মূল পৃষ্ঠা / স্বাস্থ্য / মানসিক স্বাস্থ্য / মানসিক বাধাগ্ৰস্ততা,সজাগতা আৰু আমাৰ কৰণীয়
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মানসিক বাধাগ্ৰস্ততা,সজাগতা আৰু আমাৰ কৰণীয়

মানসিক বাধাগ্ৰস্ততা,সজাগতা আৰু আমাৰ কৰণীয়ৰ বিষয়ে আলোচনা কৰা হৈছে

মানসিক বাধাগ্ৰস্ততা,যাক ইংৰাজীত আমি   বুলি কওঁ-এটা অতি গুৰুত্বপুৰ্ণ সমস্যা-

 

সহজভাৱে ক’বলৈ হ’লে মানসিক বাধাগ্ৰস্ততা হ’ল এনে এটা অৱস্থা,য’ত বিকাশৰ সময়ছোৱাত ব্যক্তিৰ মানসিক বিকাশ ৰুদ্ধ হয় বা মনৰ পুৰ্ণ বিকাশ নহয়।ইয়াৰ ফলত ব্যক্তিৰ বুদ্ধিৰ বিভিন্ন দিশ,যেনে-বোধ ক্ষমতা,ভাষা,সামাজিক কৌশল আদিৰ ক্ষেত্ৰত দুৰ্বল প্ৰদৰ্শন পৰিলক্ষিত হয়।মানসিক বাধাগ্ৰস্ততা কেৱল ভুক্তভোগীজনৰ বাবেই নহয়,তেওঁৰ পৰিয়াল তথা সমাজৰ বাবেও এক দুখজনক তথা দুৰ্ভাগ্যজনক কথা ।যিটো পৰিয়ালত মানসিকভাৱে বাধাগ্ৰস্ত শিশু এটি আছে হয়তো তেওঁলোকেহে অনুধাৱন কৰিব পাৰে তেওঁলোক কেনেধৰণৰ জটিল সমস্যাৰ মুখামুখি হ’ব লগা হয়।আমি অলপ মান কৰিলেই গাওঁ-চহৰ প্ৰায় সকলোতে মানসিকভাৱে বাধাগ্ৰস্ত বহুতো শিশু বা ডেকা মানুহ দেখিবলৈ পাওঁ।গাওঁবোৰত এইসকল সাধাৰণতে অঁকৰা,বেঙা আদি শব্দৰে আখ্যা দিয়া দেখা যায়।আনকি কোনো কোনো সময়ত এওঁলোকক লৈ ঠাট্টা-মস্কৰা কৰাও আমি দেখো।মানসিক বাধাগ্ৰস্ততা সম্পৰ্কে মানুহৰ বিশেষ একো ধাৰণা নথকাৰ বাবেই মানসিকভাৱে বাধাগ্ৰস্ত শিশু এটিয়ে কামবোৰ ঠিকমতে কৰিব নোৱাৰিলে বা পঢ়া-শুনাত ভাল ফলাফল দেখুৱাব নোৱাৰিলে অসন্তুষ্ট হৈ পৰে।আনকি ‘সবৰে মুৰতে একে বস্তুৱেই থাকে,ভগৱানে সবকে সমান মগজুৱেই দিছে,সবে পাৰে তই কিয় নোৱাৰ’বুলি সন্তানক খ্ং কৰাও মই নিজে প্ৰত্যক্ষ কৰিছো।কিন্তু প্ৰকৃততে তেওঁলোকে ভবাৰ দৰে সকলোৰে বুদ্ধি একে নহ’বও পাৰে।জন্মগতভাৱে কিছুমানৰ বুদ্ধি  Average তকৈ কম হ’ব পাৰে।

মানসিক বাধাগ্ৰস্ততা সম্পৰ্কে আমাৰ অভিভাৱকসকলৰ অজ্ঞতা আৰু সজাগতাৰ অভাৱৰ বাবেই আমি মানসিকভাৱে বাধাগ্ৰস্ত শিশু এটাক মানসিকভাৱে অত্যাচাৰ চলাওঁ।আমি শিশু এটাক সিহঁতৰ বুদ্ধি অনুযায়ী সিহঁতক সেই ধৰণেৰে আচৰণ কৰা উচিত।অনাহকত সিহঁতৰ পৰা প্ৰয়োজনতকৈ বেছি আশা কৰা বা সিহঁতৰ বুদ্ধিতকৈ বেছিকৈ পঢ়া বা আন কামৰ বোজা জাপি দিবলৈ বিচৰাটো অমানৱীয় কথা।আনকি মানসিক বাধাগ্ৰস্ত শিশু এটাক লৈ ঠাট্টা-মস্কৰা কৰাটোও মানৱীয়তাৰ বাহিৰৰ কথা।

যেতিয়া শিশু এটাৰ ক্ষেত্ৰত আমি প্ৰত্যক্ষ কৰো যে শিশুটোৱে তাৰ বয়স অনুযায়ী বিভিন্ন কথা আৰু কাৰ্যবোৰ আয়ত্ত কৰিব পৰা নাই,তেতিয়া আমি অলপো পলম নকৰি এগৰাকী ক্লিনিকেল ছাইক’লজিষ্টৰ ওচৰলৈ লৈ গৈ বুদ্ধি পৰীক্ষা কৰোৱাই শিশুটিৰ বুদ্ধিৰ বিষয়ে শুদ্ধ আৰু সঠিককৈ জানি লোৱাটো দৰকাৰী।মানুহৰ বুদ্ধিমত্তাক কেইবাটাও পৰ্যায়ত ভাগ কৰি লোৱা হৈছে।বুদ্ধিমত্তা এভাৰেজ লেভেল (Average level)ত থাকিলে ব্যক্তি এজনে স্বাভাৱিকভাৱে আৰু বয়স অনুযায়ী কৰিব পাৰিবলগীয়া যিমানবোৰ কাম,সেই সকলোবোৰ সঠিকভাৱে কৰিব পাৰে বুলি ধৰি লোৱা হয়।এভাৰেজ লেভেলতকৈ ম বুদ্ধিমত্তাক ক্ৰমে প্ৰফাউণ্ড (Profound),ছিভিয়েৰ (Severe),মডাৰেট (Moderate),মাইলড (Mild),ব’ৰ্ডাৰলাইন (Borderline)আৰু ডাল নৰ্মেল (Dull Normal)লেভেলত ভাগ কৰা হৈছে।প্ৰফাউণ্ড লেভেলেই হ’ল বুদ্ধিমত্তাৰ আটাইতকৈ নিম্নতম পৰ্যায়ৰ বুদ্ধিমত্তা আৰু ডাল নৰ্মেল বুদ্ধিমত্তা হ’ল এভাৰেজ লেভেলৰ বুদ্ধিমত্তাৰ ঠিক আগৰ পৰ্যায়।বুদ্ধিৰ পৰ্যায় অনুযায়ী বাধাগ্ৰস্ত শিশুৰ সমস্যা বেলেগ বেলেগ ধৰণৰ হয়।আৰু সিহঁতৰ সামৰ্থ্যতাও হয় বেলেগ বেলেগ।যেনে-মাইলড লেভেলৰ বুদ্ধিমত্তাৰ শিশু এটাক যেনেকৈ নিজৰ যত্ন বা দায়িত্ব ল’ব পৰাকৈ কিছুমান কাম নিজে খোৱা,গা ধোৱা,কাপোৰ ধোৱা,প্ৰস্ৰাৱ-পাইখানা কৰা আদিত আত্মনিৰ্ভৰশীল কৰি তুলিব পৰা যায়,ঠিক তেনেকৈ ছিভিয়েৰ লেভেলৰ বুদ্দিৰ শিশু এটাই নিজৰ যত্ন লোৱাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হ’ব নোৱাৰে।গতিকে আমি অভিভাৱক,শিক্ষক সকলোৱে শিশু এটাৰ বুদ্ধিৰ বিষয়ে সঠিকভাৱে জানিবই লাগিব।শিশুৰ বুদ্ধি পৰীক্ষাৰ অবিহনে সিহঁতৰ বুদ্ধি কোনটো পৰ্যায়ত আছে সেই বিষয়ে সঠিককৈ জনাটো সম্ভৱপৰ নহয়।মানসিকভাৱে বাধাগ্ৰস্ত শিশু এটাৰ ক্ষেত্ৰত আমাৰ যদি তাৰ বুদ্ধি সম্পৰ্কে জ্ঞান নাথাকে,তেন্তে সেই শিশুৰ পৰা আমি যিমানখিনি আশা কৰিব লাগে সেই বিষয়ে নিশ্চিত হ’ব নোৱাৰো আৰু তেনে অৱস্থাত সিহঁতৰ প্ৰতি কৰা আমাৰ আচৰণ কেতিয়াও সঠিক হ’ব নোৱাৰে।গতিকে কোনো শিশুৰ বুদ্ধিৰ বিষয়ে সন্দেহ থাকিলে তেনে শিশুৰ বুদ্ধি পৰীক্ষা কৰাই লোৱাটো কিমান গুৰুত্বপুৰ্ণ,আমি নিশ্চয় বুজিব পাৰিছো।

এগৰাকী ক্লিনিকেল ছাইক’লজিষ্ট হিচাপে আমি মানসিকভাৱে বাধাগ্ৰস্ত বহুতো শিশু বা কিশোৰ লগ পাওঁ-

 

সিহঁতৰ অভিভাৱকসকল যথেষ্ট আশা লৈ আমাৰ ওচৰলৈ আহে।অৱশ্যে যিমানখিনি সম্ভৱপৰ সেইখিনি সহায় কৰিবৰ বাবে আমিও যৎপৰোনাস্তি চেষ্টা কৰো।যেতিয়া শিশু এটাক আমাৰ ওচৰলৈ লৈ অনা হয়,তেতিয়া আমি শিশুটোৰ অভিভাৱকসকলৰ পৰা বহুতো প্ৰশ্নৰ উত্তৰ বিচাৰিবলগীয়া হয়।উদাহৰণস্বৰুপে,গৰ্ভাৱস্থাত মাকৰ কিবা অসুবিধা,জন্ম প্ৰক্ৰিয়া, শিশুটোৰ full term normal delivery   হৈছে নে নাই হোৱা,এইবোৰৰ লগতে সময়মতে খোজ কঢ়া,কথা পতা আদি জন্মৰ পিছত বিভিন্ন স্তৰত হ’বলগীয়া শিশুটোৰ স্বাভাৱিক বিকাশৰ বিষয়ে শুদ্ধ তথ্য জনাটো খুবেই প্ৰয়োজনীয়।কিন্তু বাস্তৱিকতে এই প্ৰশ্নবোৰৰ উত্তৰ সঠিকভাৱে পোৱা নাযায়।মোৰ ব্যক্তিগত অভিজ্ঞতাৰে দেখি আহিছো যে নিৰানব্বৈ শতাংশ অশিক্ষিত অভিভাৱকেই বাকীবোৰ তথ্যৰ কথা বাদেই,আনকি শিশুটোৰ বয়সৰ কথা শুদ্ধকৈ ক’বলৈও অপাৰগ হয়।অথচ যিটো তথ্য বুদ্ধি পৰীক্ষা কৰিবলৈ নহ’লেই নহয়।আনকি শিক্ষিত অভিভাৱকসকলৰ দুই-এজনেও শিশুটোৰ বয়স,বিকাশ আদিৰ বিষয়ে তথ্য যোগান ধৰাত অপাৰগ হয়।কিন্তু গুৰুত্বপুৰ্ণ কথাটো হ’ল যে পিতৃ-মাতৃৰ বাহিৰে শিশুটোৰ বিষয়ে বিভিন্ন দিশৰ বিষয়ে তথ্য আন কোনেও সম্পুৰ্ণৰুপে আৰু শুদ্ধকৈ জনা আৰু দিয়াটো সম্ভৱ নহয়।গতিকে যিকোনো এজন পিতৃ-মাতৃকে ক’ব খোজো যে শিশু এটা জন্ম দিয়াতে আমাৰ দায়িত্ব শেষ নহয়।সিহঁতৰ জন্মৰ পিছৰ প্ৰতিটো স্তৰত হোৱা সিহঁতৰ অসুখ,অশান্তি,বিকাশ এই সকলোবোৰৰ বিষয়ে জ্ঞাত আৰু সচেতন হোৱা দৰকাৰ।

