মূল পৃষ্ঠা / স্বাস্থ্য / মানসিক স্বাস্থ্য / মানসিক স্বাস্থ্য আৰু মানসিক স্বাস্থ্য-বিজ্ঞান
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মানসিক স্বাস্থ্য আৰু মানসিক স্বাস্থ্য-বিজ্ঞান

মানুহে তেওঁৰ নিজ পৰিবেশ আৰু পৰিস্থিতিত কৰা প্ৰতিক্ৰিয়া আৰু আচৰণৰ যোগে নিজক সমাযোজন কৰে। এই সমাযোজনে তেওঁৰ বৃদ্ধি আৰু বিকাশ সম্ভৱ কৰি তোলে।

মানুহে তেওঁৰ নিজ পৰিবেশ আৰু পৰিস্থিতিত কৰা প্ৰতিক্ৰিয়া আৰু আচৰণৰ যোগে নিজক সমাযোজন কৰে। এই সমাযোজনে তেওঁৰ বৃদ্ধি আৰু বিকাশ সম্ভৱ কৰি তোলে। সাধাৰণভাৱে অথবা ওপৰে ওপৰে চালে ইয়াত কোনো নতুনত্ব থকা যেন নালাগিলেও বিশেষভাৱে লক্ষ্য কৰিলে এই প্ৰক্ৰিয়াটোৰ মাজতেই মানুহৰ শিক্ষা বিকাশৰ এক জটিল ৰহস্য অন্তৰ্নিহিত হৈ থকা বুলি ক’ব পাৰি। শিক্ষা মনোবিজ্ঞানৰ অধ্যয়নৰ সমগ্ৰ বিষয়টো এই জতিলতাৰ আৱৰ্তত সোমাই থকা বাবেই ইয়াৰ অধ্যয়ন আৰু বিশ্লেষণৰ প্ৰয়োজন আৰু প্ৰাধান্য আজি ক্ৰমে বৰ্ধিত ৰূপত অনুভৱ কৰি উঠা হৈছে। বিশেষকৈ শিক্ষক আৰু শিক্ষা-সচেতন লোকৰ বাবে ইয়াৰ প্ৰাধান্য স্বাভাৱিকতেই বৃদ্ধি পাই উঠিছে। আজিৰ জটিল সামাজিক পৰিবেশৰ পৰিপ্ৰেক্ষিতত শিক্ষাৰ যোগে মানুহৰ আৰু বিশেষ ৰূপত শিক্ষাৰ্থীসকলৰ মানসিক স্বাস্থ্য ৰক্ষা কৰা বিষয়ৰ অধ্যয়নৰ প্ৰয়োজন অনস্বীকাৰ্য।

মানসিক স্বাস্থ্য-বিজ্ঞানৰ ধাৰণা

মানসিক স্বাস্থ্য ৰক্ষা আৰু স্বাস্থ্য-বিজ্ঞান সম্বন্ধে থকা ধাৰণাৰ সাৰাংশস্বৰূপে নিম্নলিখিত কথাকেইটাৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিব পাৰি।

  • পৰিবেশৰ পৰিস্থিতিয়ে মানুহৰ দেহ আৰু মনত পাৰস্পৰিকভাৱে অনুকূল-প্ৰতিকূল প্ৰভাৱ পেলায়।
  • এনে প্ৰভাৱেই ব্যক্তিৰ দৈহিক আৰু মানসিক স্বাস্থ্য সুস্থ-অসুস্থ ৰূপত গঢ় দি তোলে।
  • ব্যক্তিৰ দেহ-মনৰ সুস্থতা ৰক্ষা কৰি চলিবৰ বাবে বিজ্ঞানসন্মত অধ্যয়ন আৰু গৱেষণা কাৰ্যই মানসিক স্বাস্থ্য-বিজ্ঞান বিষয় গঢ় দি তুলিছে।
  • পুৰণি কালত মানুহৰ জীৱন যাত্ৰা সহজ-সৰল আছিল আৰু দেহ-মানসিক প্ৰয়োজনবোৰ পৰিবেশত সহজে পূৰণ কৰি তুলিব পৰা হৈছিল।
  • ফলত মানুহৰ দেহ-মানসিক জটিলতা, ৰোগগ্ৰস্ততা আৰু ইয়াৰ প্ৰতিকাৰকৰণৰ সমস্যাই দেখা দিয়া নাছিল।
  • কিন্তু বৰ্তমান পৰিবেশৰ জটিলতাই দেহ-মানসিক ৰোগগ্ৰস্ততা সৃষ্টি কৰি মানুহৰ ব্যক্তিত্ব অসুস্থ আৰু অপসমাযোজিত কৰি তুলিছে।
  • সেই হেতুকে এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দেহ-মানসিক স্বাস্থ্য ৰক্ষা কৰি চলিবৰ বাবে মান্সিক স্বাস্থ্য বিজ্ঞানৰ প্ৰয়োজন আৰু প্ৰাধান্য সহজে অনুভৱ কৰি উঠিব পাৰি।

