মূল পৃষ্ঠা / স্বাস্থ্য / মানসিক স্বাস্থ্য / শাৰীৰিক আৰু মানসিক স্বাস্থ্য :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শাৰীৰিক আৰু মানসিক স্বাস্থ্য :

শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বিষয়ে লিখা হৈছে ।

মানৱ জীৱন বৰ সুন্দৰ। এই সুন্দৰ জীৱন যাপন কৰিবলৈ প্ৰত্যেকে নিজ নিজ কৰ্ম কৰি যোৱাৰ লগতে সুস্বাস্থ্যৰ গৰাকী হ’লে জীৱনটো অতি সুন্দৰভাৱে উদযাপন কৰিব পাৰে। সুস্বাস্থ্য বুলিলে আমি সাধাৰণতে নিৰোগী শৰীৰ এটাৰ সৈতে সুস্থ মন এটাকে বুজো।

সেয়ে শাৰীৰিক আৰু মানসিক অৱস্থাৰ ভাৰসাম্য সঠিক হ’লে সুস্বাস্থ্যৰ অধিকাৰী বুলি ক’ব পাৰি। সুস্বাস্থ্যৰ কাৰণে যিদৰে সুষম আহাৰ আৰু সুস্থ জীৱনশৈলীৰ প্ৰয়োজন ঠিক সেইদৰে মানসিক অৱস্থা স্বাভাৱিক হ’লে মনটো সকলো সময়তে সুস্থ আৰু প্ৰফুল্লিত হৈ থাকে, ফলত জীৱনৰ প্ৰতিটো দিনেই বাধা নোহোৱাকৈ আগুৱাই নিব পাৰে।

মনোবিজ্ঞানীসকলৰ মতে আৱেগ-অনুভূতিক মনে নিয়ন্ত্ৰণ কৰে আৰু মনক নিয়ন্ত্ৰিত কৰিব পাৰিলে মানসিক স্বাস্থ্য, শাৰীৰিক স্বাস্থ্য দুয়োটাই অটুট থাকে।

সাম্প্ৰতিক সময়ত ব্যস্ততাৰে ভৰা এই আধুনিক পৃথিৱীত প্ৰত্যেক ব্যক্তিৰে নিজ নিজ চিন্তা-ভাবনা, সন্তানৰ বাবে চিন্তা, অৰ্থনৈতিক, সামাজিক চিন্তা আদিয়ে সময়ে-অসময়ে মন অশান্ত কৰি তোলে।

এনে চিন্তাই মানুহক বাৰে বাৰে জুমুৰি মাৰি ধৰিলে মনটো কেতিয়াবা ব্যতিব্যস্তও হৈ উঠে। কোনো ক্ষেত্ৰতেই মন নবহা হয়। দৈনিক জীৱন যাত্ৰাতো বাধা আহি পৰে। ব্যৱহাৰো সলনি হয়।

কৰ্ম কৰিবলৈ উৎসাহ-উদ্দীপনাও কমে। খোৱা-বোৱাৰ ৰুচিও নোহোৱা হৈ পৰে। অনবৰতে মানসিক চিন্তাবোৰে আমনি কৰি থকা হেতুকে এটা সময়ত বিষণ্ণতাত ভোগে আৰু এই বিষণ্ণতাই বহু সময় ক্ৰিয়া কৰি থাকিলে ই পাছলৈ হতাশাৰ ৰূপ লয়।

নিদ্ৰাহীনতা, নেতিবাচক চিন্তাই মনৰ ক্ষতি কৰাৰ লগতে সমান্তৰালভাৱে শৰীৰতো ইয়াৰ প্ৰভাৱ পৰে।

হতাশা হৈছে একপ্ৰকাৰ শাৰীৰিক আৰু মানসিক ৰোগ, এই ৰোগ ইমান ভয়ংকৰ যে বহু দিন ধৰি ভুগি থাকিলে অৱশেষত আত্মহননৰ পথো বাছি লয়।

সি যি কি নহওক, আমি মানসিক স্বাস্থ্য অক্ষুণ্ণ ৰাখিবলৈ প্ৰথমে মনটো শক্তিশালী আৰু সুদৃঢ় কৰিব লাগে, যাতে মানসিক চাপে আমাক ক্ষতি কৰিব নোৱাৰে।

