মূল পৃষ্ঠা / স্বাস্থ্য / মানসিক স্বাস্থ্য / সুখ-শান্তি-প্ৰেম আৰু স্বাস্থ্য সাধনা:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সুখ-শান্তি-প্ৰেম আৰু স্বাস্থ্য সাধনা:

সুখ-শান্তি-প্ৰেম আৰু স্বাস্থ্য সাধনাৰ বিষয়ে লিখা হৈছে

 

‘সুখ সুখ বুলি মানুহ বলিয়া

নেদেখে সুখৰ মুখ।

সুখ বিচাৰোতে পায় সংসাৰত

দুখৰ উপৰি দুখ’।

সুখ:

 

মানৱ জীৱনত সকলোৱে সুখ-শান্তি আৰু প্ৰেম বিচাৰে। জীৱনটো সুখ স্বাচ্ছন্দ্যৰে উদযাপন কৰিবলৈ হ’লে এইবোৰৰ লগতে মানুহক লাগিব সুস্বাস্থ্য। সুখ হৈছে মনৰ প্ৰশান্তি। মানুহ যেতিয়া নিৰোগী হয়, স্বাস্থ্যবান হয়, তেতিয়া মানুহৰ সুখ হয়। সেই কাৰণে কবিতাত কোৱা হয়-

‘সুখ নাই সুখ নাই

ক’ত ধৰুৱাৰ

সুখ নাই সুখ নাই

চিৰ ৰুগীয়াৰ’।

সেই কাৰণে কোৱা হয়- স্বাস্থ্য মানুহৰ অমূল্য সম্পদ। এই সম্পদৰ গৰাকী হ’বলৈ মানুহে চেষ্টা কৰিব লাগিব। ইয়াৰ বাবে লাগিব আহাৰ, নিদ্ৰা আৰু পৰিশ্ৰম।

স্বাস্থ্যও দুই প্ৰকাৰৰ-

ক)শাৰীৰিক স্বাস্থ্য আৰু

খ)মানসিক স্বাস্থ্য।

এই দুয়োটা স্বাস্থ্য থাকিলেহে মানুহ সুখী হয়, সন্তোষিত হয়। দৈনন্দিত জীৱনৰ কৰ্ম প্ৰবাহত আত্মনিয়োগ কৰি জীৱন যাত্ৰাত আগবাঢ়ি যাব পাৰে। জীৱন সম্পৰ্কে কোৱা হয়।

‘জীৱন এক বোৱতী নৈ

নৈৰ বুকুৰ মোহনাত

কাৰোবাৰ পদুম ফুলে

আৰু কাৰোবাৰ

ঝাওবন গজে।

ইয়াৰ কাৰন হ’ল মানুহৰ জীৱন প্ৰবাহৰ লগত জড়িত কৰ্ম বিন্যাস।

মানসিক স্বাস্থ্য:

 

মানসিক স্বাস্থ্যই মানুহক সুখী কৰিব পাৰে। ইয়াৰ বাবে লাগিব-

ক)ইতিবাচক চিন্তা,

খ)পৰোপকাৰী ভাব, অন্তৰৰ শুদ্ধতা আৰু পবিত্ৰতা,

গ)আধ্যাত্মিক চিন্তা,

ঘ)মানুহক সেৱা কৰাৰ মনোভাব।

তেতিয়াহে মানুহৰ মানসিক স্বাস্থ্যৰ উন্নতি হয়। মানুহ সুখী হ’ব পাৰে। আপোনাৰ সুখ-দুখ আপোনাৰ হাততে। যিমানে বিলাই দিবা সিমানে মহান হবা। মানুহৰ মন আনন্দৰে ভৰি পৰিব। মনত সুখৰ বন্যা বব।

শাৰীৰিক স্বাস্থ্য:

 

শাৰীৰিক স্বাস্থ্যৰ বাবে লাগিব সুষমা আহাৰ, ব্যায়াম বা শৰীৰ চৰ্চা, বিশ্ৰাম বা নিদ্ৰা। আহাৰ হ’ব লাগিব প্ৰোটিনযুক্ত, কাৰ্বোহাইড্ৰেট, ফচফৰাচ থকা আহাৰ। বিশেষকৈ শাক-পাচলি খোৱা উচিত। ভিটামিন ‘এ’, ‘বি’ আৰু ‘চি’ যুক্ত আহাৰ খোৱা উচিত। বিশেষকৈ ভাত, বন্ধাকবি, ফুলকবি গাজৰ, তিয়ঁহ, ভাতকেৰেলা আদি শাক-পাচলি খাব লাগে। সেউজীয়া শাক-পাচলি, ৰঙালাউৰ আগ, পালেং শাক আদিত ভিটামিন ‘ক’, ‘খ’, ‘গ’ পোৱা যায়। গাৰ ছাল সুন্দৰ নিমজ কৰিবলৈ হ’লে ভিটামিন ‘চি’ যুক্ত আহাৰ খাওক। নেমু, সুমথিৰা, মৌচুম্বি, থেকেৰা টেঙা, তেতেলি আদি খাওক।