 

ইয়াৰ সংজ্ঞা

মানসিক স্বাস্থ্য-বিজ্ঞান বিষয়ৰ ধাৰণা নিম্নপ্ৰদত্ত সংজ্ঞাকেইটাৰ যোগে স্পষ্ট কৰি তুলিব পৰা যায়।

(১) “Dictionary of Education”-ত কোৱা হয়, ‘মানসিক স্বাস্থ্য-বিজ্ঞান হৈছে এক অনুকূল পৰিবেশ আৰু পৰিস্থিতিৰ সৃষ্টি কৰি তোলা, যাৰ যোগেদি আশানুৰূপভাৱে আৱেগিক মনোভাৱ আৰু অভ্যস্ত চিন্তন প্ৰক্ৰিয়া গঢ়ি তুলিব পৰা যায়’।

(২) “American Psychological Association”-এ সংজ্ঞা দি কয়, ‘বাধা দান কৰি, আগতীয়া চিকিৎসাৰ ব্যৱস্থাৰে মানসিক স্বাস্থ্য ৰক্ষা কৰি মানসিক অসুস্থতাৰ ঘটনা কমোৱা ব্যৱস্থাতেই মানসিক স্বাস্থ্য অন্তৰ্নিহিত হৈ থাকে’।

(৩) লিষ্টাৰ দি ক্ৰো আৰু এলিচ ক্ৰোৱে তেওঁলোকৰ লিখিত গ্ৰন্থ “Mental Hygine”-ত ইয়াৰ সৰল সংজ্ঞা দি কয়, ‘আজিৰ ধাৰণা মতে মানসিক অসুস্থতাক বাধা দান কৰা, মানসিক স্বাস্থ্য ৰক্ষা কৰা আৰু মানসিক ৰোগৰ পৰা মুক্ত হোৱা কাৰ্যকে মানসিক স্বাস্থ্য-বিজ্ঞান বুলিব পাৰি’।

