহবোৰক টলষ্টয়ৰ 'ৱাৰ এণ্ড পীচ” পঢ়িবলৈ দি মাজতে বাধা দি সেইখিনি সময়তনো তেওঁৰ মনটোত কি চিন্তা আছিল বা মনটো ক’ত আছিল সেইটো সুধিছিল। সেই কাম তেওঁ যিকোনো সময়ৰ ব্যৱধানত কৰি গৈছিল। সেই অধ্যয়নে দেখুৱাইছিল যে আমি ১৫ শতাংশৰ পৰা ৫০ শতাংশ সময় ডাৱৰৰ মাজত ঘূৰি ফুৰোঁ-অৰ্থাৎ নিৰ্দিষ্ট ঠাইতে নাথাকি বেলেগে বেলেগ ৰাজ্যত বিচৰণ কৰি ফুৰোঁ।

এইদৰে নির্দিষ্ট লক্ষণ এৰি (যেনে— টলষ্টৰ উপন্যাসত মনোযোগ এৰি) আন জগতত (যেনে— কাইলৈৰ আপ্যায়নৰ যা-যোগাৰৰ কথাত) বিচৰণ কৰি ফুৰাটো প্রথম দৃষ্টিত বৰ অফলদায়ক যেন লাগিব পাৰে। কিন্তু স্কুলাৰে কয় যে আপুনি যিটো কাম বর্তমান কৰি আছে (যেনে— উপন্যাস পঢ়া), তাৰ কাৰণে এই অভ্যাসটো অফলদায়ক হয়, কিন্তু আনটো কামৰ কাৰণে (যেনে— বন্ধু দম্পতী দুটাৰ আপ্যায়নৰ যা-যোগাৰ) ই আকৌ বৰ ফলদায়কহে। গতিকে তেওঁৰ মতে, আমাৰ ঘূৰি ফুৰা মনটো আমাৰ সৃজনীমূলক কামৰ বাবে, আমাৰ সাফল্যৰ বাবে, আমাৰ ভবিষ্যতৰ পৰিকল্পনাৰ বাবে উপকাৰীহে। সেইবাবে সম্ভবতঃ আমাৰ প্রজাতিটোৰ বিৱৰ্তনৰ লগতেই এনে ঘূৰি ফুৰা স্বভাবো আয়ত্ত হ’ল। কিন্তু আমাৰ মনোযোগ-বিস্তৃতি বৰকৈ কমি যাবলৈ ধৰিছে নেকি ? বিশেষজ্ঞসকলে মত প্রকাশ কৰিছে যে প্রযুক্তিৰ বিকাশৰ লগে লগে আমাৰ মনোযোগৰ দৈর্ঘ্য কমি আহিবলৈ ধৰিছে। মাইক্ৰ'ছফ্‌টে প্রকাশ কৰা এক প্রতিবেদন মতে, কানাডাৰ বাসিন্দাসকলৰ মনোযোগৰ বিস্তৃতি ২০০০ চনৰ ১২ ছেকেণ্ডৰ বিপৰীতে ২০১৩ চনত ৮ ছেকেণ্ড হৈ পৰিছে।

কিন্তু আমি হাতত থকা কামটো (যেনে—উপন্যাস পঢ়া, বন্ধুজনে কৈ থকা ঘটনাটোৰ বিৱৰণ শুনা ইত্যাদি) ভালকৈ কৰিব লাগিলে তাত মনোযোগ (বা মনোযোগ বিস্তৃতি) বাঢ়িব লাগিবই। নহ’লে ছাত্র এজনে অংক শিকিব কিদৰে, গান শিকিব কিদৰে?

এনে মনোযোগ-বিস্তৃতি বঢ়োৱাৰ কিবা উপায় আছেনে ? সেইবোৰ আৰু তেনে বহু কথালৈ আমি আহিম।

মানুহে সাধাৰণতে জানিব খোজে- স্বাভাৱিক মানুহ এজনে কিমান সময় ধৰি কোনো এটা কথাত মনোযোগ দি থাকিব পাৰে। শিশু এটাৰ মনোযোগৰ বিস্তাৰ কিমান সময় হ’লে শিশুটোৰ মনোযোগ স্বাভাৱিক বুলি ভবা হয় ? কিন্তু মনোযোগৰ বিষয়ে গৱেষণা কৰা বিজ্ঞানীসকলে এই ধাৰণাবোৰৰ বিষয়ে কাম নকৰে।

