অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সংগীত চিকিৎসা

সংগীত চিকিৎসাৰ বিষয়ে লিখা হৈছে

 

'সংগীত মাথোন আনন্দ-উপভোগৰ বাবে নহয়, সংগীত মাথোন মঞ্চত প্রদর্শন কৰাৰ বাবে নহয়, সংগীত মাথোন শ্ৰোতাৰ মনোৰঞ্জনৰ বাবে নহয়’।

সংগীত এক উপাসনা, প্ৰেৰণা, শান্তি, অনুভূতি আৰু সাধনা। প্রাচীন বৈদিক কালৰ পৰাই মগাগুণী মহর্ষিসকলে সংগীতক পূজাৰ সমপর্যায়ৰ স্থান দি আহিছে। মানসিকভাৱে যেতিয়া আমি ক্লান্ত হৈ পৰো, তেতিয়াই আমি সংগীতৰ প্রয়োজন অনুভৱ কৰো। মানৱ মনৰ অযথা উদ্বেগৰ শাম কটাই জীৱনলৈ এটি নিৰৱচ্ছিন্ন আনন্দৰ সোঁত বোৱাই আনি এখন সুস্থ-সবল সমাজ গঢ়ি তোলাত সংগীতৰ যি গুৰুত্বপূর্ণ অৱদান তাক আমি কোনেও নুই কৰিব নোৱাৰো। সংগীতে যে শ্ৰৱণেন্দ্ৰিয়কে তৃপ্তি প্ৰদান কৰে এনে নহয়, সকলো চিন্তা-ভাবনা দূৰ কৰি মানৱ মনক সতেজ আৰু প্ৰফুল্লিত কৰি তোলাৰ ক্ষেত্ৰতো সংগীতৰ ভূমিকা যথেষ্ট তাৎপর্যপূর্ণ।

সংগীতৰ যাদুকৰী শক্তিয়ে মানৱ হৃদয়ত আৰু মগজুত অজানিতে বিশেষ ধৰণে ক্রিয়া কৰিবলৈ সক্ষম হয়। যাৰ ফলত মানৱ মগজুৱে অনুভৱ কৰিব পাৰে সংগীতৰ অবিহনে আৰু সংগীতৰ মাজেৰে সৃষ্টি হোৱা প্রতিক্রিয়া। সংগীতৰ মাজেৰে যি প্রতিক্রিয়াৰ সৃষ্টি হয় তাৰ দ্বাৰা মানৱ সমাজে প্ৰচুৰ মানসিক শাস্তি লাভ কৰিব পাৰে। ঘটনা পৰিক্ৰমে সকলোৰে মাজত সংগীতৰ প্রতি ধাৰণা তথা আগ্রহ বৃদ্ধি পোৱা দেখা গৈছে। ফলস্বৰূপে আৰম্ভ হৈছে ইয়াৰ প্ৰণালীবদ্ধ বিশ্লেষণ আৰু গৱেষণাৰ। এই গৱেষণাৰ মাধ্যমেৰে উদ্ভাৱন হোৱা চিকিৎসা পদ্ধতি অর্থাৎ সংগীত চিকিৎসা পদ্ধতি (Music Theraphy)য়ে বর্তমান জনমানসত যথেষ্ট জনপ্রিয়তা অর্জন কৰিবলৈ সক্ষম হৈছে।

সংগীত চিকিৎসাক বর্তমানে বিভিন্ন দুৰাৰোগ্য ব্যাধি, মানসিকভাবে বাধাগ্রস্ত শিশু বা কিশোৰৰ চিকিৎসা, বিষ নিৰাময়, শৰীৰৰ পেশীসমূহ শিথিল কৰা, মানসিক দুঃচিন্তা তথা অৱসাদ আঁতৰোৱা আদি বেলেগ বেলেগ ধৰণে ব্যৱহাৰ কৰা হয়। এই চিকিৎসা বিভিন্ন পদ্ধতিৰে কৰা হয় যদিও স্নায়ৱিক চিকিৎসাত ব্যৱহাৰ হোৱা স্নায়ৱিক সংগীত চিকিৎসা বা Neurologic Music Theraphy (NMT) বর্তমানে আধুনিক চিকিৎসা বিজ্ঞানত অধিক জনপ্রিয় হৈ উঠিছে। ১৯৯৯ চনত আৰম্ভ হোৱা এই পদ্ধতিৰ দ্বাৰা মগজুৰ ষ্ট্ৰক, আঘাতপ্রাপ্ত মগজুৰ অৱস্থা, এলজেইমাৰ, এপিলেপ্‌ছি, অটিজিম আদিৰ চিকিৎসা প্ৰদান কৰা হয়। এই চিকিৎসা অকলশৰীয়া বা দল হিচাপেও কৰা হয়।