বহু পিতৃ-মাতৃ আৰু অভিভাৱকৰ ক্ষেত্ৰত প্ৰত্যক্ষ কৰা হয় যে তেওঁলোকে মানসিকভাৱে বাধাগ্ৰস্ত শিশু এটাৰ ক্ষেত্ৰত শুদ্ধ ভাব-ভংগীৰে শিশুটোক গ্ৰহণ কৰি নলয়।শিশুটোৰ প্ৰতিটো অকৃতকাৰ্যতাকে তেওঁলোকে ইচ্ছাকৃত বুলি ভাবিবলৈ ধৰে।কিন্তু এনে শিশুৰ প্ৰতি শুদ্ধ ভ্ংগীৰ অবিহনে আমি কেতিয়াও সিহঁতক সহায় কৰিব নোৱাৰো।আকৌ এনে শিশুক অৱহেলা কৰাটোও আমি এটা অপৰাধ বুলি ক’ব পাৰো।পিতৃ-মাতৃ,অভিভাৱক বা সমাজৰ প্ৰায় বহুতৰে এক ধাৰণা থাকে যে মানসিকভাৱে বাধাগ্ৰস্ত মানেই শিশু এটা মানসিক ৰোগত আক্ৰান্ত বা মানসিকভাৱে অসুস্থ।কিন্তু ই সম্পুৰ্ণৰুপে এক ভুল ধাৰণা।মানসিক বাধাগ্ৰস্ত শিশু এটাৰ বিভিন্ন দিশৰ বিকাশ খুব ধীৰ গতিৰে হয়।সিহঁত একে বয়সৰ আন শিশু এটাতকৈ ভোদা হয় আৰু বিভিন্ন কাম শিকাত ধীৰ হয় বা সিহঁতৰ বুজিব পৰা ক্ষমতা কম হয়।বিশেষকৈ সিহঁতে কথা কোৱা বা ভাষা শিকাত সমস্যা পায়।কিন্তু বুদ্ধিৰ পৰ্যায় অনুসৰি এনেধৰণৰ শিশুৰ বহুতকে এটা পৰ্যায়লৈ পঢ়ুৱাব পৰাও যায়।

মানসিক বাধাগ্ৰস্ততা সম্পৰ্কে থকা আন এটা ভুল ধাৰণা হ’ল যে বহুতেই ভাবে মানসিকভাৱে বাধাগ্ৰস্ত শিশু এটাৰ পৰা আন এটা শিশুৰ গালৈ এই সমস্যা সোঁচৰিব পাৰে।গতিকে বহুতো পিতৃ-মাতৃয়ে নিজৰ সন্তানক এনে শিশুৰ লগত খেলা-,ধুলা,একেলগে বহি খোৱা আদি কাম কৰিবলৈ নিদিয়ে।কিন্তু এইটো কেৱল ভুল ধাৰণাই নহয়,এক অন্যায় চিন্তাও।বৰঞ্চ স্বাভাৱিক বুদ্ধিমত্তাৰ শিশুৱে মানসিক বাধাগ্ৰস্ত শিশুৰ লগত মিলা-মিচ কৰাৰ ফলত সিহঁতে এনেধৰণৰ শিশুৰ সমস্যাৰ বিষয়ে বুজিব বুজিব পাৰি আৰু সিহঁতক বিনাদ্বিধাৰে সিহঁতৰ লগৰে এজন বুলি আঁকোৱালি ল’ব পৰা সৎ মানসিকতা গঢ়ি তুলিব।তদুপৰি এই মিলা-মিচাই মানসিক বাধাগ্ৰস্ত শিশুৰ বিভিন্ন কৌশল শিকাত বা বিভিন্ন দিশত উন্নতি ঘটোৱাত সহায় কৰিব।

আমি এনেধৰণৰ কেইবাটাও ঘটনা প্ৰত্যক্ষ কৰিছো যে বিয়া পাতি দিলে এই সমস্যা দুৰ হ’ব বুলি ভাবি পিতৃ-মাতৃ আৰু সমাজে যৌৱনত ভৰি দিয়া মানসিক বাধাগ্ৰস্ত ল’ৰ-ছোৱালীক বিয়া পাতি দিছে।এনে কৰি তেওঁলোকে যে এক ঘোৰ অন্যায় আৰু ভুল কৰিছে সেয়া তেওঁলোকে বুজিব আৰু অনুভৱ কৰিব পৰা নাই।বিয়াই এই সমস্যাৰ কেতিয়াও অন্ত নেপেলায়।বৰঞ্চ সমস্যা আৰু জটিলহে কৰি তোলে।মানসিক বাধাগ্ৰস্ত ব্যক্তি এজন যিহেতু নিজেই সম্পুৰ্ণৰুপে আত্মনিৰ্ভৰশীল হৈ চলাটো সম্ভৱপৰ নহয়,গতিকে সেই ক্ষেত্ৰত তেনে ব্যক্তিয়ে সংসাৰ কৰি পৰিয়াল পৰিচালনা কৰা এক অসম্ভৱ কথা।

