মূল পৃষ্ঠা / স্বাস্থ্য / মানসিক স্বাস্থ্য / স্মৃতি-বিস্মৃতি, আশা-নিৰাশাঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্মৃতি-বিস্মৃতি, আশা-নিৰাশাঃ

স্মৃতি-বিস্মৃতি, আশা-নিৰাশাৰ বিষয়ে লিখা হৈছে

অতীতৰ একো একোটা মুহূৰ্তই আমাৰ মানসপটত একো একোটা সাঁচ ৰাখি যায় আৰু সিয়েই মৌনপৰত যি বৰ্ণালীম অভিব্যক্তিৰূপে পুনৰুদ্ৰেক হয়, তাকে স্মৃতি বোলে। স্মৃতি হৈছে অতীত অভিজ্ঞতাক অবিকল পুনৰুদ্ৰেক কৰাৰ ঈশ্বৰপ্ৰদত্ত এক আপুৰুগীয়া ক্ষমতা। দাৰ্শনিক দৃষ্টিত ভৱিষ্যতৰ কাৰণে বৰ্তমানৰ যুঁজত জীৱনৰ কাৰণে যি ৰৈ যায়, সিয়েই স্মৃতি। মনস্তাত্ত্বিকৰ মতে স্মৃতি হ’ল এক মানসিক প্ৰক্ৰিয়া য’ত অৱচেতন মনত সঞ্চিত হৈ থকাৰ অভিজ্ঞতাৰ প্ৰতিৰূপবোৰ চেতন স্তৰলৈ আহি অনুভূত হয়। স্মৃতি জীয়াই থাকে মনৰ মাজত, কোনো কাগজৰ দস্তাবেজত নহয়। কবিয়ে কৈছে- ‘স্মৃতি জানো জীয়াই থাকে কাগজৰ পাতত/ৰাখিম জীয়াই তাক হৃদয়ৰ মাজত’।

কোনো অভিজ্ঞতা, কোনো ঘটনা বা কাৰোবাৰ সংগ মানসপটত স্মৃতি হিচাপে খোদিত হ’ব পাৰে। জন্মৰ পৰা মৃত্যু এই সময়ছোৱাত মানুহে মাত্ৰ স্মৃতিয়ে অৰ্জন কৰে। মৃত্যুৰ পাছতো আনৰ মনত যি এৰি থৈ যায়, সেয়া জানো স্মৃতিয়ে নহয় ? কৌশোৰত শৈশৱৰ স্মৃতি, বাৰ্ধক্যত যৌৱনৰ স্মৃতি, মুঠতে জীৱনটোৱেই যে স্মৃতি মুকুতাৰ শুভ্ৰমালা।

স্মৃতি অতীতমুখী, কিন্তু কল্পনাময় বিলাস বিশ্ৰামী নহয়। ই বাস্তৱ অভিজ্ঞতালব্ধ। ই হ’ব পাৰে সুমধুৰ তৃপ্তিদায়ক অথবা ৰুঢ়। কাৰোবাৰ বাবে স্মৃতি কৰ্ম প্ৰেৰণাময়। অতীতমুখী স্মৃতি হৈ পৰে বৰ্তমানৰ কৰ্মপ্ৰেৰণাৰ উৎস। ভৱিষ্যতমুখী জীৱনৰ চালিকাশক্তি। আকৌ কাৰোবাৰ কাৰণে স্মৃতি হৈ পৰে কৰুণ, তিক্ত, হৃদয়বিদাৰক। তেনে স্মৃতি পাহৰণিৰ গহ্বৰত নিমজ্জিত কৰাই মংগল। এনে স্মৃতিয়ে জীৱনলৈ আনে স্থবিৰতা আৰু প্ৰাণহীন শীতলতা। কবিৰ ভাষাত- ‘সুঁৱৰি সুঁৱৰি কিয় অতীতৰ স্মৃতি/মিছাতে নিজে দুখ পোৱা ?/মুখনি মোলান কিয়, মিছাতে চকুলো/অতীতক পাহৰি পেলোৱা’।

মানুহে যিদৰে স্মৃতি লৈয়েই জীয়াই থাকে, জীৱনৰ কাৰণে সেইদৰে বিস্মৃতিৰো প্ৰয়োজন অৱশ্যেই আছে। মানুহে কথাবোৰ পাহৰি নোযোৱা হ’লে হয়তো জীয়াই থকাই সম্ভৱ নহ’লহেঁতেন। বিস্মৃতি স্মৃতিৰ সম্পূৰ্ণ বিপৰীত হ’ব পাৰে, কিন্তু স্মৃতিশক্তি বিস্মৃতিৰ ওপৰতে নিৰ্ভৰশীল। পাহৰণি হ’ল স্মৃতিৰ সহায়ক। ৰিবৰ্টৰ ভাষাত- ‘স্মৃতিৰ বাবে বিস্মৃতিৰ প্ৰয়োজন আছে’। দয়া, ক্ষমা আদি মানৱীয় গুণবোৰ জানো বিস্মৃতিৰ ওপৰত আশ্ৰিত নহয়। অন্য কথাত ক’বলৈ হ’লে মানুহক মানুহলৈ উত্তৰণ ঘটোৱাৰ মূলতেই হ’ল বিস্মৃতি। সকলো কথা মনত ৰখা হ’লে মানুহে জানো মানুহক ক্ষমা কৰিব পাৰিলেহেঁতেন- কোনোবাই কৰা কিবা অপকাৰ বা অপমানে আনজনৰ মনতো জন্ম দিয়ে প্ৰতিহিংসাৰ ভাব। যদি এইবোৰ পাহৰা নাযায়, তেন্তে কাৰোবাক ক্ষমা কৰাটো কেতিয়াও সম্ভৱ নহ’লহেঁতেন। সেয়েহে হয়তো কোৱা হয়- যিজনৰ সকলো কথাই মনত থাকে, তেওঁ কেতিয়াও মানুহ হ’ব নোৱাৰে। হিংসা, ভেদাভেদ, ব্যক্তিগত বিদ্বেষ আদি পাহৰাই সকলোকে প্ৰেমৰ এনাজৰীৰে বান্ধি বৃহত্তৰ মানৱ সমাজ গঢ়ি মানৱ মহত্বৰ মহাগৌৰৱেৰে গৌৰৱান্বিত হ’বলৈ মানুহক বিস্মৃতিৰ প্ৰয়োজন আৰু তাকে নহ’লে সমাজ হৈ পৰিব মাত্ৰ এক ব্যক্তি সমষ্টি।

বিস্মৃতিয়ে আমাক জীৱনৰ দুঃখময় স্মৃতি, অনাৱশ্যকীয় কথা পাহৰাত বিশেষ সহায় কৰি প্ৰয়োজনীয় কথা মনত ৰাখিবলৈ সক্ষম কৰে। জীৱনক নতুনকৈ চাবলৈ শিকায়। আমি যদি অনাৱশ্যকীয় কথাবোৰ নাপাহৰিলোহেঁতেন, হয়তো তেন্তে প্ৰয়োজনীয় কথাবোৰ মনত ৰাখিব নোৱাৰিলোহেঁতেন। সেয়েহে দাৰ্শনিকৰ ভাষাত ‘Memory is judicous forgetting’। সেয়েহে জীৱনৰ বাবে স্মৃতি আৰু বিস্মৃতি উভয়ৰে প্ৰয়োজন।

আশা-নিৰাশা প্ৰাপ্তিৰ আনন্দময় অনুভূতিয়ে মানুহৰ মনত জন্ম দিয়ে এক মধুৰ কামনা, ইপ্সিত ফলপ্ৰাপ্তিৰ বাসনা, যাক আমি কওঁ আশা। আশাই মানুহক জীয়াই থাকিবলৈ শিকায়। কবিৰ ভাষাত- ‘জীৱন গছৰ পুলি, নৰ সি ফুলৰ মালী/আশা তাৰ সঞ্জীৱনী পানী/নহ’লে ফুলনিডৰা ক্ষন্তেকতে জঁয় পৰা/নাই তাৰ একোৱে মোহিনী’।

মানৱ জীৱন অত্যন্ত ক্ষণস্থায়ী। মানৱ জীৱনৰ এই অনিত্যতাৰ স্বৰূপ উদ্ঘাটন হোৱাৰ পাছতো মানুহ জীয়াই থাকে আশাক লৈয়েই। জীৱনৰ আবেদনময় মাদকতাৰ মূলতেই আশা। আশাই জীৱনৰ চালিকা শক্তি, প্ৰাণপ্ৰদীপ। এই আশাই হয়তো জীৱনটোক জীৱন্ত কৰি ৰাখিছে, নহ’লে মৃত্যুৰ আগতেই মানুহে কিমান মৃত জীৱন লৈয়েই জীয়াই থাকিব লাগিলহেঁতেন তাৰ কোনো সীমাসংখ্যাই নাথাকিলহেঁতেন।

আশাৰ জন্ম হয় হৃদয়ত। এই আশাই দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে জগাই প্ৰাণ প্ৰাচুৰ্যময় উন্মাদনা, জীৱনৰ কাব্যময় মাধুৰিমা। আশা অবিহনে একো সম্ভৱ নহয়। সকলো সৃষ্টিৰ মূলতে আশা। পৰিৱৰ্তনৰ আশা, মৃত্যুটো পুনৰ জনমৰ আশা, নৈৰাশ্যৰ মূলতো আশা। জীৱন যন্ত্ৰণাত কাতৰ হৈ আত্মহত্যাৰ পথ বাছি লোৱাজনৰো হয়তো এটা আশা- জীৱন যন্ত্ৰণাৰ পৰা মুক্তিৰ আশা। পিতৃৰ আশা পুত্ৰৰ ওপৰত, স্ত্ৰীৰ আশা স্বামীৰ ওপৰত, শিক্ষকৰ আশা ছাত্ৰৰ ওপৰত...। মুঠৰ ওপৰত সকলোতে আশা। জীৱন আৰু জগত উভয়ে বৰ্তি আছে আশাৰ ওপৰত।

মানুহৰ আশাই কোনো পৰিধি নামানে। ই দিগন্তৰ দৰেই পৰিধিবিহীন। মানুহৰ আশা, হেঁপাহ যিমানেই পূৰ্ণ হয়, সি সিমানেই বাঢ়ি যায়। জীৱনৰ শেষ মুহূৰ্তত ভাগৰুৱা আত্মাই ইহৰ পৰা পৰজগতলৈ গমন কৰাৰ স্বৰ্ণালী ক্ষণতো থাকে এক অত্যুগ্ৰ আশা- ‘আৰু অলপ সময় জীয়াই থকা হ’লে’। মানুহৰ নশ্বৰ দেহৰ সমাধি হয়, কিন্তু আশাৰ সমাধি নাই।

আশা যিদৰে জীৱনৰ তমসাচ্ছন্ন অলি-গলি পোহৰাই ভৱিষ্যতৰ দিশত আগবঢ়াই নিয়ে, সেইদৰে অত্যুগ্ৰ আশাই কিন্তু মানুহৰ পৰা মানুহ হোৱাৰ গৌৰৱকণো কঢ়িয়াই নিয়ে। এইক্ষেত্ৰত আশাক আমি পোহৰৰ সৈতে ৰিজাব পাৰো। পোহৰৰ কাৰণেই আমাৰ আশ-পাশৰ সকলো বস্তু দৃশ্যমান হয় সঁচা, কিন্তু অতি তীব্ৰ পোহৰৰ ৰশ্মি আমাৰ চকুত পৰিলে আমি সন্মুখৰ বস্তু একোৱেই নেদেখা হৈ পৰো। ঠিক তেনেদৰে আশায়ো মানুহৰ জীৱনক ৰঙিয়াল কৰাত সহায় কৰে, কিন্তু অত্যুগ্ৰ আশাই মানুহক অন্ধ কৰে। প্ৰাপ্তিৰ বাঞ্ছাই মানুহক আত্মকেন্দ্ৰিক আৰু স্বাৰ্থপৰ কৰি তোলে। আত্মসিদ্ধিৰ বাবে মানুহে মানুহক পাহৰি যায়। বৰ্ষা ঋতুৰ দৰে আশাও বৰ প্ৰিয়। বৰ্ষাই যিদৰে গ্ৰীষ্মৰ শুষ্ক প্ৰাণহীনতাক বৃষ্টিৰ প্ৰভাৱেৰে জীপাল কৰি তোলে, তেনেদৰে আশায়ো মানুহক সজীৱ কৰি তোলে। আকৌ বৰ্ষৰ প্লাৱনৰ তাণ্ডৱে যিদৰে ধ্বংস মাতি আনে, সেইদৰে অত্যুগ্ৰ আশায়ো মানুহক ধ্বংস কৰে। তথাপি কওঁ আশাই মানুহক জীৱন দিয়ে, যিদৰে বৰষাই শুকান গছৰ গাত সানে প্ৰাণময় শ্যামলিমাৰ যৌৱনময় আৱেশ।

আশাৰ সম্পূৰ্ণ বিপৰীত মেৰুত অৱস্থিত তিক্ততাময় অনুভৱেই হ’ল নিৰাশা। আশা যিমানেই জীপাল, জীৱনময়, যৌৱনময়, নিৰাশা হ’ল সিমানেই শুকান, নিৰ্জীৱ আৰু কৰ্কশ। আশা যদি জীৱনৰ প্ৰতিশ্ৰুতিময় বৰ্ষা, তেন্তে নিৰাশা মৃৎপ্ৰায় গ্ৰীষ্ম। নিৰাশাই জীৱনলৈ কঢ়িয়াই আনে প্ৰাণহীন স্থবিৰতা, মৃত্যু যন্ত্ৰণা। যেতিয়াই মানৱ জীৱন নৈৰাশ্যৰ আন্ধাৰেৰে তমসাচ্ছন্ন হৈ পৰে, তেতিয়াই জীৱনৰ মোহ ভংগ হয়, জীৱন হৈ পৰে মূল্যহীন, অসাৰ্থক। সেয়েহে জীৱন নৈৰাশ্যৰ ধ্বজাবাহক হোৱা উচিত নহয়।

(উৎসঃ খবৰ, ডাঃ ধৰ্মকান্ত কুম্ভকাৰ)।

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top