মূল পৃষ্ঠা / স্বাস্থ্য / মানসিক স্বাস্থ্য / মানসিক স্বাস্থ্যৰ মৰ্যাদা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মানসিক স্বাস্থ্যৰ মৰ্যাদা

মানসিক স্বাস্থ্যৰ মৰ্যাদা

প্ৰস্তাৱনা: কাহিনী-১ (পটভূমি ১৯৯০)

তিনিজনী ছোৱালীৰ পিছত ল’ৰাজনৰ জন্ম হৈছিল। প্ৰখৰ বুদ্ধি, মেট্ৰিকত প্ৰথম বিভাগ, প্ৰাক বিশ্ববিদ্যালয়ত প্ৰথম বিভাগ। ঠিক তেতিয়াই আৰম্ভ হ’ল তাৰ বেমাৰটো। বেমাৰটো হ’লে সি উগ্ৰ, খঙাল হয়। সন্দেহী হৈ তাৰ ৰূমটোত কাকো সোমাবলৈ নিদিয়ে। কোনোবা অদৃশ্য ব্যক্তিক উপলক্ষে কৰি গালি পাৰি থাকে। ওচৰ চুবুৰীয়াও তাৰ সন্দেহৰ আৱৰ্তত সোমাই যায়। কোনেও টোপনি যাব নোৱাৰে। বুজাই-বঢ়াই ডাক্তৰৰ সহায় ল’লে। ডাক্তৰে তাক মানসিক ৰোগী হিচাপে চাৰ্টিফিকেট দিলে পুলিচ আহিল আৰু তাক জেলত ভৰ্তি কৰাই দিলে (১৯৯৪ চনলৈ মানসিক ৰোগীক অনপৰাধী-মানসিক ৰোগী হিচাপে চিকিৎসা কৰাৰ ব্যৱস্থা আছিল)। জেলৰ পৰা ওলাই আহিয়ে সি দৰৱ বন্ধ কৰি দিলে- ভালে আঁছো আৰু ঔষধ নাখাও। ঘৰৰ মানুহেও ঢিলাই দিয়ে-পুনৰ বেমাৰে উক দিয়ে। পুনৰ জেল।

কন্যাদায়গ্ৰস্ত পিতৃৰ অৱসৰলৈ এবছৰ বাকী। এগৰাকী ছোৱালীকো উলিয়াই দিব পৰা নাই, উপযুক্ত শিক্ষা, ৰুপ-গুণ থকা সত্ত্বেও। সমস্যা হ’ল কইনাৰ ভায়েকজন। মানুহে তাৰ বেমাৰৰ কথা গম পাই পাছ হুহকি যায়।

এদিন পুৱা বয়োজ্যেষ্ঠ ভদ্ৰলোক মোৰ ঘৰত হাজিৰ। তেতিয়া প্ৰতি সপ্তাহত এদিন মই মেডিকেল কলেজৰ পৰা জেলৰ মানসিক ৰোগীসকলক চাবলৈ যাঁও। তেওঁ উপৰিউক্ত কথাখিনি কৈ সযোৰ প্ৰাৰ্থনা কৰিলে মই তেওঁৰ ল’ৰাটোক কেইদিনমান বেছিকৈ জেলত ৰাখি দিব লাগে। মই তেওঁক কন্যাদায়গ্ৰস্ততাৰ পৰা উদ্ধাৰ কৰিব লাগে। এইবাৰ সকলো ঠিকে-ঠাকে আগবাঢ়িছে, দৰাঘৰ দূৰৈৰ। তেওঁলোকে পাৰিলে দুই এমাহতে বিয়াখন পাতিব খোজে। ইতিমধ্যে ল’ৰাজনে বাহিৰত কাম কৰা বুলি কৈছে। গতিকে বিয়াখন পাৰ হৈ নোযোৱালৈ যেন ল’ৰাজনক জেলৰ পৰা উলিয়াই নিদিওঁ।

