মূল পৃষ্ঠা / স্বাস্থ্য / মানসিক স্বাস্থ্য / যুৱ প্ৰজন্ম আৰু মানসিক স্বাস্থ্য :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

যুৱ প্ৰজন্ম আৰু মানসিক স্বাস্থ্য :

যুৱ প্ৰজন্ম আৰু মানসিক স্বাস্থ্যৰ বিষয়ে লিখা হৈছে ।

প্ৰতি বছৰে ১০ অক্টোবৰৰ দিনটো বিশ্ব মানসইক স্বাস্থ্য সংস্থাৰ উদ্যোগত সমগ্ৰ বিশ্বতে বিশ্ব মানসিক স্বাস্থ্য দিৱস হিচাপে পালন কৰা হয়। ইয়াৰ প্ৰধান উদ্দেশ্য হ’ল মানসিক বেমাৰ সম্পৰ্কে সজাগতা সৃষ্টি কৰা, ইয়াৰ লগত জড়িত ভ্ৰান্ত ধাৰণা নিৰ্মূল কৰা, যাতে মানসিক সমস্যাত ভুগি থকা লোকসকলে সমাজৰ আন শ্ৰেণীৰ মানুহৰ দৰে সমমৰ্যদা আৰু সমঅধিকাৰেৰে জীয়াই থাকিব পাৰে।

প্ৰত্যেক বছৰে প্ৰতি চাৰিজন ব্যক্তিৰ ভিতৰত এজন, দহটি শিশুৰ মাজত এটি মানসিক ৰোগত ভোগে। বিশ্ব স্বাস্থ্য সংস্থাৰ পৰিসংখ্যা মতে, ৫৬ নিযুত আজিৰ দিনত ভাৰতীয়ই ডিপ্ৰেছনত ভুগি আছে, ৩৮ নিযুতে উৎকন্ঠা বেমাৰত ভুগি আছে।

মানসিক ৰোগৰ কৱলত পৰিয়েই প্ৰতি চল্লিশ মিনিটত ভাৰতবৰ্ষত এজন ছাত্ৰই আত্মহত্যা কৰে। পৃথিৱীৰ ভিতৰত ভাৰতবৰ্ষতেই যুৱ প্ৰজন্মৰ আত্মহত্যাৰ হাৰ বেছি। আপাতভাৱে ভাৰতবৰ্ষৰ ১২০ কোটি মানুহৰ আধাভাগেই অৰ্থাৎ ৬০ কোটিয়েই ২৬ বছৰৰ তলৰ।

কিন্তু আটাইতকৈ দুখৰ কথা পৰিসংখ্যা হিচাপত ২০১২ চনত ভাৰতবৰ্ষই যুৱক-যুৱতীৰ আত্মহত্যাৰ ক্ষেত্ৰত ভিতৰত শীৰ্ষস্থান দখল কৰিছে(প্ৰতি এক লাখৰ ভিতৰত ৩৫.৫ জন)। নিঃসন্দেহে এখন দেশৰ বাবে এইটো শুভ লক্ষণ নহয়।

এই অৱস্থাই স্বাভাৱকিতে লাখ লাখ মানুহৰ জীৱনত গভীৰ প্ৰভাৱ পেলাব, দৈনন্দিন কামত ব্যাঘাত জন্মাব আৰু পাৰস্পৰিক সম্পৰ্কত ভাঙোন আনিব।

বৰ্তমান বিশ্বত যুৱ প্ৰজন্মৰ আন এক শিহৰণকাৰী তথ্য হ’ল ১৫-২৯ বছৰীয়া যুৱক-যুৱতীৰ মৃত্যুৰ প্ৰধান কাৰক তিনিটা হ’ল-

  • প্ৰথম, পথ দুৰ্ঘটনা,
  • দ্বিতীয়, আত্মহত্যা আৰু
  • তৃতীয়, ইজনে-সিজনক কৰা হত্যা।

প্ৰত্যক্ষ বা পৰোক্ষভাৱে এই তিনিওটা কাৰকৰ লগত মানসিক স্বাস্থ্যৰ ওতপ্ৰোত সম্পৰ্ক জড়িত হৈ আছে।

