মূল পৃষ্ঠা / স্বাস্থ্য / মানসিক স্বাস্থ্য / মানসিক স্বাস্থ্য ধৰি ৰখাৰ উপায় :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মানসিক স্বাস্থ্য ধৰি ৰখাৰ উপায় :

মানসিক স্বাস্থ্য ধৰি ৰখাৰ উপায়ৰ বিষয়ে লিখা হৈছে ।

 

বিশ্ব স্বাস্থ্য সংস্থাই দিয়া অনুজ্ঞা অনুসৰি ‘Health is a state of complete physical, mental and social well being and not merely the absence of disease or infirmity’ থোৰতে ক’বলৈ হ’লে কোনোধৰণৰ ৰোগ- ব্যাধিৰ অনুপস্থিতিত শাৰীৰিক, মানসিক আৰু সানাজিক সুস্থতাকে স্বাস্থ্য বুলিব পাৰি। কিন্তু প্ৰায়ে দেখা যায় যে আমি মানসিক দিশটোক কিছু অৱহেলা কৰো। এক সুন্দৰ জীৱন যাপনৰ বাবে শৰীৰ আৰু মনৰ মাজত সমতা থকাটো খুবেই প্ৰয়োজনীয়। আমাৰ মনটো বিভিন্ন কাৰ্যকলাপৰ সমষ্টি, যেনে- চিন্তন, নিৰীক্ষণ, আৱেগ, অনুভূতি, ইচ্ছা-অনিচ্ছা, সপোন, আশা-নিৰাশা, স্মৰণ, বিবেচনা ইত্যাদি। বয়স বঢ়াৰ লগে লগে এই প্ৰক্ৰিয়া আৰু জটিল হৈ পৰে। উদাহৰণস্বৰুপে এটি ৩/৪ বছৰীয়া শিশু, ১৮/১৯ বছৰীয়া তৰুণ-তৰুণী আৰু ৬০ বছৰীয়া প্ৰৌঢ় ব্যক্তিৰ ইচ্ছা, আশা-আকাংক্ষা, চিন্তা- বিবেচনা কৰাৰ শক্তিত বহুখিনি পাৰ্থক্য আছে।

মানসিক ৰোগৰ ক্ষেত্ৰখন বহল পৰিসৰৰ, যিয়ে প্ৰায় সকলো ধৰণৰ মানসিক আৰু ব্যৱহাৰিক ৰোগসমুহৰ কথা বুজায়, যি ক্ৰুটিপুৰ্ণ বা ভূল উপলব্ধি, আৱেগ, চিন্তনৰ ফলত হোৱা দেখা যায়। সেয়েহে আমি নিজৰ মানসিক স্বাস্থ্যক সুস্থৰুপে ৰখাটো অতি আৱশ্যক। তৎসত্ত্বেও কেতিয়াবা আমি এনে কিছু ব্যৱহাৰ আৰু অভ্যাস আৰম্ভ কৰো, যি আমাক মানসিকভাৱে মন্দ অৱস্থালৈ পৰিচালনা কৰিব পাৰে। এনে ব্যৱহাৰৰ আৰু অভ্যাস আৰম্ভ কৰো, যি আমাক মানসিকভাৱে মন্দ অবস্থালৈ পৰিচালনা কৰিব পাৰে। এনে ব্যৱহাৰৰ ফলত প্ৰায়ে সীমিতৰ পৰা প্ৰখৰ পৰিসৰলৈকে উদ্বিগ্নতা বা হতাশা দেখা যায়। এনে কিছু ব্যৱহাৰ, যিয়ে মানসিক মন্দ অৱস্থাটোকে বুজায়, তেনে ধৰণৰ ব্যৱহাৰসমূহ হ’ল-

১) বিশৃংখল দৈনন্দিন কৰ্ম তালিকা

২) বদমেজাজী (short tempered) আৰু বিৰক্তিকৰ ব্যৱহাৰ

৩) অতিমাত্ৰা খং আৰু আক্ৰমণাত্মক আচৰণ।

৪) ধৈৰ্যহীনতা

৫) ভোক বঢ়া বা কমা তথা বদহজমী

৬) অনিয়মীয়া নিদ্ৰাৰ প্ৰকাৰ, যেনে-নিদ্ৰাহীনতা, অত্যধিক টোপনি নাই বা পাতলীয়া টোপনি।