কিয়নো মানুহৰ জীৱনত নানানটা চিন্তা, বিভিন্ন সমস্যা থাকেই, কিন্তু এইবোৰ অতিক্ৰম কৰি আগুৱাই যাবলৈ হ’লে শৰীৰ অৰু মন দুয়োটাই সুস্থ-সবল, সুন্দৰ তথা সতেজ কৰি ৰাখিবলৈ অতি ব্যৱস্থাময় পৰিৱেশৰ মাজতো নিজৰ বাবে কিছু সময় আজৰি হৈ সময়খিনি সম্পূৰ্ণকৈ উপভোগ কৰাত মনোনিৱেশ কৰা নিতান্তই প্ৰয়োজন।

মানৱ জীৱনত ৰঙিয়াল মন এটাই সদায় মহৌষধৰ দৰে কাম কৰাত সহায় কৰে। মনটো আনন্দদায়ক হৈ থাকিলে জীৱনটো সুন্দৰভাৱে উদযাপন কৰাৰ লগতে শাৰীৰিক আৰু মানসিক দিশ বহু পৰিমাণে উন্নত হয়।

সেয়ে-

  • শৰীৰ চৰ্চা,
  • যোগাসন,
  • প্ৰাণায়াম,
  • মেডিটেচনৰ উপৰি নিজে ভাল পোৱা কাম,
  • বন্ধু-বান্ধৱীৰ সৈতে সময় কটোৱা ওচৰচুবুৰীয়াৰ খা-খবৰ লোৱা,
  • সামাজিক কাম কৰা কিতাপ পঢ়া,
  • গান শুনা,
  • আৱেগক প্ৰশয় নিদি প্ৰতিদিনে হাঁহিবলৈ চেষ্টা কৰা,
  • মাজে-সময়ে সৰুকৈ হ’লেও,
  • প্ৰিয় বন্ধু-বান্ধৱী, শুভাকাংক্ষী, সহকৰ্মীক ঘৰলৈ নিমন্ত্ৰণ জনাই মত বিনিময় কৰা আড্ডা জমোৱা তথ্য ইতিবাচক চিন্তাৰে নিজ কৰ্মক আগ্ৰহেৰে কৰি আগ বাঢ়ি গ’লে মানসিক চাপ দূৰ হোৱাত ঔষধ হিচাপে যে কাম দিব তাত অকণো সন্দেহ নাই।

লেখিকা: দীপাঞ্জলি ভট্টাচাৰ্য(অসম বাণী)

মাচাজ বা মালিচে দিব পাৰে নতুন জীৱন -

মাচাজ অৰ্থাৎ মালিচ। সঁচা কথা ক’বলৈ হ’লে মালিচৰ পৰা পোৱা অৱদানৰ অন্ত নাই। মানৱ শৰীৰ এটা সুচলভাৱে চলাই থকাত মালিচে অপৰিসীম সহায় কৰে।

গোটেই দিনৰ ক্লান্তি আঁতৰোৱাত, ছালৰ উজ্জ্বলতা বৃদ্ধি কৰা আৰু মনঃসংযোগ বঢ়োৱাত মালিচৰ জবাব নাই।

কিন্তু মালিচৰ আকৌ আছে নিয়ম। সেই বিষয়ে জনাতো দৰকাৰ।

  • বতৰ আৰু মুখ বা গাৰ ছাল অনুযায়ী মালিচ লোৱা উচিত।
  • তেল,
  • ক্ৰীম,
  • লোচন,
  • হালধি ৰস-গাখীৰৰ সৰ মিহলি কৰি এইদৰে বিভিন্ন উপাদানেৰে মালিচ ল’ব পাৰে।
  • সপ্তাহত এবাৰ মালিচ ল’লে দিনকেইটা নানা কাম-বনৰ মাজতো ভালেৰে যায়।
  • লৰালৰি ভাবত মালিচ লৈ লাভ নাই। মালিচ ল’ব লাগে সম্পূৰ্ণ ৰিলেক্স কৰি।
  • অভিজ্ঞ লোকৰ দ্বাৰাহে মালিচ লোৱা উচিত।
  • নাৰিকল তেনে শৰীৰত ক্লিচৰ কাম কৰে। নিয়মিত নাৰিকল তেলেৰে মালিচ ল’লে ছাল উজ্জ্বল হৈ পৰিব।
  • পিগমেন্টেচনৰ সমস্যা দূৰ হ’ব। চুলিৰ মাচাজৰ বাবেও উত্তম। শুকান আৰু স্বাভাৱিক ছালৰ ক্ষেত্ৰতো উপকাৰী। ৰিকল তেলে চুলিৰ গুড়িত পুষ্টি যোগায়।
  • সৰিয়হৰ তেল গৰম কৰি তালুত লগাই ২০ মিনিট ৰাখি শ্বেম্পু কৰিলে উফি আঁতৰিব।