সম্ভৱতঃ সেই কাৰণেই বিশ্ব স্বাস্থ্য সংস্থাই এইবাৰ বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ শ্ল’গান ‘পৰিৱৰ্তিত বিশ্বত যুৱ প্ৰজন্ম আৰু মানসিক স্বাস্থ্য’ ৰাখিছে।

কৈশোৰ আৰু যৌৱনৰ সময়খিনি জীৱনৰ এক গুৰুত্বপূৰ্ণ সময়। জীৱনৰ আন সময়তকৈ ই বহুগুণে জটিল আৰু ঘটনাবহুল। শিশুৰ দৈহিক আৰু মানসিক বিকাশৰ লগে লগে সামাজিক আৰু জ্ঞানৰ বিকাশ ঘটে।

শৈশৱৰ মাক-দেউতাকৰ পৃথিৱীৰপৰা আহি কিশোৰ-কিশোৰী আৰু যুৱক-যুৱতীয়ে সমবয়সীয়া ল’ৰা-ছোৱালীৰ লগত মিলামিছা কৰিবলৈ ধৰে। গতিকে মাক-দেউতাকে কি ক’ব তাতকৈ সমনীয়াই কি ক’ব তাৰ ওপৰত গুৰুত্ব দিবলৈ ধৰে।

আৰু সেই মতে এজন ব্যক্তিক আদৰ্শ হিচাপে লৈ ভৱিষ্যৎ গঢ়াত, পঢ়া-শুনাত মনোনিৱেশ কৰে। এখন সংহত, মসৃণ সমাজত কিশোৰ-কিশোৰীৰ এই আত্মপৰিচিত গঠনৰ সমস্যা নহয়। কিন্তু ক্ষিপ্ৰ গতিত সলনি হোৱা সমাজ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত আগমন, গোলকীকৰণ, বৈদ্যুতিন মাধ্যম আৰু বহুঃৰাষ্ট্ৰীয় কোম্পানীবোৰে আনি দিয়া সহজ আৰু ৰঙীণ পৃথিৱীখনে যুৱক-যুৱতীক দিগভ্ৰান্ত কৰে। ঘৰৰ স্ংস্কাৰ, মূল্যবোধ আৰু বাহিৰৰ পৃথিৱীখনৰ মাজত কাক ল’ব, কাক নল’ব, তাক লৈ সংঘাত সৃষ্টি হয়।

নিজৰ মূল্যবোধ, অভিভাৱকে স্থিৰ কৰি দিয়া লক্ষ্য আৰু বাহ্যিক পৃথিৱীৰ প্ৰচলিত ধাৰণাক লৈ দোদুল্যমান পৰিস্থিতি সৃষ্টি হয়। ডেকা-গাভৰুৰ মাজত তেতিয়াই অস্তিত্বৰ সংকট সৃষ্টি হয় আৰু যুৱ চাম সোঁতত উটি গৈ দিগভ্ৰান্ত হোৱাৰ আশংকা থাকে।

এইখিনি সময়তে ল’ৰা-ছোৱালী স্কুল এৰি কলেজ, বিশ্ববিদ্যালয় পায়। জীৱনত প্ৰথমবাৰৰ কাৰণে পঢ়া, চাকৰিৰ সন্ধানত এৰে। পিতৃ-মাতৃৰ বন্ধনৰপৰা মুক্ত হয়। কিছুমানৰ কাৰণে এই সময়খিনি বৰ ৰোমান্সকৰ, আন কিছুমানৰ কাৰণে তেনেই উৎকন্ঠাজনিত আৰু উত্তেজনাৰ সময়।

যেতিয়াই এই উৎকন্ঠা আৰু অহৈতুক উত্তেজনাই পাৰ ভাঙে, এইসকল যুৱক-যুৱতী মানসিক অস্থিৰতাত ভোগে। সময়মতে প্ৰতিকাৰ নল’লে সিয়েই মানসিক ৰোগৰ সৃষ্টি কৰে। ক্ৰমবৰ্দ্ধমান অনলাইন প্ৰযুক্তিবিদ্যা, ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাইছ এপ এইবোৰে নিঃসন্দেহে যোগাযোগ, শিক্ষাৰ ক্ষেত্ৰত অৰিহণা যোগাইছে।

