অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্মৃতিশক্তি বৃদ্ধি কৰিব পাৰিনে?

স্মৃতিশক্তি বৃদ্ধি কৰিব পাৰিনে?

মানুহৰ মগজুৰ গঠন মাতৃগৰ্ভত থকা কালতে হয়। গতিকে গৰ্ভাৱস্থাত মাতৃগৰাকীয়ে সন্মুখীন হোৱা পাৰিপাৰ্শ্বিক অৱস্থা তথা খাদ্য আদিৰ ওপৰত গৰ্ভস্থ শিশুটিৰ মগজুৰ গঠনৰ স্বাভাৱিকতা আৰু ভৱিষ্যতৰ স্মৃতিশক্তিৰ কথাও নিৰ্ভৰ কৰিব। উদাহৰণস্বৰূপে গৰ্ভাৱস্থাত মাতৃৰ আহাৰত ফলিক এচিড বা আয়োডিনৰ অভাৱ হ’লে শিশুৰ মগজু আৰু কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ গঠন দুৰ্বল হোৱাৰ সম্ভাৱনা থাকে।

মানুহৰ শৰীৰৰ আটাইবোৰ অংগ-প্ৰত্যংগৰ ভিতৰত মগজুটোৱেই হ’ল সবাতোকৈ জটিল অংগ। নিউৰণ নামকৰণ কৰা হোৱা মগজুৰ কোষ আৰু নিউৰণসমূহৰ মাজত সংযোগৰক্ষাকাৰী নিউৰোট্ৰান্সমিটাৰ নামৰ বিভিন্ন ৰাসায়নিক পদাৰ্থসমূহ জড়িত এক জটিল প্ৰক্ৰিয়াৰে আমি কথা মনত ৰাখো। কথা মনত ৰাখি পিছত মনত পেলাব পৰা এই ক্ষমতা বা ব্যৱস্থাটোকে স্মৃতিশক্তি বোলে।

স্মৃতিশক্তি কিছু পৰিমাণে বংশগতভাৱে লাভ কৰা জিনৰ ওপৰত নিৰ্ভৰ কৰে। গৱেষণাৰ পৰা জনা গৈছে যে ক্ৰম’জোম-২ আৰু ক্ৰম’জোম-১৬ ত অৱস্থিতি চিআৰইবি, আল্‌ফা-ইন্টেগ্ৰিণ, ডিএলকিউ৩ আদি সৰ্বমুঠ সোতৰবিধ বিভিন্ন জিনে মানুহৰ স্মৃতিশক্তি প্ৰভাৱিত আৰু নিয়ন্ত্ৰণ কৰে। চিআৰইবি জিনে দীৰ্ঘকালীন স্মৃতিশক্তি নিয়ন্ত্ৰণ কৰে। ক্ৰম’জোম-১৬ ত থকা আলফা-ইন্টেগ্ৰিণ অন্য এটা জিন যিয়ে নেকি নিউৰণসমূহৰ মাজৰ পাৰস্পৰিক সংযোগ প্ৰভাৱিত কৰে। এই জিনসমূহ আমি বংশগতভাৱে লাভ কৰো আৰু স্বাভাৱিকতে ইয়াক আমি পৰিৱৰ্তন কৰি স্মৃতিশক্তি উন্নত কৰা সম্ভৱ নহয়। বৰঞ্চ জিনবোৰৰ কোনো অনাকাংক্ষিত পৰিৱৰ্তন সংঘটিত হ’লে স্মৃতিশক্তিত বিৰূপ প্ৰভাৱ পৰিব পাৰে। উদাহৰণ স্বৰূপে ডিএলকিউ৩ জিনৰ পৰিৱৰ্তন ঘটিলে মানসিক বাধাগ্ৰস্ততা হয়। সেয়ে যিবোৰ কাৰকে জিনৰ এনে অনাকাংক্ষিত সাংগঠনিক পৰিৱৰ্তন বা মিউটেচন ঘটাব পাৰে তেনেসমূহ কাৰকৰ পৰা যথাসম্ভৱ আঁতৰত থকা উচিত। তেজস্ক্ৰিয় বিকিৰণ এনে এক কাৰক। সেয়ে গৰ্ভাৱস্থাত মাতৃগৰাকী এই দিশত অতিকৈ সতৰ্ক থাকিব লাগে। শিশু অৱস্থাত মূৰৰ এক্সৰে বা চিটি স্কেন আদি কৰাব লগা হ’লে সদায় ইয়াৰ সাম্ভাব্য বিৰূপ প্ৰতিক্ৰিয়াৰ কথা মনত ৰাখিহে সিদ্ধান্ত গ্ৰহণ কৰিব লাগে।

মানুহৰ মগজুৰ গঠন মাতৃগৰ্ভত থকা কালতে হয়। গতিকে গৰ্ভাৱস্থাত মাতৃগৰাকীয়ে সন্মুখীন হোৱা পাৰিপাৰ্শ্বিক অৱস্থা তথা খাদ্য আদিৰ ওপৰত গৰ্ভস্থ শিশুটিৰ মগজুৰ গঠনৰ স্বাভাৱিকতা আৰু ভৱিষ্যতৰ স্মৃতিশক্তিৰ কথাও নিৰ্ভৰ কৰিব। উদাহৰণস্বৰূপে, গৰ্ভাৱস্থাত মাতৃৰ আহাৰত ফলিক এচিড বা আয়োডিনৰ অভাৱ হ’লে শিশুৰ মগজু আৰু কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ গঠন দুৰ্বল হোৱাৰ সম্ভাৱনা থাকে।

স্মৃতিশক্তিৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলোৱা কাৰকবোৰ কমাব বা আঁতৰাব পাৰিলে স্মৃতিশক্তি বহুলাংশে উন্নত হ’ব পাৰে। নেতিবাচক প্ৰভাৱ পেলোৱা কাৰকসমূহৰ ভিতৰত উল্লেখনীয় মানসিক চাপ, হতাশাগ্ৰস্ততা বা উৎকন্ঠা। মানসিক চাপে গ্লুকোক’ৰ্টিকয়ড নামৰ ষ্টেৰয়ড হৰমোন এবিধৰ পৰিমাণ বঢ়ায়, যিয়ে মগজুৰ হিপোকেম্পাছ অঞ্চলৰ ক্ষতিসাধন কৰে যাৰ ফলত মনত ৰাখিব পৰা ক্ষমতা সাময়িকভাৱে কম হয়। মানসিক চাপ কমাবৰ বাবে নিয়মীয়া যোগাসন বা সাধনাৰ সহায় ল’ব পৰা যায়। সাধনাই মনোযোগ বঢ়োৱাৰ লগতে মগজুৰ অনিষ্ট সাধিব পৰা ষ্টেৰয়ডৰ নি:সৰণ কম কৰে। নিয়মীয়া প্ৰাৰ্থনাৰ অভ্যাসেও একেধৰণে মগজু চাপমুক্ত হোৱাত সহায় কৰে আৰু আত্মবিশ্বাস বঢ়ায়। স্মৰণ দক্ষতাত আত্মবিশ্বাসৰ যোগাত্মক প্ৰভাৱ আছে। খেলা-ধূলা, গীত-নাট আদি সহ:পাঠ্যক্ৰমীয় কাৰ্যকলাপে মগজুক মানসিক চাপমুক্ত কৰি ৰখাত সহায় কৰে। সদায় হাঁহি-স্ফূৰ্টিৰে মুকলি মনেৰে কথা পাতিব পৰা পৰিৱেশত মানসিক চাপ কম হয়। স্মৃতিশক্তিত নেতিবাচক প্ৰভাৱ পেলাব পৰা অন্য এক কাৰক হ’ল উচ্চ চৰ্বিযুক্ত আৰু উচ্চ কেলৰিযুক্ত খাদ্যাভাস। কলেষ্টেৰ’ল পৰিপূৰ্ণ চৰ্বি আদিয়ে মগজুৰ হিপোকেম্পাছ অংশৰ আকৃতিগত পৰিৱৰ্তন ঘটায়। তেজত উচ্চ হাৰৰ কেলৰিয়ে মগজুৰ নিউৰণবোৰৰ ক্ষতিসাধন কৰে। এই দুয়োটাই স্মৃতিশক্তি কমাব পাৰে।

পৰিমিত আৰু নিয়মীয়া শাৰিৰীক পৰিশ্ৰম আৰু ব্যায়াম ভাল স্মৃতিশক্তিৰ বাবে খুবেই প্ৰয়োজনীয়। শাৰীৰিক পৰিশ্ৰমে মগজুৰ হিপোকেম্পাছ অংশৰ নতুন কোষ (নিউৰণ) সৃষ্টি প্ৰক্ৰিয়া ত্বৰাণ্বিত কৰে। নিগনিৰ ওপৰত কৰা পৰীক্ষাৰ পৰা প্ৰমাণ হৈছে যে শাৰিৰীক পৰিশ্ৰমে বিডিএনএফ নামৰ স্মৃতিশক্তি বঢ়াব পৰা প্ৰ’টিন এবিধৰ হাৰ বঢ়ায়। সেইবাবে শুই-বহি সময় কটোৱা নিস্কৰ্মা মানুহতকৈ পৰিশ্ৰমী। মানুহৰ মগজুৰ চিন্তা প্ৰক্ৰিয়া অধিক গতিসম্পন্ন আৰু ফলত স্মৃতিশক্তি উন্নত হয়। স্মৃতিশক্তিৰ ওপৰত খাদ্যৰ প্ৰত্যক্ষ প্ৰভাৱ আছে। উদ্ভিদজাত খাদ্যত উপলব্ধ ফ্লেৱ’নয়ড শ্ৰেণীৰ ৰাসায়নিক পদাৰ্থই স্মৃতিশক্তি দৃঢ় হোৱাত সহায় কৰে। সতেজ নেমুটেঙা, কমলা, বিলাহী, পিয়াঁজ, ব্ৰ্ক’লি, ছয়াবিন, আঙুৰ আদিত ফ্লেৱ’নয়ড শ্ৰেণীৰ পদাৰ্থ থাকে। ফ্লেৱ’নয়ডে বিডিএনএফ ৰ সতে ক্ৰিয়া কৰি মগজুৰ কোষৰ কৰ্মদক্ষতা বঢ়োৱাৰ লগতে নিউৰণৰ ক্ষয়ীভৱনৰ গতি হ্ৰাস কৰে আৰু নতুন কোষ সৃষ্টি হোৱাত সহায় কৰে। তদুপৰি দুটা নিউৰণৰ মাজৰ তথ্যৰ আদান-প্ৰদান অধিক দৃঢ় কৰি তোলে। প্ৰাচীন ভাৰতীয় চিকিৎসা পদ্ধতি আয়ুৰ্বেদত উল্লেখ থকা ব্ৰাক্ষ্মী শাকৰ মগজুৰ কোষ আৰু স্মৰণ শক্তিত থকা যোগাত্মক প্ৰভাৱৰ কথা আধুনিক চিকিৎসা গৱেষণাতো প্ৰমাণিত হৈছে। ব্ৰাক্ষ্মী শাক উপযুক্ত পৰিমাণত গ্ৰহণ কৰিলে মগজুলৈ তেজৰ চলাচল বাঢ়ে আৰু নিউৰণৰ ক্ষয়ীভৱন আংশিকভাৱে ৰোধ হয়।

ভাল স্মৃতিশক্তিৰ বাবে এক অপৰিহাৰ্য কাৰক হ’ল উপযুক্ত পৰিমাণৰ গ্লুকোজ। কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ আন অংশৰ লগতে মগজুৱে ইয়াৰ কাৰ্য্যক্ষমতাৰ বাবে প্ৰয়োজনীয় শক্তি মূলত: গ্লুকোজৰ পৰাই আহৰণ কৰে। মগজুৰ কাৰ্যকুশলতাৰ বাবে প্ৰয়োজনীয় এচিটাইলক’লিন নামৰ নিউৰোট্ৰান্সমিটাৰবিধ সংশ্লেষণৰ ক্ষেত্ৰতো গ্লুকোজে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। পিছে তেজত গ্লুকোজৰ পৰিমাণ খুব বেছি হ’লে মগজুৰ কোষত ইয়াৰ বিৰূপ প্ৰতিক্ৰিয়াহে হয় আৰু ফলত স্মৃতিশক্তি কমে। সেয়েহে তেজত গ্লুকোজৰ পৰিমাণ খুব বেছি বা কম নোহোৱাকৈ এটা সমতুল পৰ্য্যায়ত ৰাখিবলৈ হ’লে বহু সময়ৰ বিৰতিত গধুৰ আহাৰ গ্ৰহণ কৰা উচিত।

স্মৃতিশক্তিৰ বাবে মগজুৰ জিৰণী অপৰিহাৰ্য। টোপনি মগজুৰ জিৰণিৰ একমাত্ৰ পন্থা। গতিকে বয়স অনুসাৰে পৰিমিত টোপনি, অৰ্থাৎ উপযুক্ত সময়ত উপযুক্ত পৰিমাণৰ টোপনি মাৰিব লাগে। প্ৰাপ্তবয়স্ক ব্যক্তি এজনক গঢ়ে ৭-৯ ঘন্টাৰ অবিঘ্নিত টোপনিৰ দৰকাৰ। যিমানে বয়স কম হ’ব প্ৰয়োজনীয় টোপনিৰ পৰিমাণো সিমানেই বেছি হয়।

এই আলোচনাৰ পৰা বুজিব পৰা যায় যে জেনেটিক কাৰকবোৰ পৰিৱৰ্তন কৰাব নোৱাৰিলেও জীৱন-ধাৰণৰ প্ৰণালী তথা খাদ্যাভাসৰ পৰিমিতকৰণ আৰু প্ৰয়োজনীয় পাