মূল পৃষ্ঠা / স্বাস্থ্য / মানসিক স্বাস্থ্য / মানসিক চিন্তামুক্ত ব্যক্তিত্ব-
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মানসিক চিন্তামুক্ত ব্যক্তিত্ব-

মানসিক চিন্তামুক্ত ব্যক্তিত্বৰ বিষয়ে লিখা হৈছে

 

যোগাভ্যাস আৰু প্ৰিটিকিন আহাৰৰ দ্বাৰা হৃদৰোগ নিৰাময়ঃ

 

বহু বিজ্ঞানীয়ে মত প্ৰকাশ কৰে যে যিসকল ব্যক্তি অত্যধিক মানসিক চিন্তাত বা অশান্তিত ভোগে বা যিসকলৰ বৃত্তি, ব্যৱসায় মাত্ৰাধিক চিন্তাত জড়িত তেওঁলোকৰ ক্ষেত্ৰত হাৰ্ট এটেকৰ দৰে অসুখৰ সম্ভাৱনা অধিক। এইসকল বিজ্ঞানীয়ে বহুদিন ধৰি এনে বৃত্তিগত পেছাধাৰী ব্যক্তিৰ ওপৰত গৱেষণা কৰিহে ক’ৰনেৰী ধমনীৰ ৰোগ, হাৰ্ট এটেক আৰু মানসিক চিন্তাৰ মাজৰ সমন্বয়ৰ কথা উল্লেখ কৰিছে। এই কথাকেইটা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এটা মেণ্টেল মেনেজমেণ্ট গৱেষণা কেন্দ্ৰয়ো নিশ্চিত কৰিছে। যিসকল ব্যক্তিৰ জীৱন যাত্ৰাৰ প্ৰণালী সহজ-সৰল আৰু তুলনামূলকভাৱে চিন্তামুক্ত তেওঁলোকৰ ক্ষেত্ৰত এই সম্ভাৱনীয়তা কম। অত্যধিক মানসিক চিন্তাযুক্ত ব্যক্তিৰ ক্ষেত্ৰত উচ্চ ৰক্তচাপৰ প্ৰৱণতাও অধিক।

সহজ কথাত ক’বলৈ হ’লে- অত্যধিক চিন্তাৰ লগতে উচ্চ ৰক্তচাপ, বহুমূত্ৰ ৰোগ, অতিমাত্ৰা চৰ্বিযুক্ত তেজ বা শ্ৰম ব্যায়ামহীন জীৱন আদিৰ দৰে ক’ৰনেৰী ৰোগৰ আন আন কিছুমান প্ৰশ্নও আমাৰ মনত উদয় হ’ব পাৰে। বৰ্তমান দ্ৰুত জীৱন ধাৰাত অহৰহ মানসিক সংঘাত, অশান্তি আৰু অত্যাচাৰৰ প্ৰায় বহু জীৱনৰ অংগাংগিস্বৰূপ হৈ পৰিছেগৈ।

প্ৰথমতে- এই মানসিক চিন্তা কিমান দূৰ অত্যধিক ? দৈনন্দিন চিন্তাকে অধিক বুলি বিবেচনা কৰা হৈছিল নেকি ?

দ্বিতীয়তে- ব্যক্তিয়ে অত্যধিক চিন্তাৰ মুখামুখি হৈছিল নেকি ?

তৃতীয়তে- সাহসেৰে মুখামুখি হৈ জীৱন সংগ্ৰাম কৰিছেনে বা পৰাজয় বৰণ কৰিছে ? যদি পৰাজয় বৰণ কৰিছে তেন্তে কেনে পৰিস্থিতিত আৰু কি ধৰণেৰে ?

চতুৰ্থতে- অত্যধিক চিন্তা সত্ত্বেও হাঁহিমুখে জীৱনটো চিন্তাৰহিত কৰিব পাৰিছেনে ?

পঞ্চমতে- দিনটোৰ কোনো সময়ত নিজকে চিন্তামুক্ত কৰি শান্ত (ৰিলেক্স) হ’ব পাৰিছেনে ?

ষষ্ঠতে- শান্ত অৱস্থা কিমান সময় অতিবাহিত কৰা হৈছে ?

