মূল পৃষ্ঠা / স্বাস্থ্য / মানসিক স্বাস্থ্য / স্মৃতি শক্তি বৃদ্ধিৰ ২৫টা কৌশল:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্মৃতি শক্তি বৃদ্ধিৰ ২৫টা কৌশল:

স্মৃতি শক্তি বৃদ্ধিৰ ২৫টা কৌশল লিখা হৈছে

আজিকালি প্ৰায় প্ৰত্যেকজন লোকৰে স্মৃতিশক্তি কম হোৱা অথবা স্মৃতিশক্তি দুৰ্বল হোৱা সমস্যাই দেখা দিয়ে-

 

কামৰ অধিক বোজা আৰু অত্যাধিক দায়িত্বই মানুহৰ স্মৃতিশক্তি হ্ৰাস কৰাৰ অন্যতম কাৰণ। অত্যধিক ব্যস্ত জীৱন শৈলীয়ে মস্তিষ্কত পোনপটীয়াকৈ প্ৰভাৱ পেলায়। সচৰাচৰ দেখা যায় যে যিসকল লোকৰ হাতত সময় কম থাকে বা যিসকল লোকে লৰালৰিকৈ কাম কৰে, তেনে লোকৰ কামত প্ৰায়ে ভুল হোৱা নাইবা কোনো প্ৰয়োজনীয় বস্তু পাহৰি যোৱা দেখা যায়। তদুপৰি মনৰ চঞ্চলতায়ো স্মৰণ শক্তিক প্ৰভাৱিত কৰে।

যিসকল লোকে অত্যধিক মানসিক শ্ৰম কৰে, সেইসকল লোকৰ প্ৰায়ে স্মৰণ শক্তি দুৰ্বল হোৱাৰ অভিযোগ শুনা যায়। অতিৰিক্ত মানসিক অৱসাদ, পাচন তন্ত্ৰৰ বেমেজালি, শাৰীৰিক আৰু মানসিক শক্তিৰ দুৰ্বলতা, মাজে মাজে হোৱা জ্বৰ, জন্মৰ সময়ত হোৱা মস্তিষ্কৰ ৰোগ, দীৰ্ঘদিনীয়া বেমাৰ আদিৰ ফলত স্মৰণ শক্তি হ্ৰাস হৈ যোৱা দেখা যায়। কেতিয়াবা শৰীৰত তেজৰ পৰিমাণ কম হ’লেও স্মৰণ শক্তি দুৰ্বল হ’ব পাৰে।

স্মৃতিশক্তি কম হোৱাৰ ফলত এজন ব্যক্তিয়ে যিকোনো কথা খুব সোনকালে পাহৰি যোৱা পৰিলক্ষিত হয়। মগজুত জোৰ দিয়াৰ পিছতো ভবা কথাটো বা কোৱা কথাটো মনত পেলাব নোৱাৰে। আনহাতে পঢ়া-শুনা বা লিখা কথাবোৰো পাহৰি যোৱা যায়। চিনাকি লোকৰ প্ৰতিচ্ছবি মগজুৰ পৰা আঁতৰি যায় আৰু বহু সময় ধৰি মগজুৰ ওপৰত জোৰ দিয়াৰ পিছতহে ব্যক্তিজনক চিনিব পৰা যায়। আনহাতে গৰ্ভাৱস্থাত যিসকল মহিলাই উপযুক্ত পুষ্টিৰ যোগান নেপায়, তেওঁৰ গৰ্ভস্থ শিশুটিও কু-পোষণত আক্ৰান্ত হয়। ইয়াৰ প্ৰভাৱ শিশুটিৰ মস্তিষ্কত পোনপটীয়াকৈ পৰে। ফলত শিশুটিৰ স্মৃতিশক্তি দুৰ্বল হয়গৈ।

স্মৃতিশক্তি দুৰ্বল অথবা হ্ৰাস হোৱাৰ বহু কু-প্ৰভাৱৰ বিষয়ে আমি গম পালো। সেয়ে স্মৃতিশক্তি বৃদ্ধি কৰি ৰখাৰ প্ৰয়াস চলাব লাগে।

স্মৃতিশক্তি অটুট ৰখা তথা বৃদ্ধি কৰাৰ ২৫টা কৌশল উল্লেখ কৰা হ’ল-

 

