মূল পৃষ্ঠা / স্বাস্থ্য / মানসিক স্বাস্থ্য / শাৰীৰিক আৰু মানসিক সুস্বাস্থ্যৰ বাবে আমাৰ কৰণীয়
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শাৰীৰিক আৰু মানসিক সুস্বাস্থ্যৰ বাবে আমাৰ কৰণীয়

শাৰীৰিক আৰু মানসিক সুস্বাস্থ্যৰ বাবে আমাৰ কৰণীয়, সেই বিষয়ে লিখা হৈছে ।

 

'Eat healthy, think better and stay healthy'। আজিকালি প্ৰত্যেকজন ব্যক্তিয়েই স্বাস্থ্য সচেতন। সুন্দৰ, নিৰোগী আৰু স্বাস্থ্যবান শৰীৰ সকলোৰে কাম্য।সেয়েহে স্বাস্থ্য ৰক্ষাৰ কিটিপ বোৰ জানিবৰ বাবে সকলো আগ্ৰহী হোৱা দেখা যায়।কি কি খালে ভাল বা বেয়া ,কি কৰিলে স্বাস্থ্যবান হৈ থাকিব পাৰি সেইবোৰ কথা প্ৰায়বোৰ মানুহৰে নখ দৰ্পণত। অৱশ্যে ইয়াৰ ধনাত্মক আৰু ঋণাত্মক দিশ দুয়োটাই আছে।যেনে ধৰক শাক পাচলি কিনোতে জৈৱিক পদ্ধতিৰে উৎপাদন কৰা পাচলিৰ প্ৰতি মানুহৰ আগ্ৰহ আগতকৈ বাঢ়ি যোৱা দেখা পোৱা গৈছে। তদুপৰি বহু লোকে নিজৰ ঘৰতে সৰুকৈ হলেও এখন পাচলি বাৰী( কীটচেন গাৰ্ডেন) গঢ়াত গুৰুত্ব দিছে।নগৰ বা চহৰ বুলি কথা নাই সকলোৱে যেন ভেজাল আৰু ৰাসায়নিক সাৰ দিয়া শাক পাচলি বা অন্য বস্তু খাবলৈ ভয় কৰা হৈছে।ইয়াৰ ফলশ্ৰুতিতেই গুৱাহাটী হেন চহৰতো অট্টলিকাৰ চাদৰ ওপৰত কনতেইনাৰ গাৰ্ডেন গঢ়ি উঠিছে। ঠিক তেনেকৈ যুৱ চামৰ মাজত জিম(Gym) যোৱাৰ ধাউতি বৃদ্ধি পোৱা দেখা গৈছে। সুন্দৰ, বলিষ্ঠ চেহেৰা লাভ কৰাটো আজিকালি প্ৰতিজন যুৱকৰ এটা সপোন।সেয়েহে নতুন যুৱ প্ৰজন্ম শৰীৰ চৰ্চাৰ প্ৰতি আগ্ৰহী হৈ পৰিছে। শাৰীৰিক প্ৰৰিশ্ৰম কমি যোৱাৰ বাবে জিম(Gym) যোৱাটোৱেই একমাত্ৰ পথ হৈ পৰিছে।তদুপৰি মেদবহুলতাৰ সমস্যাৰ পৰা মুক্তি পাবলৈও বহুতে জিম যায়।এইবোৰ হৈছে ধনাত্মক দিশ।ইন্টাৰনেটৰ সুবিধা হোৱা বাবে বহুত কথা সহজ হৈ পৰিছে।অৱশ্যে এইবোৰৰ ঋণাত্মক দিশ কিছুমানো নথকা নহয়।যেনে ধৰক আজিকালিৰ যুৱ চাম যধে মধে বহু ফিটনেছ ঔষধৰ বিজ্ঞাপনত ভোল গৈ সেইবোৰ সেৱন কৰি নিজৰ বাবে বিপদ মাতি আনিছে। 'Self medication is dangerous'। গতিকে সময় থাকোতেই সকলোৱে বুজি লোৱা উচিত ভাল বেয়া কি।