মূল পৃষ্ঠা / স্বাস্থ্য / মানসিক স্বাস্থ্য / সুস্থ জীৱন যাপনৰ আঁৰৰ কথা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সুস্থ জীৱন যাপনৰ আঁৰৰ কথা

সুস্থ জীৱন যাপনৰ আঁৰৰ কথা লিখা হৈছে

সুস্থ জীৱন যাপনৰ আঁৰৰ কথা কি-

 

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে দৈহিক, মানসিক, আধ্যাত্মিক (সাংস্কৃতিক) আৰু পৰিৱেশগত ভাৰসামাই প্রকৃত সুস্থতা। দৈনন্দিন জীৱন যাত্ৰাত কিছু সুস্থ অভ্যাস আয়ত্ত কৰিব পাৰিলে সদায় চিকিৎসকৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ প্রয়োজন নাই। সেয়ে জীৱনটো সুন্দৰকৈ যাপন কৰিব বিচাৰিলে আমি কিছুমান নিয়মৰ মাজেৰে চলাটো বৰ প্রয়োজনীয়। কিন্তু কি সেই নিয়মাৱলী ?

প্ৰাত:কালীন ক্ৰিয়া

 

  • শৰীৰ সুস্থ কৰি ৰাখিবলৈ ৰাতি সোনকালে বিছনালৈ যোৱা (৯-১০ বজাত) আৰু পুৱা সোনকালে (৫ বজা বা ৫-৩০ বজাত) উঠা ভাল।
  • পুৱা প্রথমে নেমুৰ ৰসৰ লগত মৌ কুহুমীয়া গৰম পানীৰ সৈতে খাই আধা ঘণ্টা জগিং, বা খোজ কঢ়া। ইয়াৰ পাছত আধা ঘণ্টা বায়াম বা আসন কৰিব লাগে। পুৱা সম্ভৱ নহ’লে আবেলি কৰিব পাৰে।
  • খোজ কঢ়া বা জগিঙৰ পাছত চাহৰ সলনি ফলৰ ৰস খাব পাৰিলে ভাল। অংকুৰিত বুট, মগুৰ সৈতে খাওক এটুকুৰা কেঁচা হালধি।

খাদ্যৰ ধৰণ

  • সদায় সুষম আহাৰ গ্ৰহণ কৰা উচিত অর্থাৎ কার্বহাইড্রেট, প্ৰ’টিন, ফেট, ভিটামিন আৰু খনিজ এইবোৰ খাদ্যত থকা উচিত। ফল আৰু শাক-পাচলি অধিক পৰিমাণে গ্রহণ কৰা, আকৌ খাদ্যত কেইবাবিধো ব্যঞ্জন থকাতকৈ দুই বা তিনি বিধ ব্যঞ্জন থকাই ভাল।
  • অতিৰিক্ত তেল, ঘিউ, মছলা আৰু অধিক ভজা-পোৰাজাতীয় খোৱা অনুচিত।
  • প্রকৃততে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিবলৈ নিৰামিষ আহাৰ আটাইতকৈ উত্তম।
  • লিকাৰ বা ৰঙা চাহ খোৱা ভাল, কিন্তু চেনি গাখীৰৰ সৈতে চাহপাত দি উতলোৱা চাহ স্বাস্থ্যৰ বাবে হানিকাৰক।
  • ডাঙৰ মাছতকৈ সৰ, মাছ উপকাৰী।
  • পঠাৰ মাংস বা ৰেড মিট বর্জন কৰাই ভাল।
  • ঢেঁকীত খুন্দা চাউল, ভুচিসহ আটা, গোটা ফল বাকলি থকা দাইল ইত্যাদি উত্তম।

খোৱাৰ নিয়ম

  • আহাৰ গ্ৰহণ কৰাৰ আগেয়ে আৰু পাছত হাত আৰু মুখ ধোৱা খুবেই প্রয়োজন।
  • খোৱা খাদ্যখিনি ভালকৈ চোবাই খোৱা প্রয়োজন। আহাৰ খোৱাৰ সময়ত টিভি চোৱা, কিতাপ পঢ়া, কথা পতা আদি কৰিব নালাগে।
  • সম্পূর্ণভাৱে পেট ভৰাই আহাৰ গ্ৰহণ কৰিব নালাগে।
  • আহাৰ গ্ৰহণ কৰি থকাৰ মাজতে বা শেষ হোৱাৰ লগে লগেই পানী খাব নালাগে। কমেও আধা ঘণ্টা বা এঘণ্টাৰ পাছত পানী খোৱা উচিত।
  • দিনে কমেও তিনিবাৰমান প্রধান আহাৰ গ্ৰহণ কৰিব লাগে।
  • পুৱা খোৱাৰ পৰিমাণ বেছি, দুপৰীয়া অলপ কমাই আনি একেবাৰে নিশাৰ ফাললৈ আহাৰৰ পৰিমাণ কমাই আনিব লাগে।
  • অধিক মানসিক চাপ থাকিলে গোটা আহাৰ গ্রহণ নকৰি তাৰ ঠাইত চৰবত খোৱাই ভাল।

ৰন্ধা-বঢ়া

  • যিকোনো পাচলি কাটিবলৈ লোৱাৰ আগেয়ে প্রায় এঘণ্টামান তিয়াই থওক।
  • ৰান্ধোতে শুকান জলকীয়াৰ গুড়ি ব্যৱহাৰ কৰিব নালাগে। পেকেটৰ মছলাতকৈ কেঁচা মছলা ভাল।
  • শাক-পাচলিয়ে হওক বা মাছ-মঙহ, অতিৰিক্ত ভাজিব নালাগে।

পানী খোৱাৰ নিয়ম

  • যথেষ্ট পৰিমাণে পানী গ্রহণ কৰা শৰীৰৰ বাবে লাগতিয়াল। কিয়নো প্রতি কেজি ওজনত পঞ্চাছ মিলিলিটাৰ পানীৰ প্রয়োজন হয়।
  • পানী খাওঁতে গিলাছত চুমুক দি পাণ কৰিব লাগে।
  • পৰিশ্ৰম কৰাৰ পাচত বা ৰ’দৰ পৰা খোজ কাঢ়ি অহাৰ পাছত লগে লগে পানী খাব নালাগে।
  • পানী ৰখা পাত্র নিয়মীয়াকৈ পৰিস্কাৰকৈ ৰখাৰ উপৰি সদায় ঢাকি থওক।
  • ফিল্টাৰৰ কেণ্ডেল সপ্তাহত এবাৰ পৰিষ্কাৰ কৰিবলৈ নাপাহৰিব।
  • জহকালি ফ্ৰীজৰ পানী খোৱাতকৈ মাটিৰ কলহত থোৱা পানী খোৱাই ভাল।
  • কম দামী প্লাষ্টিকৰ বটলত পানী নাৰাখিব।

শোৱা নিয়ম

  • নিশাৰ সময় ছোৱাত বিশেষকৈ আহাৰ গ্ৰহণ কৰিয়েই শুব নালাগে।
  • টোপনি যোৱা সময়ছোৱাত একেলেথাৰিয়ে চিধা হৈ  নুশুব।
  • মূৰ থ’বলৈ গাৰু ব্যৱহাৰ কৰা ভাল।
  • খুব বেছি নৰম বা টান বিছনাত শুব নালাগে।
  • শুই থকা অৱস্থাৰ পৰা হঠাৎ উঠিবলৈ হ’লে প্রথমে কাতি হওক তাৰ পাছতহে উঠক৷ কেতিয়াও চিধাকৈ নুঠিব বা টোপনিৰ পৰা সাৰ পাই হঠাৎ উঠি নাহিব।

সাধাৰণ স্বাস্থ্যবিধি

  • প্রতিদিনে গা ধুই পৰিস্কাৰ সাজপাৰ পৰিধান কৰিব লাগে।
  • অন্তর্বাস সদায় সলনি কৰিব লাগে।
  • বাহিৰৰ পৰা অহাৰ পাছত হাত-মুখ ভালকৈ ধুব লাগে।
  • হাত-ভৰিৰ নখ নিয়মীয়াকৈ কাটিব লাগে। ৰন্ধাৰ সময়ত বা আহাৰ গ্ৰহণ কৰাৰ সময়ত হাতৰ আঙঠি খুলি থ’ব লাগে।
  • আহাৰ গ্ৰহণৰ পাছত ব্ৰাছ কৰা প্রয়োজন।
  • আহাৰ সদায় ঢাকি থ‘ব লাগে।

লেখিকা: শ্ৰুতি জৈন, অসম বাণী।

2.96551724138
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top