অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্য বাৰ্তা:

 

স্মাৰ্টফোন আৰু টোপনি:

 

সুস্বাস্থ্যৰ বাবে টোপনি কিমান অপৰিহাৰ্য তাক দুনাই কোৱাৰ সকাম নাই। ল’ৰা-ছোৱালীয়ে যদি প্ৰতিদিনে সাত ঘন্টা ভালদৰে নুশুৱে তেনেহ’লে তেওঁলোকে পঢ়া-শুনাকে আদি কৰি অন্য কামত ভালদৰে মনোনিৱেশ কৰিব নোৱাৰে। কিন্তু আহি-কালি বেছিভাগ কৰি অন্য কামত ভালদৰে মনোনিৱেশ কৰিব নোৱাৰে। কিন্তু আজি-কালি বেছিভাগ কিশোৰ অনিদ্ৰাৰ চিকাৰ হোৱা পৰিলক্ষিত হৈছে আৰু এয়া মূলতঃ স্মাৰ্টফোন তথা তেনেজাতীয় গেজেটৰ মাত্ৰাধিক প্ৰয়োগৰ ফলত হোৱা দেখা গৈছে। এক অধ্যয়নৰ আলমত এই কথা প্ৰকাশ কৰিছে আমেৰিকাৰ ছান ডিয়েগো ষ্টেট ইউনিভাৰ্ছিটীৰ মনোৰোগ বিশেষজ্ঞ ডাঃ জেন টৱেঙে। গৱেষক ডাঃ টৱেং আৰু তেওঁৰ সহযোগীসকলে অষ্টমৰপৰা দ্বাদশ শ্ৰেণীলৈ পঢ়ি থকা ৩.৬০ লাখ ছাত্ৰ-ছাত্ৰীক সামৰি কৰা অধ্যয়নত এই কথা জানিব বিচাৰিছিল যে তেওঁলোকে কেৰিয়া সাত ঘন্টা সময় শুইছিল তথা তেওঁলোকে প্ৰতিদিনে কিমান সময় শোৱে। অধ্যয়নৰ কালত মুখ্য গৱেষকগৰাকীয়ে জানিব পাৰে যে প্ৰায় ৪০% ছাত্ৰ-ছাত্ৰীয়ে সাত ঘন্টাতকৈ কম সময় নিদ্ৰাদেৱীৰ কোলাত কটায়। ডাঃ জেন টৱেঙৰ মতে মূলতঃ স্মাৰ্টফোনৰ মাত্ৰাধিক প্ৰয়োগৰ বাবেই উঠি অহা ল’ৰা-ছোৱালীখিনি ইমান উচ্চ হাৰত অনিদ্ৰাৰ চিকাৰ হ’বলৈ হ’বলৈ লৈছে। শ্লিপ মেডিচিন নামৰ জাৰ্ণালত এই গৱেষণামূলক নিবন্ধটি প্ৰকাশ পাইছে।

খাদ্যাভ্যাসৰ পৰিৱৰ্তনৰ উপকাৰ:

 

মানুহে সাধাৰণতে পৰম্পৰাগত খাদ্য খায়েই জীৱনৰ গৰিষ্ঠখিনি সময় অতিবাহিত কৰে। কিন্তু পৰম্পৰাগত খাদ্য তালিকাৰ কিছু সাল-সলনি কৰি মানুহ কিছ্মান ৰোগৰপৰা হাত সাৰি থাকিব পাৰে। উদাহৰণস্বৰূপে অ’মেগা-৬ আহাৰ গ্ৰহণৰ জৰিয়তে মানুহে টাইপ-২ ডায়েবেটিছ হোৱাৰ আশংকা ভালেখিনি হ্ৰাস কৰিব পাৰে। শেহতীয়া এক অধ্যয়নৰ জৰিয়তে অষ্ট্ৰেলিয়াস্থিত জৰ্জ ইনষ্টিটিউট ফৰ গ্ল’বেল হেলথৰ গৱেষক ডাঃ জেছন উৱে জানিব পাৰে যে খাদ্য তালিকাৰ সামান্য সাল-সলনিৰ জৰিয়তে টাইপ-২ ডায়েবেটিছৰপৰা হাত সাৰি থকাটো সম্ভৱ। গৱেষকগৰাকীৰ মতে অ’মেগা-৬ ফেট প্ৰচুৰ মাত্ৰাত থকা খাদ্য ৰক্তত লিনোলিক এচিডৰ স্তৰ বৃদ্ধি পায়, যিয়ে ডায়েবেটিছ ৰোগ হোৱাৰ আশংকা ৩৫% পৰ্যন্ত হ্ৰাস কৰে। উল্লেখ্য যে ছয়াবিন, সূৰ্যমুখী ফুলৰ তেল, বাদাম, আখৰোট আদিত অ’মেগা-৬ ভৰপূৰ মাত্ৰাত পোৱা যায়। প্ৰতিদিনৰ খাদ্য তালিকাত এনে খাদ্যৰ সংযোজনে টাইপ-২ ডায়েবেটিছ হোৱাৰপৰা মানুহক বচাই ৰাখিব পাৰে বুলি মত প্ৰকাশ কৰিছে গৱেষক ডাঃ জেছন উৱে।

লেখক: চন্দন কুমাৰ কলিতা(দৈনিক অসম)

2.97959183673
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top