৭) ব্যক্তিগত সম্পৰ্কত তিক্ততা

৮) ভয়, উদ্বিগ্নতা

৯) নিজৰ আৰু আনৰ প্ৰতি ঋণাত্মক মনোভাব

১০) অনিয়মীয়া আৰু অস্বাভাৱিক শাৰীৰিক অৱস্থা, যেনে- উচ্চ-নিম্ন ৰক্তচাপ, বুকুৰ ধৰফৰণি আদি।

১১) নিচাযুক্ত দ্ৰব্যৰ অত্যধিক ব্যৱহাৰ।

জন্মৰ পৰা মৃত্যুৰ সময়লৈ মানৱ শৰীৰৰ বৃদ্ধিৰ লগে লগে তেওঁলোকৰ আচৰণ, ব্যক্তিত্বও সলনি হয়। মানৱ শৰীৰৰ বিকাশক আমি প্ৰধানত: ৬ টা ভাগত ভাগ কৰিব পাৰো। মাতৃগৰ্ভত থক সময়ছোৱা (ভ্ৰুণ আকাৰত), কেঁচুৱা কাল, শিশুকাল, কৈশোৰকাল, প্ৰাপ্তবয়স্ক আৰু প্ৰৌঢ়কাল। যদি প্ৰত্যেকটো বিকাশৰ স্তৰক আমি শুদ্ধ ৰুপত পৰিচালনা কৰিব পাৰো, বিশেষকৈ শিশুকালত, তেন্তে সেই ব্যক্তিজনৰ মানসিক স্বাস্থ্যক আমি সুস্থ ৰুপত গঢ়ি তুলিব পাৰো। অৱশ্যে ইয়াৰ লগতে সুস্থ পৰিৱেশ আৰু জন্মপ্ৰদত্ত চাৰিত্ৰিক বৈশিষ্ট্যসমুহৰো এক গুৰুত্বপূৰ্ণ ভূমিকা আছে।

গৰ্ভাৱস্থাত মানসিক স্বাস্থ্যৰ যতন -

গৰ্ভৱতী অৱস্থাত মাতৃ এগৰাকীৰ আৱেগিক অভিজ্ঞতাই পিছলৈ নৱজাতক শিশুৰ প্ৰতি গঢ় লৈ উঠা দৃষ্টিভংগী এক উল্লেখযোগ্য ভূমিকা পালন কৰে। যদি গৰ্ভাৱস্থাত মাতৃগৰাকী সুখী হয়, তেন্তে শিশুটোকো সিমান আনন্দৰে পৃথিৱীলৈ আদৰিব। বিভিন্ন অধ্যয়ন কৰি দেখা গৈছে যে গৰ্ভাৱস্থাত মাতৃৰ আৱেগিক অৱস্থাই তেওঁৰ গৰ্ভত স্থিত ভ্ৰুণত প্ৰভাৱ পেলায়। যিসকল মাতৃ গৰ্ভাৱস্থাত দীঘলীয়া আৱেগিক চাপত থাকে, তেওঁলোকৰ পিছলৈ শিশুটিৰ প্ৰতিপালনত বহুতো অসুবিধা আহি পৰে। পৰিয়ালৰ আন সদস্যসকলো নিশ্চিত হ’ব লাগে যে গৰ্ভাৱস্থাত নাৰীগৰাকী কোনোধৰণৰ ক্ষতি, নিৰাশা, দ্বন্দ, অপ্ৰীতিকৰ চাহিদাৰ বাবে যাতে অসুখী নহয়। গৰ্ভাৱস্থাত মাতৃগৰাকীৰ মনোজগতত বিভিন্ন কথাই দোলা দি থাকে। হয়তো তেওঁ নিজৰ স্বামীৰ পৰা কোনো সময়ত অৱহেলিত হোৱাৰ আশংকাত ভুগিব পাৰে। নাইবা গৰ্ভৱতী হৈ থকা কালছোৱাত নিজকে শাৰীৰিকভাৱে আহত হোৱা আৰু দৈহিক আকাৰ বিকৃত হোৱা বুলি ভাবিব পাৰে। কোনো কোনোৱে হয়তো শিশু এটি জন্মৰ পিছত হ’ব লগা অৰ্থনৈতিক টনাটনিৰ কথা ভাবিও শংকিত হোৱা দেখা যায়। আনহাতে এনে কিছুসংখ্যক মাতৃ আছে- যি শিশুৰ জন্মৰ পিছত ল’ব লগা প্ৰতিপালনৰ কথা চিন্তা কৰি উদ্বিগ্ন হৈ পৰে। এইধৰণৰ ভয়-আশংকাই গৰ্ভাৱস্থাত মাতৃগৰাকীক অসুস্থ কৰি তোলে। তাৰ ফলশ্ৰুতিত মাতৃগৰাকীয়ে ক’ব নোৱাৰাকৈ শিশুটিৰ অনিষ্ট কৰে। নৱজাতক এটিৰ সম্পূৰ্ণ বিকাশ আৰু পৰিৱেশৰ সহাৱস্থা সেয়েহে মাতৃগৰাকীৰ ওপৰতে নিৰ্ভৰ কৰে।

