অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মনোব্যাধি বা উন্মাদ ৰোগ

মনোব্যাধি বা উন্মাদ ৰোগ

 

আমাৰ ইতিপূর্বে লিখিত এটি প্রবন্ধত মনোব্যাধি বা উন্মাদ ৰোগ সম্পর্কে মহাত্মা হেনিমেনৰ আৱিষ্কৃত তথ্যসমূহৰ আভাস দাঙি ধৰিবলৈ প্ৰয়াস কৰা হৈছিল আৰু লগতে কিছুমান ঔষধৰ কথাও উল্লেখ কৰা হৈছিল। আমাৰ নিজৰ অভিজ্ঞতাৰ ওপৰতো কিছু বক্তব্য ৰখা হৈছিল। এইবেলি উক্ত ৰোগসমূহৰ চিকিৎসাৰ বাবে লক্ষণ সাপেক্ষে কিছুমান ঔষধৰ কথা দাঙি ধৰিবলৈ আগবাঢ়িলো।

বিষাদ উন্মত্ততা বা বিষাদ বায়ুগ্ৰস্ত ৰোগী-দুখ, বিষাদ, নৈৰাশ্য, দীর্ঘশ্বাস, ক্ৰন্দন, শোক, হা হুতাহ ইত্যাদি ৰোগৰ নিদর্শন।

ঔষধ

 

এব্রোটেনাম

ইয়াৰ ৰোগীৰ উদ্বেগ আৰু নৈৰাশ্য ভাবাপন্ন, ক্ৰোধী আৰু উত্তেজিত স্বভাৱসপন্ন হয়। পৰিশ্ৰম কৰিবলৈ একেবাৰে অনিচ্ছা, ৰোগীৰ মুখৰ চেহেৰা একেবাৰে বৃদ্ধ ব্যক্তিৰ নিচিনা আৰু ৰোগী যদি মহিলা হয়, তেনেহ’লে তেওঁ কঠোৰ মনৰ তথা অতি হৃদয়হীনা প্ৰকৃতিৰ হয়। মনত দয়া, মায়া-মমতা একেবাৰে নাথাকে।

এগনাচ কাষ্ট

যৌনতন্ত্ৰলৈ বিষাদ বিয়পে। যৌন আসক্তি কম হয়, শুক্র তাৰল্য থাকে অথবা তেওঁ ধ্বজভঙ্গৰ বলিও হ’ব পাৰে। সেয়েহে তেওঁৰ মনত ভয়, নৈৰাশ্য, অশান্তি, উদ্বেগ, হয়তো ঘৰত কাৰ্মাৰ্ত্ত যুৱতী-স্ত্ৰী আছে অথবা কাল্পনিক স্ত্ৰীৰ পদস্খলনৰ ভয় ইত্যাদি ভাবত নৈৰাশ্য আহি পৰে আৰু তেওঁ ভাবে তেওঁৰ মৃত্যু আহি আছে। তেওঁৰ যি আছে সকলো শেষ হৈ যাব।

এলাস্থাচ

শৌচ কচা সহ বিষণ্ণতা আৰু ইয়াৰ ৰোগী সম্পূৰ্ণ উদাসীন। উৎসাহ কমি যায়, অবিৰাম দীৰ্ঘনিশ্বাস আৰু অস্থিৰতা, মূৰৰ পৰা বৈদ্যুতিক কম্পন উদয় হৈ অংগ-প্ৰত্যংগৰ ফাললৈ গতি কৰে। ইয়াৰ ৰোগী সদায় সম্পূৰ্ণ নিস্পৃহ ভাবাপন্ন।

এলুমিনা

স্ত্ৰী ৰোগী হ’লে আত্মহত্যা পৰ্যন্ত কৰিব খোজে। কিন্তু ছুৰী দেখিলে তেজ দেখে আৰু নিজকে হত্যা কৰিবলৈ ইচ্ছা কৰে। বিষণ্ণভাৱে বহি থাকে, চকুত চকুলো থাকে। ৰাতিপুৱাৰ সময়খিনি তেওঁৰ বাবে অতি বেয়া। শোৱাৰ পৰা উঠাৰ পিছতে বিষণ্ণতাত ভোগে। সাধাৰণ সৰু সুৰা কামো তেওঁৰ কাৰণে অতি কষ্টসাধ্য বুলি ভাবে।