সপ্তমতে- কি পদ্ধতিৰে বা উপায়েৰে ব্যক্তিয়ে মনটোক নিজৰ অধীন কৰি শান্ত অৱস্থা অৱলম্নন কৰিছে ইত্যাদি।

এই সকলো কথাৰ পৰা এই সিদ্ধান্তলৈ আহিব পৰা যায়। ব্যক্তিয়ে দুৰ্যোগপূৰ্ণ মানসিক চিন্তাৰ সাহসেৰে সন্মুখীন হ’ব লাগিব। ফলাফলৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ কৰণীয়খিনি কৰি যোৱা বাঞ্ছনীয়। অত্যধিক চিন্তা সত্ত্বেও দিনটোৰ কিছুসময় অন্ততঃ নিজকে চিন্তাৰ পৰা মুক্ত কৰিব লাগিব। পৰাজয় অৱশ্যম্ভাৱী আৰু নিশ্চিত বুলি ভাবিও ফলাফলৰ কথা চিন্তা নকৰি কৰ্তব্য কৰি যাওক আৰু চিন্তাৰ পৰা মনটোক মুক্ত কৰি ৰাখক।

মনক ধীৰ-স্থিৰ-শান্ত কৰাৰ কথা আলোচনা কৰিবলৈ যাওঁতে আমি (ক) মন শান্ত কৰা পদ্ধতি (ৰিলেক্সেচন থেৰাপী) আৰু (খ) যোগ অভ্যাসৰ কথা কব পাৰোঁ। যোগাভ্যাস মন সংযত কৰাৰ এটা নিশ্চিত উপায়। ই মনক শান্ত কৰে। আমাৰ ভাৰতীয় হিন্দু ধৰ্মৰ যোগ অভ্যাস আৰু উপাসনাৰ অন্তৰ্নিহিত সত্য, অত্যন্ত আকৰ্ষণকাৰী অৰ্থপূৰ্ণ আৰু ফলদায়ক। সেয়ে বিশ্বৰ চুকে-কোণে ইয়াৰ ওপৰত সুদূৰপ্ৰসাৰী এক অনন্ত আলোচনা, গৱেষণাৰ সূত্ৰপাত হৈছে। বৰ্তমান ভাৰত তথা পৃথিৱীৰ কেইবাখনো দেশত প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় শাখাবিলাক স্থাপন হৈছে যাৰ দ্বাৰা মনত প্ৰশান্তি লাভ কৰিবলৈ ৰাজযোগত ভগৱানৰ নিসৃত বাক্যবাণীৰ ‘মুৰুলী’ পাঠ কৰাৰ কামত বহুতো ভক্তপ্ৰাণ ৰাইজ ব্যতিব্যস্ত তদুপৰি অনুকূল ঠাকুৰ, সত্য সাইবাবা, শঙ্কৰদেৱ-মাধৱদেৱ আদি গুৰুসকলৰ আধ্যাত্মিক শিকনি আৰু আদৰ্শখিনি উপলব্ধি কৰাৰ ব্যৱস্থা আছে। যোগাভ্যাস আৰু মনৰ প্ৰশান্তিৰ প্ৰণালীৰ বিষয়ে আৱশ্যকীয় নিয়মবোৰ, পদ্ধতিবোৰ কিছু জনা উচিত। মানসিক চাপ বৃদ্ধি হোৱাৰ লগতে বহু মানুহ অত্যধিক চিগাৰেট, মাদক দ্ৰব্য যেনে- ভাং, মদ আদিৰ প্ৰতি অনুৰক্ত হোৱা বৰ্তমান দেখা গৈছে। চাহ, কফি, ধঁপাত, তামোল, জৰ্দা আদিও বহুলোকে অত্যধিক পৰিমাণে ব্যৱহাৰ কৰিছে।

এই অভ্যাসবোৰৰ পৰিণামত বহু মানুহ ক’ৰনেৰী ৰোগত আৰু হাৰ্ট এটেক হোৱাত সহায় কৰে। এইক্ষেত্ৰত এনে বিকাৰ আৰু বদ অভ্যাসবোৰ ত্যাগ কৰি ঈশ্বৰীয় চিন্তাত মনোযোগ দিব পাৰিলে মানুহে চিন্তামুক্ত জীৱন যাপন কৰিব পাৰে।

চিন্তামুক্ত হোৱাৰ এটি উপায় হ’ল নিয়মিত ব্যায়াম কৰা। ধীৰে ধীৰে খোজকঢ়া অভ্যাস কৰিও চিন্তামুক্ত হৈ শান্ত হ’ব পাৰি। যোগ অভ্যাসৰ জৰিয়তে, ধ্যানৰ জৰিয়তে মনটো সকলো চিন্তাৰ পৰা মুক্ত হ’ব পাৰি।

ব্যক্তিত্ব (পাৰ্ছনেলিটি)-

 