কেঁচুৱা কালত মানসিক স্বাস্থ্যৰ যতন -

সাধাৰণতে জন্মৰ পৰা এক-ডেৰ বছৰ বয়সৰ বিকাশক আমি কেঁচুৱা কাল বুলি কওঁ। আমি সিমান উপলব্ধি কৰিব নোৱাৰিলেও এইটো সত্য যে জন্মৰ সময়ছোৱা নৱজাতকটোৰ বাবেও এটা ভীষণ ভয়, চিন্তা আৰু উদ্বিগ্নতাৰ অৱস্থা। মাতৃগৰ্ভত শিশু এটিয়ে নিজকে এক উমাল আৱৰণৰ মাজত উপভোগ কৰে। জন্মৰ লগে লগে শিশুটিক সেই উম, আৰাম, পুষ্টি আৰু গ্ৰহণযোগ্যতাৰ প্ৰয়োজন। সময়ে সময়ে শিশুটিয়ে দৈহিক সংস্পৰ্শ বিচাৰে, আলিংগনৰ প্ৰয়োজন- যিয়ে শিশুটিৰ মনত আত্মীয়তাৰ ভাব গঢ়াই তুলিব। সেয়েহে হয়তো যৌথ পৰিয়ালসমূহত শিশুটিয়ে মৰমেৰে ডাঙৰ- দীঘল হ’বলৈ সুবিধা পায়। দৈহিক চাহিদা পূৰণৰ সমানে আৱেগিক চাহিদাও গুৰুত্বপূৰ্ণ। শিশু অৱস্থাৰ পৰাই নৱজাতকটিক মৰম, আদৰ আৰু নিৰাপত্তাৰ আৱেষ্টনীত ৰাখিব লাগে। ইয়াৰ লগতে পিতৃ-মাতৃ তথা ঘৰুৱা সদস্যসকলেও ঘৰৰ পৰিৱেশৰ হাঁহি-স্ফূৰ্তিৰে জীপাল কৰি ৰাখিব লাগিব। যিহেতু কেঁচুৱা পৰিচৰ্যাত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বহুখিনি ভূমিকা আছে সেয়ে ঘৰৰ চৌপাশ চাফ- চিকুণকৈ ৰখাটো দৰকাৰ।

শিশুকালত মানসিক স্বাস্থ্যৰ যতন -

শিশুকালছোৱাক মূলত: দুটা ভাগত ভগাব পাৰি। প্ৰথমভাগ বিদ্যালয়লৈ যোৱাৰ আগৰ কালছোৱা -২ ৰ পৰা ৫ বছৰ বয়স (যদিও আজিকালি ৩ বছৰ বয়সৰ পৰা প্ৰাক-প্ৰাথমিক বিদ্যালয়লৈ যোৱা আৰম্ভ কৰে)। এই সময়ছোৱাত শিশুৰ সূক্ষ্ম শাৰীৰিক বিকাশৰ লগতে দৈহিক অংগ সঞ্চালনৰ কামসমূহো আৰম্ভ হয়। যেনে- খোজ কঢ়া, দৌৰা, জঁপিওৱা আৰু সমতা (Balance) ৰক্ষা কৰিবলৈ শিকা। ইয়াৰোপৰি শিশুৰ পঞ্চ ইন্দ্ৰিয়ৰ বিকাশ ঘটে, মাত ফুটে, সম্পূৰ্ণ বাক্য ক’ব পৰা হয়, লগতে আৱেগিক বিকাশৰ আৰম্ভণি হয়। মৰম, দোষ, ঈৰ্ষা, খং আদি বুজি পায়। অৰ্থাৎ এককথাত ক’বলৈ গ’লে শিশু কালছোৱা দ্ৰুত শাৰীৰিক, বুদ্ধিগত আৰু আৱেগিক বিকাশৰ সমষ্টি। এই সময়ছোৱাৰ সঠিক মানসিক সুস্থতাৰ বাবে তলৰ কথাবোৰ গুৰুত্বপুৰ্ণ-