এনাকাৰ্ডিয়াম

বিষাদ বায়ুগ্ৰস্ত ৰোগী। মন তেওঁৰ দোদুল্যমান অৰ্থাৎ তেওঁ যেন দুটা মনৰ অধিকাৰী। এটাই তাক কামটো কৰিবলৈ কয় আনটোৱে বাধা দিয়ে। অৱশ্যে এনেকুৱা দোদুল্যমান মনৰ ৰোগী বহুত ঔষধতে পোৱা যায়। কিন্তু এনকাৰ্ডিয়ামৰ ৰোগীৰ বিশেষত্ব এই যে ৰোগীৰ স্মৃতি শক্তি প্ৰবল কিন্তু তৎকালীন কথা লগে লগে পাহৰি যায়। সামান্য দোষতে অগ্নিশৰ্মা হৈ উঠে, অভিশাপ দিয়ে আৰু তাণ্ডৱ নৃত্য কৰে।

আর্জেন্টিনাম নাইট্ৰিকাম

ইয়াৰ ৰোগীক দেখিলে এনেহেন লাগে যেন এক অত্যন্ত দুখৰ ভাণ্ডাৰহে। তেওঁৰ সকলো ইচ্ছা শক্তি যেন হেৰাই গৈছে। নিঃশেষ হৈ গৈছে আৰু সেয়েহে তেওঁ চকুমুদি শুই থাকে। কথা ক’ব লাগিলে কি ক’ব কি নক’ব মনত নপৰে। হতবাক হৈ খপজপ কৰে। তেওঁ ভাবে, এই জগতত তেওঁৰ আপোন বস্তু একোৱেই নাই। অন্য লোকে তেওঁক ঘৃণা আৰু তাচ্ছিল্য কৰে। তেওঁ যেন মুকবধিৰ। বতাহত সকলো হেৰাই গৈছে ইত্যাদি ইত্যাদি।

অৰাম মেটেলিকাম

প্রয়াত ডাঃ ৰজনীকান্ত মজুমদাৰ দেৱে লিখিছে-

“পাৰদ উপদংশ     দোষে যাহাদেৰ স্বাস্থ্যনাশ

শান্তি নাশে সংসাৰেৰ, শোক দুখ তাপে

নাথাকে বাঁচিতে সাধ অনিবার্য অৱসাদ,

আত্মঘাতী হতে চায় তীব্র মনস্তাপে,

ইত্যাদি ইত্যাদি

আনহাতে হিন্দু শাস্ত্ৰত কৈছে-

‘... আত্মানাং ধনং ৰক্ষেৎ, দ্বাৰাং ৰক্ষেৎ ধনৈৰপি মানৈৰপি আত্মানাং সততং ৰক্ষেৎ ধনৈৰপি, দ্বাৰৈৰপি মানৈৰপি।

অর্থাৎ এই পৃথিৱীত প্ৰাণতকৈয়ে প্রিয়তম আৰু কি আছে? সেই প্রাণো কিন্তু তেওঁৰ ওচৰত ৰক্ষাৰ বস্তু নহয়। সেই প্রাণটোকে তেওঁ শেষ কৰি দিব বিচাৰে। ইহজগতৰ সকলো দুখ, সকলো সুখ, সকলো জ্বালা-যন্ত্রণা, সকলো অশান্তি শেষ কৰিবলৈ বিচাৰে। তেওঁৰ বুকুৰ বেদনা যে কিমান মর্মান্তিক, তেওঁৰ মনৰ ভিতৰৰ কান্দোন যে কিমান হৃদয় বিদাৰক, তাক জানো বুজাবলৈ কিবা প্ৰয়োজন আছে? এই বিষাদ উন্মাদৰ মনৰ কথা যিমানে সাংঘাতিক দুখজনক নহওক কিয়, তেওঁৰ লগতে মোকাবিলা কৰিবলৈ তথা তেওঁক ৰক্ষা কৰিবলৈ আমাৰ হাতত আছে ‘অৰাম মেটেলিকাম’।