আকৌ মানসিক বাধাগ্ৰস্ত শিশু এটাৰ ক্ষেত্ৰত সিহঁতৰ বয়স বাঢ়ি যোৱাৰ লগে লগে বুদ্ধি নিজে নিজে বাঢ়ি যাব বুলি বিশ্বাস কৰাটোও ভুল। দুখৰ কথা যে চিকিৎসা-বিজ্ঞানত মানসিক বাধাগ্ৰস্ততাৰ চিকিৎসাৰ বাবে বৰ্তমানলৈকে কোনো দৰব ওলোৱা নাই।গতিকে কোনো দৰব দি বুদ্ধি বঢ়াই তুলিব নোৱাৰি।কিন্তু এনে কিছুমান পদ্ধতি আছে-যাক বাৰে বাৰে কৰা অভ্যাসৰ জৰিয়তে কোনো কোনো শিশুক মোটামুটি এটা পৰ্যায়লৈ কৰ্মক্ষম কৰি তুলিব পাৰি।কিন্তু তাৰ অৰ্থ বুদ্ধি বাঢ়ি যোৱা নহয়।মানসিক বাধাগ্ৰস্ত শিশুসকলৰ বাবে চৰকাৰে কিছুমান আঁচনি লৈছে।এনে শিশু এটাই Direct Disability Rehabilitation Centre   (DDRC)ৰ পৰা এখন চাৰ্টিফিকেট লাভ কৰিব পাৰে আৰু এই চাৰ্টিফিকেটখনৰ জৰিয়তে তেওঁলোকে কিছুমান সুবিধা,যেনে-বিনা ভাৰাৰে বাছ যাত্ৰা,পিতৃ-মাতৃ যদি চাকৰিয়াল হয়,তেন্তে তেওঁৰ ছুটীৰ দিন বৰ্ধিতকৰণ আদি সুবিধা লাভ কৰিব পাৰে।অৱশ্যে আমাৰ অসমত সকলো সুবিধা এতিয়ালৈকে উপলব্ধ হোৱা নাই।কিন্তু অভিভাৱকসকলে তেওঁলোকৰ শিশুটোৰ বুদ্ধি পৰীক্ষা কৰোৱাই চাৰ্টিফিকেটখন সংগ্ৰহ কৰি লাভ কৰিব পৰা সুবিধাবোৰ গ্ৰহণ কৰিব পাৰে।

শিশু এটাৰ বুদ্ধি পৰীক্ষা কৰোৱাৰ পিছত আমি যদি নিশ্চিত হ’ব পাৰো যে শিশুটি মানসিকভাৱে বাধাগ্ৰস্ত,তেন্তে তাৰ লগে লগে আমি এই কথাবোৰ জনা জৰুৰী হৈ পৰে যে আমি কেনেধৰণেৰে শিশুটোৰ লগত আচৰণ কৰিম,শিশুটোৰ পৰা কিমান আশা কৰাটো উচিত আৰু কি কি পদ্ধতিৰ জৰিয়তেনো শিশুটিক বিভিন্ন ক্ষেত্ৰ ত যিমান পাৰি সিমানখিনিলৈকে কৰ্মক্ষম কৰি তুলিব পাৰি।এগৰাকী ক্লিনিকেল ছাইক’লজিষ্টে কেনেকুৱা ধৰণৰ পদ্ধতি প্ৰয়োগৰ জৰিয়তে কেনেকৈ মানসিক বাধাগ্ৰস্ত শিশুৰ বিভিন্ন কৌশল শিকাত সহায় হয় এই বিষয়ে অভিভাৱকক সঠিক দিক-দৰ্শন দিব পাৰে।গতিকে বুদ্ধি পৰীক্ষা কৰোৱাৰ পিছতে ক্লিনিকেল ছাইক’লজিষ্ট এগৰাকীয়ে দিয়া দিহা-পৰামৰ্শ সকলোখিনি মানি চলিবলৈ চেষ্টা কৰাটো খুব দৰকাৰী।অভিভাৱকে পদ্ধতিবোৰ শুদ্ধকৈ শিকি ল’ব পাৰিলেহে ঘৰত গৈ শিশুটোৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব পাৰিব।লিখি সকলো কথা বুজোৱাটো সম্ভৱপৰ নহয় যদিও মই বহুতো অভিভাৱকৰ সুবিধাৰ্থে দুই-এটা পদ্ধতি উনুকিয়াব খুজিছো।