মানুহৰ ব্যক্তিত্বয়ো ক’ৰনেৰী ধমনী ৰোগ আৰু হাৰ্ট এটেকৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। যোৱা দুটা দশক জুৰি ব্যক্তিত্বৰ ওপৰত নানা ধৰণৰ গৱেষণা আৰু পৰীক্ষা-নিৰীক্ষা চলিছে। বিভিন্ন গৱেষকে ক’ব খোজে যে ‘ক’ জাতীয় (টাইপ ‘এ’) ব্যক্তিৰ ব্যক্তিত্বৰ মাজত হাৰ্ট এটেকৰ প্ৰৱণতা অধিক। ‘খ’ জাতীয় (টাইপ ‘বি’) ব্যক্তিত্বৰ ব্যক্তিসকলৰ মাজত হাৰ্ট এটেকৰ সংখ্যা তুলনামূলকভাৱে কম। ‘ক’ জাতীয় আৰু ‘খ’ জাতীয় ব্যক্তিৰ তলত দিয়া মনোবৃত্তিৰ ওপৰত নিৰ্ধাৰণ কৰা হয়।

‘ক’ জাতীয় ব্যক্তিত্বঃ এইসকল ব্যক্তি-

  • অতি উচ্চাভিলাষী।
  • সকলো ক্ষেত্ৰতে প্ৰতিযোগিতামূলক ভাবাপন্ন।
  • প্ৰতিটো পদক্ষেপতে নিজকে শুদ্ধভাৱে পৰিচালিত কৰিব বিচাৰে।
  • অস্থিৰ আৰু ধৈৰ্যহীন হয়।
  • খৰকৈ কথা কয় আৰু খৰকৈ খোৱা-বোৱা কৰে।
  • মুখত হাঁহিৰে মধুৰ সম্ভাষণ জনাই আনক সুখী কৰিব পাৰে।

হৃদৰোগ নিয়ন্ত্ৰণত আহাৰৰ প্ৰভাৱঃ

হৃদৰোগ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত আমি গ্ৰহণ কৰা আহাৰৰ প্ৰতি বিশেষ চকু দিব লাগে। কাৰ্ব’হাইড্ৰেট, শাক-পাচলি জাত, মাংস, আঁহযুক্ত শাক-পাচলি বা আন পদাৰ্থ আদিৰ সঠিক বা সমবিতৰণে যেনেকৈ হৃদৰোগ প্ৰতিৰোধ কৰিব পাৰে তেনেকৈ অত্যধিক পৰিমাণৰ অ-সমবিতৰণে এই ৰোগ বৃদ্ধি কৰাত সহায় কৰে। ফিনলেণ্ডৰ মানুহৰ খাদ্যত লিন’লিক এচিডৰ মাত্ৰা বেছি হোৱাৰ বাবে তাত ক’ৰনেৰী ৰোগত ভোগা মানুহৰ সংখ্যা একেবাৰে কম।

আমাৰ ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰদেশকেইখনত আহাৰত মিঠাতেলৰ ব্যৱহাৰ বৰ বেছি। মিঠাতেলত থকা ইউৰিক এচিডৰ কাৰণেই হয়তো হৃদৰোগৰ প্ৰকোপ বেছি।

আহাৰৰ প্ৰণালী আৰু নিয়মাৱলীঃ

আমি খোৱা আহাৰ এনেধৰণৰ হোৱা উচিত যাতে ই ক’ৰনেৰী ধমনীৰ ৰোগৰ প্ৰতিষেধক হয়। যিসকল লোক এনেধৰণৰ ৰোগত আক্ৰান্ত তেওঁলোকে যাতে ভৱিষ্যতে আহাৰৰ উপাদানৰ পৰিমাণ নিৰ্ণয় কৰাত কেইটামান কথা লক্ষ্য কৰে।

আহাৰে যাতে তেজত কলেষ্টেৰল বৃদ্ধি নকৰে। হিতকাৰী আৰু অহিতকাৰী কলেষ্টেৰলৰ অনুপাত সঠিকভাৱে ৰাখে। এজন খাদ্য বিজ্ঞানী ডাঃ কুপেৰে কৈছে- ৰাইজে বুজা উচিত, চৰ্বিজাতীয় বস্তু আৰু কলেষ্টেৰল কিমান ক্ষতিকাৰক আৰু আহাৰত ইয়াৰ পৰিমাণ কম হ’লে দেহৰ কি ফলদায়ক হয়। অনাৱশ্যক আৰু ক্ষতিকাৰক খাদ্যবস্তুৰ সলনি হিতকাৰী খাদ্যবস্তু আহাৰৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বিষয়ে শিক্ষা আহৰণ কৰা উচিত।

আমেৰিকাৰ হৃদপিণ্ড সম্পৰ্কীয় সংস্থাই আহাৰৰ বিষয়ে আগবঢ়োৱা পৰামৰ্শ কেইটামান তলত উল্লেখ কৰা হৈছে।

-  পৰাপক্ষত চেচুৰেটেড চৰ্বিযুক্ত তেল, ঘিউ ব্যৱহাৰ কৰিব নালাগে।

-  শাক-পাচলিৰ পলি চেচুৰেটযুক্ত তেল ব্যৱহাৰ কৰিব লাগে।

-  সময়ে সময়ে আহাৰৰ বিষয়ে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

-  নিতৌ ব্যায়াম কৰিব লাগে। নাৰিকল তেল, চৰ্বিযুক্ত বস্তু, বনস্পতি ব্যৱহাৰ কৰিব নালাগে।