মানসিক স্বাস্থ্যৰ লগত সমাযোজনৰ সম্বন্ধ

এজন লোকৰ মানসিক স্বাস্থ্য সুস্থ বা অসুস্থ হৈ উঠাটো নিৰ্ভৰ কৰে তেওঁ নিজ পৰিবেশৰ লগত কৰা সুস্থ বা অসুস্থ সমাযোজন বা সম্বন্ধ স্থাপনৰ ওপৰত। মানুহ হৈছে এক প্ৰতিক্ৰিয়াশীল জীৱ। তেওঁ যি ধৰণৰ পৰিবেশ বা পৰিস্থিতি প্ৰাপ্ত হয়, সেই অনুক্ৰমে প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰি উঠে। প্ৰতিজন লোকৰে নিজস্বভাৱে কেতবোৰ দেহ-মানসিক প্ৰয়োজন থাকে। এই প্ৰয়োজনবোৰ দৈহিক, মানসিক, আৱেগিক, সামাজিক আৰু নৈতিকস্বৰূপে বিভক্ত কৰি উঠিব পাৰি। এই ভিন্নমুখী প্ৰয়োজনবোৰৰ আশানুৰূপভাৱে পূৰণ কৰা হৈ উঠিলে সুস্থ সমাযোজন সম্ভৱ হৈ উঠে। এনে প্ৰয়োজনবোৰ আশানুৰূপ পূৰণ হৈ নুঠিলে ব্যক্তিত্বৰ অসমাযোজন হৈ উঠি মানসিক অস্বাভাৱিকতা আৰু ৰোগগ্ৰস্ততাৰ সৃষ্টি হয়। মানসিক স্বাস্থ্যৰ মনোবিজ্ঞানত ই এক মৌলিক বিবেচনাযোগ্য বিষয়। এই প্ৰসংগত বিশেষ মন কৰিবলগীয়া কথা হৈছে যে মানুহ কেৱল এক প্ৰতিক্ৰিয়াশীল জীৱই মাথোন নহয়। জৈৱিক বিবেচনাৰে মানুহক জীৱশ্ৰেষ্ঠ স্বৰূপে গণ্য কৰা হয়। এই শ্ৰেষ্ঠত্বৰ মূল বিশেষত্ব এয়ে যে মানুহৰ দেহ-মানসিক প্ৰয়োজনবোৰ হৈছে সূক্ষ্ম, বহুমুখী আৰু অধিক জটিলতাপূৰ্ণ। মৌলিক প্ৰয়োজনবোৰ পূৰণতেই মানুহ ক্ষান্ত নাথাকে। অন্ন-বস্ত্ৰ, বায়ু-পানী আদিৰ মৌলিক প্ৰয়োজন পূৰণৰ উপৰিও বৌদ্ধিক, আৱেগিক, সামাজিক, নৈতিক আৰু আধ্যাত্মিক আদি প্ৰয়োজন মানুহে পূৰণ কৰি উঠিব লাগে। সেয়ে হৈ উঠিলে সুস্থ সমাযোজিত ব্যক্তিত্বৰ অধিকাৰী মানুহ হৈ উঠিব পাৰে। উদাহৰণস্বৰূপে কলেজ-বিশ্ববিদ্যালয়ৰ উচ্চ শিক্ষাই মানুহৰ শৈক্ষিক প্ৰয়োজন বা জ্ঞানৰ প্ৰাপ্তি লাভ কৰিব পাৰে। মৰম-আদৰ-যত্ন, নিৰাপত্তা, পৰ্যাপ্ততা আদিয়ে আৱেগিক প্ৰয়োজন পূৰণ কৰিব পাৰে। সমাজত স্থান-মান, স্বীকৃতি, স্বাধীনতা, ক্ষমতা আদিয়ে সামাজিক প্ৰয়োজন পূৰণ কৰি তুলিব পাৰে। সেইদৰে ইতিবাচক মনোভাৱ, উচিত মূল্যবোধ ভাব, গ্ৰহণযোগ্য নৈতিক আদৰ্শ, সজ চৰিত্ৰ আদি নৈতিক অনুকূল পৰিস্থিতিয়ে ব্যক্তিৰ মনত নৈতিক মূল্যবোধ ভাব জগাই তুলিব পাৰে। এনেবোৰ দৃষ্টান্তৰ পৰা এই কথা স্পষ্ট হৈ উঠে যে ব্যক্তিৰ মানসিক স্বাস্থ্য তেওঁৰ বিবিধ প্ৰয়োজন গ্ৰহণযোগ্যভাৱে পূৰণেৰে পৰিবেশৰ লগত কৰা সুস্থ সমাযোজনৰ ওপৰত। ব্যক্তিৰ মানসিক স্বাস্থ্য ৰক্ষাৰ চাবি-কাঠি সেয়েহে এনে এটা অৱস্থাৰ ওপৰত একান্ত নিৰ্ভৰশীল। ইয়াৰ অন্যথাই মানসিক ৰোগগ্ৰস্ততাৰে ব্যক্তিত্বৰ অপসমাযোজনত ভুগিবলগীয়া হয়।

মানসিক স্বাস্থ্য-বিজ্ঞানৰ ক্ৰিয়া-পৰ্যায়

আজি সমাজৰ প্ৰতিজন সচেতন লোকৰ বাবেই নিজ মানসিক স্বাস্থ্য ৰক্ষা কৰাটো আৰু এই সম্বন্ধীয় চিন্তা-চৰ্চ্চাৰ লগত পৰিচয় থকাটো একান্ত প্ৰয়োজন আৰু অনিবাৰ্য বিষয়স্বৰূপ হৈ উঠিছে। ক্ৰম জটিলতৰ হৈ উঠা আজিৰ প্ৰাকৃতিক পৰিবেশৰ মাজতো কিদৰে যথাসম্ভৱ সুস্থ, সুন্দৰ আৰু সুখী জীৱন যাপন কৰি তুলিব পৰা যায় তাৰ এক বাস্তৱ আৰু কাৰ্যকৰী আঁচনি হৈছে এই মানসিক স্বাস্থ্য-বিজ্ঞান। সেইবাবে মানসিক স্বাস্থ্য-বিজ্ঞানক ইয়াৰ ব্যৱহাৰিক অথবা কাৰ্যকৰী দিশৰ বিবেচনাৰে চাৰিটা ভিন ভিন পৰ্যায়ত বিভক্ত কৰিব পৰা যায়। এইকেইটা হৈছে-

(১) ব্যক্তি আৰু সমাজৰ লোকৰ মানসিক স্বাস্থ্য অটুট ৰখা বা ৰোগমুক্ত কৰি ৰখা।

(২) মানসিক ৰোগৰ বৃদ্ধিত বাধাদান কৰা।

(৩) মানসিক ৰোগ আৰু ইয়াৰ অস্বাভাৱিকতা বন্ধ কৰিবৰ বাবে প্ৰয়োজনীয় চিকিৎসাৰ ব্যৱস্থা কৰা।