কিন্তু এচাম যুৱক-যুৱতীক অনিষ্টও কৰিছে। ফেচবুক, ভিডিঅ’ গেম, ইন্টাৰনেটৰ প্ৰতি আসক্ত কৰি পেলাইছে। যিয়ে এক নতুন আচৰণজনিত আসক্তিৰ বেমাৰ হৈ পৰিছে।

এইচাম যুৱক-যুৱতী ভীষণভাৱে অকলশৰীয়া হৈ পৰিছে। অনলাইন চাক্ষুস মাধ্যমবোৰে বহু সা-সুবিধা সৃষ্টি কৰিলেও পৰোক্ষভাৱে যুৱক-যুৱতীৰ মনত মানসিক চাপৰ উদ্ৰেৱ কৰিছে। সি গোটেই বিশ্বখনকে গাঁও এখন কৰি তুলিছে, মুহূৰ্ততে সকলো খবৰ চকুৰ আগত সাজু কৰি দিছে। ৰাতি-দিন একাকাৰ কৰি যুৱচামে তাক উপভোগ কৰিছে।

নিঃসন্দেহে এই ঘটনাৰাজিয়ে সন্ত্ৰাসবাদ, হত্যা, ধৰ্ষণ, প্ৰাকৃতিক দুৰ্যোগ- আটাইকে সামৰি লৈছে। তাৰ পশ্চাৎ প্ৰতিক্ৰিয়া যুৱক-যুৱতীয়ে নীৰৱে হজম কৰিব লগা হৈছে আৰু সময়ত সিয়ে আৱেগজনিত মানসিক ৰোগৰ উৎপত্তিত সাৰ-পানী দিছে।

ভৱিষ্যৎ গঢ়াৰ চিন্তা, চাকৰিৰ চিন্তা, কৰ্মস্থানৰ চাপ, ব্যক্তিগত সম্পৰ্কত ফাট যেনে- প্ৰত্যাখ্যান আৰু আনৰ সৈতে খোজতে খোজ মিলাই কৰা প্ৰতিযোগিতা- যৌৱনৰ এক উল্লেখনীয় বিষয়।

মূল্যবোধৰ দ্বন্দ্ব এই সময়ৰ আন এক সংকট। ল’ৰা-ছোৱালী ডেকা হোৱাৰ সময়ত পিতৃ-মাতৃয়ে জীৱনৰ মাজ বয়সত থিয় হয়। পিতৃ-মাতৃ ৰক্ষণশীল। অজিৰ যুৱচাম প্ৰগতিশীল।

  • তাতেই মানসিক ব্যৱধান আহে। এই ব্যৱধান-
  • চাকৰি নিৰ্বাচন,
  • কেৰিয়াৰ গঠন,
  • প্ৰেম,
  • বিবাহৰ বয়স,
  • প্ৰাক বৈবাহিক যৌন সম্পৰ্কে- যিকোনো ক্ষেত্ৰত আহিব পাৰে। মানসিক ব্যৱধান মাত্ৰাধিক হ’লে যুৱক-যুৱতীয়ে ভাৰসাম্য বৰ্তাই ৰাখিব নোৱাৰে আৰু তেওঁলোকে মানসিক ৰোগত আক্ৰান্ত হোৱাৰ আশংকা থাকে।

নিজে বা প্ৰচলিত সমাজে বান্ধি দিয়া লক্ষ্য আৰু তাত উপনীত হোৱাৰ সামৰ্থ্যৰ মাজত ব্যৱধান বেছি হ’লে যুৱক-যুৱতী দিগ্ৰভ্ৰান্ত হয়। নিজৰ লক্ষ্যত উপনীত হ’ব নোৱাৰাৰ বিফলতাই তেওঁলোকক হতাশ কৰি তোলে।

বহুতে তাৰপৰা পৰিত্ৰাণ পাবলৈ সহজে পোৱা মদ আৰু আন নিচাজাতীয় দ্ৰব্যৰ আশ্ৰয় লয়। ই এক নিৰ্দিষ্ট সময়ৰ কাৰণে তেওঁলোকক সাময়িক সকাহ দিয়ে যদিও ইয়াৰ দীৰ্ঘম্যাদী প্ৰতিক্ৰিয়াই তেওঁলোকক অক্টোপাছৰ দৰে ঘেৰি ধৰে।