কাহিনী-২, পটভূমি ১৯৯৪ চন

১৯৯৪ চন। এখন ৰাজহুৱা লেখ আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে এখন আয়োগ গঠন কৰি দিলে। আয়োগৰ মূল লক্ষ্য ওপৰত কৈ অহা অনা পৰাধী মানসিক ৰোগীসকলক জেলৰ পৰা মুক্ত কৰি দিব লাগে। আগতেই উল্লেখ কৰিছোঁ যে এইসকল ৰোগীক ডাক্তৰে চাৰ্টিফিকেট দিলেই পোনে পোনে জেললৈ পঠাই দিব পাৰে। বা যিসকলক ডাক্তৰে চাৰ্টিফিকেট নিদিয়ে তেওঁলোকক স্থানীয় লোকে, পৰিয়ালৰ লোকে চুৰি, ডকাইতৰ গোচৰত নাম ভৰাই দিয়ে আৰু পুলিচে নি জেলত সুমুৱাই দিয়ে। যিহেতু পৰিয়ালৰ দ্বাৰা অনাদৃত অৱহেলিত, তেওঁলোকৰ জামিনৰ কাৰণে কোনো নাহে। জামিন পালেও অভিভাৱকে তেওঁলোকক মোকলাই নিনিয়ে। গতিকে মাহ, বছৰদিন কাৰাগাৰবোৰ তেওঁলোকৰ ঘৰ হৈ পৰে।

আয়োগৰ সদস্য হিচাপে অসমলৈ প্ৰসিদ্ধ আইনবিদ গোপাল সুব্ৰমণিয় আহিল। আমি মানসিক চিকিৎসক হিচাপে কেইজনমানে তেওঁক সহায় কৰিলোঁ। অসমৰ সমূহ কাৰাগাৰৰ পৰা এইসকল ৰোগীক মুক্ত কৰি দিয়া হয়। যিসকলক তেতিয়াও হাস্পতালৰ অন্তৰ্বিভাগৰ চিকিৎসাৰ প্ৰয়োজন হ’ল-তেজপুৰ মানসিক প্ৰতিষ্ঠানলৈ পঠোৱাৰ ব্যৱস্থা কৰা হ’ল।

এমাহমান পিছত গুৱাহাটী কাৰাগাৰৰ পৰা মুক্ত কৰি দিয়া লোক এজন মোৰ তালৈ আহিল। মই তেওঁৰ কুশল বাৰ্তা সুধিলো। ঔষধ পাতি খাই আছেনে সুধিলোঁ। তেওঁ কিছুপৰ মৌন হৈ ৰ’ল। এটা সময়ত তেওঁ মোৰ ভৰিখনত সাবট মাৰি ধৰিলে, -‘ছাৰ আপুনি মোক জেলৰ পৰা উলিয়াই দিছিল। এতিয়া আপুনি হয় মোক পুনৰ জেলত ভৰাই দিয়ক, নহয় আপোনাৰ ঘৰত চাকৰি কৰি ৰাখক। মোক মানুহে আগেয়ে পগলা বুলি জোকাইছিল, এতিয়া চোৰ বুলিও জোকায়। ক’ৰবাত কাম বিচাৰি গ’লে, চোৰ বুলি কোনেও কাম দিব নোখোজে’।

কাহিনী-৩, পটভূমি ২০০০ চন

আদবয়সীয়া ভদ্ৰ মহিলাগৰাকীয়ে নিজৰ ভনীয়েকৰ দেওৰেকক মেডিকেল কলেজলৈ লৈ আহিল। জোৰ কৰি হাস্পতালত ৰাখিলে। দিনে-নিশাই ছাঁৰ দৰে তেওঁৰ শুশ্ৰূষা কৰিলে। এটা সময়ত ৰোগীজন ভাল হ’ল। আমি ডিচ্‌চাৰ্জ দিলো। ডিচ্‌চাৰ্জ চাৰ্টিফিকেটখন লৈ মানুহগৰাকী মোৰ ৰূমলৈ সোমাই আহিল-

-ছাৰ, মোক এখন চাৰ্টিফিকেট লাগিছিল।

-কিহৰ? মই সুধিলোঁ?

-তেওঁৰ বেমাৰটোৰ। তেওঁৰ বেমাৰটো যে ব্ৰেইনৰ। এতিয়া যে সম্পূৰ্ণ ভাল হৈছে, চিন্তা নাই, তেনেকৈ।

-অ’ সেইটোতো ডিচ্‌চাৰ্জ শ্লিপখনত লিখা আছে।

-নাই ছাৰ, সেইখনেৰে নহ’ব। আপুনি আপোনাৰ নামত সকলোৱে বুজি পোৱাকৈ ভালকৈ লিখি দিয়ক।

-তেওঁ খেতিহে কৰে। চাকৰি-বাকৰি নকৰে। এনেকুৱা চাৰ্টিফিকেট কিয় লাগে?

পাৰভঙা বেদনাত বহা চকীখনতে মানুহজনীয়ে থক্‌থককৈ কঁপিব ধৰিলে। কান্দি কান্দি কোৱা কথাখিনিৰ সাৰমৰ্ম এইখিনি- তেওঁ স্কুল শিক্ষয়িত্ৰী, বিধৱা মাক, ভনীয়েকক চাওঁতে বিয়া নহ’ল। পাঠশালাৰ উত্তৰে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পোন্ধৰ কিলোমিটাৰ আঁতৰত ঘৰ। ভনীয়েক এজনীয়ে, ভায়েক নাই। বৰ ধুমধামেৰে বিয়া পাতিলে। দৰা ঘৰত দৰা আৰু দৰাৰ ভায়েক আৰু বাপেক। যথা সময়ত ভনীয়েকৰ কেঁচুৱা এটা হ’ল। তেওঁ মাকক পঠালে ভনীয়েকৰ আলপৈচান ধৰিবলৈ। মাক থাকিল প্ৰসূতিৰ আলপৈচান আৰু জোৱায়েকহঁতৰ ভাত-পানীৰ যোগান ধৰিবলৈ। ঠিক সেই সময়তে দেওৰেকটোৰ বেমাৰ আৰম্ভ হ’ল। সি ভুল বকা আৰম্ভ কৰিলে, সন্দেহ প্ৰকাশ কৰা হ’ল, কোৱা হ’ল তাক কোনোবাই খোৱা বস্তুত বিষ মিহলাই দিছে। সিহঁতে বেজক দেখুৱালে-বেজে ক’লে আত্মীয়ই এই কামটো কৰিছে। গাঁৱত সভা বহিল, সিদ্ধান্ত হ’ল-হয়, বোৱাৰীৰ মাক আৰু বায়েকে এই কামটো কৰিছে। তেওঁলোকে তাৰ গাত ভূত লগাই দিছে। তেওঁলোক ডাইনী। গতিকে।

শিক্ষয়িত্ৰীগৰাকীয়ে হাতে-ভৰিয়ে ধৰিলে, পইচা-পাতি খৰচ কৰিলে। শেষত এটা চৰ্তত ৰাইজ মান্তি হ’ল-মেডিকেল কলেজৰ পৰা তেওঁ যদি তাক সুস্থ কৰি লৈ যাব পাৰে, বেমাৰৰ উপযুক্ত প্ৰমাণ দিব পাৰে, তেতিয়া হ’লে তেওঁলোকে বিবেচনা কৰিব।

কাহিনী-৪, পটভূমি ২০০৫ চন

ছোৱালীজনী অষ্টম শ্ৰেণীত পঢ়ে। পঢ়া-শুনাত মধ্যমীয়া। তেতিয়াই বেমাৰটো আৰম্ভ হ’ল-ভুল কথা কয়, মাতিব নলগা মানুহক মাতে, শিৰত সেন্দুৰ লয়, কোনোবা ল’ৰা এজনৰ কথা কয়। ঘৰৰ মানুহে মানসিক ৰোগ বিভাগলৈ লৈ আহিল। বেমাৰৰ গুৰুত্ব চাই তাইক ভৰ্তি কৰা হ’ল। এমাহমানৰ পিছত সুস্থ হ’ল- হাস্পতালৰ যাবলৈ দিয়া হ’ল। যোৱাৰ সময়ত চাৰ্টিফিকেটো দিয়া হ’ল। যোৱাৰ সময়ত চাৰ্টিফিকেটো দিয়া হ’ল-যাতে স্কুলত তাইৰ উপস্থিতিৰ সমস্যা নহয়। শিক্ষকে সহানুভূতিৰে বিবেচনা কৰে। এমাহমানৰ মূৰত নিৰ্দেশ মতে, তাই পুনৰ দেখুৱাব আহিল-

-স্কুল কৰিছানে? পঢ়া-শুনা বুজাত কিবা অসুবিধা হৈছে নেকি? –মই সুধিলোঁ।

মাক-জীয়েক উভয়ে নিমাতে ৰ’ল? দুয়োৰে চকুপানীৰে চলচলীয়া।

-ছাৰ, তাই যে মেডিকেলত ইমানদিন থাকিল, গাঁৱত মানুহবিলাকে কথাটো বেলেগকৈ উলিয়াই দিলে। সেইখিনি সময়ত তাই ল’ৰা এটাৰ নাম কৈছিল, তাকে লৈ মানুহে তাইক প্ৰেগনেন্ট বুলি উলিয়াই দিলে। তাই এম টি পি কৰাবলৈ ইয়ালৈ অহা বুলি প্ৰচাৰ কৰি দিলে। গতিকে তাই স্কুললৈ গ’লে তাই বহা বেঞ্চখনত আন নবহে। তাই আনৰ বেঞ্চত বহিলে তাইৰ বেমাৰটো সিহঁতৰ গালৈ যায় বুলি বাকীবোৰ ছোৱালী উঠি যায়। মাকে ক’লে।

-ছাৰ, মই আৰু নপঢ়ো। আপুনি দয়া কৰি আপোনালোকৰ ৱাৰ্ডত মোক ‘ৱাৰ্ড গাৰ্ল’ কৰি ৰাখক। মই ইয়াতে থাকিম।

কাহিনী-৫, ২০১০ চন

তিনি-চাৰিজন উচ্চ শিক্ষিত ভদ্ৰলোক মেডিকেল কলেজৰ মানসিক বিভাগৰ বহিৰ্বিভাগত পায়চাৰি কৰি থাকিল। তেওঁলোকে নিজৰ পৰিচয় দিলে। বহুদিন গুৱাহাটীৰ বাহিৰত থকা কাৰণে ভাই-ককাই আটায়ে একেলগ হ’ব পৰা নাছিল। এইবাৰ সুযোগ লৈ লগ হৈছে, গতিকে মানসিক ৰোগত আক্ৰান্ত ভনীয়েকজনীৰ চিকিৎসাটো ভালকৈ কৰাব বিচাৰিছে। তেওঁলোক ভৰ্তি কৰাম বুলিয়ে আহিছে। মই মহিলা ৰখীয়াৰ কথা ক’লোঁ। তেওঁলোকে সেই বিষয়ে অৱগত, গতিকে সাজু হৈ আহিছে। ৰোগী ভৰ্তি হ’ল। ভৰ্তিৰ তৃতীয় দিনা কনিষ্ঠ চিকিৎসকজনে ক’লে-ছাৰ, ভৰ্তি হোৱা মানুহজনীয়ে দৰব পোৱা নাই। ৰখীয়া বাইজনীয়ে বিশেষ একো ক’ব নোৱাৰে। তেওঁৰ কাষত নিৰ্ভৰযোগ্য অভিভাৱক কোনো নাই। বাইজনীক মাতি আনি সুধিলোঁ। তেওঁ ক’লে,-ছাৰ, মই বৰ বিশেষ একো নাজানো। মোক পাঁচদিনৰ হাজিৰা দি গৈছে-পঞ্চাশ টকা থকা কাৰণে, পঞ্চাশ টকা খোৱাৰ কাৰণে। ঔষধ কিনিবৰ কাৰণে দিয়া নাই।

-তেনেহ’লে তুমি খবৰ দিয়া।

-ছাৰ, মই তেওঁলোকৰ ঘৰ চিনি নাপাওঁ। মাথোঁ জানো কোনোবা এজনৰ ছোৱালীৰ বিয়া বিয়াৰ কেইদিনৰ কাৰণেহে ভনীয়েকক হাস্পতালত থৈছে। পৰহি আঠমঙলা। তাৰ পিছতহে চাগে তেওঁলোক আহিব।

কাহিনী-৬ ২০১৫ চন

প্ৰত্যেক বছৰে মানুহগৰাকী আহে। বেমাৰ একেটাই। গতিকে লক্ষণো একে-ৰাতি টোপনি নাহে, মনটো বেয়া লাগে, একো কৰিবৰ মন নাযায়, গা-পা ধুবও এলাহ লাগে, গোটেই দিনটো বিচনাত পৰি থাকিবৰ মন যায়- দালিখনত হালধি চামুচ দিবলৈ গৈ ৰৈ থাকে কমেই হয় নে বেছিয়ে হয়-। ঔষধ খালে দুই-তিনি মাহত ভাল হৈ যায়। এটা সময়ত ঔষধ নিজে নিজে বন্ধ কৰি দিয়ে-কেতিয়াও সম্পূৰ্ণ নকৰে।

-আপোনাক প্ৰত্যেকবাৰে কওঁ-ঔষধ বন্ধ নকৰিব। ক’ছটো সম্পূৰ্ণ কৰিব। আপুনি নুশুনে। কম কষ্ট হয়নে আপোনাৰ এনেকৈ প্ৰত্যেকবাৰে-বিৰক্ত হৈ ক’লো।

-ছাৰ, গাঁৱত বিয়া সবাহ হ’লে মানুহে সোধে-ব্ৰেইনৰ দৰববোৰ খাই আছোঁনে।

এইবোৰ হেনো কাঢ়া ঔষধ। বেছিদিন খালে লিভাৰ, কিডনি ডেমেজ হৈ যায়। ঘৰত এঁৱো বকি থাকে-ভাবি ভাবি মই প্ৰত্যেকবাৰে বেমাৰ মাতি আঁনো। ঔষধ কিনি তেওঁ দেৱলীয়া হৈ গৈছে। সেই দুখতে বন্ধ কৰি দিওঁ। মানুহজনীয়ে দুখ মনেৰে ক’লে।

উপসংহাৰ

যুগে যুগে অসম, ভাৰতকে ধৰি সমগ্ৰ বিশ্বৰ লাখ লাখ মানসিক ৰোগত আক্ৰান্ত পুৰুষ-মহিলা-তেওঁলোকৰ পৰিয়াল, আত্মীয় বা আপোনজন, সমাজৰ দ্বাৰা লাঞ্ছিত, হেয়, অৱহেলিত, পৰিত্যক্ত আৰু এঘৰীয়া হৈ আহিছে। উল্লিখিত কাহিনীকেইটা একোটা জীয়া উদাহৰণহে। প্ৰত্যেক বছৰে মানসিক ৰোগীৰ পৰিসংখ্যাও বাঢ়ি গৈছে। আধুনিক সভ্যতাৰ ক্ষিপ্ৰতাৰ সৈতে নিজকে খাপ খুৱাই লোৱাৰ বৰ্দ্ধিত চাপ ইয়াৰ অন্যতম কাৰণ। সাধাৰণতে খুব সহজ ভাষাত প্ৰতি এশজন ব্যক্তিৰ ভিতৰত এজন ব্যক্তি গুৰুতৰ মানসিক ৰোগ যাক চাইক’ছিছ বুলি কোৱা হয় আৰু প্ৰ্তি এশজন ব্যক্তিৰ ভিতৰত দহৰ পৰা পোন্ধৰজন ব্যক্তি লঘুতৰ মানসিক ৰোগ যাক নিউৰ’ছিছ বুলি কোৱা হয় তাত ভুগি আছে। আমাৰ চৰকাৰী হাস্পতালত চিকিৎসাৰ কাৰণে অহা ত্ৰিশ-চল্লিশ শতাংশই এই নিউৰ’ছিছ যেনে-ভৰি, হাত, জিনজিননি, অৱসাদ, টোপনি নহা, উৎকন্ঠা, বুকু ধপধপ কৰা, ভোক নলগা, গেছ হোৱা ইত্যাদি মানসিক সম ৰোগৰ লক্ষণ লৈ আহে। তাক আমি শাৰিৰীক বেমাৰ হিচাপে চিকিৎসা কৰোঁ- গতিকে ৰোগো আৰোগ্য নহয়। তাৰ মূল কাৰণ হ’ল- মানসিক ৰোগ সম্পৰ্কে আমাৰ অজ্ঞতা, মানসিক ৰোগ সম্বন্ধে থকা ভুল ধাৰণা যেনে- মানসিক বেমাৰ নিজে মাতি অন্য বেমাৰ, ই যাদু-মন্ত্ৰৰ প্ৰভাৱত হয়, মানসিক বেমাৰৰ কোনো চিকিৎসা নাই ইত্যাদি। তদুপৰি চিকিৎসা বিজ্ঞানত মানসিক স্বাস্থ্যৰ সংযোগ তুলনামূলকভাৱে নতুন, মানসিক স্বাস্থ্যকৰ্মীৰ সংখ্যা কম আৰু আটাইতকৈ ডাঙৰ বাধা হ’ল মানসিক বেমাৰ সম্পৰ্কে আমাৰ পূৰ্ব নিৰ্ধাৰিত হেয় মানসিকতা বা এলাগী মনোভাৱ, যাক ইংৰাজীত ষ্টিগ্‌মা বুলি কোৱা হয়।

সেয়েহে মানসিক বেমাৰক বেমাৰ বুলি ধৰা নহয়। তাক হেয় প্ৰতিপন্ন কৰা হয়। সময়মতে চিকিৎসকৰ ওচৰলৈ অনা নহয়। মানসিক ৰোগীক আন ৰোগীৰ নিচিনা সমমৰ্য্যাদা, সমঅধিকাৰ, সহমৰ্মিতা, সমবেদনা, আত্মপক্ষ সমৰ্থনৰ অধিকাৰ, চাকৰি, বীমা আদি ন্যায্য প্ৰাপ্যৰ পৰা বঞ্চিত কৰা হয়। অকল মানসিক ৰোগীজনেই নহয়, কাৰোবাৰ ঘৰত এজন মানসিক ৰোগী থাকিলে সেই পৰিয়ালটো সমাজৰ দৃষ্টিৰ এঘৰীয়া বা হেয় হৈ যায়, বিশেষকৈ আন আন ভাই-ভনীৰ বিয়া-বাৰুৰ প্ৰসংগত। আচৰিত হ’লেও সত্য যে মানসিক স্বাস্থ্যসেৱাৰ লগত জড়িত স্বাস্থ্যকৰ্মীসকলকো এই সামাজিক ভ্ৰান্তিৰ গণ্ডীত মানুহে পেলাই দিয়ে। গতিকে সামাজিক বৈষম্যৰ কৱলত পৰে। কিন্তু আচল কথাটো হ’ল মানসিক বেমাৰ আন আন শাৰিৰীক বেমাৰৰ দৰে এটা বেমাৰ। মানসিক বেমাৰ আচলতে আমাৰ মস্তিস্কৰ বেমাৰ। আমাৰ হৃদযন্ত্ৰ, হাওঁফাওঁ, চকু, কাণ, নাক, পেটৰ বেমাৰ হোৱাৰ নিচিনাকৈ আমাৰ মস্তিস্কৰো বেমাৰ হ’ব পাৰে। মস্তিস্কৰ বেমাৰ আমাৰ আচৰণ, ব্যৱহাৰ, চিন্তা, ভাৱনা, বিচাৰ, বিবেচনাত প্ৰকাশ পায়; তাকেই আমি মানসিক বেমাৰ বোলো। আন আন শাৰিৰীক বেমাৰৰ দৰে, মানসিক বেমাৰৰো কাৰণ বংশানুগতিক, জৈৱ ৰাসায়নিক, পাৰিপাৰ্শ্বিকতা, মানুহজনৰ ব্যক্তিত্ব আদি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। আন আন শাৰিৰীক বেমাৰৰ দৰে মানসিক বেমাৰৰ চিকিৎসাও কেতিয়াবা হ্ৰস্বম্যাদী বা কেতিয়াবা দীৰ্ঘম্যাদী হ’ব পাৰে। মেলেৰিয়াৰ চিকিৎসা হ্ৰস্বম্যাদী, উৎকন্ঠাজনিত মানসিক বেমাৰৰ চিকিৎসাও হ্ৰস্বম্যাদী। ডায়েবেটিছ হাইপাৰটেনছনৰ চিকিৎসা দীৰ্ঘম্যাদী বা প্ৰয়োজনত জীৱনজোৰা। তেনেহ’লে এই বৈষম্য কিয়? আমি আজীৱন ডায়েবেটিছৰ, প্ৰেছাৰৰ, থাইৰয়ডৰ দৰব খাবলৈ প্ৰশ্ন নোতোলে, কিন্তু মানসিক ৰোগৰ ক্ষেত্ৰত দীৰ্ঘদিনীয়া দৰবক লৈ কিয় প্ৰশ্ন তোলো? লিভাৰ, কিডনি নষ্ট হোৱা প্ৰসংগ তোলো? কিছুমান বেমাৰ আধুনিক বিজ্ঞানৰ সৰ্বোত্তম প্ৰচেষ্টাৰেও সম্পূৰ্ণ নিৰাময় কৰিব নোৱাৰি, ই স্বাস্থ্য বিজ্ঞানৰ সীমাবদ্ধতা, তাক নিয়ন্ত্ৰণ কৰিব পাৰি। মানসিক ৰোগৰ ক্ষেত্ৰতো ই প্ৰযোজ্য। তেতিয়া হ’লে মানসিক ৰোগত এই দাগটো কিয় লগাই দিয়া হয় যে মানসিক ৰোগ এবাৰ হ’লে ভাল নহয়, গোটেই জীৱন ঔষধ খাব লাগে। সকলো চৰায়ে মাছ খায়, অকল মাছৰোকাৰ নাম-উপমাটো বোধহয় ইয়াত সঠিকভাৱে খাপ খাব। আন এটা মিছা অভিযোগ হ’ল-মানসিক ৰোগৰ দৰৱ এৰিব নোৱাৰি। এটা তেনেই সহজ সকলোৰে বোধগম্য উদাহৰণ এটাৰে উত্তৰ দিওঁ-আমি জীৱনত কোনোবাই বুকুত হাত দি ক’ব পাৰোনে মোৰ জীৱনত এবাৰেই গেষ্ট্ৰিক হৈছিল বা কোনোবা চিকিৎসকে বুকুত হাত দিব ক’ব পাৰিবনে তেওঁ জীৱনত এজন মানুহক চিকিৎসা কৰিছে যি এবাৰ গেষ্ট্ৰিকৰ দৰব খোৱাৰ পিছত দ্বিতীয়বাৰ কেতিয়াও খাব লগা হোৱা নাই? ভাৰতবৰ্ষত ডাক্তৰী প্ৰেছক্ৰিপচন নোহোৱাকৈ মানুহে ফাৰ্মাচীৰ পৰা গেষ্ট্ৰিকৰ দৰবেই বেছি লয়।

লেখক: ডা: সুৰেশ চক্ৰৱৰ্তী, ফখৰুদ্দিন আলী আহমেদ, চিকিৎসা মহাবিদ্যালয়, বৰপেটা।

2.90740740741
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top