মূল পৃষ্ঠা / স্বাস্থ্য / মানসিক স্বাস্থ্য / সু-স্বাস্থ্যৰ বাবে সু-নিদ্ৰাঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সু-স্বাস্থ্যৰ বাবে সু-নিদ্ৰাঃ

সু-স্বাস্থ্যৰ বাবে সু-নিদ্ৰাৰ কথা লিখা হৈছে

 

আমি যদি নিৰ্দিষ্ট সময়ত শুবলৈ গৈ টোপনিত লালকাল হৈ পৰোঁ আৰু নিৰ্দিষ্ট সময়ত টোপনিৰ পৰা সাৰ পাওঁ, আমি বুজিব লাগিব যে ইয়ে আমাৰ সু-স্বাস্থ্য ৰক্ষা কৰাত সহায়ক হ’ব। আনহাতে নিৰ্দিষ্ট সময়ত শুবলৈ গৈ বিছনাত ধৰফৰাই থাকিবলগীয়া হয় নাইবা টোপনি আহিলেও মাজে মাজে সাৰ পাই শুই উঠাৰ কোনো নিৰ্দিষ্ট সময়ত নহয়, তেনেহ’লে বুজিব লাগিব ইয়ে আমাৰ সু-স্বাস্থ্য ৰক্ষাত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব। ভালদৰে টোপনি যোৱা আৰু নিৰ্দিষ্ট সময়ত সাৰ পোৱা এই প্ৰক্ৰিয়াটো আমাৰ দেহত কেনেদৰে সম্পন্ন হয়, এই বিষয়ে শেহতীয়া গৱেষণাৰ তথ্যৰ ভিত্তিত চমুকৈ উল্লেখ কৰা হ’ল। টোপনি যোৱা আৰু সাৰ পোৱা অৰ্থাৎ নিদ্ৰা আৰু জাগি উঠা এই কাৰ্য আমাৰ দেহত কেনেদৰে সম্পন্ন হয় সেই সম্পৰ্কে যুক্তৰাষ্ট্ৰৰ UMSOM (University of Maryland School of Medicine)-ৰ এদল গৱেষকে মস্তিষ্কৰ যি অঞ্চলে নিদ্ৰা আৰু জাগি উঠা নিয়ন্ত্ৰণ কৰে বুলি আলোকপাত কৰিব বিচাৰিছে, সেয়া হ’ল মস্তিষ্ক হাইপ’থেলামাছৰ (Hypothalamus) অন্তৰ্গত Supra-chiasmatic nuclear (SCN)। এই অঞ্চলটোৱে মগজুৰ ভিতৰত ঘড়ীৰ দৰে কাম কৰে। অৰ্থাৎ আমি কেতিয়া শুবলৈ যাম, কিমান সময় শুম আৰু কেতিয়া জাগি উঠিম- এই সমস্ত ক্ৰিয়া-কাৰ্য এটি সূক্ষ্ম ঘড়ীৰ দৰে নিয়ন্ত্ৰিত হয়।

SCN-ৰ অন্তৰ্গত কিছু আয়ন জাতীয় ৰসায়ন হ’ল প্ৰ’টিন কণা যিয়ে বিদ্যুৎ প্ৰৱাহ বহন কৰে-

 

এটা স্নায়ুকোষৰ পৰা আন এটা স্নায়ুকোষলৈ প্ৰয়োজনীয় তথ্য বা খা-খবৰ বহন কৰে। গৱেষকসকলে আন এবিধ গতিপথৰ গোষ্ঠীৰ ওপৰতো সমানে গুৰুত্ব প্ৰদান কৰিছে, সেয়া হ’ল BK Potassium Channels আৰু SCN-ৰ ভিতৰত বিশেষভাৱে সক্ৰিয়। এই আন্তঃৰাষ্ট্ৰীয় গৱেষকসকলে এই সমস্ত গৱেষণা সম্পন্ন কৰিছে এন্দুৰৰ ওপৰত। আমি জানো যে এন্দুৰ শোৱা আৰু জাগি থকা মানুহৰ সম্পূৰ্ণ বিপৰীত। অৰ্থাৎ এন্দুৰে দিনত শুই থাকে আৰু ৰাতি জাগি থাকি আহাৰ গ্ৰহণ কৰে। গৱেষকসকলে ভালদৰে লক্ষ্য কৰিছে যে এন্দুৰবোৰ জাগি থকাৰ সময়ত BK Channel বোৰ সক্ৰিয় হৈ থাকে। আনহাতে নিদ্ৰা অৱস্থাত এই চেনেল নিষ্ক্ৰিয় হৈ থাকে। এই নতুন গৱেষণাৰ পৰা ন ন তথ্য আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে গৱেষকৰ দলটোৱে। কি ধৰণৰ কিমান চেনেলে কাৰ্য সম্পন্ন কৰে সেয়া জনাৰ উপৰি সক্ৰিয় আৰু নিষ্ক্ৰিয় ২৪ ঘণ্টাৰ ভিতৰত কিমান সময় হয় সেয়াও নিশ্চিতভাৱে জানিবলৈ সক্ষম হৈছে গৱেষকসকলে।

