মূল পৃষ্ঠা / স্বাস্থ্য / মানসিক স্বাস্থ্য / মগজুৰ সামৰ্থ বঢ়োৱাৰ উপায়
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মগজুৰ সামৰ্থ বঢ়োৱাৰ উপায়

মগজুৰ সামৰ্থ বঢ়োৱাৰ উপায় লিখা হৈছে

 

মানুহৰ মগজুটো অসংখ্য নিউৰণৰ দ্বাৰা ভৰপূৰ। এই নিউৰণসমূহৰ ভিতৰত কিছু নিউৰণ অকল কাৰ্যবাহী আৰু আন কিছুৱে 'দাতা প্রছেছিঙ’ত সহায় কৰে। এইবোৰে মগজুত কিছুমান ৰাসায়নিক বিক্রিয়া সংঘটিত কৰে আৰু তাৰ দ্বাৰা সমস্ত কাম-কাজবোৰ পৰিচালনা কৰে। মগজুত এনেয়ে একো নঘটে, তাত কিবা এটা ঘটাৰ অৰ্থ হ’ল কোনো ঠাইত নহয় কোনো ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈছে।

কম্পিউটাৰ এটাৰ সামৰ্থ নিৰ্ভৰ কৰে কম্পিউটাৰৰ প্ৰছেছিং ক্ষমতা আৰু ইয়াৰ গতিৰ ওপৰত। যিবোৰ ছুপাৰ কম্পিউটাৰ, সেইবোৰৰ প্ৰছেছিং ক্ষমতাৰ লগতে গতিও বহু বেছি। মানুহৰ মগজুৰ ক্ষেত্ৰতো একেই ঘটনা ঘটে। কিছুমান ব্যক্তি অথবা ল’ৰা-ছোৱালী তীক্ষ্ণ বুদ্ধিৰ হয়, সেয়া নিশ্চয় তেওঁৰ মগজুৰ ওপৰতে নিৰ্ভৰ কৰে। তীক্ষ্ণ বুদ্ধিৰ মানুহৰ মগজুৰ প্ৰছেছিং ক্ষমতা আৰু গতি বেছি। এনে ব্যক্তিৰ মগজুক ‘ছুপাৰ ব্রেইন’ বুলিব পাৰি। জন্মগতভাৱে বা বংশানুক্ৰমে মগজুৰ স্বাভাৱিক প্রছেছিং ক্ষমতা কম-বেছি হ’ব পাৰে। তদুপৰি বিশেষ ক্ৰম’জমত থকা জিনসমূহে স্বাভাবিকভাবে থকা প্রছেছিং ক্ষমতা নিয়ন্ত্রণ কৰে। এনে নিয়ন্ত্ৰণৰ ওপৰত মানুহৰ হাত নাই। বিজ্ঞানীসকলৰ মতে, বাহ্যিক কিছুমান কাৰকে, যেনে-পৰিৱেশ, অনুশীলন, একাগ্ৰতা, ইচ্ছা শক্তি, খাদ্য ইত্যাদিৰ ওপৰতো মগজুৰ প্ৰছেছিং আৰু গতি নিৰ্ভৰ কৰে।  মগজুৰ স্বাভাৱিক ক্ষমতা যিমানেই নহওক মানুহে কঠোৰ পৰিশ্ৰম কৰি এই ক্ষমতা যথেষ্ট বঢ়াব পাৰে আৰু অলসভাবে সময় পাৰ কৰি ইয়াৰ ক্ষমতা কমাবও পাৰে। প্রকৃততে প্রছেছিং ক্ষমতা আৰু গতি- এই দুটা বুদ্ধি সম্পন্ন কৰি তোলে। কিন্তু বাহ্যিক কাৰকবোৰে মগজুৰ ভিতৰত অনবৰতে চলি থকা ৰাসায়নিক বিক্ৰিয়াবোৰৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে।

মানসিক চাপে মগজুৰ সামৰ্থ্য কমাব পাৰে। সেয়ে মানসিক চাপৰ পৰা যিমানেই দূৰত থকা যায়, মগজুৰ ওপৰত নেতিবাচক প্ৰভাৱ সিমানেই কমকৈ পৰে। মানসিক চাপত থকা মানুহৰ 'গ্ল'ক’কটিৰ্কইড' নামৰ এটা বিশেষ শ্রেণীৰ হৰম’ন তেজ প্ৰবাহৰ লগত মিহলি হৈ যায়। মগজুৰ কোষবোৰত এইবোৰ হৰম'নে নেতিবাচক ফলাফলৰ বিক্রিয়া সংঘটিত কৰে। বিজ্ঞানীসকলৰ গৱেষণাৰ পৰা জনা যায় যে, এনে ধৰণৰ গ্ল’ক’কটিৰ্কইড নিঃসৰণ যদি ‘ক্ৰনিক’ ধৰণৰ হয়, তেনেহ’লে ই মানুহৰ মগজুৰ হিপ্লোকেম্পাছ নামৰ এক গুৰুত্বপূর্ণ অংশ লাহে লাহে ধ্বংস কৰি তুলিব পাৰে। ই স্মৃতিশক্তিক ক্ষিপ্রভাবে হ্রাস কৰিব পাৰে।