অভিভাৱক সকলো সজাগ হ'বৰ হল।বাৰু যি নহওক এইবোৰ হৈছে শাৰীৰিক স্বাস্থ্য ৰক্ষাৰ প্ৰতি থকা আমাৰ সচেতনতা। ঠিক তেনেকৈ মানসিক স্বাস্থ্য ৰক্ষাৰ বাবে যোগ আৰু প্রানায়ামৰ প্ৰতি সকলো আকৰ্ষিত হোৱা দেখা যায়। ঠায়ে ঠায়ে যোগ প্ৰশিক্ষণ কেন্দ্ৰ গঢ়ি উঠিছে।পুৰুষ, মহিলা সকলোৱে যোগ বা প্রানায়মৰ প্ৰতি আকৰ্ষিত হোৱা দেখা গৈছে।কিন্তু আজিকালিৰ ব্যস্ততাপূৰ্ণ জীৱনত যোগচর্চা আৰু প্ৰানায়ামৰ বাবেও মানুহৰ সময়ৰ অভাৱ হোৱা দেখা যায়।আমি প্ৰত্যেকেই ইমান ব্যস্ত যে আমাৰ জীৱন একপ্ৰকাৰ যন্ত্ৰৱত হৈ পৰিছে। একঘেমীয়া জীৱন, পৰিৱৰ্তিত খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ বাবে মানুহ ৰোগীয়া হৈ পৰিছে। তদুপৰি নিদ্ৰাহীনতা, মানসিক অৱসাদত ভোগা মানুহৰ সংখ্যাও দিনে দিনে বৃদ্ধি পাইছে।এইবোৰৰ ফলশ্ৰুতিত বহুতেই মানসিক চাপ বা ষ্ট্ৰেছৰ চিকাৰ হয়। শাৰীৰিক ভাবে স্বাস্থ্যৱান হলেও মানসিক সুস্বাস্থ্যৰ অবিহনে এজন ব্যক্তিক স্বাস্থ্যৱান বুলি কব নোৱাৰি।আজিৰ যুগটো প্ৰতিযোগিতাৰ যুগ । ভিন ভিন ক্ষেত্ৰত যেন কেৱল প্ৰতিযোগিতাহে ,কোনে কাক চেৰ পেলাই আগবাঢ়িব পাৰে। গাঁওৰ লোকে চহৰীয়া লোকৰ ওচৰত হীন্যমান্যতাত ভোগে,ঠিক তেনেকৈ চহৰীয়া লোকেও গাঁওৰ লোকক হীন চকুৰে চোৱা দেখা যায়। অত্যাধুনিকতাৰ পৰশত মানুহে নিজকে পাহৰি পেলাইছে,আনক অন্ধ অনুকৰণ কৰিছে যিবোৰৰ প্ৰভাৱ অতি ভয়াৱহ। সেয়েহে সকলোৱে যেন এবাৰ নিজকে চিকুটি চায় আৰু কথাবোৰ দকৈ চিন্তা কৰে। 'Self assessment is the first step to all assessment'। প্ৰতিজন ব্যক্তি বিভিন্ন দোষ গুণৰ সমাহাৰ।নিজৰ দুৰ্বলতা খিনি চালি জাৰি চাই যিয়ে নিজকে সংশোধন কৰিবলৈ চেষ্টা কৰে ,তেওঁহে প্ৰকৃত ব্যক্তি।
শৰীৰৰ পুষ্টিৰ বাবে আমি পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিছো, কিন্তু মানসিক পুষ্টিৰ বাবে কি আহাৰ গ্ৰহণ কৰিছো বাৰু? যোগ আৰু প্রানায়াম বাৰু সহজ উত্তৰ। কিন্তু কিছুমান সৰু সৰু কথায়ো আমাক মানসিক পৰিপুষ্টি দিব পাৰে।সাধাৰণ যেন লগা কিন্তু অতি প্ৰয়োজনীয় কেইটিমান কিটিপ তলত উল্লেখ কৰিছো।