মৰমেৰে সকলোকে বশ কৰিব পাৰি। পিতৃ-মাতৃ আৰু ঘৰৰ বাকী সদস্যসকলে সদায় মৰমেৰে সন্তানক চোৱা-চিতা কৰিব লাগে, যাতে তেওঁলোকৰ মনত এক আত্মীয়তা আৰু নিৰাপত্তাৰ ভাব গঢ়ি উঠে। এই সময়ছোৱাত প্ৰায়ে দেখা যায়- যদি পৰিয়াললৈ আন এটি নৱজাতকৰ আগমন হয়, তেন্তে প্ৰথম সন্তানটিৰ মনত কিছু নিৰাপত্তাহীনতাৰ ভাব গঢ়ি উঠিব পাৰে। যাৰ ফলত শিশুটিৰ ব্যৱহাৰিক খেলিমেলি দেখা যায়। সেইবাবে নিজৰ সন্তানৰ প্ৰতি থকা আদৰ-সাদৰ আৰু মৰমক সমানে বিলাই দিব লাগে।

এই সময়ছোৱাত শিশুটিৰ মনটো খুব কৌতূহলী হয়। প্ৰতিটো বস্তুৱে তেওঁলোকৰ মনত চিন্তাৰ খোৰাক যোগাব পাৰে। তেওঁলোকৰ এই জিজ্ঞাসাক কেতিয়াও শেষ হ’বলৈ দিব নালাগে। সকলো প্ৰশ্নৰ উত্তৰ শুদ্ধভাৱে তেওঁলোকৰ আগত উপস্থাপন কৰিবল্লাগে।

এই কালছোৱাত শিশুসকলক গঠনমূলক কাৰ্যত জড়িত হ’বলৈ সুবিধা দিব লাগে। তেওঁলোকৰ বয়স আৰু মন অনুযায়ী ইয়াৰ চিনাক্তকৰণ কৰিব লাগে।

শিশুসকলক এই বয়সত যিমান পাৰি বাহ্যিক খেলা-ধূলাৰ বাবে উৎসাহিত কৰিব লাগে আৰু লগতে সম্পূৰ্ণ সুবিধা প্ৰদান কৰিব লাগে। এই অভ্যাসে পৰৱৰ্তী সময়ত তেওঁলোকৰ শাৰীৰিক বিকাশত সহায় কৰিব।

শিশুসকলৰ ঘৰুৱা পৰিৱেশ, মৰম আৰু বুজাবুজিৰ হ’ব লাগে। ইয়াৰ বাবে ব্যক্তিগত সম্পৰ্কসমুহ মসৃণ আৰু ঘৰখনত এক সুশাসন থাকিব লাগে। পিতৃ-মাতৃৰ মাজত সঘনাই হৈ থকা কাজিয়া-পেচালবোৰে শিশুৰ মানসিক স্বাস্থ্যত প্ৰভাৱ পেলায়। তদুপৰি ঘৰখনৰ পৰিৱেশ বিনষ্ট কৰে। ইয়াৰ ফলত শিশুসকলৰো আঙুলি চোপা, ৰাতি টোপনিত প্ৰস্ৰৰ্ৱ কৰা আদি উপসৰ্গই দেখা দিয়ে। শিশুকালৰ দ্বিতীয়ভাগ আৰম্ভ হয় ৬-১২ বছৰ বয়সলৈ। বিভিন্ন মনোবিজ্ঞানীয়ে এই সময়ছোৱাক বিভিন্ন নামেৰে সম্বোধন কৰে, যেনে-   ইত্যাদি। কিয়নো, এই সময়ছোৱাত শিশুটিয়ে নিজকে সকলো জনা বুলি ভাবে আৰু প্ৰায়সংখ্যক শিশুৰে নিজকে তেওঁৰ বন্ধু-বান্ধবীৰ দলৰ এক গুৰুত্বপূৰ্ণ অংশ বুলি ভাবিবলৈ লয়।