মাচাজ বা মালিচৰ উপকাৰিতা -

  • ছাল সজীৱ আৰু কোমল কৰি ৰাখে।
  • ছালৰ আৰ্দ্ৰতা বজাই ৰাখে।
  • শ্বাস-প্ৰশ্বাস স্বাভাৱিক ৰখাত সহায় কৰে।
  • গ্লেণ্ডৰ প্ৰক্ৰিয়াক উজ্জীৱিত কৰে।

মাচাজ বা মালিচে দিব পাৰে নতুন জীৱনীশক্তি:

  • ৰক্ত চলাচল স্বাভাৱিক ৰাখে।
  • টেনচন আৰু ডিপ্ৰেচন দূৰ কৰে, ক্লান্তি ভাব দূৰ কৰে।
  • ষ্ট্ৰেচ কমোৱাৰ অব্যৰ্থ ঔষধ।
  • মাচল টোনৰ উন্নতি ঘটায়।
  • ওজন কমোৱাত সহায় কৰে।
  • শৰীৰৰ ফিটনেচ বঢ়ায়।
  • ছালৰ ইলাষ্টিচিৰ্টী বজাই ৰাখে, মুখৰ চিন্তাৰ ৰেখা অৰ্থাৎ ষ্ট্ৰেচ মাৰ্কচ দূৰ কৰে।
  • শৰীৰৰ টিচুৰ ক্লান্তি দূৰ কৰে।
  • নাৰ্ভৰ ক্লান্তি দূৰ কৰে।
  • মাচল ক্ৰাম্পৰ পৰা মুক্তি পোৱাত সহায় কৰে।
  • মন ভালে ৰাখে।
  • আপোনাৰ বিভিন্ন খৰচৰ মাজত আৰু সামান্য খৰচৰ দ্বাৰা কোনো অভিজ্ঞ লোক নিয়োগ কৰি মালিচ ল’ব পাৰে নিজৰ শৰীৰ-মন সক্ষম আৰু আনন্দৰ কৰি ৰাখিবৰ বাবে।

ঘৰুৱা উপাদানৰ দ্বাৰা মালিচ আৰু তৎক্ষণাৎ সকাহ -

  • হাত-ভৰি আদিত বিষ অনুভৱ কৰিছে-
  • তিল,
  • তেল,
  • নহৰু ৰস,
  • আদাৰ অস,
  • নিমপাত-হালধি-জালুকৰ গুড়ি এই সকলো ৰস মিহলাই আঁঠু, হাত, কান্ধ আদিত লাহে লাহে মালিচ কৰক। উপশম পাব।
  • কৰ্পূৰ গুড় আৰু বটি লোৱা পদিনাৰ পাতৰ ৰস মিহলাই মালিচ কৰিলে মূৰৰ বিষৰ উপশম পাব। মাইগ্ৰেন থকাসকলেও সকাহ পাব।
  • বহু সময় ঘূৰা-ফিৰা কৰি কাম কৰি থকাৰ ফলত ভৰিৰ পটা দুখন বিষালে অলপ গৰম পানীত দুফোটা চন্দন তেল আৰু অলপ নিমখ মিহলাই ভৰি দুখন কিছুপৰ ডুবাই ৰাখিলে, তাৰ পাছত তেল বা ময়শ্ব’ৰাইজাৰ লগাই লাহে লাহে মালিচ কৰিলে বহু আৰাম পাব।

কি কি কাৰণত মালিচ অনুচিত -

  • হাৰ্টৰ সমস্যা থাকিলে।
  • গৰ্ভাৱস্থাৰ প্ৰথম পাঁচ মাহত মালিচ লোৱা উচিত নহয়। পাছত হাত-ভৰিৰ মোলায়েম মালিচে শৰীৰ-মনৰ অৱসাদ আঁতৰাব।
  • যিকোনো অপাৰেচনৰ পাছত।
  • শৰীৰৰ কোনো অংশ আঘাতপ্ৰাপ্ত হ’লে আৰু হাত-ভৰি আদিৰ হাড় ভাগিলে।
  • আন কিছুমান ক্ষেত্ৰতো মালিচ কৰা উচিত নহয়। ডাক্তৰক সুধি ল’ব।

লেখিকা: সীমা চক্ৰৱৰ্তী(অসম বাণী)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top