(৪) এই বিষয়ৰ ওপৰত উচ্চ পৰ্যায়ৰ গৱেষণা আৰু পৰীক্ষা-নিৰীক্ষা কাৰ্য গ্ৰহণ কৰা।

ওপৰত উল্লেখ কৰা ক্ৰিয়া পৰ্যায়কেইটাক মানসিক স্বাস্থ্য-বিজ্ঞানৰ লক্ষ্য-উদ্দেশ্য স্বৰূপেও নিক্ষেপিত কৰিব পৰা যায়।

আদৰ্শ আৰু প্ৰত্যাশিত মানসিক স্বাস্থ্যৰ প্ৰয়োজনীয় গুণসমূহ

মানসিক স্বাস্থ্য-বিজ্ঞান অধ্যয়নৰ বেলিকা এজন আদৰ্শ আৰু প্ৰত্যাশিত ব্যক্তিৰ কোনবোৰ গুণ আমি আশা কৰিব পাৰো, অথবা মানসিকভাৱে স্বাস্থ্যৱান ব্যক্তি কোনজন তাৰ বাস্তৱ ধাৰণা আমাৰ মনত থকাটো প্ৰয়োজন। অৱশ্যে এই প্ৰসংগত ক’ব পাৰি যে সম্পূৰ্ণৰূপে ৰোগমুক্ত বা দোষমুক্ত এজন মানসিক সুস্বাস্থ্যৰ ব্যক্তি কেৱল আশা আৰু কল্পনাহে কৰিব পাৰি, বাস্তৱত তাক পাব পৰাটো কঠিন। সি যি নহওক, এই সন্দৰ্ভত বিস্তৃত আলোচনালৈ নগৈ নিম্ন উল্লেখিত ব্যক্তিত্বৰ গুণসমূহৰ প্ৰতি আমাৰ দৃষ্টি নিক্ষেপ কৰিব পাৰি।

  • মানসিকভাৱে স্বাস্থ্যবান লোকৰ অনুভূতিত যথেষ্ট নিৰাপত্তাৰ ভাব থাকিব লাগে।
  • তেওঁৰ মনত যুক্তিসংগতভাবে আত্মবিশ্বাসৰ ভাব থাকিব লাগে।
  • জীৱনৰ লক্ষ্য বাস্তৱভিত্তিক হ’ব লাগে।
  • বাস্তৱতাৰ লগত উপযুক্ত সম্বন্ধ ৰক্ষা কৰিব পৰা শক্তি-ক্ষমতা তেওঁৰ থাকিব লাগে।
  • তেওঁৰ ব্যক্তিত্বত সাধুতা, ন্যায়নিষ্ঠতা আৰু স্থিৰতা বা দৃঢ়তা থাকিব লাগে।
  • নিজ অভিজ্ঞতাৰ যোগে শিকিব পৰা ক্ষমতা তেওঁৰ থাকিব লাগে।
  • আচৰণত যথোচিতভাৱে স্বত:সফূৰ্ততা ভাব তেওঁৰ থাকিব লাগে।
  • পৰিস্থিতিসাপেক্ষে তেওঁৰ আৱেগ-অনুভূতি উচিত আৰু উপযুক্ত হৈ উঠিব লাগে।
  • দলৰ প্ৰতি আনুগত্য আৰু দলৰ প্ৰয়োজন পূৰণ কৰিব পৰা ক্ষমতা তেওঁৰ থাকিব লাগে।
  • যৌন আৱেগ-অনুভূতিৰ বেলিকা তেওঁৰ আচৰণ সুস্থ আৰু যথোচিত বিধৰ হৈ উঠিব লাগে।
  • তেওঁৰ সুস্থ আৰু সমাজৰ গ্ৰহণযোগ্য ক্ৰিয়া-অভ্যাস থাকিব লাগে।
  • তেওঁ আত্মবিশ্বাসী আৰু সদায় আশাবাদী মনোভাৱৰ হ’ব লাগে।
  • মানসিক সংঘাত, উদ্বেগ, ব্যৰ্থতা, বাধাগ্ৰস্ততা আৰু নেতিবাচক মনোভাবৰ পৰা তেওঁ মুক্ত হ’ব লাগে।
  • তেওঁ বৃত্তীয়, পাৰিবাৰিক আৰু সামাজিক জীৱনত সন্তুষ্টি লাভ কৰিব পাৰিব লাগে।
  • তেওঁৰ জীৱন-দৰ্শন সুস্থ, গতিশীল আৰু সময়োপযোগী বিধৰ হৈ উঠিব লাগে।