  • সাতটা বাদাম বাকলিৰে সৈতে এৰাতি আয়নাৰ পাত্ৰত পানী এবাতিত তিয়াই ৰাখক। পুৱা বাদামৰ বাকলি এৰুৱাই বাট ল’ব। যদি আপুনি চকুৰে কমকৈ দেখে, তেন্তে তাৰ সৈতে চাৰিটা জালুক বটি ল’ব। ইয়াক ২৫০ মিঃলিঃ উতলা গৰম গাখীৰৰ সৈতে মিহলাই দিয়ক। কিছু সময় গৰম কৰাৰ পিছত নুমাই লওক। এচামুচ ঘিউ আৰু দুচামুচ চেনি মিহলাই ঠাণ্ডা হ’বলৈ দিয়ক। খোৱাৰ উপযোগী গৰম হ’লে ইয়াৰ সেৱন কৰক। এইদৰে ১৫ৰ পৰা ৪৯ দিনলৈ এই গাখীৰ খালে দুৰ্বল মস্তিষ্ক আৰু স্মৃতিশক্তি সবল হোৱাৰ উপৰি শৰীৰো শক্তিশালী হ’ব। এই মিশ্ৰণ বীৰ্যবৰ্ধক। এই বাদামৰ গাখীৰ ঠাণ্ডাৰ দিনত বিশেষ লাভদায়ক হোৱাৰ উপৰি অত্যধিক মানসিক শ্ৰম কৰা ব্যক্তি আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে অত্যন্ত উপযোগী। পুৱা খালী পেটত এই গাখীৰ খালে প্ৰায় দুঘন্টা সময় একো খাব নেলাগে।
  • যদি ওপৰত উল্লেখ কৰা বাদামৰ গাখীৰ প্ৰস্তুত কৰাত অসুবিধা পায়, তেন্তে সাতটা তিয়াই থোৱা বাদামৰ বাকলি এৰুৱাই চাৰিটা জালুকৰ সৈতে বটি বা এটাকৈ বাদাম প্ৰতিদিনে পুৱা চোবাই খাই পিছত কুহুমীয়া গাখীৰ সেৱন কৰিলেও স্মৃতি শক্তি বৃদ্ধি হয়। আনহাতে চকুৰ ভালেমান ৰোগ, যেনে- চকুৰ পৰা পানী ওলোৱা, চকুৰ পৰা ফেচকুৰি ওলাই থকা আদি ৰোগৰ পৰা মুক্তি পোৱা যায়।
  • তিনি গ্ৰাম শংখপুষ্পীৰ গুড়ি গাখীৰৰ সৈতে প্ৰায় চাৰি সপ্তাহ খালে স্মৰণ শক্তি বৃদ্ধি হয়।
  • স্নায়ু তন্ত্ৰৰ দুৰ্বলতাৰ ফলতো স্মৃতিশক্তি দুৰ্বল হয় আৰু সোনকালে পাহৰি যোৱাৰ সমস্যাই দেখা দিয়ে। আমলখিৰ মোৰাব্বা দহি গ্ৰাম পুৱা খালী পেটত ভালদৰে চোবাই খালে মস্তিষ্কই শক্তি লাভ কৰে আৰু স্নায়ুতন্ত্ৰ শক্তিশালী হয়। ফলত স্মৃতিশক্তি প্ৰখৰ হয় আৰু মানসিক একাগ্ৰতা বৃদ্ধি হয়। তদুপৰি মানসিক দুৰ্বলতাৰ ফলত হোৱা মূৰ ঘূৰণি নাইকিয়া হয়।
  • বাদাম, চফু আৰু মিচিৰি সমান মাত্ৰাত লৈ ভালদৰে গুড়ি কৰি ল’ব। এই গুড়ি কাঁচৰ পাত্ৰত থৈ দিব। প্ৰতিদিনে নিশা শোৱাৰ সময়ত ইয়াৰ দুচামুচ ২৫০ মিঃলিঃ গাখীৰৰ সৈতে চল্লিছ দিনলৈ নিয়মিতভাৱে খালে মস্তিষ্কৰ দুৰ্বলতা, মস্তিষ্ক গৰম হোৱা, সোনকালে কথা পাহৰি যোৱা ৰোগ নাইকিয়া হোৱাৰ লগতে চকুৰ শক্তি বৃদ্ধি হয়।
  • তিয়াই থোৱা বাদাম, পটা অথবা পৰিষ্কাৰ শিলত চন্দনৰ দৰে ঘঁহি ঘঁহি গুড়ি কৰি ল’ব। এই গুড়িৰ লগতে অলপমান গ্লুক’জ বা মৌ মিহলাই ল’ব। পুৱা শিশুক লাহে লাহে পৰিষ্কাৰ আঙুলিত লগাই চুপি খাবলৈ দিব। চতুৰ্থ মাহৰ পৰা শিশুক এইদৰে এই মিশ্ৰণ খুৱালে শিশুৰ মানসিক আৰু শাৰীৰিক বিকাশ সুন্দৰ হয়। ই কোনো কথা পাহৰি যোৱাৰ সমস্যাৰ পৰা মুক্তি দিয়াৰ লগতে স্মৰণ শক্তি পূৰ্ণ বিকাশত সহায় কৰে।
  • খৰবুজাৰ গুটি অধিক লাভদায়ক। যিসকল লোকে যিকোনো কথা পাহৰি যোৱাৰ ৰোগত আক্ৰান্ত তথা যিকোনো কথা বাৰম্বাৰ মনত পেলাইবলৈ যত্ন কৰাৰ পিছতো বিফল হয়, সেইসকল লোকে খৰবুজাৰ গুটি ঘিউৰ সৈতে বটি লৈ পুৱা-গধূলি এচামুচকৈ খাদ্য খোৱাৰ পিছত খালে স্মৃতিশক্তি বৃদ্ধি হয়।
  • ঠাণ্ডাৰ দিনত স্মৃতিশক্তি হ্ৰাস পালে ৮ৰ পৰা ১০টা খেজুৰ প্ৰতিদিনে গাখীৰৰ সৈতে উতলাই খালে স্মৃতিশক্তি বৃদ্ধি হয়। আনহাতে ঠাণ্ডাৰ ফলত হোৱা বিভিন্ন ৰোগৰ পৰা বাচি থাকিব পাৰি। ই ঠাণ্ডা আৰু চৰ্দি জ্বৰৰ পৰাও ৰক্ষা কৰে।
  • ছয়াবিন এবিধ অত্যন্ত পুষ্টিকৰ খাদ্য। ছয়াবিন গাখীৰৰ সৈতে খালে বা ছয়াবিন আৰু ঘেঁহু মিহলাই আটাৰে পকৰি বনাই খালে স্মৃতিশক্তিৰ বিকাশ হয়। ইয়াৰোপৰি ভস্ত্ৰিকা কৰিব পাৰে। এই আসন কৰিলে মনৰ একাগ্ৰতা বৃদ্ধি হোৱাৰ লগতে স্মৃতি শক্তিৰ বিকাশ হয়।
  • বিট এবিধ অত্যন্ত পুষ্টিকাৰক খাদ্য আৰু পোষক দ্ৰব্যৰে ভৰা পাচলি। যিসকল লোকৰ তেজৰ পৰিমাণ কম আৰু পাহৰি যোৱা ৰোগত আক্ৰান্ত, তেওঁলোকৰ বাবে বিট এবিধ উত্তম ঔষধিযুক্ত পাচলি। ইয়াক খালে তেজ বৃদ্ধি হয়, তেজৰ পৰিমাণ কম হোৱাৰ ফলত উৎপন্ন হোৱা শাৰীৰিক দুৰ্বলতা নাইকিয়া হয়। প্ৰতিদিনে অন্ততঃ একাপ বিটৰ ৰস সেৱন কৰিব। ইয়াৰ লগতে কপালভাতি প্ৰাণায়ামৰ অনুশীলন কৰক। ইয়াৰ দ্বাৰা শক্তি বৃদ্ধি হয়। শিক্ষাৰ্থীৰ বাবে এই আসন অধিক ফলপ্ৰসূ।
  • সেউজীয়া ঘেঁহু পুলিৰ ৰস এচামুচকৈ প্ৰতিদিনে খালে স্মৃতিশক্তিৰ দুৰ্বলতা হ্ৰাস হয়। আনহাতে ধ্যানৰ অভ্যাস কৰিলেও মনৰ স্থিৰতা আৰু একাগ্ৰতা বৃদ্ধি হয়।
  • লিচুৰ ৰস দুচামুচ, অমিতাৰ ৰস আধা কাপ, আমৰ ৰস আধা কাপ, এই সকলোবোৰ মিহলাই খালে স্মৰণ শক্তি কেতিয়াও কমি নাযায়। যদিও স্মৰণ শক্তি দুৰ্বল হয়, তেন্তে এই দিহা মানি চলিলে পুনৰ মস্তিষ্কৰ শক্তি ঘূৰি আহে।
  • প্ৰয়োজনীয় টোপনি নোহোৱাৰ ফলতো পাহৰি যোৱাৰ বেমাৰ হ’ব পাৰে। নিশা সোনকালে শোৱা আৰু পুৱা সোনকালে উঠাৰ অভ্যাস গঢ়ি তোলক। নিশা সোনকালে শুই পুৱা সোনকালে উঠিলে স্বাস্থ্য, স্মৰণ শক্তি আৰু বৌদ্ধিক বিকাশ দ্ৰুতগতিত হয়। যিসকল লোকৰ টোপনি সম্পূৰ্ণ নহয়, তেওঁলোকৰ গোটেই দিনটো মন ভাল নালাগে আৰু কোনো কামত মন বহুৱাব নোৱাৰে। মনৰ অস্থিৰতাৰ ফলত তথা মনত ৰখা বা মনত পেলোৱাত অসুবিধাৰ সৃষ্টি হয়। সেয়ে নিশা ভালদৰে টোপনি গৈ মস্তিষ্কক আৰাম দি সক্ৰিয় কৰি ৰাখক।
  • পুৱা শুই উঠি চাহ খোৱাৰ পৰিৱৰ্তে পানীত নেমুৰ ৰস মিহলাই খাই বা ত্ৰিফলাৰ গুড়ি খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী। চাহত টেনিন, বাষ্পশীল তেল আৰু ৰসায়ন থাকে। এইবোৰ দ্ৰব্য শৰীৰৰ বাবে হানিকাৰক তথা মস্তিষ্কৰ ওপৰতো বেয়া প্ৰভাৱ পেলায়। নিশা চাহ খোৱা লোকে প্ৰায়ে অনিদ্ৰাত ভোগা দেখা যায়।
  • খাদ্যত নিমখ আৰু গৰম মছলাৰ পৰিমাণ অধিক হ’ব নালাগে। কিয়নো এইবিলাকে নানান ৰোগৰ জন্ম দিয়ে। আমলখি, নেমু, আদা আদি প্ৰতিদিনে খাওক। স্মৰণ শক্তিৰ দুৰ্বলতাৰ বাবে খাদ্যকে দোষাৰোপ কৰা যায়। সেয়ে সময়মতে খাদ্য গ্ৰহণ কৰিব লাগে আৰু অত্যধিক মছলাযুক্ত খাদ্য খাব নালাগে।
  • দুটা পকা আপেল বাকলি নুগুচোৱাকৈ পোন্ধৰ দিনলৈ পুৱা খালী পেটত চোবাই খালে খং নাইকিয়া হয়। যিসকল ছাত্ৰৰ শিক্ষকে শিকোৱা পাঠ মনত নাথাকে, তেওঁলোকে কিছুদিনলৈ আপেল খালে মস্তিষ্কৰ দুৰ্বলতা দূৰ হোৱাৰ লগতে স্মৃতিশক্তি বৃদ্ধি হয়। ইয়াৰোপৰি মস্তিষ্কৰ দুৰ্বলতাৰ ফলত হোৱা চৰ্দি জ্বৰৰ বেমাৰো ভাল হয়।

স্মৰণ শক্তিৰ দুৰ্বলতা তথা অত্যধিক ক্ৰোধৰ সমস্যা- এই দুয়োটা সমস্যা স্নায়ুতন্ত্ৰৰ সৈতে জড়িত। যিসকল লোকৰ খং অধিক উঠে, নিশ্চিতৰূপত সেইসকলৰ মস্তিষ্কৰ দুৰ্বলতা থাকে। আনহাতে যিসকল লোকৰ মস্তিষ্কৰ সবল, তেওঁলোকৰ খং সোনকালে নুঠে আৰু যদিও খং উঠে, তাক দমন কৰি ৰাখিব পাৰে। মনত ৰাখিব খঙৰ পৰা সদায়ে বাচি থকাটো দৰকাৰ। কিয়নো খঙে আপোনাৰ বিবেক আৰু স্মৰণ শক্তি দুয়োটাই নষ্ট কৰে।

লেখক: আজাদ জাকাৰিয়া(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

2.85714285714
সুভাস Aug 25, 2017 04:17 PM

ভাল লাগিল

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top