এই সময়ত শিশুটিয়ে বিদ্যালয়ত যথেষ্ট সময় কটায়। ঘৰত মুকলি পৰিৱেশৰ পৰা এখন অচিনাকি বিদ্যালয়লৈ যায়, য’ত তেওঁ এটা নতুন পৰিৱেশ পায়, নতুন নতুন ল’ৰা- ছোৱালীৰ লগত চিনাকি হয়। শিক্ষক-শিক্ষয়িত্ৰীৰ শাসনৰ মাজত সময় কটাবলগীয়া হয়। সেয়েহে শিশুটিৰ মনত যাতে এনে ভাবৰ উদয় নহয় যে ঘৰত অশান্তি বা উৎপাত কৰি থকাৰ বাবেহে শাস্তি হিচাপে তেওঁক স্কুললৈ পঠিওৱা হৈছে।

যিদৰে এখন হাতৰ পাঁচ আঙুলি সমান নহয়, ঠিক সেইদৰে শিক্ষক-শিক্ষয়িত্ৰী আৰু পিতৃ-মাতৃসকলেও এইটো মনত ৰখা উচিত যে ব্যক্তিভেদে পাৰ্থক্য থাকে। শিক্ষক- শিক্ষয়িত্ৰীসকলে বিদ্যালয়ত এই ভিন্নতা আদিৰ ল’বলৈ শিকিব লাগিব। লগতে পঢ়া- শুনাৰ ক্ষেত্ৰত এজন এজনকৈ গুৰুত্ব দিব-লাগিব। পিতৃ-মাতৃসকলেও বেলেগ ল’ৰা- ছোৱালীৰ লগত নিজৰ সন্তানটিৰ তুলনা কৰি তেওঁলোকক কোনো অশান্তি দিব নালাগে। শিক্ষক-শিক্ষয়িত্ৰীসকলে বিদ্যালয়ত এনে এটা পৰিৱেশ দিব লাগে- য’ত ছাত্ৰ-ছাত্ৰীসকলে নিজকে আৱেগিকভাৱে সম্প্ৰসাৰণ কৰিবলৈ সুবিধা পায়। ছাত্ৰ-ছাত্ৰীসকলৰ বিদ্যায়তনিক দিশৰ লগতে অৱসৰৰ সময়খিনি যাতে উচিতভাৱে পাৰ কৰিব পাৰে তাৰ বাবে বিশেষ ধ্যান দিব লাগে। মাক-দেউতাক, শিক্ষক-শিক্ষয়িত্ৰীৰ অৱদমিত ব্যৱহাৰ আৰু তেওঁলোকৰ বিদ্ৰূপভৰা মন্তব্য, ইতিকিং আৰু ভাবুকিয়ে শিশুৰ মনত বিৰুপ প্ৰভাৱ পেলাব পাৰে, যেনে- মন মাৰি থকা, সামাজিকভাৱে বিচ্ছিন্ন হোৱা ইত্যাদি। পিতৃ-মাতৃসকলে প্ৰত্যেকদিনাই শিশুসকলৰ লগত মুকলিকৈ কথা পাতিব লাগে আৰু তেওঁলোকৰ মত দিয়াৰ আগেয়ে শিশুসকলৰ মনৰ কথা বুজিবলৈ চেষ্টা কৰিব লাগে।

শিশুসকলৰ মনটো ঠুনুকা। তেওঁলোকৰ ফলাফলক পিতৃ-মাতৃ আৰু শিক্ষক- শিক্ষয়িত্ৰীসকলে লাভ-লোকচানৰ তুলাচনীত মাপ নকৰি আৰু আগবাঢ়ি যাবলৈ উৎসাহ প্ৰদান কৰিব লাগে। ইয়াকে নকৰিলে হয়তো তেওঁলোকৰ মনত হীনমন্যতাৰ ভাব জন্ম হ’ব আৰু সম্ভাব্য প্ৰতিভাসমুহ কলিতেই মৰহি যাব।

লেখিকা: গায়ত্ৰী বৰা কলিতা (জি এনআৰচি স্বাস্থ্য)

3.125
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top