মানসিক অসুস্থতাৰ কাৰণসমূহ

আজিৰ সমাজত ব্যক্তিৰ মানসিক সুস্থতা-অসুস্থতাৰ বিভিন্ন কাৰণ মনোবৈজ্ঞানিক দৃষ্টিৰে দাঙি ধৰা হৈছে। এই সমূহৰ লগত সাধাৰণভাবে সৰ্বসাধাৰণ লোকসকল পৰিচিত হৈ উঠাটো প্ৰয়োজন। ব্যক্তিৰ মানসিক অসুস্থতাৰ কাৰণবোৰ নিম্নলিখিতভাবে সংক্ষেপে উল্লেখ কৰিব পাৰি।

  • বংশগতিৰ প্ৰভাৱ

জৈৱিক বংশগতিৰ নিম্ন মানবিশিষ্টতা ব্যক্তিৰ মানসিক ৰোগগ্ৰস্ততাৰ মৌলিক কাৰণ বুলিব পাৰি।

  • সামাজিক অনগ্ৰসৰতা

সামাজিকভাৱে পিচ পৰি থকা লোকসকল বৃহত্তৰ সমাজৰ বাবে অপসমাযোজিত হৈ ৰয়।

  • অৰ্থনৈতিক দৰিদ্ৰতা

আৰ্থিক অনাটনত ভোগা লোকসকলে দৰিদ্ৰতাৰ বাবে সামাজিক স্বীকৃতি, মান্যতা আদিৰ পৰা বঞ্চিত হ’ব লগা হয়।

  • প্ৰশাসনিক নীতি-নিয়মৰ কঠোৰতা

প্ৰশাসনৰ দ্বাৰা গ্ৰহণ কৰা কঠোৰ আইনী ব্যৱস্থাই মানুহক মানসিকভাবে ক্ষমতালোভী কৰি তোলে, যি মানসিক ৰোগগ্ৰস্ততাৰ পৰিচায়ক।

  • বিজ্ঞান-প্ৰযুক্তিৰ দ্ৰুত অগ্ৰগতি

বিজ্ঞান-প্ৰযুক্তিৰ অসুস্থ প্ৰভাৱে মানুহক সুস্থ প্ৰাকৃতিক জীৱনৰ সুখ-আনন্দৰ পৰা বঞ্চিত কৰি তোলে।

  • ক্ষমতাৰ অপপ্ৰয়োগ

আইনী নীতি-নিয়মৰ অপপ্ৰয়োগে সমাজত দমন-পীড়ন আৰু অগণতান্ত্ৰিক মনোভাবৰ সৃষ্টি কৰি তোলে।

  • নৈতিক মূল্যবোধৰ অৱক্ষয়

সমাজত নৈতিক মূল্যবোধ ভাবৰ অৱক্ষয় ঘটি মানসিক ৰোগগ্ৰস্ততা সৃষ্টি কৰি তোলে।

গৃহ আৰু স্কুলত মানসিক স্বাস্থ্য ৰক্ষা কৰা

আজিৰ আৰ্থ সামাজিক, ৰাজনৈতিক আৰু বিজ্ঞান প্ৰযুক্তিৰ দ্ৰুত অগ্ৰগতিৰ প্ৰেক্ষাপটত শিশুৰ মানসিক স্বাস্থ্য ৰক্ষা কিদৰে ৰক্ষা কৰি চলিব পৰা যায়, ই প্ৰতিজন শিক্ষক আৰু পিতৃ-মাতৃৰে এক বহুমূলীয়া প্ৰশ্নৰূপে বিবেচিত হৈ উঠিছে। অৱশ্যে ইয়াৰ সহজ উত্তৰ কাৰো হাতত তৎকালীনভাৱে পাব পৰা অৱস্থাত নাই। ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনৰ অনুভৱক্ষম বছৰকেইটাতেই তেওঁলোকৰ মনত আৱেগ-অনুভূতি, ভাববৃত্তি, মনোভাব, মূল্যবোধ ভাব, মনোগ্ৰন্থি আদি গঢ় লৈ উঠে। এই আনুভূতিক অভিজ্ঞতাবোৰে তেওঁলোকৰ প্ৰতিক্ৰিয়া আৰু আচৰণ প্ৰভাৱিত আৰু পৰিচালিত কৰে। ব্যক্তিত্ব গঠন এক নিৰ্দ্দিষ্ট পথেদি স্বকীয় ৰূপত গঢ় লৈ উঠিবলৈ ধৰে। মন কৰিবলগীয়া যে এই ব্যক্তিত্ব গঠনৰ দুটা অতি প্ৰভাৱশালী কৰ্মশালা বা ক্ৰিয়া ক্ষেত্ৰস্বৰূপ হৈছে নি:সন্দেহে গৃহ পৰিবেশ আৰু স্কুলৰ শিক্ষা পৰিবেশ। ল’ৰা-ছোৱালীৰ মানসিক স্বাস্থ্য ৰক্ষাৰ প্ৰসংগত এই দুই দিশৰ নিজ নিজ প্ৰভাৱ সম্বন্ধে চমু বিশ্লেষণ তলত দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে।

