মূল পৃষ্ঠা / স্বাস্থ্য / মানসিক স্বাস্থ্য / মানসিক চাপৰ পৰা নিষ্কৃতি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মানসিক চাপৰ পৰা নিষ্কৃতি

মানসিক চাপৰ পৰা নিষ্কৃতি কি দৰে পাব পাৰি লিখা হৈছে

 

কেইদশকমানৰ পৰা যেনেদৰে পৃথিবীখনৰ পৰিৱর্তন হ’বলৈ ধৰিছে, এই পৰিৱৰ্তনৰ লগত খাপ খুৱাই চলাটো সমস্যা হৈ পৰিছে। জনসাধাৰণৰ জীৱনধাৰা অকল্পনীয়ভাৱে প্রতিযোগিতামূলক কৰি তুলিছে ঔদ্যোগিক অর্থনীতিয়ে। তদুপৰি উচ্চ প্রযুক্তিয়ে আমাৰ জীৱন ধাৰা সহজ আৰু আৰামদায়ক কৰি তুলিছে ঠিকেই, কিন্তু আমাৰ মানসিক জগতখনতো তাৰ প্ৰভাৱ পৰিছে। বিশেষকৈ আমাৰ চিন্তাধাৰা, মূলাবোধ আৰু মানবীয় সম্পর্কতো পৰিৱৰ্তন আনিছে। এফালে আধুনিক যুগত মানুহ হৈ পৰিছে বেছি আত্মকেন্দ্রিক, নিঃসংগ। প্রতিযোগিতাপূর্ণ এই অধিকাংশই মানসিক চাপত আক্রান্ত আৰু শাৰীৰিক তথা মানসিকভাৱে ভাৰাক্ৰান্ত। মানুহৰ জীৱনধাৰা এনেকুৱা হৈছে যেন প্রাচুর্যৰ মাজটো নিৰানন্দ, সকলো থাকিও হতাশা আৰু মানসিক অন্তৰ্দ্বন্দ্ব।

আমাৰ আধুনিক জীৱনধাৰাত অভাৱৰ সীমা নাই। যিমানেই পাওঁ সিমানেই অধিক পাবলৈ আশা বাঢ়ি গৈ থাকে। কেতিয়াও আমি যিমানখিনি পাইছো তাতে সন্তুষ্ট নহয়। এই নোপোৱাখিনিৰ কাৰণেই আমাৰ মানসিক চাপ বৃদ্ধি হয়। এই মানসিক চাপে আমাৰ শাৰীৰিকভাৱেও ক্ষতি কৰে। কিছুমান শৰীৰৰ বাবে ক্ষতিকাৰক বিক্ৰিয়াই মগজুত প্রতিক্রিয়া সৃষ্টি কৰি শৰীৰৰ ভাৰসাম্য হ্রাস কৰে। এনে ধৰণৰ মানসিক অন্তৰ্দ্বন্দই এসময়ত আমাক শাৰীৰিকভাৱে দুর্বল কৰি তোলে ফলত বিভিন্ন ধৰণৰ ৰোগে শৰীৰতো আক্ৰমণ কৰে।

প্রত্যেক মানুহৰে জীৱন ধাৰণৰ প্রণালী বেলেগ হয়। তেনেদৰে মানসিক চাপৰ কাৰণো বেলেগ হয়। তথাপি কিছুমান মানসিক চাপৰ কাৰণ উলিয়াব পাৰি। সেইবোৰৰ ভিতৰত ব্যক্তিগত, পাৰিবাৰিক, সামাজিক, আর্থিক ইত্যাদি।

ব্যক্তিগত কাৰণৰ ভিতৰত নিজৰ শাৰিৰীক অৱস্থা, জীৱনৰ হতাশা, আত্মসন্মান, কর্মময় জীৱনত ব্যস্ততা, সময়ৰ নাটনি ইত্যাদি। পৰিবাৰিক সমস্যাৰ ভিতৰত উপযুক্ত স্বামী-স্ত্রী উভয়ৰে মাজৰ সমস্যা, সম্বন্ধ, দুয়োৰে বিশ্বাস-অবিশ্বাস, স্বামীৰ হঠাৎ মৃত্যুত পৰিয়াললৈ আহি পৰা দুর্যোগ আদি। এনে অৱস্থাত নাৰীগৰাকীয়ে পৰিয়ালটোৰ সকলো দায়িত্ব মূৰ পাতি ল’ব লগা হয়। সেইদৰে চুবুৰীয়া, গাঁওবাসী, মিতিৰ-কুটুম্ব, বন্ধু-বান্ধৱ আদিৰ লগত সম্পর্ক, আনৰ পৰা পোৱা সহায়-সহযোগিতা, সন্মান ইত্যাদি সামাজিক কাৰকৰ ভিতৰত পৰে। আর্থিক সমস্যা হৈছে সকলোতকৈ ডাঙৰ সমস্যা। টকা-পইচাৰ নাটনি, ঘৰ-দুৱাৰ, মাটি-বাৰী কিনাৰ অসমৰ্থতা ইত্যাদিবোৰে মানসিক চাপৰ সৃষ্টি কৰে। গতিকে আর্থিক-অভাৱ-অনাটনো মানসিক চাপ সৃষ্টিৰ উৎস হ'ব পাৰে।