বিজ্ঞানীসকলে কোনো মানুহে কোনো এটা নির্দিষ্ট কথাত একে লেথাৰিয়ে কিমান সময় মনোযোগ ৰাখিব পাৰিছে-অৰ্থাৎ মানুহজনৰ নির্বাচিত মনোযোগৰ (selective Attention) দৈর্ঘ্য কিমান, সেইটোহে মিলিছেকেণ্ডত জুখি উলিয়ায়। (এক মিলিছেকেণ্ড হ’ল ১ ছেকেণ্ডৰ এজাহাৰ ভাগৰ এভাগ।) তাৰ বাবে, উদাহৰণস্বৰূপে, তেওঁলোকে মানুহজনক স্ক্ৰীন এখনত হঠাতে ওলোৱা বস্তু কিছুমানৰ আকৃতি আৰু ৰং ক’বলৈ কৈ খন্তেকতে আন বস্তুও স্ক্ৰীনত ওলাবলৈ দিয়ে। তেতিয়া মানুহজনৰ মনোযোগ সেই নতুন বস্তুবোৰে টানি নিয়ে নেকি চায়।

এনে পৰীক্ষাত দেখা যায় যে প্রতিজন মানুহৰে মনোযোগ একেটা কথাতে ধৰি ৰখাৰ দৈৰ্ঘ্য বেলেগ বেলেগ। শিশুবোৰৰ ক্ষেত্ৰত এই নির্বাচিত মনোযোগৰ দৈৰ্ঘ্য অতি কম। বিজ্ঞানীসকলে তাৰ কাৰণে ইন্দ্ৰিয়যোগে অহা তথ্য নিয়ন্ত্ৰণ কৰা মস্তিদন্তৰ অঞ্চলবোৰ শিশুৰ ক্ষেত্ৰত ভালকৈ বিকশিত নোহোৱাটোৱেই বুলি ভাবে। তাৰ পিছত মনোযোগৰ দৈর্ঘ্য কুৰি বছৰ বয়সলৈ বাঢ়ি যায়। তাৰ পিছত সি একে স্তৰতে মধ্যম বয়সলৈ ৰৈ যায়। তাৰ পিছত মানুহজনৰ বয়স হৈ অহাৰ লগে লগে এই দৈৰ্ঘ্য কমি গৈ থাকে।

প্রযুক্তিৰ প্ৰভাৱত মনোযোগ

 

এতিয়া বেছিভাগ বিজ্ঞানীয়ে ভাবে যে ন ন প্রযুক্তি আহি মানুহৰ হাতত পৰিছে বাবে এনে হোৱা নাই।  বৰং প্রযুক্তিবোৰ দিনক দিনে ইমান বিকশিত আৰু "তীক্ষ্ণ অন্তর্দৃষ্টিসম্পন্ন’ হৈ আহিছে যে তাৰ প্ৰভাৱত মানুহেও একেখিনি সময়তে কেইবাটাও বেলেগ বেলেগ কথা চিন্তা কৰিব পৰা হৈছে। কাৰণ প্রযুক্তিবোৰে আমাৰ এই সহজাত দক্ষতাটো (একে সময়তে বহু কথা চিন্তা কৰিব পৰা দক্ষতাটো) ব্যৱহাৰ কৰিছে। সেইবাবে আমি গাড়ী চলাই, চকুত ৰ’দ পৰাত শ্বেডখন নমাই দি, মোবাইল ফোনত খুলশালীৰ লগত কথা পাতি, ওচৰত বহি যোৱা পত্নীৰ কথা শুনি ফোনত যোগ দি যাওঁতে সম্মুখেৰে পাৰ হৈ যোৱা সুন্দৰীৰ প্ৰতিও আঁৰ চকুৰে এপলক মনোযোগ দিব পৰা হৈছো। অৱশ্যে এনেবোৰ কাৰ্য্যই সেই সময়ৰ প্রধান কামত (গাড়ী চলোৱাত) মনোযোগ বিঘ্নিত কৰি বিপদত পেলাব পাৰে।