গৃহ আৰু পৰিবেশৰ প্ৰভাৱ

শিশুৰ সুস্থ মানসিক বিকাশত গৃহ পৰিবেশৰ প্ৰভাৱৰ কথা সকলোৱে অনুভৱ কৰে। অৱশ্যে এনে অনুভৱক প্ৰণালীবদ্ধভাবে কাৰ্যকৰী ৰূপ দিয়াৰ ক্ষেত্ৰত সকলো লোক সজাগ আৰু সচেষ্ট হৈ উঠা দেখা নাযায়। উল্লেখযোগ্য যে এই ক্ষেত্ৰত মানসিক স্বাস্থ্য ৰক্ষা বিজ্ঞানৰ প্ৰয়োজনীয় বাস্তৱ জ্ঞান-ধাৰণা আৰু দৃষ্টিকোণৰ অভাৱ মূল প্ৰতিবন্ধকতা স্বৰূপ বুলিব পাৰি। এই প্ৰসংগত নিম্ন উল্লেখিত দৃষ্টিকোণকেইটা মন কৰিবলগীয়া।

(১) শিশুৰ প্ৰয়োজনবোৰৰ অনুভৱ

শিশুৰ দেহ-মানসিক প্ৰয়োজনবোৰ শিশু মনৰ দৃষ্টিকোণৰ পৰা অনুভৱ কৰিব পৰা এক মানসিকতাৰ বিশেষ প্ৰয়োজন। এই প্ৰসংগত দাৰ্শনিক ৰুচোৱে তাৎপৰ্যপূৰ্ণভাৱে দৃষ্টি আকৰ্ষণ কৰি কৈছিল, ‘শিশু প্ৰাপ্তবয়স্ক হৈ উঠাৰ পূৰ্বে তাক শিশুস্বৰূপে ব্যৱহাৰ কৰিব লাগে’। এই কথাৰ নিৰ্দেশ বুজি উঠিলেও তাক কাৰ্যত পৰিণত কৰাটো সহজ নহয়।

(২) ক্ৰীড়া পৰিবেশ প্ৰদান

শিশুৰ বাবে খেলাৰ শৈক্ষিক তাৎপৰ্য শিক্ষক-অভিভাৱকসকলে বুজি উঠি তাক কাৰ্যকৰী কৰি তুলিবলৈ তৎপৰ হ’ব লাগে। গৃহ আৰু শিক্ষা পৰিবেশত ইয়াৰ বিজ্ঞানসন্মত ব্যৱস্থা থাকিব লাগে।

(৩) আত্মপ্ৰকাশৰ স্বাধীনতা প্ৰদান

শিশুৰ বাবে খেলা প্ৰয়োগ কৰাৰ মূল উদ্দেশ্য হ’ব লাগে তাৰ জন্ম লব্ধ আৰু অন্তৰ্নিহিত শক্তি-ক্ষমতাৰাজি আত্মপ্ৰকাশৰ সুবিধা দান কৰা।

(৪) শিশুক পিতৃ-মাতৃৰ সৰ্বাধিক সংগ প্ৰদান

শিশুৰ বাবে গৃহ পৰিবেশত পিতৃ-মাতৃৰ সংগলাভ কৰাটো আৰু মৰম-আদৰ পোৱাটোৰ কোনো বিকল্প ব্যৱস্থা থাকিব নোৱাৰে।

(৫) আত্মপ্ৰকাশ আৰু আত্মোপলব্ধিৰ সুবিধা প্ৰদান

শিশুৰ মনত থকা আত্মপ্ৰকাশৰ প্ৰৱণতা বুজি তাক প্ৰয়োজন মতে স্বীকৃতি-প্ৰশংসা প্ৰদানেৰে পুৰস্কৃত কৰিব লাগে। এনে কাৰ্যই ল’ৰা-ছোৱালীৰ মনত আত্মোপলব্ধি আৰু আত্মসন্মানৰ ভাব অনুভব কৰি উঠাত বিশেষ সহায় কৰে।