‘ৰাতি সোনকালে শোৱা আৰু সূৰ্যোদয়ৰ আগতে শুই উঠা’ সুস্বাস্থ্য বিচৰা প্ৰত্যেক এই কথাটি মনত ৰখা ভাল। ব্ৰহ্মমুহূৰ্তক অমৃত বুলি কোৱা হয়। যোগগুৰুসকলে কৈছে যে ৰাতিপুৱা খালী ভৰিৰে খোজকাঢ়িলে মানুহৰ দৃষ্টি শক্তি বৃদ্ধি হয়। মনত শান্তি হয়। কৰ্ম প্ৰেৰণা বাঢ়ে। মন মগজুলৈ সৎ চিন্তা আহে। এক সুন্দৰ ভাৱনাই দেহ-মন ভৰাই তোলে। লগতে সুস্বাস্থ্যৰ বাবে শৰীৰ চৰ্চা কৰা উচিত। আমাৰ শিশুসকলকো এই অভ্যাস কৰাব লাগে।

 

শান্তি:

 

শান্তি হৈছে মানসিক সন্তুষ্টি। মানুহে যি পায় তাতে সন্তুষ্ট থাকিব লাগে। মানুহ আশাবাদী, সজ চিন্তা আৰু আধ্যাত্মিক ভাৱনাযুক্ত হ’ব লাগে। যিখিনি পোৱা যায়, তাতে মানুহ সন্তুষ্ট থকা নিতান্তই প্ৰয়োজন। উচ্চ অভিলাসী হ’ব লাগে কিন্তু দুৰাকংক্ষী হ’ব নালাগে। কাৰণ আশাই মানুহৰ জীৱনলৈ সফলতা আনে, জীয়াই থকাৰ প্ৰেৰণা দিয়ে, লগতে মনলৈ শান্তিৰ ফল্পুধাৰা বোৱাই আনে। নিজৰ যি কৰ্তব্য তাক সুন্দৰভাৱে নিয়াৰিকৈ কৰি যোৱা উচিত। তেতিয়াহে মনলৈ শান্তি আহিব। মনৰ শান্তিৰ বাবে ধন-সম্পত্তিতকৈ নিজৰ স্বাস্থ্য আৰু আনৰ হিতৰ বাবে আনক সেৱা কৰিলে মনলৈ শান্তিৰ নিজৰা বৈ আহে।

প্ৰেম:

প্ৰত্যেকগৰাকী মানুহৰ জীৱনত প্ৰেম ভালপোৱা আছে। বিশেষকৈ নিঃস্বাৰ্থ প্ৰেমত ইমান সৃজনী শক্তি থাকে যে তাক মানুহে কল্পনা কৰিব নোৱাৰে। প্ৰেম মানুহ জীয়াই থকাৰ সঞ্জীৱনী শক্তি। ই মানুহৰ শাৰীৰিক-মানসিক আৰু নৈতিক স্বাস্থ্যৰ বাবে অপৰিহাৰ্য। প্ৰেম ভালপোৱাই মানুহক স্বাস্থ্যৰ প্ৰতি আৰু খাদ্যৰ প্ৰতি সচেতন কৰি তোলে। প্ৰেম ভালপোৱা এক দৈৱ শক্তি, য’ত প্ৰেম ভালপোৱা থাকে তাতে বিশালতা-প্ৰসাৰতা-সহানুভূতি কিম্বা সহনশীলতা থাকে। প্ৰেমে উচ্চ-নীচ, ধনী-দুখীয়া বিচাৰ নকৰে। প্ৰেমে মানুহৰ সৎ কাম কৰিবলৈ অসম্ভৱক সম্ভৱ কৰিবলৈ শিকায়। শান্তিৰ বাবে প্ৰেম হৈছে মানৱ ধৰ্ম। জীৱন কল্যাণ আৰু মঙলৰ বাবে প্ৰেম অপৰিহাৰ্য।

মানুহৰ মন যেতিয়া প্ৰেমেৰে পৰিপূৰ্ণ হয়, তেতিয়া মানুহৰ স্বাস্থ্য, সুখ-শান্তি আৰু আনন্দই বিৰাজ কৰে, তেওঁৰ কাম-কাজ-বচন চিন্তা সদলোতে উচ্চ ভাৱনাৰ সৃষ্টি হয়।

প্ৰেম হৈছে মানৱ জাতিৰ ঐক্যৰ মূল আধাৰ। মানুহৰ অন্তৰত প্ৰেম থাকিলে তেওঁ সকলো প্ৰেমময় দেখা পায়, তেতিয়া জীৱৰ প্ৰতি দয়া-মৰম-ক্ষমা আৰু সৎ সাহসৰ সৃষ্টি কৰিব পাৰে। প্ৰেমে মন মগজুত সুখ শান্তিয়ে বিৰাজ কৰাত অৰিহণা যোগায়।

লেখক: ধনেশ্বৰ হুজুৰী(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

3.03125
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top