আপোনাৰ মনোযোগটো চাৰিওফালে ঘূৰি নুফুৰাকৈ প্রধান আৰু অধিক প্রয়োজনীয় কামটোতে কিদৰে নিবদ্ধ কৰি ৰাখিব? তাৰ বাবে নিজে চেষ্টা কৰাৰ সমান ভাল উপায় নাই। পঢ়া কিতাপ বা আপুনি চাই থকা পৰীক্ষাৰ বহীখন, বা শুনি থকা ৰেডিঅ’ৰ কথিকাটো বা বক্তাগৰাকীৰ গুচি যোৱাত বাধা দিবলৈ নিজে চেষ্টা কৰিব লাগিব। মনোযোগ বঢ়াবৰ বাবে মোবাইলত এপ, ভিডিঅ' গেইম আদি আছে। কিন্তু কোনো পোনপটীয়া যন্ত্ৰ নাই বা বৰ ফলপ্রসূ দৰবো নাই।

কিন্তু সুৰাৰ নিচা কৰাসকলে সুৰা এৰিলে উপকাৰ পাব। কাৰণ এলক'হলে মনটোৰ সজাগতা কমাই পেলায়। তেতিয়া মনটো যে উৰি ফুৰিছে সেই কথাকে মানুহজনে ধৰিব নোৱাৰে। বিজ্ঞানী জনাথন স্কুলাৰৰ মতে মনোযোগৰ সময়ৰ দৈর্ঘ্য বঢ়াবৰ বাবে বাৰে বাৰে একেটা কথাতে যিমান পাৰি মনোযোগ দি থাকি তাৰ সময়ৰ দৈৰ্ঘ্য বঢ়াই গৈ থাকিব পাৰি। ই  মনটোৰ বাবে এক ব্যায়াম।

মই আলসুৱা মানুহ নেকি

 

মনোযোগৰ কথাটো বাৰু বুজিলোঁ। বুজিলোঁ যে মোৰ মনটো অ'ত-ত'ত চৰি ফুৰা কথাটোৱে নুবুজায় যে মই মানুহজন অস্বাভাৱিক।

কিন্তু মোৰ আৱেগ ? মোৰ আৱেগবোৰ স্বাভাৱিকনে ?

প্রায়েই মই পুৱা শুই উঠি বৰ দৃঢ়তাৰে ইতিবাচকভাৱে দিনটো আৰম্ভ কৰোঁ, কিন্তু কোনোবা এজনে খঙতে মোক কিবা এটা বেয়াকৈ কৈ বা দুটা ব্যৱহাৰ কৰি হতাশ আৰু চিন্তাগ্রস্ত কৰি দিয়ে নেকি? অকল হুটা মাতেই নহয়, ৰাস্তাৰে চেঙেলীয়া ল’ৰা এটাই কাণ তাল মৰা শব্দ কৰি বাইক চলাই গ’লেও মোৰ খং উথলি উঠে নেকি? বেয়া গোন্ধ, অতি উজ্জ্বল পোহৰ, ছাইৰেনৰ শব্দ বা ভোকেও মোক বিৰক্ত অতিষ্ঠ কৰে নেকি? সৰুতে মই মানুহৰ মুখামুখি হ’ব নোৱৰা লাজকুৰীয়া শিশু আছিলোঁ নেকি? যদি ইয়াৰে কেইটামান বা আটাইকেইটা প্রশ্নৰ উত্তৰ "হয়" হয়, তেনেহ’লে মই সঁচাই এজন “অতি সংবেদনশীল (sensitive) ব্যক্তি” বা বৰ আলসুৱা মানুহ।

আনহাতে মই যদি আন মানুহৰ আবেগ বা কার্যৰ দ্বাৰা প্রভাৱান্বিত নোহোৱাকৈ শান্ত, স্থবিৰ, নির্বিকাৰ হৈ থাকিব পাৰোঁ, তেনেহ’লে মই ১৯৭০ৰ দহকত কানাডাৰ মনস্তত্ববিদ ৰবার্ট হেয়াৰে (Robart Hare) যুগুত কৰা মনোবিকাৰ জোখা স্কেল এডালৰ ক’ৰবাত নহয় ক’ৰবাত পৰিম।

কিন্তু আমি বেছিভাগেই সাধাৰণতে অতি সংবেদনশীল বা মনোবিকাৰগ্ৰস্ত এই দুই সীমাত নপৰোঁ। পিছে মনস্তত্ববিদসকলে মানুহৰ আৱেগৰ প্ৰসাৰ নিৰ্ণয় কৰিবলৈ নানাবিধ স্কেল যুগুত কৰিছে আৰু আমি বেছিভাগেই তাত গড় স্থান নাপাওঁ। নিউয়ৰ্কৰ ষ্ট'নি ব্লক বিশ্ববিদ্যালয়ৰ এলেইন এৰনৰ (Elaine Aron) – মতে “অতি সংবেদনশীল” শ্রেণীটো আমাৰ পাঁচজন লোকৰ ভিতৰত এজনমানে পায়। দেশ আৰু সমাজভেদে এই হাৰ অলপ বেলেগ হয় |