আমাৰ প্ৰতিৰক্ষা তন্দ্ৰই দেহৰ ওপৰত সদাসতর্ক দৃষ্টি ৰাখে আৰু বীজাণু বা সংক্ৰমণৰ বিৰুদ্ধে যুদ্ধ কৰে। এই প্ৰতিৰক্ষা তন্দ্ৰ সবল হ’লে ই মগজুৰ ক্ষমতাও বৃদ্ধি কৰিব পাৰে আৰু বয়স সম্পর্কিত স্মৃতিশক্তি হ্রাসত অধিক দূৰলৈ ঠেলি দিব পাৰে। প্ৰতিৰক্ষী কোষবোৰৰ এক প্রাথমিক কাম হ’ল নতুন মগজু কোষবোৰ সৃষ্টিত সহায় কৰা আৰু সেইবোৰক কামত খটুওৱা।

কামৰ মাজত যথেষ্ট জিৰণি লোৱাৰ প্রয়োজন আছে। মগজুক জিৰণি দিয়াটো মগজুৰ শক্তি বৃদ্ধি কৰাৰ আন এক উপায়। ছাত্ৰ-ছাত্ৰীসকলে কমেও আঠ ঘণ্টা ভালদৰে টোপনি যাব লাগে। এনে কৰিলে মগজুৰ সামর্থ্য বৃদ্ধি পায়। আৱশ্যকীয় সময়তকৈ যদি এঘণ্টা সময়ো কম কৰি শোৱা হয়, তেন্তে মগজুৰ সক্ষমতাৰ ক্ষেত্ৰত যথেষ্ট পার্থক্য আনি দিব পাৰে। কিছুমান ছাত্ৰ-ছাত্রীয়ে অভ্যাসৰ বলত কম সময়ৰ টোপনিৰ লগতো নিজক ‘টিউন’ কৰি ল’ব পাৰে। বর্তমান এক অধ্যয়নৰ পৰা জনা গৈছে যে স্কুল-কলেজৰ ৩০শতাংশ ল’ৰা-ছোৱালীয়ে প্রয়োজনতকৈ কম সময় শুবলৈ পায়। ইয়াৰ ফলত সিহঁতৰ মগজুৰ সামগ্রিক সামর্থ্যত নেতিবাচক প্ৰভাৱ পেলায়। ফিট’এস্ট্রি’জিনে (ই হ’ল একপ্রকাৰৰ মগজুৰ খাদ্যৰ উপাদান) স্মৃতিশক্তি বঢ়াই তোলে। সেয়ে ল’ৰা-ছোৱালীয়ে ফিট’এষ্ট্ৰি’জিন থকা খাদ্য যেনে দানা শস্য (ঘেহু, ৰাঁই, বজৰা আদি), শস্য বীজ (যেনে— ৰঙালাউ, শণ, তিল, সূর্যমুখী আদি) উৰহী, ছয়বীন, মচুৰমাহ, বাদাম, পেষ্টা অলিভ আৰু অলিভ অইল খাব লাগে।

মগজুৰ সামর্থ্যৰ হ্রাস-বৃদ্ধি হোৱা সম্পর্কিত বিজ্ঞানীসকলে কেইটামান গুৰুত্বপূৰ্ণ কথা কৈছে। সেয়া হ’ল-

  • বেছি ওজন থকা মানুহৰ অৰ্থাৎ বৰ শকত মানুহৰ যে মগজুৰ সামর্থ্য কম হোৱা বুলি ভাবে, কিন্তু এই কথাৰ কোনো সত্যতা নাই।
  • নিচাযুক্ত সামগ্ৰী, এলকহল আদিয়ে মগজুৰ স্বাভাৱিক সামর্থ্য কমায়। এই ক্ষেত্ৰত নাৰীসকলৰ তেনে হোৱাৰ সম্ভাৱনা অধিক।
  • কীটাণুনাশক ঔষধ বা প্ৰতিৰোধকে দেহৰ ভিতৰত প্ৰৱেশ কৰিলে মগজু কোষৰ ক্ষতি কৰিলে মগজু কোষৰ ক্ষতি কৰিব পাৰে।
  • থিয় হৈ থকা অৱস্থাতকৈ শায়িত অৱস্থাত মগজু বেছি সক্রিয় হৈ থাকে।
  • প্লাষ্টিকৰ বটল বা পেকেট আদিয়ে মগজুৰ ওপৰত নেতিবাচক প্রতিক্রিয়া পেলাব পাৰে এইবোৰত থকা ‘বিছফেনল-এ’ নামৰ এবিধ ৰাসায়নিক পদার্থই মগজুৰ হিগ্নোকেম্পাছ অংশ ধ্বংস কৰিব পাৰে।
  • খাদ্য হিচাপে যদি সপ্তাহত এদিনো মাছ খোৱা যায়। তেন্তে স্মৃতিহ্রাসক যথেষ্ট কমাব পাৰে।
  • মগজুৰ সামর্থ্য বঢ়োৱাৰ প্ৰবল ইচ্ছা নাথাকিলে আৰু কঠোৰ চেষ্টা অধ্যাৱসায় নকৰিলে ওপৰত উল্লেখ কৰা উপায়ে বিশেষ কাম নিদিব।
  • মানুহৰ মানসিক ক্ষমতা কোনো সূত্র বা ফর্মুলাৰ ওপৰত নিৰ্ভৰ নকৰে। মানুহ আৰু যন্ত্ৰৰ মাজত ইয়েই হ’ল আটাইতকৈ তাৎপর্যপূর্ণ পার্থক্য। মগজুৰ নিউৰণসমূহৰ সুনিপুণ ব্যৱহাৰেৰে মানুহে যি বিৰল। উদ্ভাৱনী ক্ষমতা অর্জন কৰিছে তাৰ জৰিয়তেইতো বর্তমানৰ প্ৰগতি সম্ভৱ হ’ব পাৰিছে।

লিখক: মহঃ ফয়েজুৰ ৰহমান, সাদিন।

3.08333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top