মানসিক ৰোগী হ’বলৈ হ’লে সম্পূৰ্ণৰূপে মানসিক ভাৰসাম্য হেৰুৱাটো বা বাস্তৱৰ লগত সম্পূর্ণ সংস্পৰ্শ হেৰুওৱাটো বাধ্যতামূলক নহয়। মানসিক ৰোগ তাতকৈ বহু পৰিমাণে নীৰৱে আহিব পাৰে। আপুনি বাৰু কেতিয়াবা এনে কাৰোবাক লগ পাইছেনে যি অনৱৰতে চিন্তা অথবা ভয় কৰি থাকে যে ভৱিষ্যতে এনে কিবা এটা ঘটনা হব।— যিয়ে তেওঁৰ বা তেওঁৰ প্রিয়জনৰ ক্ষতিসাধন কৰিব পাৰে।
বিশ্ব স্বাস্থ্য সংস্থাৰ সমীক্ষাৰ মতে, গোটেই পৃথিৱীত প্রায় ৪৫০ লাখ মানুহ মানসিক ৰোগৰ চিকাৰ। এই সমীক্ষাই ইয়াকে সূচাই যে মানসিক ৰোগ পৃথিৱীজুৰি অস্বাস্থ্য আৰু প্রতিবন্ধকতাৰ (disability) অন্যতম কাৰক। ভাৰতবৰ্ষত ইয়াৰ হাৰ ২০%। অর্থাৎ ভাৰতবৰ্ষৰ জনসংখ্যাৰ প্ৰায় ২০% লোকেই কিবা নহয় কিবা মানসিক ৰোগত আক্রান্ত। এতিয়া হয়তো আপোনাৰ মনত প্রশ্নৰ উদয় হ’ব যে তাৰমানে কি প্রতি ৫ জন লোকৰ এজন কিবা নহয় কিবা মানসিক ৰোগত আক্রান্ত। মানসিক ৰোগী হ’বলৈ হ’লে সম্পূৰ্ণৰূপে মানসিক ভাৰসাম্য হেৰুৱাটো বা বাস্তৱৰ লগত সম্পূর্ণ সংস্পর্শ হেৰুওৱাটো বাধ্যতামূলক নহয়। মানসিক ৰোগ তাতকৈ বহু পৰিমাণে নীৰৱে আহিব পাৰে। আপুনি বাৰু কেতিয়াবা এনে কাৰোবাক লগ পাইছেনে যি অনৱৰতে চিন্তা অথবা ভয় কৰি থাকে যে ভৱিষ্যতে এনে কিবা এটা ঘটনা হ’ব— যিয়ে তেওঁৰ বা তেওঁৰ প্রিয়জনৰ ক্ষতিসাধন কৰিব পাৰে। অথবা এনে কোনোবা আছে-যি নিজৰ স্বাস্থ্যৰ প্ৰতি উদ্বিগ্ন, যদিও বা ডাক্তৰে প্ৰত্যেকবাৰ পৰীক্ষা কৰি তেওঁক কোনো অসুখ নাই বুলি কৈছে। বা এনে কোনো লোক আছে — যাক আমি সাধাৰণ ভাষাত খুব ‘চিক-চাক’ বুলি কওঁ। যেনে- গেট, দৰ্জা অথবা আন কোনো বস্তু চোৱাৰ পাছত সঘনাই হাত ধোৱে আৰু সেই হাত-ভৰি ধোৱা হয়তো মিনিটৰ পৰা কেতিয়াবা ঘন্টাও পাৰ হৈ গৈছে? এই সকলোবোৰ অৱস্থাই একো একোটা মানসিক ৰোগৰ লক্ষণ হ’ব পাৰে। ইয়াতকৈ আন কিছু নীৰৱ ঘাটক আছে। যেনে-আত্মঘাতী প্ৰচেষ্টা, হিংসা-বর্বৰতা, নিচাযুক্ত দ্ৰব্যৰ বহুল ব্যৱহাৰ ইত্যাদিও হ’ব পাৰে মানসিক ৰোগৰ একো একোটা লক্ষণ। এই সকলো অৱস্থাই কোনো এজন ভুক্তভোগী আৰু তেওঁৰ পৰিয়ালৰ বাবে খুবেই কষ্টকৰ হ’ব পাৰে। এয়া হৈছে প্ৰাপ্তবয়স্কৰ মানসিক ৰোগৰ কথা।
ওপৰত উল্লেখ কৰা সকলো ৰোগৰ ভুক্তভোগী শিশুও হ’ব পাৰে। ডব্লিউ এইচ অ’ৰ মতে, বৰ্তমান বিশ্বৰ ১০—২০% শিশু আৰু কিশোৰ কিবা নহয় কিবা মানসিক ৰোগত আক্রান্ত। শিশুৰ ক্ষেত্ৰত ৰোগৰ বহিঃপ্রকাশ প্রাপ্তবয়স্কতকৈ বেলেগ হ’ব পাৰে। এই মানসিক ৰোগৰ বাহিৰেও শিশুসকলৰ ক্ষেত্ৰত আন কিছুমান বিসংগতি (Disorder) দেখিবলৈ পোৱা হয়, যাক আমি চিকিৎসা বিজ্ঞানত developmental disorder বুলি কওঁ। Attention deficit hyperactive disorder (ADHD), Autism, Learning Disability ইত্যাদি হৈছে কিছু developmental disorder- উদাহৰণ।
আপুনি বাৰু এনে কোনোবা শিশু, আপোনাৰ ওচৰ-চুবুৰীয়া বা বন্ধুৰ ল’ৰা-ছোৱালী লগ পাইছেনে যি খুব দুষ্ট, এক মিনিট এডোখৰ ঠাইত ৰৈ বা বহি থাকিব নোৱাৰে, অ’ত বগায়, মাকৰ হাত এৰি দৌৰি গুচি যায়, হয়তো যাওঁতে হাতখন লগাই কিবা এটা বস্তু ভাঙি থৈ গ’ল। মুঠতে এনে এক অৱস্থা যাক আপুনি সাধাৰণ শিশুসুলভ ধেমালি বা দুষ্টালি বুলি কোনোপধ্যেই ক’ব নোৱাৰে। কোনো শিশুৰ সব কথাতেই ভাল। কথা-বতৰা, বুজনশীল, খেলা-ধূলা, সমনীয়াৰ লগত সম্বন্ধ সকলোতে ভাল। কিন্তু এটা কথাতেই বেয়া, যিমানেই গালি দিয়ক, শাস্তি দিয়ক, কোনোপধ্যেই তাৰ মূৰত নোসোমায়। সেই যেন আমিৰ খানৰ “তাৰে জমিন পৰ’ চিনেমাখনৰ শিশুটোৱেই! আজি যদি বানান ভুল, কাইলৈ ‘Bad Handwriting’ বুলি স্কুলৰ বহীত ৰঙা চিয়াঁহীৰ দাগ। উল্লিখিত দুয়োটা অৱস্থাই আগতে কৈ অহা একো একোটা developmental disorder- ৰ লক্ষণ হ’ব পাৰে। এনে আৰু বহুতো অৱস্থা আছে।
এতিয়া ভাল খবৰটো হৈছে— ইয়াৰ চিকিৎসা আছে। কিছু মানসিক ৰোগ প্রতিৰোধ কৰিব পাৰি। বহু মানসিক ৰোগ সফলভাৱে চিকিৎসা কৰিব পাৰি। অথবা কিছু ৰোগ যদি সম্পূৰ্ণৰূপে ভাল নহয় তথাপি বহু পৰিমাণে সঠিক বা উপযুক্ত চিকিৎসাৰ জৰিয়তে নিয়ন্ত্রিত অৱস্থালৈ আনিব পাৰি। যদিও বহু পৰিমাণে মানসিক ৰোগ দুৰাৰোগ্য সঠিক আৰু সময় উপযোগী চিকিৎসাৰ জৰিয়তে ভুক্তভোগীজনে এক সফল আৰু সমাজৰ অবিচ্ছেদ্য অংগ হিচাপে জীৱন যাপন কৰিব পাৰে।
স্কিজোফ্রেনিয়া (Schizophrenia) এক দুৰাৰোগ্য মানসিক ৰোগ আৰু গৱেষণাই কয় যে প্ৰায় ৮০% Schizophrenic ৰোগীয়েই সঠিক ঔষধ আৰু Psychotherapyৰ জৰিয়তে ৰোগ পুনৰ উক দিয়াৰ (relapse) পৰা মুক্ত হ’ব পাৰে। তেনেকৈয়ে ৬০% ডিত্ৰেছনত ভোগা ৰোগী সম্পূৰ্ণৰূপে স্পষ্ট হ’ব পাৰে সঠিক antidepressant আৰু লগতে Psychotherapy ৰ জৰিয়তে।
যদিও চিকিৎসকে সহজলভ্য কিন্তু তিনি ভাগৰ দুভাগ মানুহেই কেতিয়াও পেছাদাৰীৰ সহায় নলয়। আৰু ইয়াৰ মূল কাৰক হৈছে, ৰোগজনিত সাঁচ (Stigma), ভেদভাব (Discrimination) আৰু অৱহেলা (Neglect)। ইয়ে মানুহৰ চিকিৎসা বা সহায় লোৱাৰ পৰা বঞ্চিত কৰিছে। ভুল বুজাবুজি আৰু ৰোগজনিত সাঁচে মানসিক ৰোগক চাৰিওপিনৰ পৰা আৱৰি ৰাখিছে। মানসিক ৰোগৰ ফলপ্রসূ চিকিৎসা থকা সত্ত্বেও আজিও এনে এটা বিশ্বাস মানুহৰ মনত থিতাপি লৈ আছে যে মানসিক ৰোগৰ কোনো চিকিৎসা বা সমাধান নাই আৰু মানসিক ৰোগত ভোগা ৰোগীসকল মানসিকভাৱে দুর্বল, বোধশক্তিহীন আৰু সমাজৰ বাবে বোজাস্বৰূপ একোজন ব্যক্তি। ইয়াৰ ফলত সৃষ্টি হোৱা প্রধান অসুবিধাসমূহ হৈছে-
ভাবকচোন, সাধাৰণ ৰোগজনিত সাঁচৰ (Stigma) বাবে এজন নির্দোষ মানুহ কিমান অসুবিধাৰ সন্মুখীন হ’ব পাৰে। গতিকে মানসিক ৰোগৰ প্ৰতি থকা এই ঘাৰ পৰা আঁতৰ কৰাটো আমাৰ সমাজৰ সাৰ্বজনীন উন্নতিৰ বাবে অত্যন্তই প্রয়োজনীয়। তলত এই ৰোগজনিত সাঁচৰ প্রতিকাৰৰ বাবে কিছু উপায় দিয়া হ’ল—
আহক আমি সকলোৱে মানসিক ৰোগৰ প্ৰতি মালিন্যৰ (Stigma) বিপৰীতে হাতত হাত ধৰি থিয় হওঁ আৰু এখন সুস্থ আৰু মানসিক ৰোগমুক্ত সমাজ গঢ়ি উঠাত সহায় কৰে।
লেখিকা: অনূনা বৰদলৈ, দৈনিক জনমভূমি।
মোৰ অসুবিধা সমূহ উল্লেখ কৰিলো।মোৰ দোকান আছে ৰাতি দোকান বন্ধ কৰি আহোতে অযথা চিঞৰি থাকো।ঘৰত থকা সময়ত অকলে অকলে কথা পাতি থাকো।হাহি থাকো।কান্দি থাকো।একেৰাহে চিন্তা কৰি থাকো।
মই সদায় পাহৰি যাওঁ আৰু সকলো বস্তু শুনকালে বুজি নাপাওঁ মোৰ এইটো উত্তৰ দিব ছাৰ