মূল পৃষ্ঠা / স্বাস্থ্য / মানসিক স্বাস্থ্য / মানসিক স্বাস্থ্যৰ বাবে যোগ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মানসিক স্বাস্থ্যৰ বাবে যোগ

মানসিক স্বাস্থ্যৰ বাবে যোগৰ বিষয়ে লিখা হৈছে ।

আধুনিক সমাজ-ব্যৱস্থাত আমি সকলোৱে কম- বেছি পৰিমাণে শাৰীৰিক আৰু মানসিক চাপত আক্ৰান্ত । সকলোৱে বৰ্তমান সময়ৰ পৰিৱেশ-পৰিস্থিতি, যেনে- অফিচৰ দায়িত্ব, ৰজনীতিৰ পৰিৱৰ্তন, পৰীক্ষা ব্যৱস্থা, শাৰীৰিক সক্ষমতা, সামাজিক পৰিস্থিতি-এনে অনেক অঘোষিত প্ৰতিযোগিতৰ মেৰপাকত পৰি এক বিশৃংখল আৰু মানসিক চাপযুক্ত জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে ।

প্ৰতিটো চিন্তাই শৰীৰৰ ওপৰত প্ৰভাৱ পেলায় । অত্যধিক চিন্তাই হৃৎপিণ্ড, ৰক্তচাপ, মধুমেহ, মানসিক চাপ, বৃক্ক বিকলতা আদিৰ সৃষ্টি কৰে । আজিকালি সৰু বৰ  সকলো ব্যক্তিয়ে মনোদৈহিক চাপৰ চিকাৰ হৈছে । অত্যধিক মানসিক চাপে মানুহৰ মনত দু:চিন্তা ,উদ্বেগ, উৎকণ্ঠা, হিংসা, বিচ্ছেদ বাঢ়ি গৈ আনকি ছুইচাইড পৰ্যন্ত চূড়ান্ত ৰুপ লয়গৈ ।

সি যি নহওক, এনেধৰণৰ মাৰাত্মক সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ সমগ্ৰ বিশ্বৰ জনতা যোগৰ প্ৰতি আগ্ৰহী হৈ উঠিছে আৰু বহুতো সুফলো লাভ কৰিছে । যোগে আমাক মানসিক চাপৰ পৰা মুক্ত কৰি মানসিক শান্তি আৰু আনন্দ প্ৰদন কৰিব পাৰে । যোগৰ জৰিয়তে শাৰীৰিক আৰু মানসিকভাৱে আমি বহু ক্ষেত্ৰত লাভান্বিত হ’ব পাৰো ।

১) আন্তৰিক শক্তি বৃদ্ধিৰ বাবে যোগ :-

আপুনি এনে যোগ অভ্যাসী দেখিছেনে, যি প্ৰায় হাঁহি-স্ফূৰ্তি আনন্দত থাকে । যদি দেখিছে হয়, ই যোগৰে এক অন্যতম সুফল । যোগৰ দ্বাৰাই ভিতৰৰ পৰা গভীৰ প্ৰশান্তি, লগতে ইতিবাচক শক্তি বিস্তাৰিত হৈ ব্যক্তিক স্থিতপ্ৰজ্ঞ অৱস্থালৈ উন্নীত কৰাব পাৰে ।

২) একাগ্ৰতা আৰু মানসিক শক্তি বৃদ্ধি :-

আমি সকলোৱে বেছিভাগ সময় ভবিষ্যৎ আৰু অতীতৰ ঘটনাৰাজিৰ বিষয়ে চিন্তা কৰি সময় নষ্ট কৰো । কিন্তু যোগৰ সিদ্ধান্ত অনুসৰি আমি বৰ্তমান সময়ক লৈ বেছিকৈ শক্তি কেন্দ্ৰিত কৰিব লাগে । এই ধাৰণা বুজি উঠাৰ অসুবিধা হয়, কিন্তু নিৰন্তৰ যোগাভ্যাসৰ পৰা এই কথা বুজা গৈছে যে শৰীৰ- মনক  স্ংযোগ কৰিব নোৱৰা এই অৱস্থাটোক লাহে লাহে শাৰীৰিক সঞ্চালন আৰু শ্বাস-প্ৰশ্বাসৰ দ্বাৰা নিয়ন্ত্ৰণ কৰি এটা নিৰ্দিষ্ট বিন্দুত কেন্দ্ৰীভূত কৰিব পৰা যায় । ইয়াৰ দ্বাৰাই ৰক্ত সঞ্চালন আৰু অক্সিজেব ঊৰ্ধ্বমুখী কৰাত সহায় কৰে আৰু দিনটো যিকোনো পৰিস্থিতি মোকাবিলাক কৰিবলৈ সক্ষম কৰি তোলে ।

