মূল পৃষ্ঠা / স্বাস্থ্য / মানসিক স্বাস্থ্য / ষ্ট্ৰেছ আৰু হাৰ্ট এটেকঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ষ্ট্ৰেছ আৰু হাৰ্ট এটেকঃ

ষ্ট্ৰেছ আৰু হাৰ্ট এটেকৰ বিষয়ে লিখা হৈছে

ষ্ট্ৰেছ কি?-

ষ্ট্ৰেছ হৈছে এনে এটি মানসিক অৱস্থা যিটোৰ পৰা অব্যাহতি পোৱা বা সকাহ লভাটো এজন ব্যক্তিৰ বাবে দুৰূহ কাৰ্য হৈ পৰে। ব্যক্তিগৰাকীৰ দেহ-মন এনে অৱস্থাটিৰ হেতুকে আচ্ছন্ন হৈ থকা হেতুকে ই আমাৰ জীৱনীশক্তি আৰু জীৱনৰ কাম-কাজৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। এই শব্দটিৰ যথোপযুক্ত প্ৰতিশব্দ আমাৰ মাতৃভাষাত এতিয়ালৈকে দুৰ্লভ বুলিয়েই প্ৰসিদ্ধ লেখক হোমেন বৰগোহাঞিৰ কোনোবা এটা লেখাত মই পঢ়িবলৈ পাইছিলো। বিভিন্ন কাৰকৰ বিক্ৰিয়াৰ হেতুকে ‘ষ্ট্ৰেছ’ৰ সৃষ্টি হয়। বিশেষভাৱে ভ্ৰান্ত ধৰণৰ আধুনিক জীৱন যাপনৰ শৈলী হৈছে ইয়াৰ এটা গুৰুত্বপূৰ্ণ কাৰক। অন্য কাৰকবোৰৰ ভিতৰত উল্লেখনীয় হৈছে- অত্যধিক ব্যস্ত জীৱন, দৈহিক অক্ষমতা, আশানুৰূপভাৱে কোনো ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শনত ব্যৰ্থতা, অপৈণত ধৰণৰ বিচাৰ-বুদ্ধি, আত্মবিশ্বাসৰ অভাৱ আৰু অৰ্থনৈতিক অভাৱ। দৈহিক ৰোগৰ বাবেও (নিজৰ বা পৰিয়ালৰ বা বন্ধু-বান্ধৱৰ কোনোবা এজনৰ) সময়সাপেক্ষে ষ্ট্ৰেছৰ উৎপত্তি হয়। সঁচা কথা ক’বলৈ গ’লে ষ্ট্ৰেছ হৈছে মানুহৰ দৈনন্দিন জীৱনৰ এক অপৰিহাৰ্য অংগস্বৰূপ। যিকোনো সময়তে আৰু পৰিস্থিতিতে মানুহ সন্মুখীন হ’ব পাৰে ষ্ট্ৰেছৰ। প্ৰকৃততে সামান্য আৰু সহনীয় মাত্ৰাত লভা ষ্ট্ৰেছ আমাৰ বাবে কাম্য আৰু ই স্বাস্থ্যৰ ওপৰত ধনাত্মক প্ৰভাৱ পেলায়। পিছে সময়সাপেক্ষে ষ্ট্ৰেছৰ মাত্ৰা ইমানেই বাঢ়ে যে ইয়াৰ ফলত আক্ৰান্ত মানুহজন দৈহিক তথা মানসিকভাৱে দুৰ্বল হৈ পৰে। খং, উত্তেজনা আৰু উদ্বিগ্নতা নিয়ন্ত্ৰণৰ জৰিয়তে ষ্ট্ৰেছৰ মাত্ৰা ভালেখিনি কমাব পাৰি। এষাৰ কথা ধুৰূপ সত্য যে যিকোনো মানুহৰ মানসিকতাত খং, উত্তেজনা বা উদ্বিগ্নতাই প্ৰভাৱ পেলায়। গতিকে অৱধাৰিতভাৱেই ষ্ট্ৰেছৰ সৃষ্টি হ’বই। পিছে এনে ষ্ট্ৰেছৰ মাত্ৰাৰ হৰণ-ভগন হ’ব পাৰে। কোনোবা কামত বেছিকৈ ষ্ট্ৰেছ অনুভূত হয় আৰু আন এক কামত হয়তো ষ্ট্ৰেছৰ মাত্ৰা তাকৰীয়া হ’ব পাৰে।