(১)নিজক সন্মান কৰিবলৈ শিকক।নিজক সন্মান কৰিব শিকিলেহে আনকো সন্মান দিব পাৰিব।

(২)পুৱা সোনকালে উঠা অভ্যাস কৰিব লাগে আৰু প্ৰাতঃভ্ৰমন (morning walk) কৰিব লাগে।আজিকালি বেছিভাগ লোকেই ৰাতি দেৰিকৈ শুৱে আৰু পুৱা দেৰিকৈ উঠে। ই স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক।

(৩)নিজকে অকলশৰীয়া অনুভৱ হবলৈ নিদিব। ভাল লগা আৰু ভাল মানুহৰ সংগ লওক। এষাৰ কথা আছে-'দুষ্ট বন্ধুতকৈ জ্ঞানী শত্ৰুৱেই শ্ৰেয়।' পৰিয়াল আৰু ভাল বন্ধুৰ লগত সময় কটাওক।

(8)প্ৰত্যেকৰে ভাল লগা কিছুমান কাম বা হবি(hobby) আছে।যেনে :- গান গোৱা, গান শুনা, ৰন্ধা বঢ়া,কিতাপ পঢ়া আদি।ব্যক্তিভেদে এই হবিবোৰ বেলেগ বেলেগ হয়। ব্যস্ততাৰ মাজতে অকণমান সময় উলিয়াই নিজৰ ভাল লগা কামবোৰ কৰক। এইবোৰে আমাক মানসিক প্ৰশান্তি দিয়ে(mental peace)।

(৫)নিজক কেতিয়াও আনৰ লগত তুলনা নকৰিব। আনৰ লগত তুলনা কৰিলে হীন্যমান্যতাত ভুগি মানসিক অশান্তি বৃদ্ধি হয়। যি পাইছে তাতেই সন্তুষ্ট থাকক। 'আত্মসন্তুষ্টি সুখৰ মূলমন্ত্র'- কথাষাৰ উপলব্ধি কৰক।

(৬)'Idle brain or idle mind is the Devil's workshop'- অৰ্থাৎ 'খালি মূৰ চয়তানৰ বাহ।' একো কাম বন নাথাকিলে আমাৰ মনবোৰ কলুষিত হয় আৰু বেয়া বেয়া চিন্তাই বাহ লয়। সেয়েহে নিজকে গঠনমূলক কামত নিয়োজিত কৰক।আপুনি কোনটো কামত পাৰ্গত প্ৰথমে সেই কামটোকে বাচি লওক আৰু নিজকে সেই কামত ব্যস্ত ৰাখক। ' কামৰ সৰু বৰ নাই'। আপুনি কৰি থকা কামটো সৰু বুলি নাভাবিব। প্ৰতিটো কামৰে মূল্য আছে। নিজৰ কৰ্মক সঠিক মৰ্যদা দিয়ক আৰু উপভোগ কৰক।

(৭)আনৰ প্ৰতি হিংসা ভাব পৰিহাৰ কৰক। ই আপোনাৰ নিজৰ স্বাস্থ্যৰ বাবেহে ক্ষতিকাৰক,আনৰ একো হানি কৰিব নোৱাৰে।

(৮)খং নামৰ ৰিপুটো দমন কৰিবলৈ চেষ্টা কৰক। ' খং নামেই চাণ্ডাল ' -কথাষাৰ এবাৰ মনত পেলাব।খং উঠিলে আপুনি আপোনাৰ মনটো শান্ত কৰিবলৈ চেষ্টা কৰক।তাৰ বাবে নিজৰ আটাইতকৈ ভাল লগা কামটো কৰক। লাহে লাহে খং শাম কাটিব।

(৯)সুষম, সন্তুলিত আহাৰ গ্ৰহণ কৰক। প্ৰচুৰ পৰিমাণে পানী সেৱন কৰক আৰু নিতৌ কিছুসময় শাৰীৰিক পৰিশ্ৰম কৰক। শাৰীৰিক পৰিশ্ৰমে মানসিক উৎকণ্ঠা, মানসিক দুশ্চিন্তা আৰু মানসিক অৱসাদ দূৰ কৰাত সহায় কৰে।

(১০)আনৰ কথা আলোচনা কৰা বা পৰচর্চা ত্যাগ কৰক।পৰচৰ্চাই আমাৰ মনবোৰ কলুষিত কৰে।আনৰ দোষ গুণ খুচৰি থকাতকৈ পাৰে যদি নিজৰ দোষ গুণ সমূহ চালিজাৰি চাই আত্মসংশোধন কৰক।

(১১)প্ৰত্যেক ব্যক্তিৰে কিছুমান সুপ্ত প্ৰতিভা থাকে।নিজৰ সেই প্ৰতিভাক চিনি পাওক আৰু তাক বিকাশ কৰিবলৈ চেষ্টা কৰক।ই আপোনাৰ আত্মবিশ্বাস আৰু মনোবল (will power)বৃদ্ধি কৰিব।

(১২)নিজৰ বিবেক( inner voice) মতে কৰ্ম কৰি যাওক । বিবেকহীন লোক জড় পদাৰ্থৰ দৰে।

(১৩)যোগাভ্যাস আৰু প্রানায়ম অনুশীলন কৰক।

(১৪)জীৱনটো ধনাত্মক দৃষ্টিৰে চাবলৈ শিকক। 'জীৱন অমূল্য' এই কথাষাৰ সদায়ে মনত ৰাখিব। ঋণাত্মক চিন্তাৰ পকনিয়া সোঁতত উটি নাযাব।

লেখিকা: ডাঃৰেইনী দেৱী( আয়ুৰ্বেদিক চিকিৎসক)

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন:- 7399114617

 

2.71428571429
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top