প্ৰসূতিৰ বিষাদ উন্মত্ততাৰ ক্ষেত্ৰতো ই এক অমূল্য ঔষধ। বিষাদ উন্মত্ততাৰ কোনো ধৰণৰ ক্লাচিফিকেচনৰ আৱশ্যক নাই, উক্ত লক্ষণসমূহেই যথেষ্ট। অনিদ্রা, ক্ৰন্দনশীলতা, স্মৃতিহীনতা, মৃত্যু আকাংক্ষিত, আশা শূন্যতা আৰু অনিদ্রা। আনহাতে উদৰাময় যুক্ত আৰু শৌচ কচা পর্যায়ক্রমে হয়। মুখলৈ তেজ আহে, কর্ণগর্জন হয়, চকুৰ আগত অগ্নি স্ফুলিংগ, বতাহ দিলে এইবিলাকৰ কিছু উপশম ঘটে। ইয়াৰ বাহিৰেও লক্ষণ অনুসাৰে আছে- বেলাডনা, ব্ৰোমিয়াম, ব্ৰায়োনিয়া, ক্ৰেক্টাচগ্রাণ্ডি ইত্যাদি ইত্যাদি।

উন্মত্ততা-ভয়োন্মত্ততা

 

কেতিয়াবা ভীতিব্যঞ্জক অৱস্থাৰ পৰা মানুহে যে বিষম ব্যাধিৰ সন্মুখীন হ’বলগীয়া হয়, তাক ভুক্তিভোগীয়েহে বুজি পায়। কিন্তু ইয়াত ভুক্তভোগী মানসিক ব্যাধিগ্রস্ত আৰু সেয়েহে চিকিৎসকৰ ওপৰতেই সেই ভাৰটো পৰে। সেয়েহে আমি এতিয়া মনোব্যাধিৰ ঔষধ চৰিত্ৰৰ মাধ্যমে প্রকাশ কৰিবলৈ প্রয়াস কৰিলো—

একোনাইট

ভয়ৰ ঔষধ বুলি সর্বজন বিদিত কিন্তু ভয় পোৱাৰ পিছত তাৰ যি কুফল হয়, তাৰ কাৰণে ‘ওপিয়াম’ এক নির্দিষ্ট ঔষধ। ইয়াৰ ৰোগী বহুদিন পূর্বে সংঘটিত হোৱা ভয়ৰ পৰিমাণত কষ্ট ভোগ কৰিবলগীয়া হয়। উদ্বেগ, উত্তেজনা, ৰাতি ঘৰৰ বাহিৰলৈ যাবলৈ ভয় কৰে। ৰাস্তা পাৰ হওঁতে ভয়, বহুলোকৰ সমাগম স্থানলৈ যাবলৈ ভয়, ৰোগ ভাল নোহোৱাৰ ভয়, অন্ধকাৰলৈ ভয়, ইয়াৰ ৰোগী নিজৰ মৃত্যুৰ তাৰিখ পর্যন্ত আগতীয়াকৈ কৈ দিয়ে অর্থাৎ মৃত্যু ভয় ইত্যাদি থাকে।

এলুমিনা

ৰোগীৰ ভয়- বোধহয় তেওঁৰ ৰোগ ভাল নহ’ব বুলি ভয়। হয়তো মহাবিপদত পৰিব বুলি ভয়। তেওঁ এটা ডাঙৰ অপৰাধ কৰিছে আৰু সেই ভাবতে গোটেই জীৱন অশান্তিত ভোগে| আনকি ৰাতিপুৱাই টোপনিৰ পৰা উঠাৰ পিছত এই ভাবটো বেছি হৈ পৰে।