মানসিক বাধাগ্ৰস্ত শিশুৰ ক্ষেত্ৰত দেখা যায় যে সিহঁতে নিজৰ ক্ষেত্ৰত ল’বলগীয়া প্ৰাথমিক যত্নবোৰ ঠিক মতে ল’ব নোৱাৰে।তেনেক্ষেত্ৰত এইবোৰ সিহঁতক শিকাবলৈ যাওঁতে আমি যিটো কামৰ কৌশল শিকাবলৈ গৈছো সেই কামৰ কৌশলবোৰ সৰু  সৰু ভাগত ভাগ কৰি অনুক্ৰমে শিকাবলৈ চেষ্টা কৰিব লাগে।তেতিয়া সিহঁতৰ কাৰণে কৌশলবোৰ শিকিবলৈ সহজ হয়।উদাহৰণস্বৰুপে,অভিভাৱক এজনে যদি শিশু এটাক পেণ্ট এটা নিজে কেনেকৈ পিন্ধে সেই বিষয়ে শিকাবলৈ লৈছে তেন্তে তেওঁ শিশুটোক এখন ভৰিত (ধৰি লোৱা হওক সোঁ ভৰি)কেনেকৈ পেণ্টটো কোঁচাই ঠিকমতে সুমুৱাব লাগে সেই বিষয়ে বাৰে বাৰে অভ্যাস কৰাই শিকাব লাগিব।যেতিয়া তেওঁ ধৰিব পাৰিব যে শিশুটোৱে সোঁভৰিখনত পেণ্টটো ঠিকমতে ভৰাব পৰা হৈছেগৈ,তেতিয়া বাঁও ভৰিখনত পেণ্টটো সুমুৱাই পিন্ধাবলৈ শিকাবলৈ চেষ্টা কৰিব লাগে।এইদৰে পেণ্ট পিন্ধা কাৰ্যটো বেলেগ বেলেগ ভাগত ভাগ কৰি লৈ একেবাৰে শেষত বুটাম মাৰিবলৈ শিকাব লাগে।অৱশ্যে এই কামটো এনেকুৱা নহয় যে একেদিনাই শিশুটোক শিকাবলৈ চেষ্টা কৰিব।

মানসিক বাধাগ্ৰস্ত শিশু এটাই প্ৰস্ৰাৱ-পাইখানা আদি কৰা কাৰ্যও যিহেতু বয়স অনুযায়ী শিকিব নোৱাৰে গতিকে পিতৃ-মাতৃ বা অভিভাৱকসকলে এইক্ষেত্ৰত বিশেষ যত্ন লোৱা দৰকাৰ।অভিভাৱকসকলে শিশুটোৱে দিনটোত সাধাৰণতে কিমানবোৰ প্ৰস্ৰাৱ বা পাইখানা কৰে তাৰ সপ্তাহজোৰা এখন তালিকা প্ৰস্তুত কৰি ল’ব পাৰে।কিমান সময়ৰ মুৰে মুৰে শিশুটোৱে প্ৰস্ৰাৱ কৰে তাৰো হিচাপ ৰখা দৰকাৰ।এনে কৰিলে পিতৃ-মাতৃ বা অভিভাৱকসকলে শিশুটোৱে প্ৰস্ৰাৱ-পাইখানা কৰা সময়ৰ বিষয়ে সঠিকভাৱে ধৰিব পাৰিব আৰু তাৰ ওপৰত নিৰ্ভৰ কৰি শিশুটোৱে প্ৰস্ৰাৱ বা পাইখানা কৰিবলগীয়া সময়ৰ দুই-তিনি মিনিট আগতেই শিশুটোক প্ৰস্ৰাৱগাৰলৈ লৈ যাব পাৰিব।শিশুটোৱে বুজাকৈ তেওঁলোকে তাক প্ৰস্ৰাৱ কৰিবৰ বাবে কোৱা উচিত আৰু যদি দেখে যে শিশুটোৱে তাৰ ফালৰ পৰা কোনো চেষ্টা কৰা নাই,তেন্তে ধৈৰ্যৰে পুনৰায় কৈ থাকিব লাগিব।যদি সি কৰিছে তেন্তে তাক প্ৰশ্ংসা কৰা উচিত।দিনটোত আপুনি শিশুটোৰ প্ৰস্ৰাৱাগাৰলৈ যাবলগীয়া সময়ৰ আগতেই এইদৰে নি প্ৰস্ৰাৱ কৰোৱাওক।এইদৰে কৰি থাকিলে শিশুটোৱেও লাহে লাহে আপোনাক নিজেই তাৰ প্ৰস্ৰাৱ-পাইখানাৰ অনুভৱ হ’লে আগতীয়াকৈ সংকেত দিব।

