মূল পৃষ্ঠা / স্বাস্থ্য / মানসিক স্বাস্থ্য / মগজুৰ স্বাস্থ্য আৰু স্মৃতিশক্তি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মগজুৰ স্বাস্থ্য আৰু স্মৃতিশক্তি

মগজুৰ স্বাস্থ্য আৰু স্মৃতিশক্তিৰ বিষয়ে লিখা হৈছে

 

ছাত্ৰ-ছাত্ৰীৰ মানসিক আৰু স্মৃতিশক্তি বৃদ্ধি কৰিবলৈ হ’লে মগজুৰ স্বাস্থ্য ভাল হ’ব লাগিব-

 

Neuroplasticity ভাল হ’লে স্মৃতিশক্তি ভাল হয়। Neuroplasticity বৃদ্ধি কৰিবলৈ হ’লে ছাত্ৰ-ছাত্ৰীসকলে মানসিক আৰু শাৰীৰিক কচৰৎ কৰিব লাগিব।মানসিক কচৰতৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে কিছুমান খেল খেলিব লাগিব।যেনে-ছুড’কু,কিউব,দবা খেল আদি।এইবোৰ দ্বাৰা Neuroplasticity বৃদ্ধি হয়।

আমাৰ স্মৃতিৰ দুটা ভাগ আছে।এটা হৈছে হ্ৰস্বম্যাদী স্মৃতি আৰু আনটো দীৰ্ঘম্যাদী।হ্ৰস্বম্যাদী স্মৃতিত আমি ৭ টা তথ্য ৰাখিব পাৰোঁ।সেয়েহে আমি আমাৰ স্মৃতি সংগঠিত কৰি ৰাখিব লাগিব।কাৰণ হ্ৰস্বম্যাদী স্মৃতিৰ ৭ টা তথ্যৰ যিসমুহ তথ্য দীৰ্ঘম্যাদীলৈ গুচি যায়,সি তেতিয়া স্থায়ী হৈ ৰৈ যায়।এতিয়া আমি আমাৰ স্মৃতি কিদৰে সংগঠিত কৰিম-

(ক)Chunking:ধৰা হ’ল আমাৰ ম’বাইল নম্বৰৰ  ১০ টা নম্বৰৰ  আমি কিদৰে মনত ৰাখোঁ।আমি বেছিভাগেই পাঁচটা পাঁচটাকৈ নম্বৰ মনত ৰাখোঁ আৰু কিছুসংখ্যকে প্ৰথম ৭ টালৈকে মনত ৰাখে।ঠিক তেনেকৈ আমি দহটা নম্বৰ যিদৰে ভাগ কৰি লৈ মনত ৰাখোঁ,তাক Chunking বুলি কোৱা হয়।আৰু এনেদৰে আধা আধাকৈ নম্বৰ মনত ৰাখিলে আমাৰ মনত ৰৈ যায়।

(খ)Mnemonics: Mnemonics ক চাৰিটা ভাগত ভাগ কৰিছে-

 

১/Acronyms: Acronyms দ্বাৰা কিছুমান সামগ্ৰী মনত ৰখাৰ বাবে চুটি কৰি লোৱা দেখা যায়।যেনে-CPU,UPS আদি।ঠিক তেনেদৰেও আমি বহু কথা মনত ৰাখিব পাৰোঁ।

২/দৃশ্য অথবা ছবি:আমি পঢ়ি থকা কিতাপ এখন বা গল্প এটা যদি আমি মনত দৃশ্য অথবা ছবিৰ জৰিয়তে কল্পনা কৰি যাব পাৰোঁ,তেতিয়াও বহু কথা মনত ৰৈ যায়।

৩/আবৃত্তি:আবৃত্তিৰ জৰিয়তেও আমি বহু তথ্য মনত ৰাখি যাব পাৰোঁ।

৪/ Make association:এটা শিশুৱে যেতিয়া নতুন তথ্য এটা আহৰণ কৰি পুৰণা তথ্যৰ লগত তুলনা কৰে,ইয়াকে Make association বুলি কোৱা হয়।যেনে-এটা শিশুৱে নতুনকৈ কুকুৰ দেখিছে,কিন্তু পিছত এটা গৰু দেখিলে।শিশুটোৱে প্ৰথমতে গৰুটোকে কুকুৰ বুলি ক’ব।কাৰণ গৰু দেখাৰ পুৰ্বে শিশুটোৱে কুকুৰ দেখিছিল। পিছত যেতিয়া অভিভাৱকে শুধৰাই দিব যে এইটো কুকুৰ নহয়,গৰু,তেতিয়া শিশুটোৱে কল্পনা কৰি লব যে গৰুৰো কুকুৰৰ দৰে চাৰিখন ঠেং আছে।এডাল নেজ আছে,কিন্তু এইটো গৰু।