গৱেষকসকলে Hypothalamus-ৰ পিছত Hippocampus সম্পৰ্কেও উল্লেখ কৰিছে-

 

যিসকল লোকে অনবৰতে মানসিক উদ্বেগ, উত্তেজনা, আকাংক্ষা, ভয়, সংশয় লৈ জীৱন-যাপন কৰে, ইয়াৰ নেতিবাচক প্ৰভাৱ পৰে শৰীৰৰ ৰোগ প্ৰতিৰোধ (immune system) ক্ষমতাৰ ওপৰত, যি পাকক্ৰিয়া আৰু হৃদযন্ত্ৰৰ ওপৰত প্ৰভাৱ পেলায়। বদহজম, এচিডিটী, উচ্চ ৰক্তচাপ, ডায়েবেটিছ ইত্যাদি বিভিন্ন ৰোগ বঢ়োৱাৰ লগতে আটাইতকৈ ক্ষতিকাৰক প্ৰভাৱ পৰে হিপোকেম্পাছৰ ওপৰত। ফলত ধীৰে ধীৰে ক্ষয় হ’বলৈ ধৰে হিপোকেম্পাছ। ইয়াৰ ফলস্বৰূপে প্ৰথমে পুৰণি স্মৃতি ক্ৰমে ক্ৰমে মনৰ পৰা লোপ পাবলৈ ধৰে। মানসিক স্থিৰতা সম্পূৰ্ণভাৱে লোপ হ’ব পাৰে।

যিসকল লোকে নিয়মিতভাৱে মানসিক উদ্বেগ, হতাশাত ভোগে তেনে লোকৰ ক্ষেত্ৰত স্নায়ুৰ মাধ্যমেৰে উদ্দীপনা মস্তিষ্কলৈ প্ৰেৰণৰ সময়ত এটিয়ে আনটোৰ লগত গণ্ডগোলৰ সৃষ্টি কৰে। ইয়াৰ ফলস্বৰূপে মানসিক অৱসাদ Alzheimer, Dimensia-ৰ দৰে ৰোগে ভয়াৱহভাৱে দেখা দিব পাৰে।

উদ্বেগৰ (Dipression) চিকিৎসা উপযুক্ত সময়ত ভালদৰে কৰিলে আৰু লগতে শাৰীৰিক সক্ৰিয়তা বঢ়ালে হিপোকেম্পাছৰ কৰ্মদক্ষতা বঢ়াব পাৰি, তাৰবাবে লাগিব আপোনাৰ সক্ৰিয় সহযোগ আৰু মনৰ দৃঢ়তা। আপোনাৰ সম্পূৰ্ণ সহযোগ নাথাকিলে অকল চিকিৎসকে আপোনাক সম্পূৰ্ণ মুক্ত কৰিব নোৱাৰে। আপোনাৰ মনৰ পৰা নিগেটিভ থিংকিং বাদ দিয়ক, আপোনাৰ ক্ষমতা অনুযায়ী কাম কৰি যাওক- অযথা কথা বা অযুক্তিকৰ কথা চিন্তা কৰি সময় অবাবতে নষ্ট নকৰিব। ঘটি যোৱা দুৰ্ঘটনাই মনত যিমানে ক্ৰিয়া কৰক, তাক ভালদৰে আয়ত্ত কৰি নিয়ন্ত্ৰণ কৰক। সুখী থকাৰ চাবি-কাঠী আপোনাৰ হাতত।

(উৎসঃ আমাৰ অসম, ড সনাতন ডেকা)।

 

2.97435897436
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top