তেওঁলোকে তাৰপৰা মুক্তিৰ উপায় বিচাৰি নোপোৱা হয় আৰু আত্মহত্যাকে তাৰপৰা মুক্তি পোৱাৰ একমাত্ৰ পথ বুলি ভাবি যায়।

প্ৰাপ্তবয়স্ক মানুহ এজনৰ দৰে আজিৰ ডেকাচামো যিকোনো মানসিক ৰোগত ভোগাৰ আশংকা থাকে। ই স্কিজোফ্ৰেনিয়া, ডিপ্ৰেছন, উৎকন্ঠা, অৱছেছন মেনিয়া বা ওপৰত উল্লেখ কৰা নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্তি- যিকোনো হ’ব পাৰে।

এইটো ইতিমধ্যে প্ৰমাণিত হৈছে যে পঞ্চাশ শতাংশ মানসিক ৰোগৰ আৰম্ভণি চৈধ্য বছৰ বয়সতে হয়। এইটো বৰ গুৰুতৰ কথা। এইখিনি বয়স পঢ়াৰ বয়স- জীৱন গঢ়াৰ বয়স। আটাইতকৈ দুখৰ কথা, ইয়াৰ বেছিভাগেই চিনাক্ত হোৱা সকলৰো বেছিভাগেই চিকিৎসাৰ কাৰণে মানসিক চিকিৎসকৰ ওচৰলৈ নাহে। পৰিসংখ্যা হিচাপত ১০-১২ শতাংশ ৰোগীয়েহে মানসিক চিকিৎসকৰ ওচৰলৈ সহায় বিচাৰি আহে।

মানসিক বেমাৰ সম্বন্ধে থকা ভ্ৰান্ত ধাৰণা(STIGMA) অজ্ঞতা, অৱজ্ঞা, কু-সংস্কাৰ, অন্ধবিশ্বাসেই ইয়াৰ মূল কাৰণ।

সত্যৰ সন্ধান, জ্ঞানৰ প্ৰসাৰণেই মানুহৰ অজ্ঞতা, ভ্ৰান্ত ধাৰণা দূৰ কৰাৰ একমাত্ৰ উপায়। আমি সকলোৱে সহজ অৰ্থত বুজাৰ দৰে মানসিক বেমাৰ ‘মনৰ বেমাৰ’ বা নিজে সৃষ্টি কৰি লোৱা বেমাৰ নহয়। ই শৰীৰৰ আন আন শাৰীৰিক বেমাৰ যেনে- ডায়েবেটিছ, উচ্চ ৰক্তচাপৰ দৰে শাৰীৰিক বেমাৰ। আচলতে আমাৰ ভাব, চিন্তা, আৱেগ-অনুভূতি, খং, দুখ-শোক আদি মস্তিষ্কৰ একো একোটা অংশই পৰিচালনা কৰে। বহুতো যান-বাহনতে নাযাওঁ কিয়, তৎক্ষণাৎ ৰখি আৰ্তজনক হাস্পতাললৈ পঠিয়াই দিওঁ, কাৰো অনুমতি নলওঁ। সেই একেখিনি সুবিধা ৰাস্তাত অকলে অকলে ঘূৰি ফুৰা মানসিক ৰোগীজনকো দিব পাৰো, আমি ১-২, ১০৮ মাতি আনি হাস্পতাললৈ পঠাব পাৰোঁ। তেওঁৰ অংগী-ভংগী দেখি হাঁহি, ঠাট্টা-মস্কৰা কৰাতকৈ এই ন্যূনতম সৌজন্যৰে তেওঁক মানৱীয় মৰ্যাদা দিব পাৰোঁ।