ভাৰতীয় সংগীত চিকিৎসা পদ্ধতিত প্ৰধানকৈ ৰাগসমূহ ব্যৱহাৰ কৰা হয়। স্নায়ু পদ্ধতিৰ সৈতে জড়িত বিভিন্ন ৰোগ নিৰাময়ৰ বাবে শাস্ত্রীয় সংগীতৰ বিভিন্ন ৰাগ তথা লয় প্ৰয়োগ কৰা হয়। সংগীতৰ লয়ৰ সৈতে মগজুৰ ‘ঢৌ’ৰ (Brain wave) পোনপটীয়া সম্পর্ক আছে। দ্রুত লয়ে যেনেদৰে মানসিক একাগ্ৰতা বঢ়ায়, ঠিক একেদৰে বিলম্বিত লয়ে এটা শান্ত-সমাহিত অৱস্থা প্রদান কৰে। একেদৰে প্ৰতিটো ৰাগৰ সৈতে জড়িত হৈ আছে আমাৰ মানসিক অৱস্থা। সংগীত চিকিৎসকসকলে সুন্দৰভাবে বিভিন্ন ৰোগ নিৰাময়ৰ ক্ষেত্ৰত প্রয়োজন অনুযায়ী ৰাগসমূহ ব্যৱহাৰ কৰে। প্ৰতিটো ৰাগৰ সৈতে বিভিন্ন ৰোগৰ সম্পর্ক আছে। সংগীতে মগজুৰ “ঢৌ”ক যিদৰে নিয়ন্ত্ৰণ কৰিব পাৰে, তাৰ প্ৰভাৱ মানৱ শৰীৰত উশাহ-নিশাহৰ গতি তথা হৃদপিণ্ডৰ গতিৰ ওপৰতো পৰে। সংগীতে যোগাত্মক চিন্তাৰ মাত্রা বঢ়াই তোলাৰ লগতে মানসিক চাপ হ্রাসকৰণ তথা আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বঢ়াই তোলে। শিশু আৰু কিশোৰৰ স্মৃতিশক্তি আৰু মনোযোগ বঢ়াবলৈ সংগীতৰ ব্যৱহাৰ নিতান্তই প্রয়োজনীয়।

সংগীতেৰে ৰোগ নিৰাময়ৰ দৰে মহান কাৰ্যৰ গুৰি ধৰোঁতা তথা প্ৰথমবাৰৰ বাবে বৈজ্ঞানিক পদ্ধতিৰে সংগীত চিকিৎসাৰ প্ৰচলন কৰা মধ্যপ্ৰদেশৰ ভৱলপুৰৰ ড° ভাস্কৰ খাণ্ডেকাৰৰ অপৰিসীম অৰিহণা সঁচাকৈয়ে শলাগ ল’বলগীয়া। ১৯৯৩ চনৰ পৰাই ড° খাণ্ডেকাৰে এই ক্ষেত্ৰত যথেষ্ট দৃঢ়তাৰে আগবাঢ়ি আহিছে আৰু নিজকে এজন প্রথম ভাৰতীয় সংগীত চিকিৎসক হিচাপে স্বীকৃতি দিবলৈ সক্ষম হৈছে। ১৯৬২ চনত এটা পৰম্পৰা সম্পন্ন পৰিয়ালত যি সংগীতৰ ক্ষেত্ৰত বহু আগবঢ়া আছিল, খাণ্ডেকাৰৰ জন্ম হয়। প্রথমেই ড° খাণ্ডেকাৰে ভায়োলিনৰ শিক্ষা গ্ৰহণ কৰি পাচলৈ ভায়োলিনত মাষ্টাৰ ডিগ্ৰী কৰে। ক’বলৈ গ’লে একেবাৰে বিৰল বিষয় "Music Theraphy' বিষয়টোত তেওঁ পিএইচডি কৰে। তেওঁ এজন চতুৰ শিল্পীয়ে নাছিল, তেওঁ এজন ভাল শিক্ষাবিদ তথা এজন জ্যোতিষীও আছিল। তেওঁ গৰ্ভৱতী মাতৃসকলৰ বাবে ন মাহৰ এটা পাঠ্যক্ৰম (Music course) আৰম্ভ কৰিছিল যাতে জন্ম হ’বলগীয়া শিশটো তীক্ষ্ণ বুদ্ধিসম্পন্ন হয়। তেওঁৰ সাংগীতিক চিকিৎসা তথা সংগীতেৰে ৰোগ উপশমৰ যি দৃঢ় পদক্ষেপ এইক্ষেত্ৰত তেওঁক এজন অসাধাৰণ ব্যক্তি হিচাপে তুলি ধৰিলে। তেওঁৰ এই মহান পদক্ষেপ বর্তমানে অধিক জনপ্রিয় হৈ উঠিছে।