ষ্ট্ৰেছৰ কাৰণ-

ষ্ট্ৰেছ নামৰ এই মানসিক অৱস্থাটিৰ বাহ্যিক প্ৰকাশৰ ভিন্নতা থাকিব পাৰে। উদাহৰণস্বৰূপে সময়সাপেক্ষে দৈহিক উত্তাপ বাঢ়ি ৰক্তচাপৰ মাত্ৰা বাঢ়িব পাৰে অৰ্থাৎ উচ্চ ৰক্তচাপত মানুহজন ভুগিব পাৰে। উচ্চ ৰক্তচাপৰ এক গুৰুত্বপূৰ্ণ কাৰক হৈছে ষ্ট্ৰেছ। তদুপৰি মগজুৰ ৰক্তবাহী ধমনীবোৰ ফাটি ষ্ট্ৰোক হৈ একাংগী ৰোগ বা অসাৰতাৰ সৃষ্টি হ’ব পাৰে। আন কিছুমান ৰোগীৰ ক্ষেত্ৰত পাকস্থলীত অত্যধিক মাত্ৰাত পাচক ৰসৰ উৎপত্তি হৈ অম্লজনিত অৱস্থাৰ সৃষ্টি হয়। মাত্ৰাধিক দীঘলীয়া সময়ৰ বাবে ষ্ট্ৰেছত আক্ৰান্ত হ’লে কেতবোৰ উপসৰ্গ দেখা দিয়ে।এইবোৰৰ ভিতৰত উল্লেখনীয় হৈছে অনবৰতে নিদ্ৰালসভাৱে দেহ-মন আগুৰি থকা সত্ত্বেও শয্যাগত অৱস্থাত নিদ্ৰাহীনতা, মূৰৰ বিষ, মূৰৰ ঘূৰণি, দৈহিক কম্পন। তদুপৰি আক্ৰান্ত ব্যক্তিগৰাকী হতাশাত ভুগি আত্মহননৰ পথো বাছি ল’ব পাৰে। ষ্ট্ৰেছৰ কৰাল গ্ৰাসত পৰি ব্যক্তিগৰাকী নিঃসংগতাপ্ৰিয় আৰু মন-মেজাৰৰ পৰিৱৰ্তন ঘটিব পাৰে।

ইমানখিনি বৰ্ণনা কৰাৰ পাছত অৱধাৰিতভাৱেই উত্থাপিত হোৱা প্ৰশ্নটি হৈছে যে ষ্ট্ৰেছৰ হেতুকে ঘটা এনেবোৰ দৈহিক পৰিৱৰ্তনৰ কাৰণ কি ? শেহতীয়াভাৱে বিজ্ঞানীসকলে গৱেষণা কৰি এই বিষয়ে কিছু পৰিমাণে হ’লেও সম্ভেদ লভিছে আৰু আশা কৰা হৈছে যে এনেবোৰ ন ন তথ্যৰ জৰিয়তে ষ্ট্ৰেছৰ প্ৰতিষেধকমূলক ব্যৱস্থাৱলীও গ্ৰহণ কৰিব পৰা যাব।

ষ্ট্ৰেছত আক্ৰান্ত হৈ থকাৰ সময়ত ব্যক্তিবিশেষৰ মগজুৰ এমিগ নামৰ অংশটি মাত্ৰাধিক সক্ৰিয় হৈ থাকিলে হাৰ্ট এটেককে ধৰি বিভিন্ন ধৰণৰ জটিলতাৰ সৃষ্টি হয়। বীজাণুৰ সংক্ৰমণৰ হেতুকে ঘটা দৈহিক ক্ষয়-ক্ষতি পুনৰুদ্ধাৰ কৰিবলৈ প্ৰয়োজনীয় মাত্ৰাধিক শ্বেতৰক্ত কণিকাৰ সৃষ্টি হয় হাড়ৰ মজ্জাত আৰু এইক্ষেত্ৰত এমিগডালাৰ এক অনবদ্য ভূমিকা আছে। তাহানিখন ক্ৰমবিকাশৰ বিভিন্ন পৰ্য়ায়ত মানৱৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামতো এই অংশটিৰ কাৰ্যকলাপ বিশেষকৈ প্ৰতিকূল পৰিস্থিতিত অতিশয় গুৰুত্বপূৰ্ণ আছিল।