শেষত মনোবিজ্ঞানৰ মতে,Over Learning ৰ জৰিয়তেও বহু কথা মনত ৰাখিব পাৰোঁ।এটা শিশুৱে অধ্যয়ন কৰি বুজি পোৱা কথাবোৰ বাৰে বাৰে অধ্যয়ন কৰিলে কথাবোৰ দীৰ্ঘম্যাদী স্মৃতিলৈ গুচি যায়।আৰু তেতিয়া ছাত্ৰ-ছাত্ৰীৰ স্মৃতি স্থায়ী হৈ ৰয়।ছাত্ৰ-ছাত্ৰীসকলে উপৰিউক্ত কথাখিনি গুৰুত্ব দি আগবাঢ়িলে কিছু হ’লেও উপকৃত হ’ব বুলি আমি আশাবাদী।

অভিভাৱকৰ দায়িত্ব:

ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি অভিভাৱকসকলৰ যথেষ্ট কৰণীয় আছে।অভিভাৱকসকলেও ছাত্ৰ-ছাত্ৰীসকলক নিজৰ সুবিধা অনুযায়ী পঢ়া-শুনা কৰিবলৈ সুবিধা প্ৰদান কৰা উচিত।তেওঁলোকক অত্যধিক মানসিক চাপৰ পৰা মুক্ত কৰি ৰাখিবলৈ অভিভাৱকৰ যথেষ্ট কৰণীয় আছে।

বন্ধ দিনবোৰত ছাত্ৰ-ছাত্ৰীসকলক পঢ়া-শুনাতেই ব্যস্ত নাৰাখি মনে বিচৰা কাম কৰিবলৈ দিব লাগে।অভিভাৱকসকলে মনত ৰখা উচিত ছাত্ৰ-ছাত্ৰীসকলক ৰাতিৰ ভাগত কমকৈ পঢ়ি পুৱাৰ ভাগত বেছিকৈ পঢ়া-শুনা কৰিবলৈ দিব লাগে।যিমান দুৰ সম্ভৱ অভিভাৱকসকলে শিশুসকলক সময় দিব লাগে।পৰিয়ালৰ লোকসকলে শিশুসকলৰ লগত বিভিন্ন বিষয়ত কথা-বতৰা পাতিব লাগে।ইয়াৰ উপৰি খেলা- ধুলা কৰিব লাগে।প্ৰায়েই দেখা যায় অভিভাৱকসকলে নিজৰ সন্তানৰ সন্মুখত আন শিশুৰ সৈতে তুলনা কৰে,যিটো একেবাৰেই উচিত নহয়।ছাত্ৰ-ছাত্ৰীসকলে আনৰ লগত তুলনা নকৰি সদায় নিজৰ সৈতে তুলনা কৰিব লাগে।অভিভাৱকসকলে আৰু এটা কথা মনত ৰখা উচিত যে ছাত্ৰ-ছাত্ৰীসকল পৰীক্ষা দি ঘৰলৈ অহাৰ পিছত পৰীক্ষাৰ বিষয়ে বহুতো অভিভাৱকে প্ৰশ্ন কৰা দেখা যায় (পৰীক্ষা কেনেকুৱা হ’ল?) ।কিন্তু অভিভাৱকে এনেধৰণৰ প্ৰশ্ন কৰাটো উচিত নহয়।সদায় ছাত্ৰ-ছাত্ৰীসকলক অলপ জিৰণি ল’বলৈ দিব লাগে।পিছত নিজৰ দিনটোৰ অভিজ্ঞতা সম্পৰ্কে জনাব লাগে।আৰু পিছলৈ লাহে লাহে আজিৰ দিনটোত কি কৰিলা বা কেনে গ’ল এনেধৰণৰ প্ৰশ্ন কৰিব লাগে।পৰীক্ষা সম্পৰ্কে পলমকৈ সুধিব লাগে।

( গুৱাহাটীৰ বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান বিভাগৰ অধ্যাপিকা ইন্দ্ৰানী ফুকন বৰুৱাৰ সৈতে প্ৰদীপ গগৈৰ সাক্ষাৎকাৰৰ আধাৰত এই লেখা যুগুত কৰা হৈছে)

( উৎস: শিক্ষা বাৰ্তা)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top