প্রতি বছৰ ১৩ মে’ তাৰিখটো ভাৰতবৰ্ষত 'সংগীত চিকিৎসা দিৱস’ (Music Theraphy Day) পালন কৰা হয়। সংগীত চিকিৎসা দিৱসৰ উদ্দেশ্য হৈছে যে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰা। যাতে সর্বসাধাৰণ মানুহে উপলব্ধি কৰিব পাৰে যে সংগীতেৰে কিদৰে আমাৰ মন-মগজুক নিয়ন্ত্ৰণ কৰিব পৰা যায়। বিশেষকৈ ৰোগীসকলৰ বাবে সংগীতৰ প্রয়োজনীয়তা অত্যাধিক। বহুক্ষেত্ৰত ৰোগীৰ বাবে Doctor Treatmentৰ লগে লগে আন্তৰিক অনুপ্ৰেৰণাৰ, এটা শান্তিময় পৰিবেশৰ খুবেই প্রয়োজন। জীৱনীশক্তিৰ দৰে কাম কৰা সংগীতে ৰোগীৰ ৰোগৰ পৰা চিন্তামুক্ত কৰি, মানসিক প্রশান্তি প্ৰদান কৰিব পাৰে।

আনহাতে এই অনুষ্ঠানৰ জৰিয়তে সংগীত চিকিৎসকসকলক প্রশিক্ষণ দিয়া হয়, যাতে গোটেই ভাৰতবৰ্ষতে সংগীত চিকিৎসাৰ প্ৰচাৰ কৰি প্রয়োজনসাপেক্ষে মানসিক ৰোগী, শিশু-কিশোৰৰ সমস্যাসমূহ লাঘৱ কৰিব পৰা যায়।

সংগীত চিকিৎসাৰ লক্ষ্য হৈছে সংগীতেৰে এটা সুন্দৰ বাতাৱৰণৰ সৃষ্টি কৰি ৰোগীসকলৰ মনত মানসিক শক্তি বৃদ্ধি কৰা আৰু সংগীতৰ মধুৰ সুৰ শ্ৰৱণৰ দ্বাৰা ৰোগীৰ মনৰ পৰিবর্তন ঘটোৱাৰ লগতে জীয়াই থকাৰ প্ৰৱণতা জগাই তোলা। কেৱল ৰোগাক্ৰান্ত লোকৰ বাবেই নহয়, বর্তমান উত্তেজনাপূর্ণ জীৱনশৈলীৰ বাবে আমি প্রত্যেকেই সংগীতৰ কাষ চপাটো খুবেই প্রয়োজন হৈ পৰিছে। তেতিয়াহে প্ৰত্যেকজন ব্যক্তিৰ মানসিকতা বহু পৰিমাণে সু-পথেৰে পৰিচালিত হ’ব। ভাৰতীয় সংগীতক ‘মেডিটেছন'ৰ লগত তুলনা কৰা হয় আৰু ই কেৱল "Tonal theraphy' য়েই নহয়, দৈনন্দিন জীৱনৰ বাবে এক মহৌষধস্বৰূপ।

বর্তমানে দেখা গৈছে ‘সংগীত চিকিৎসা’ A Non Mechinary treatment এই বিকল্প চিকিৎসা প্রক্রিয়াটোৰ বিষয়ে সকলো জনসাধাৰণেই বহুতো সতর্ক হৈ উঠিছে। আমাৰ অসমতো চিকিৎসা বিজ্ঞানত সংগীত প্রয়োগ কৰাটো খুবেই প্রয়োজনীয় হৈ পৰিছে|

ৰোগ নিৰাময়ত মিউজিক থেৰাপি-

 

স্নায়ু ৰোগ বিশেষজ্ঞৰ বিশেষ দাবী— ‘মিউজিকেই মেজিক”। শৰীৰৰ জন্মগত ৰোগ নিবাৰণৰ ক্ষেত্ৰত মিউজিক থেৰাপি অথবা সংগীত চিকিৎসাৰ বিকল্প নাই। মস্তিষ্কৰ অ’কেজ’ কোষসমূহ সামান্যভাবে ক্ষতি হ’লেও এই চিকিৎসাই স্বাভাৱিক কৰি তোলে। শৰীৰ আৰু মনক সুন্দৰ কৰি ৰখাত সংগীত অপৰিহাৰ্য। নিয়মিত পচিশ মিনিটৰ বাবে সংগীত শুনিলে, “বেক পেইন’ ৰ ক্ষেত্ৰত কিছু সকাহ পোৱা যায় বুলি গৱেষক আৰু চিকিৎসকসকলে দাবী কৰিছে। সংগীতে কঢ়িয়াই আনে সুখনিদ্রা। ডেনমার্কৰ আৰহাছ বিশ্ববিদ্যালয়ৰ গৱেষকসকলে কৰা এক গৱেষণাত এই কথা পোহৰলৈ আহিছে যে, সংগীতে খং-ৰাগ তথা আবেগ নিয়ন্ত্ৰণ কৰাত যথেষ্ট পৰিমাণে সহায় কৰে। মস্তিষ্কৰ ডোপামিনৰ প্ৰভাৱৰ বাবে ই সম্ভৱ হয়। মস্তিষ্কৰ পেশীক সংগীত চিকিৎসাই স্বাভাৱিক কৰি ৰাখে। ইয়াৰ ফলত ষ্ট'ক হোৱাৰ বাবে লোপ পোৱা বাক্‌শক্তিও ঘূৰাই পোৱা যায় আৰু পাৰকিন্‌ছন্স ৰোগৰ পৰা ক্ৰমশঃ আৰোগ্য লাভ কৰা যায়।