অৱশ্যে মাত্ৰাধিক সংখ্যালঘু শ্বেতৰক্ত কণিকাৰ উপস্থিতি বাঞ্ছনীয় নহয়। পিছে আধুনিকতাৰ ধামখুমিয়াত দীৰ্ঘকালীন ষ্ট্ৰেছৰ হেতুকে মাত্ৰাধিক শ্বেতৰক্ত কণিকাৰ সৃষ্টি হ’ব পাৰে। বিজ্ঞানীসকলৰ মতানুযায়ী এনেদৰে সৃষ্টি হোৱা অতিৰিক্ত সংখ্যক শ্বেতৰক্ত কণিকাৰ থূপ একোটাই ধমনীৰ মাজেদি তেজৰ প্ৰৱাহত বাধাৰ সৃষ্টি কৰি কলিজাৰ ৰোগ ঘটাব পাৰে।

আমেৰিকাৰ সুপ্ৰসিদ্ধ হাৰ্ভাৰ্ড মেডিকেল স্কুল আৰু মাছাছুৱেছেট জেনেৰেল হস্পিতালৰ চিকিৎসকবৃন্দৰ মতে শেহতীয়া গৱেষণাৰ জৰিয়তে কলিজাৰ ৰোগ সৃষ্টিৰ ক্ষেত্ৰত ষ্ট্ৰেছৰ প্ৰভাৱ সম্বন্ধে জানিব পৰা যাব। গতিকে ষ্ট্ৰেছৰ মাত্ৰা টুটিলে মানসিক সন্তুষ্টিৰ উপৰি অন্যান্য ধৰণে উপকৃত হ’ব পৰা যাব। গতিকে কলিজাৰ ৰোগ সৃষ্টিকাৰী অন্যান্য কাৰকবোৰৰ লগতে ষ্ট্ৰেছো এক অন্যতম বুলি পৰিগণিত হৈছে।

এই অন্যান্য কাৰকবোৰৰ ভিতৰত আছে ধূমপান, উচ্চ ৰক্তচাপ আৰু বহুমূত্ৰ ৰোগ। আনুষংগিকভাৱে শেহতীয়া কাৰকৰূপে এই তালিকাত অন্তৰ্ভুক্ত হৈছে দীৰ্ঘকালীন ষ্ট্ৰেছ। এই নিবন্ধটিত উল্লিখিত সমীক্ষাটিত দীৰ্ঘকালীন ষ্ট্ৰেছত আক্ৰান্ত ২৯০ জন ব্যক্তিৰ মগজু, হাড়ৰ মজ্জা, প্লীহা নিৰীক্ষণ কৰা হৈছিল। গড় হিচাপে ৩.৭ বছৰ নিয়মীয়াভাৱে নিৰীক্ষণ কৰি কলিজাত পৰা কুপ্ৰভাৱৰ বিষয়ে অৱগত হোৱাৰ প্ৰয়াস কৰা হৈছিল। হেন সময়ত ২২ জন ৰোগী হাৰ্ট এটেক, ষ্ট্ৰোক, হাৰ্ট ফেইলৰকে ধৰি নানা অসুখত আক্ৰান্ত হৈছিল। মগজুৰ এমিগডালা নামৰ অংশটি বেছি সক্ৰিয় হ’লে কলিজা ৰোগাক্ৰান্ত হোৱাৰ শংকা বেছি হয়। হাড়ৰ মজ্জা আৰু ধমনীৰ প্ৰদাহে এমিগডালাৰ সক্ৰিয়তা বৃদ্ধিত অৰিহণা যাগায়।

 

(উৎসঃ অসমীয়া খবৰ, ডাঃ মিহিৰ কুমাৰ গোস্বামী)।

3.08571428571
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top