লণ্ডনৰ কুইন মেৰী বিশ্ববিদ্যালয়ৰ মাইকেল গুপ্ৰেছৰ মতে  কেইবাহাজাৰো জিনৰ এক খেলিমেলি মিশ্ৰণৰ বাবে কিছুমান মানুহ অতি সংবেদনশীল হয় বুলি প্রাথমিক গৱেষণাৰ পৰা জনা গৈছে। কিন্তু মানুহৰ আৱেগিক গঠনটোৰ সৃষ্টি কৰা কাৰকবোৰৰ ভিতৰত ই এটা কাৰকহে। যোৱা দশকটোত মনস্তত্ত্ববিদসকলে এনে কেইডজমান জিন চিনাক্ত কৰিছে যিকেইটা মানুহৰ ছেৰ’ন্টনিন, ড'পামিন আৰু অক্সিট’ছিন নামৰ প্রধান হৰম’ন কেইটামান নিয়ন্ত্রণ কৰি মানুহজনৰ আবেগ নির্ণয় কৰে। প্লৱেছে এই কথা বুজিব পাৰিছে যে ইয়াৰে কেইবাটাও জিনে মস্তিস্কৰ এমিগডেলা অংশটোৰ ক্রিয়াকলাপ বৃদ্ধি কৰে। (এই এমিগডেলা অঞ্চলটোৱে মানুহৰ আবেগ সংসাধন (process) কৰে।) ফলত তেনে জিনৰ ক্রিয়াত সেই মানুহজনৰ অধিকা আবেগৰ সৃষ্টি হয়। সামান্য হুটা মাততে, বা সাধাৰণ কথা এটাতে ("মই তেওঁক ধন্যবাদ দিবলৈ থাকি গ’ল!') তেওঁ আবেগিক হৈ উঠিব পাৰে, তেওঁৰ মন বেয়া লাগি যাব পাৰে।

সূক্ষ্ম ইতিবাচক চিন্তা

 

কিন্তু সেইটো জানো সদায় বেয়া কথা। প্লুৱেছে তেওঁৰ অধ্যয়নত দেখিছে যে অতি সংবেদনশীল মানুহবোৰ প্ৰায়ে নেতিবাচক চিন্তাৰে ভাৰাক্ৰান্ত হৈ পৰাটো অসুবিধাজনক হ’লেও, তেওঁলোক কিন্তু অতি সূক্ষ্ম ইতিবাচক কথাৰ প্ৰতিও সংবেদনশীল। তদুপৰি তেওঁলোকে গভীৰভাৱে চিন্তা কৰিব পাৰে আৰু তেওঁলোক প্রায়েই বৰ সৃজনশীল হয়। বাহিৰা ইংগিত বা তথ্যৰ প্রতিও অধিক খাপ খাই পৰিব পাৰে। তদুপৰি অধিক সংবেদনশীল লোক আনৰ দুখ-শোক বুজিব পৰা অতি সহানুভূতিশীল লোকো হয়।

অসহানুভূতিৰ প্রয়োজন

 

আনহাতে, সমাজখনত কম সংবেদনশীল, পৰিতাপবিহীন, কিছু পৰিমাণে অসহানুভূতিশীল মানুহৰো প্রয়োজন আছে। কাৰণ, এনে লোকে ব্যক্তিগত সুখ-সুবিধাত মূল্য নিদি সামাজিক মংগলৰ বাবে বা গোট এটাৰ মংগলৰ বাবে কাম কৰিব পাৰে। উদাহৰণস্বৰূপে, এনেলোকে তেওঁলোকৰ প্রতিষ্ঠান বা নিগমৰ ভালৰ বাবে বহুতো মানুহক চাকৰিৰ পৰা বিতৰণ কৰিবলৈ দ্বিধা নকৰে | সহানুভূতিশীল-সংবেদনশীল লোকে বননি এখনৰ প্ৰসাৰৰ বাবে বা বন্য জীৱ-জন্তুৰ মংগলৰ বাবে গাঁওকেইখনমান উচ্ছেদ কৰাৰ কথা ভাবিবই নোৱাৰে। তেওঁলোকে স্থিতাৱস্থা বাহাল ৰাখিব খোজে।