প্ৰকৃত সত্যটো হ’ল, খুব কমসংখ্যকক বাদ দি বেছিভাগ মানসিক ৰোগত ভুগি থকা ব্যক্তিয়ে উপযুক্ত চিকিৎসাৰ সহায়ত স্বাধীনভাৱে পৰিয়ালৰ লগতে সমাজৰ কামত অহাকৈ জীয়াই থাকিব পাৰে। প্ৰতি চাৰিজনৰ ভিতৰত এজন ব্যক্তি মানসিক ৰোগত ভোগা দেখা যায় আৰু সেইজন মই, আপুনি, যিকোনো এজনেই হ’ব পাৰোঁ।

তেওঁলোক কোনোবা আমাৰ ভাই, ভনী, সহকৰ্মী বা পৰিয়ালৰ আন লোক হ’ব পাৰে, গতিকে আমাৰ পৰিয়ালৰ, সমাজৰ অংগ, তেওঁলোকৰ লগত আমি সদায় বাৰ্তালাপ কৰোঁ, পুৱা-গধূলি মুখামুখি হওঁ। সেয়েহে পূৰ্বৰ ধ্যান-ধাৰণা আঁতৰাই মানসিক বেমাৰক এক বেলেগে ধৰণে চোৱাৰ, এক গঠনমূলক দৃষ্টিভংগীৰে চোৱাৰ সময় আহি পৰিছে।

আজিৰ যুৱ-প্ৰজন্ম কাইলৈ দেশৰ ভৱিষ্যৎ। তেওঁলোক নিৰোগী হৈ থকাটো আমাৰ সকলোৰে কাম্য। তেওঁলোক বেমাৰী হ’লে চিকিৎসা নকৰি বহি থাকিলে ই ব্যক্তিজন, তেওঁৰ পৰিয়াল বা সমাজৰেই ক্ষতি নহয়, ই দেশৰ মানৱ সম্পদ আৰু অৰ্থনৈতিক ক্ষেত্ৰতো অপূৰণীয় ক্ষতি কৰে।

মানসিক বেমাৰৰ সজাগতা, তাৰ চিকিৎসা, তাৰ লগত জড়িত অন্ধবিশ্বাস দূৰ কৰাৰ বাবে আমাৰ সকলোৰে চৰকাৰ, সমাজ, বেচৰকাৰী সামাজিক অনুষ্ঠান সকলোৰে সমান ভূমিকা আছে। চৰকাৰে নিজে এইক্ষেত্ৰত অগ্ৰণী ভূমিকা লৈছে। প্ৰধানমন্ত্ৰী মোডী ডাঙৰীয়াই ২০১৭ চনৰ ২৭ মাৰ্চত ‘মন কি বাত’ত ডিপ্ৰেছনৰ বিষয়ে সকলোকে মুকলিকৈ আলোচনা কৰিবলৈ দেশবাসীক আহ্বান জনাইছে। ই মানসিক বেমাৰৰ প্ৰতি থকা বৈষম্য আঁতৰোৱাত নিঃসন্দেহে সহায় কৰিব। মানসিক স্বাস্থ্যকৰ্মী, সংবাদ মাধ্যম, বৈদ্যুতিন মাধ্যম আমাৰ সকলোৰে মানসিক ৰোগক তথ্যসহকাৰে সঠিক ৰূপত, সমাজে বুজিব পৰাকৈ সাধাৰণ ভাষাৰে বুজোৱাৰ দায়িত্ব আহি পৰিছে। তেতিয়াহে মানসিক ৰোগীৰ প্ৰতি, মানসিক ৰোগৰ প্ৰতি সঠিক দায়িত্ব পালন কৰা হ’ব।

আহক, বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ দিনা আমি সকলোৱে সংকল্প লওঁ- আমাৰ ঘৰ, প্ৰতিৱেশী, গাঁও অঞ্চলৰ কোনো এজন মানসিক ৰোগীকে উপযুক্ত চিকিৎসাৰপৰা বঞ্চিত নকৰোঁ, গম পোৱাৰ লগে লগে তেওঁৰ মানসিক চিকিৎসকৰ ওচৰলৈ নিওঁ যাতে আমাৰ লগতে হাতত হাত ধৰি তেওঁ আমাৰ সমাজ, দেশ গঢ়াৰ কামত নিজকে ব্ৰতী কৰাব পাৰে।

লেখক: ডাঃ সুৰেশ চক্ৰৱৰ্তী(দৈনিক অসম)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top