মানসিক বাধাগ্ৰস্ত শিশুৰ ক্ষেত্ৰত বিভিন্ন আচৰণতো সমস্যা দেখা যায়।সিহঁতৰ আচাৰ-ব্যৱহাৰৰ উন্নতি ঘটাবলৈ আৰু সঠিক কৰিবৰ বাবে পিতৃ-মাতৃয়ে যথেষ্ট কষ্ট স্বীকাৰ কৰা আৰু নিজকে বহু ক্ষেত্ৰত পৰিৱৰ্তন কৰাৰ প্ৰয়োজনীয়তা আছে।শিশুটোৰ কোনকেইটা দিশত বেছি সমস্যা হৈছে সেইকেইটা চিনাক্ত কৰি লোৱাটো এটা গুৰুত্বপুৰ্ণ কথা।মানসিক বাধাগ্ৰস্ত শিশুৰ আচৰণৰ সংশোধনৰ বাবে আমি সিহঁতে নকৰিবলগীয়া আচৰণবোৰ কৰাৰ বাবে পদ্ধতিগতভাৱে শাস্তি আৰু সিহঁতে কৰা প্ৰতিটো বঞ্চিত কামৰ বাবে সিহঁতক পুৰস্কাৰ দি প্ৰেৰণা যোগোৱা উচিত।

পিতৃ-মাতৃ আৰু  অভিভাৱকসকললৈ মোৰ অনুৰোধ যে তেওঁলোকে মানসিক বাধাগ্ৰস্ত শিশু এটাক সিহঁতৰ দৈনন্দিন জীৱনত সিহঁতে এটা পৰ্যায়লৈ যাতে অসুবিধা নোপোৱাকৈ চলি থাকিব পাৰে তাৰ বাবে যেন সহায় কৰে আৰু এগৰাকী ক্লিনিকেল ছাইক’লজিষ্টৰ পৰা সিহঁতৰ আচৰণ সংশোধনৰ সঠিক পদ্ধতিবোৰ শিকি লয়।আন এক গুৰুত্বপুৰ্ণ কথা কৈ থ’ব খোজো যে মানসিকভাৱে বাধাগ্ৰস্ত শিশু এটাই যিহেতু স্বাভাৱিক বুদ্ধিমত্তাৰে কথাবোৰ ভাবিবলৈ অসমৰ্থ,গতিকে তেনে শিশু এটাক পৰিয়ালৰ সদস্যসকলে সততে চকু ৰখাটো উচিত।নহ’লে আজিৰ এই কদৰ্যময় পৃথিৱীত নিষ্পাপ-নিৰ্বোধ এই শিশুটো কিছুমান অমানুহৰ হাতত যৌন নিৰ্যাতনকে ধৰি বিভিন্ন ধৰণেৰে ক্ষতিগ্ৰস্ত হ’ব পাৰে।

সি যি নহওক,মানসিক বাধাগ্ৰস্ত এজনৰ বাবে আমাৰ প্ৰত্যেকৰে যথেষ্ট কৰণীয় আছে।পৰিয়ালৰ লগতে সমাজৰ প্ৰতিজন সদস্যই তেওঁলোকক অৱহেলা নকৰি সহানুভুতি প্ৰদৰ্শন কৰাৰ লগতে বিভিন্ন দিশত সহায় কৰাটো এটা নৈতিক কৰ্তব্য।

লেখিকা: জয়শ্ৰী বুঢ়াগোহাঁই (জি এনআৰচি স্বাস্থ্য)

2.94117647059
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top