(৬) অনুশাসনৰ মানদণ্ড ৰক্ষাকৰণ

আত্মানুভৱৰ দ্বাৰা আত্মানুশাসনৰ নীতি ল’ৰা-ছোৱালীৰ গৃহ আৰু শিক্ষা পৰিবেশত গ্ৰহণ কৰিব লাগে, যি নেকি আত্মউপলব্ধিৰ ভাব তেওঁলোকৰ মনত জগাই তুলিব পাৰে, যি সুস্থ ব্যক্তিত্ব গঠনৰ বাবে অতি প্ৰয়োজন।

(৭) দমনমূলক অনুশাসনৰ নীতি পৰিহাৰকৰণ

গৃহ আৰু শিক্ষা পৰিবেশত কৰ্তৃপক্ষই দমনমূলক অনুশাসনৰ নীতি সম্পূৰ্ণ পৰিহাৰ কৰি ব্যক্তিৰ মানসিক স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিব লাগে।

(৮) উচিত মূল্যবোধ ভাব গঠন

শিশুৰ সুস্থ ব্যক্তিত্ব গঠনৰ বাবে গৃহ পৰিবেশত ভাল-বেয়া, শুভ-অশুভ আৰু উচিত-অনুচিতৰ নৈতিক চেতনা আৰু ক্ৰিয়া অনুশীলনৰ যোগে শিশুৰ ভাব-চিন্তা আৰু আচৰণত নৈতিক অভ্যাস গঠন কৰি তুলিব লাগে।

(৯) সামাজিক আৰু সাংস্কৃতিক সংস্কাৰ সাধন

গৃহ পৰিবেশত পিতৃ-মাতৃয়ে নিজ সন্তানৰ মনত সংস্কাৰ সাধনমূলক, বিকাশ সাধনমূলক আৰু গতিশীলতাৰ নীতি গ্ৰহণ কৰিবলৈ শিকাব লাগে যাৰ দ্বাৰা বিকাশৰ পথ প্ৰশস্ত কৰি তুলিব পাৰে।

(১০) ইতিবাচক আৰু গতিশীলতাৰ দৃষ্টিভংগী গঠন

পিতৃ-মাতৃয়ে গৃহ পৰিবেশৰ মাজত শিশুৰ ভাব-অনুভূতি, দৃষ্টিভংগী আৰু ক্ৰিয়া-আচৰণত ইতিবাচক, আশাবাদী আৰু প্ৰগতিশীল মনোভাব গঠন কৰি তোলাৰ প্ৰতি বিশেষ লক্ষ্য ৰাখিব লাগে। ইতিবাচক মানসিকতাই তেওঁলোকৰ ক্ৰিয়া-আচৰণত সুস্থ আৰু সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলায়।

সন্তানৰ প্ৰতি পিতৃ-মাতৃয়ে ল’ব লগা কেতবোৰ উপযুক্ত পদক্ষেপ

  • পৰিয়ালত সুস্থ আৰু আন্তৰ্জাতিক বুজা-পৰাৰ পৰিবেশ গঢ়ি তুলিব লাগে।
  • পিতৃ-মাতৃয়ে শিশুৰ নিম্ন গুণমান বিশিষ্টতাক ব্যৰ্থতাৰে আনৰ আগত দাঙি ধৰিব নালাগে।
  • আন পৰিয়ালৰ শিশুৰ লগত পিতৃ-মাতৃয়ে নিজ শিশুক হতাশাৰ মনোভাবেৰে তুলনা কৰিব নালাগে।
  • তেওঁলোকে নিজ শিশুক অতিমাত্ৰা আবদাৰ কৰিব অথবা অৱহেলা কৰিব নালাগে।
  • শিশুৰ উপস্থিতিত পিতৃ-মাতৃয়ে কাজিয়া কৰি দেখুৱাব নালাগে।
  • শিশুৰ ভৱিষ্যত সম্বন্ধে তেওঁলোকে অতিমাত্ৰা উদ্বিগ্নতা প্ৰকাশ কৰি দেখুৱাব নালাগে।
  • শিশুৰ প্ৰতি কৰা আচৰণত তেওঁলোকে অগণতান্ত্ৰিক মনোভাব দেখুৱাব নালাগে।
  • শিশুৰ যুক্তিসংগত প্ৰয়োজন পিতৃ-মাতৃয়ে পূৰণত সংকোচ ভাব দেখুৱাব নালাগে।
  • শিশুৰ মনত তেওঁলোকে আত্মবিশ্বাসৰ ভাব জগাই তুলিব লাগে।
  • শিশুৰ ব্যক্তিত্ব হেয় প্ৰতিপন্ন কৰিব পৰা কোনো মনোভাব বা মন্তব্য তেওঁলোকে শিশুৰ উপস্থিতিত প্ৰকাশ কৰিব নালাগে।
  • সন্তানে পিতৃ-মাতৃৰ পৰা সদায় আৱেগিক নিৰাপত্তা ভাব অনুভব কৰিব পাৰিব লাগে।
  • শিশুক প্ৰয়োজন অনুসৰি পিতৃ-মাতৃয়ে প্ৰত্যয় নিয়াব পৰাকৈ নিদেৰ্শনা আৰু পৰামৰ্শ দিব লাগে।

ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্য ৰক্ষাৰ দিশত শিক্ষকৰ ভূমিকা

স্কুলক সচৰাচৰ শিক্ষা বিকাশৰ এক সুপৰিকল্পিত আৰু সুনিয়ন্ত্ৰিত পৰিবেশস্বৰূপে জনা যায়, যাৰ যোগেদি ল’ৰা-ছোৱালীৰ সুস্থ চৰিত্ৰ আৰু আদৰ্শ ব্যক্তিত্ব বিকশাই তুলিব পাৰি।

প্ৰয়োজনীয় আৰু প্ৰত্যাশিত ভূমিকা

এই প্ৰসংগত স্কুলৰ নিম্ন উল্লেখিত দিশবোৰৰ প্ৰয়োজনীয় আৰু প্ৰত্যাশিত ভূমিকা মন কৰিবলগীয়া।

(১) উদ্দেশ্যধৰ্মী পাঠ্যক্ৰম

মাধ্যমিক শিক্ষাৰ পাঠ্যক্ৰম সামাজিক প্ৰয়োজন আৰু অৱসৰ সময়ৰ প্ৰয়োজন পূৰণমুখী কৰি তুলিব লাগে।

(২) শিক্ষণ পদ্ধতি সক্ৰিয়কৰণ

শিক্ষাদানৰ পদ্ধতি সক্ৰিয় আৰু সহযোগিতামূলক কৰি তুলিব লাগে।

(৩) দমনমূলক অনুশাসন পৰিহাৰকৰণ

অনুশাসন ব্যৱস্থা মুক্ত, আত্মনিয়ন্ত্ৰণ আৰু আত্ম অনুশাসনমূলক কৰি তুলিব লাগে।

(৪) শিক্ষক-অভিভাৱক সন্মিলন গঠন

ছাত্ৰ-ছাত্ৰীৰ দেহ-মানসিক সমস্যা সমাধানৰ বাবে শিক্ষক-অভিভাৱক সন্মিলনে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিব লাগে।

(৫) মূল্যবোধৰ শিক্ষা ব্যৱস্থা

মূল্যবোধ শিক্ষা প্ৰদানৰ যোগে তেওঁলোকৰ মনৰ নেতিবাচক মনোভাব গুচাই ইতিবাচক মনোভাব গঢ়ি তুলিব লাগে।

(৬) দৈহিক শিক্ষা আৰু যোগ শিক্ষা

দেহ-মানসিক সুস্থতা ৰক্ষা কৰিবৰ বাবে স্কুলত দেহ-চৰ্চ্চা আৰু যোগ-শিক্ষাৰ ব্যৱস্থা কৰিব লাগে।

(৭) শিক্ষাৰ গণতান্ত্ৰিক মনোভাব

ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্য ৰক্ষাৰ উদ্দেশ্যে শিক্ষকৰ ভাব-অনুভূতি আৰু ক্ৰিয়া গণতান্ত্ৰিক মনোভাবৰ হৈ উঠিব লাগে।

(৮) বৃত্তিমূলক শিক্ষা-নিদেৰ্শনা

মানসিক স্বাস্থ্য ৰক্ষাৰ উদ্দেশ্যে মাধ্যমিক স্কুলত বৃত্তীয় নিদেৰ্শনাৰ ব্যৱস্থা কৰিব লাগে।

(৯) যৌন শিক্ষা

কিশোৰ-কিশোৰীসকলক তেওঁলোকৰ সুস্থ যৌন-জীৱন গঠনৰ বাবে যৌন-শিশা আৰু যোগ-শিক্ষাৰ ব্যৱস্থা কৰিব লাগে।

(১০) শিক্ষকৰ মানসিক স্বাস্থ্য

ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্য ৰক্ষাৰ বাবেই শিক্ষকৰ মানসিক সুস্থতা ৰক্ষাৰো প্ৰয়োজনীয় ব্যৱস্থা কৰিব লাগে।

লেখক: যতীন বৰুৱা,

উচ্চতৰ মাধ্যমিক শিক্ষা

3.0
পঙ্কজ Jan 17, 2019 08:17 PM

সুন্দৰ

Pulin Saikia Jan 02, 2019 07:24 PM

সুন্দৰ পদক্ষেপ

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top