মানসিক অৱসাদ অথবা দুশ্চিন্তা দূৰ কৰাতো মিউজিক থেৰাপী অথবা সংগীত চিকিৎসাই সহায় কৰে। মানসিক অৱসাদ বর্তমান আমাৰ জীৱনৰ সবাতোকৈ ডাঙৰ সমস্যা। কর্মব্যস্ততাৰ চাপ, সম্পর্কক লৈ বিভিন্ন সমস্যা, আর্থিক চিন্তা আদি বিভিন্ন কাৰণৰ বাবে আমাৰ মানসিক অৱসাদ আহে, দুশ্চিন্তা হয়। ইয়াৰ বাবে মালিচ, ৰিলেক্‌চেছন আদি বিভিন্ন থেৰাপি জনপ্রিয় হৈ পৰিছে যদিও মিউজিক থেৰাপি অথবা সংগীত চিকিৎসা এইক্ষেত্ৰত অধিক লাভদায়ক। এই চিকিৎসা কিমানদূৰ ফলপ্ৰসূ, সেই সন্দৰ্ভত ব্ৰিটেইনৰ মাইণ্ডালেৰ ইণ্টাৰনেচনেল নামৰ এক সংস্থাই গৱেষণা চলায়। স্নায়ুৰোগ বিশেষজ্ঞ ডেভিড লুইজ হজছন ছাছেক্সৰ অধীনত ২৬ জনীয়া এটি গৱেষকৰ দলে চলোৱা এই গৱেষণাত মুঠ দহটি গীতে মানসিক অৱসাদ দূৰ কৰিব পাৰে বুলি প্রমাণিত হয়। তাৰ মাজত ব্রিটেইনৰ ‘মাৰকনি ইউনিয়ন’ সংগীত দলৰ ‘ৱেটলেছ’ আছে প্রথম স্থানত। গৱেষক দলটোৱে চলোৱা দীর্ঘদিনীয়া

গৱেষণাৰ অন্তত লাভ কৰা দহটি গীতৰ তালিকা তলত উল্লেখ কৰা হ’ল—

 

১) ব্ৰিটেইন ‘মাৰকনি ইউনিয়ন’ সংগীত দলৰ ’ৱেটলেছ’। দেখা গৈছে এই গীতটি শুনিলে ৬৫ শতাংশ মানসিক অৱসাদ দূৰ হয়।

২) ‘এয়াৰষ্ট্রিম’ সংগীত দলৰ 'ইলেক্ট্রা’।

৩) ডি জে শ্বাহৰ “মোনানোমেনিয়াক” (চিল আউট মিক্স)।

৪) আইৰিছ গায়িকা এনিয়াৰ কন্ঠৰ ‘ৱাটাৰমাৰ্ক’।

৫) ক’ল্ডপ্লে সংগীত দলৰ ‘ষ্টবেৰী ছুইং’।

৬) ৱাশ্বিংটনৰ ছিয়াটেলৰ ইণ্ডিৰক বেণ্ড ‘বাৰ্ছিলোনা’ৰ ‘প্লিজ ড’ন্ট গ”।

৭) ব্ৰিটিছ কানাডিয়ান সংগীত দল “অল ছেণ্ট’ৰ ‘পিঅ’ৰ চ’ৰ্ছ’।

৮) ব্ৰিটিছ গায়িকা এডেল লৰি ব্লৰ কণ্ঠৰ 'ছামৱান লাইক ইউ”।

৯) মোজাৰ্টৰ কেনজোনেত্তা ছাল'ৰিয়া’।

১০) ‘কেফে ডেল মাৰ’ এলবামৰ ‘উই কেন ফ্লাই’।

লেখিকা: মুনমুন গোস্বামী বৰঠাকুৰ, সাদিন।

3.1724137931
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top