৩) ওজন নিয়ন্ত্ৰণ ৰখাত যোগ :-

ৰোগৰ দ্বাৰা ওজন কমোৱা বা ওজন নিয়ন্ত্ৰণ ৰখা বিষয়টো এক সহজলভ্য হৈ পৰিছে । শৰীৰত ওজন কেনেকৈ কমাব বুলি বহি থকাতকৈ একো নকৰাতকৈ কিবা এট কৰাটো বেছি ব হাল । যদি আপুনি নিতৌ যোগাভ্যাস কৰে। তেন্তে শৰীৰৰ স্থূলতা নাইকিয়া হৈ শাৰীৰিক গঠন সুন্দৰ-সুঠাম হয় । ইয়ে আপোনাৰ আত্মবিশ্বাস আৰু উৎসাহ দুগুণ বৃদ্ধি কৰিব ।

৪) শক্তি, নমনীয়তা আৰু ভাৰসাম্য বৃদ্ধি :-

নিজৰ শৰীৰটো সময়ত লোহাৰ দৰে কঠিন আৰু ৰবৰৰ দৰে ঢিলা কৰি দিব পৰাটো যোগৰ অন্যতম সক্ষমতা। যেতিয়া নিয়মিতভাৱে যোগাভ্যাস কৰা হয়, তেতিয়া শাৰীৰিক স্থিতি সুন্দৰ হয় আৰু আঘাতৰ পৰা বা বাৰ্ধক্যজনিত দুখ-কষ্ট লাঘৱ কৰিব পাৰি । আৰম্ভণিতে সহজ যৌগিক ক্ৰিয়াসমূহ কৰি লাহে লাহে অভিজ্ঞ যোগ বিশেষজ্ঞৰ তত্ত্বাৱধানত থাকি নিজৰ অভ্যাস আগুৱাই লৈ যাব লাগে ।

বৰ্তমান সময়ত মানুহৰ জীৱন ধাৰণ প্ৰণালীটো অতি ব্যস্ততাপূৰ্ণ হৈ পৰিছে । যিয়ে নেকি ব্যক্তিয়ে একঘেয়ামী চিন্তাই দিনকদিনে অপ্ৰাকৃতিক আৰু নিৰস কৰি তুলিছে । যদিহে আমি কিছুমান আসন, প্ৰাণায়াম, মুদ্ৰা অভ্যাস কৰো তেন্তে এটা সুন্দৰ চাপমুক্ত জীৱন উপভোগ কৰিব পাৰো । তাৰ বাবে দিনটোৰ ভিতৰত ৪৫ মিনিট সময় উলিয়াই নিয়মিতভাৱে যোগাভ্যাস কৰিব লাগিব । কিছুমান নিৰ্দিষ্ট আসন-প্ৰাণায়ামে আমাক শাৰীৰিক আৰু মানসিকভাৱে ৰোগমুক্ত কৰি উপকাৰ সাধিব পাৰে । তাৰে যোগাভ্যাসৰ তালিকাত অন্তৰ্ভুক্ত কৰিব পৰা আসন-প্ৰাণায়াম হিচাপে আমি সূৰ্য নমস্কাৰ, ভুজংগাসন, শলভাসন, বিপৰীতকৰণী, সেতুবন্ধাসন, বক্ৰাসন, বালাসন, শীতলী প্ৰাণায়াম, দীৰ্ঘশ্বাস, নাড়ী শুদ্ধি, ভ্ৰামৰি প্ৰাণায়াম অভ্যাস কৰিব পাৰো ।

তদুপৰি সহজতে বোধগম্য হোৱা পৃথিৱীৰ আদি শব্দ ওঁকাৰ বা প্ৰণৱ সাধনা কৰি প্ৰতিজন ব্যক্তিয়ে নি:সন্দেহে নিজৰ জীৱন সুন্দৰ কৰিব পাৰে । বিদ্যালয়-মহাবিদ্যালয়ত কৰা গৱেষণাৰ পৰা প্ৰমাণিত হৈছে যে দৈনিক ওঁকাৰ উচ্চাৰণ কৰিলে মানসিক চাপ কম হয় আৰু নিতৌ ইয়াৰ অভ্যাস ৰাখিলে এনে অৱস্থাৰ সৃষ্টি হয় যে মানসিক চাপ উৎপন্ন হয় ।

এইখিনিতে লক্ষ্য ৰখা উচিত যে শৰীৰৰ জিৰণি তেতিয়াহে হ’ব, যেতিয়া মনৰ জিৰণি হ’ব । যদি মনৰ জিৰণি নিদি শৰীৰৰ জিৰণি দিব বিচৰা হয় তেন্তে মানসিক চাপ আঁতৰ নহয়, বৰং বেছি গাঢ় আৰু দীৰ্ঘম্যাদী হ’ব ।

লেখক :- ভাস্কৰ হাজৰিকা

উৎস :- জি এনআৰচি স্বাস্থ্য

1.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top