মানুহভেদে মানসিক চাপৰ কাৰণ বেলেগ বেলেগ হ’ব পাৰে। সমাজত নিজৰ অস্তিত্বই সকলোৰে কাম্য। আমি যিমান পাইছো, তাতকৈ নোপোৱাখিনিৰ বাৱধান যিমানেই বাঢ়ি যায়, সিমানেই মানসিক চাপৰ মাত্রা বাঢ়ি যায়। মানুহভেদে অৱশ্যে মানসিক চাপ অতিক্ৰম কৰিব পৰা শক্তি আৰু মনোবল বেলেগ হয়। যাৰ মনোবল বেছি তেওঁ নিজে নিজে সমস্যাৰ সমাধান কৰিব পাৰে। বাকী ঘৰৰ সদস্যই গমকে নাপায়। দুর্বল মনৰ ব্যক্তিয়ে সমস্যাৰ সমাধান কৰিব নোৱাৰি মানসিক চাপত ভাগি পৰি শেষত অত্যন্ত মানসিক হতাশাত ভুগিব লগা হয়।

মানসিক চাপ এবিধ জটিল ৰোগ। এই ৰোগৰ পৰা মুক্তি পাবলৈ সাহসেৰে সমস্যাৰ লগত মোকাবিলা কৰিবলৈ নিজকে প্রস্তুত কৰিব পাৰিব লাগিব।

মানসিক চাপ সৃষ্টি নহ’বৰ বাবে অর্থাৎ মানসিক স্থিতি বজাই ৰাখিবলৈ হ’লে কিছুমান নীতি-নিৰ্দেশনা মানি চলিলে, নিশ্চয়কৈ এই চাপ নিয়ন্ত্ৰণ কৰি ৰাখিব পৰা যায়। আত্মবিশ্লেষণ হৈছে মানসিক চাপ অতিক্ৰম কৰাৰ সহজ উপায়। কি কাৰণে মানসিক চাপ সৃষ্টি হৈছে, তাৰ কাৰণ বিশ্লেষণ কৰি তাক এৰাই চলিবলৈ যত্ন কৰিব লাগে। তেতিয়া নিজে নিজে চাপ কমি যাব। তদুপৰি কাৰোবাৰ ওপৰত কিবা কাৰণত খং উঠিলে, উত্তেজনাৰ সৃষ্টি হয়। তেতিয়াও মানসিক চাপৰ সৃষ্টি হয়। তেনে অৱস্থাত সেই পৰিৱেশৰ পৰা আঁতৰি আহি তাক পাহৰিবলৈ চেষ্টা কৰিব লাগে। তেতিয়া চাপ লাহে লাহে উপশম হয়। যেতিয়া কোনো কাৰণত মানসিক চাপৰ সৃষ্টি হয়, তেতিয়া নীৰৱে অকলশৰে কিছুসময় থাকিব লাগে আৰু মনে মনে গোটেই কথাখিনি চালি-জাৰি চাব লাগে। তেতিয়াও চাপৰ হেঁচা কিছু কমিব। আলোচনাই বহু ক্ষেত্ৰত মানসিক চাপ কমাত সহায় কৰে। যদি কোনো ডাঙৰ সমস্যাৰ সমাধানৰ পথ উলিওৱাত ব্যৰ্থ হয়, তেতিয়া নিজৰ প্রিয়জন, অন্তৰংগ বন্ধু, আত্মীয়-স্বজনৰ লগত খোলাখুলিকৈ আলোচনা কৰিব লাগে। তেতিয়া নিশ্চয়কৈ সমাধানৰ পথ ওলাব।

আমি ডাঙৰ মানুহে যেনেকৈ মানসিক চাপত ভোগো, তেনেদৰে শিশুসকলো মানসিক চাপত ভূগিব পাৰে। শিশুৰ মন হৈছে ফুল কুমলীয়া, ঠুনুকা। গতিকে কোনো ডাঙৰ সংঘাত, আঘাতে তেওঁলোকক অতি সোনকালে মগজুত বিক্রিয়া কৰিব পাৰে। শিশুৰ মন সদায় মুকলিমূৰীয়া আৰু হিংসা-দ্বেষ, কলুষ-কালিমা বর্জিত। তেওঁলোকে সদায় আনন্দময় পৰিৱেশত থাকিবলৈ ভাল পায়। এনে পবিত্ৰতাৰে ভৰা শিশুৰ মনত কেতিয়াবা আকস্মিক ঘটনাই, যিটোৱে শিশুৰ মগজুত আঘাত কৰিব পাৰে, তেতিয়া শিশুৱেও মানসিক চাপত ভুগিব পাৰে। তেনে অৱস্থাত মনটোক ভাৰসাম্য ৰাখিব নোৱাৰি আনকি মাতবোল বন্ধ হৈ যাব পাৰে। গতিকে সদায় শিশুক মানসিক চাপৰ প্ৰভাৱৰ পৰা বিৰত কৰি ৰাখিব লাগে।

মুঠতে সকলো ক্ষেত্ৰতে মানসিক চাপৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় ধৈর্য। কাৰণ ধৈৰ্য্যই হৈছে সফলতাৰ চাবি-কাঠী। মানুৰ জীৱনত জয়-পৰাজয় আছেই। পৰাজয় হ'লেও ধৈর্যসহকাৰে যদি তাক খেলুৱৈ সুলভ মনোবৃত্তিৰে গ্ৰহণ কৰা যায়, তেন্তে মানসিক চাপে কেতিয়াও ভাৰাক্ৰান্ত কৰিব নোৱাৰেই ই নিশ্চিত।

লেখিকা: ঊষা দেৱী, অসম বাণী।

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top