প্ৰিটিকিন আহাৰৰ ব্যৱহাৰঃ

 

কম পৰিমাণৰ চৰ্বি, মাংসসাৰ, লৱণযুক্ত বিকৃত শ্বেতসাৰ বৰ্জিত অতিৰিক্ত পৰিমাণে আঁহসম্পন্ন প্ৰাকৃতিজাত শ্বেতসাৰ প্ৰধান খাদ্যকে প্ৰিটিকিন আহাৰ বোলে। প্ৰিটিকিন আহাৰে হৃদৰোগ, উচ্চ ৰক্তচাপ, বহুমূত্ৰ ৰোগ, বাতবিষ জাতীয় ৰোগবিলাক উপশম কৰে।

প্ৰিটিকিন আহাৰঃ

 

সৰু মাছ, মাংস আৰু অন্যান্য সকলো ধৰণৰ কম চৰ্বিযুক্ত মাছ যেনে- পুঠিমাছ, সৰু ৰৌ, ভেটকি, মাগুৰ, পমফ্ৰেট প্ৰভৃতি। দৈনিক ৩০-৮০ গ্ৰাম বা সপ্তাহত প্ৰায় ৬০০ গ্ৰাম অথবা কম চৰ্বিযুক্ত চিকেন, হাঁহ, চৰাই অন্যান্য চৰাইৰ মাংস, অতি কম পৰিমাণে চৰ্বি থকা পঠা ছাগলিৰ মাংস, গাইমুৰি দৈনিক সৰ্বাধিক ৩০-৮০ গ্ৰাম সপ্তাহত ৬৮০ গ্ৰাম খাব।

যিসকল হৃদৰোগত আক্ৰান্ত তেওঁলোকৰ ক্ষেত্ৰত প্ৰতি চাৰি দিনৰ অন্তৰে অন্তৰে ২৮-৩০ গ্ৰাম কম চৰ্বিযুক্ত মাছ বা চিকেন খাব পাৰিব।

নিষিদ্ধঃ অতিৰিক্ত চৰ্বিযুক্ত মাছ (ইলিছ), কাৱৈ, অতিৰিক্ত চৰ্বিযুক্ত মাংস, কেঁকোৰা, শামুক জাতীয় প্ৰাণী। কলেষ্টেৰল পূৰ্ণ বৃক্ক যকৃত ইত্যাদি।

খাব পাৰিবঃ কণীৰ বগা অংশ। প্ৰতিদিনে এটাকৈ।

নিষিদ্ধঃ কণীৰ কুহুম, মাছৰ কণী। গাখীৰ (স্কিমড মিল্ক), মাখন তোলা গাখীৰ আৰু সমপৰিমাণৰ দৈ বা ছানা। গাখীৰৰ পৰা তৈয়াৰী মিঠাই, দৈ, চৰ্বিযুক্ত পনীৰ। কাজু বাদাম, আখৰোট, নাৰিকল আদি।

দাইল আৰু সমজাতীয় খাদ্যঃ

মগু, মচুৰ, মাটি দাইল, ৰহৰ, মটৰ, গাজিমগু, বুট খাব পাৰিব।

নিষিদ্ধঃ চয়াবিন, বুট দাইল।

শাক-পাচলিঃ আঁহ থকা সকলো পাচলি খাব পাৰিব। পালেং আৰু বিট শাক খাব নালাগে। ফল আৰু ফলজাত খাদ্যৰ ভিতৰত ভিটামিন ‘চি’ থকা ফল খাব। যেনে- কমলা, কাজি নেমু, অমিতা, মধুৰিআম, বিলাহী।

শুকান ফল- খেজুৰ, কিচমিচ, আচাৰ, খাৰলি, পানীটেঙা, জাম খোৱা নিষিদ্ধ। জাম-জেলী, মৌ, চকলেট, ছুইংগাম, ধঁপাত, চিগাৰেট খোৱা নিষিদ্ধ।

হৃদৰোগীৰ বাবে ৰোগ প্ৰতিৰোধকাৰী আহাৰঃ

মেথিগুটি তিওৱা পানী, ডালিম হৃদৰোগীৰ মহৌষধ। নহৰু, মালভোগ কল (দৈনিক এটা) গাখীৰৰ সৰ গুচাই ২৫০ গ্ৰাম দৈনিক এবাৰ খাব। গৰুৰ দৈ হৃদৰোগীৰ বাবে বৰ উপকাৰী।

(উৎসঃ অসমীয়া খবৰ, উপেন দত্ত)।

2.88888888889
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top