মই মানুহজন স্বাভাৱিকনে

 

সংযুক্ত ৰাজ্যৰ (UK) ছাছেক্স বিশ্ববিদ্যালয়ৰ ছাৰা গাৰফিংকেলে দীর্ঘদিন ধৰি নানা পৰীক্ষা চলাই এই সাধাৰণ যেন লগা কথাটো বৈজ্ঞানিকভাৱেও প্রতিষ্ঠা কৰিছে।

বিভিন্ন মানসিকতাৰ প্রয়োজন

 

বিৱৰ্তনৰ ফলত মানুহৰ সৃষ্টি হওঁতে জিনৰ যে এক বিশেষ নির্বাচিত গোট আৱেগৰ কাৰণে সৃষ্টি হোৱা নাই, সেইটোৱে প্রমাণ কৰে যে মানৱ প্রজাতিটোৰ বাবে সেইটোৱেই ভাল। অর্থাৎ বিভিন্ন ধৰণৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ ব্যক্তি থকাটো প্রজাতিটোৰ কাৰণে ভাল। নক'লে বিবর্তনৰ ফলত একে ধৰণৰ আৱেগৰ মানুহৰ (যেনে— সকলো সংবেদনশীল, বা সকলো নিৰ্বিকাৰ, বা সকলো আবেগ-বিবর্জিত বা সকলো মাজতে) সৃষ্টি নহ’লহেঁতেন। গতিকে সমাজত আবেগৰ এক সীমা অঞ্চলত থকা বিকৃত মানসিকতাৰ লোক, যেনে-হত্যাকাৰী যেনেকৈ থাকে তেনেকৈ সৰু কথাতে ব্যতিব্যস্ত হৈ পৰা আৰু সাধাৰণ কথা এটাকে বাবে বাৰে মনলৈ আনি থাকি থাকি খাব-শুব নোৱৰা ব্যক্তিও থাকে। কিন্তু আমাৰ মস্তিষ্কৰ চিন্তা কৰা অঞ্চল প্রি-ফ্রন্টেল কৰ্টেক্সক চিন্তা সংসাধন বা চিজিল কৰা অঞ্চল এমিগ্‌ডেলাৰ লগত সংযোগ কৰা বর্তনীবোৰে আমাৰ আবেগ নিয়ন্ত্ৰণ কৰি আমাৰ বেছিভাগকে গড় আৱেগৰ মানুহ কৰি তোলে।

গাৰফিংকেলে মন্তব্য কৰিছে যে ‘ইয়াৰ অৰ্থ এয়ে যে আমি যুক্তিযুক্ত চিন্তাৰে আবেগ কিছু পৰিমাণে হ'লেও নিয়ন্ত্ৰণ কৰিব পাৰো।”

আপুনি মানুহজন অধিক সংবেদনশীল নেকি পৰীক্ষা এটাত বহি সেইটো জানি ল’ব খোজে নেকি ? তেনেহ'লে www.hsperson.com/test অত প্রশ্নবোৰৰ উত্তৰ দিবলৈ যত্ন কৰক। হয়তো আপুনি আপোনাৰ আবেগৰ স্তৰৰ বিষয়ে এটা থুলমূল উত্তৰ পাই যাব পাৰে। কিন্তু এইটো কোনো চূড়ান্ত সিদ্ধান্ত নহয়। নিজৰ আবেগৰ বিশেষজ্ঞৰ ওচৰলৈ যাব লাগিব।

ওপৰত দিয়া উৎসটোতে sensitive and in love নামৰ চুটি, সুন্দৰ চলচ্চিত্র এখনো আছে। চাই ভালো লাগিব আৰু মানুহৰ মাজৰ সম্পর্কৰ বিষয়ে কিছু কথা অনুভৱো কৰিব পাৰিব।

আবেগ-অনুভূতি, সংবেদনশীলতা আদিয়ে আমাৰ প্রিয়জনৰ লগত, পৰিয়াল-পৰিজনৰ লগত, সমাজৰ লগত সম্পর্কৰ ওপৰত গভীৰ প্রভাৱ বিস্তাৰ কৰে। গতিকে আৱেগৰ জগতখন অৱজ্ঞা কৰিব পৰা জগত নহয়।

লিখক: ড° দীনেশ চন্দ্ৰ গোস্বামী, পূৰ্বাচল।

2.83333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top