এনাকাৰ্ডিয়াম

মনোবল সম্পূৰ্ণহীন হৈ পৰে। সুস্থ হোৱাৰ আশা সম্পূৰ্ণ দূৰ হৈ যায়, উদ্বিগ্নতা, ভয় তথা লোকসংগ বৰ্জন কৰে। সোনকালে মৃত্যু, পক্ষাঘাত কিম্বা ডাঙৰ বিপদ হ’ব পাৰে বুলি ভাবে আৰু এনেকুৱাকৈ কাল্পনিক ভয়ত থাকে বাবে স্মৃতিশক্তি সম্পূর্ণ হ্ৰাস হৈ পৰে।

বোৰাক্স

এই ঔষধটো শিশুৰ ক্ষেত্ৰত বেচ উপযোগী। শিশুই যেতিয়া স্তন পান কৰি থাকে, সেই সময়ত ওচৰত কোনোবাই হাঁচি মাৰিলে নতুবা কাঁহিলেও উচপ খাই উঠে। মাকৰ কোলাৰ পৰা তলত পৰি যোৱাৰ ভয়ত মাকক জোৰকৈ খামুচি ধৰি থাকে। কোনোবাই কান্দিলে ভয় কৰে। মেঘৰ গাজনিৰ শব্দ হ’লে ভয়ত খামুচি ধৰে ইত্যাদি।

এপিচ

কোনোবাই বিষ খুৱাব বুলি ভয়। আৰু একৰকমৰ ভয়, তেওঁ যেন অলপতে মৰি যাব।

বেলাডনা

ইয়াৰ ৰোগীৰ কাল্পনিক ভয় হেতু আত্মৰক্ষাৰ বাবে লুকাই থাকিবলৈ বিচাৰে। আবুল-তাবুল বকি থাকে, যেন তেওঁ উন্মাদ হৈছে। গোলমাল আৰু সংগ ভাল নাপায়, এৰাই ফুৰিবলৈ বিচাৰে।

কার্বোভেজ

তেওঁ ভাবে যে তেওঁ বোধহয় গুৰুতৰ অপৰাধ কৰিছে আৰু এই কাল্পনিক উদ্বেগ হেতু তেওঁ কঁপি থাকে।

মিলিয়াম টিগ

তেওঁ ভাবে তেওঁৰ এক দুৰাৰোগ্য ৰোগ হৈছে তেওঁ পাগল হৈ যাব আৰু সেয়েহে কান্দি থাকে।

কলচিকাম

যন্ত্ৰণা আৰু স্পর্শ, গন্ধ ইত্যাদিত তেওঁৰ মেজাজ বেয়া হৈ পৰে।

ইগ্নেচিয়া

দুখ, শোকৰ বাবে ই এক অতি প্রয়োজনীয় ঔষধ, তাৰোপৰি ভয়-ভিতিতো ইয়াৰ ব্যৱহাৰ আছে। বিশেষকৈ চোৰৰ ভয়। পানীৰ নিচিনা শৌচ, প্রস্ৰাৱ আৰু বেদনাহীন উদৰাময়তো ই এক খ্যাতিসম্পন্ন ঔষধ।

ওপিয়াম

আনহাতে এই ঔষধ ভয় পাই হোৱা সাম্প্রতিক ৰোগ, ডায়েৰিয়া, আকস্মিক বা অজানিতভাৱে হোৱা উদৰাময় আদিত ব্যৱহাৰ হয়। উদ্বেগ সহ উশাহ বন্ধ হোৱাৰ ভয় ইত্যাদি।

এইসমূহ ঔষধৰ বাহিৰেও ভিৰেট্রাম এলবাম, জিংকাম, ষ্ট্ৰোমেনিয়াম, কেলিকাৰ্ব, লাকেচিচ, লাইকোপডিয়াম, ৰুতা, চালফাৰ ইত্যাদি আৰু ভালেমান ঔষধ আছে, এই ভয়োন্মক্ততাৰ বাবে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

 

 

 

শেহতীয়া উন্নীতকৰণ: : 2/15/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate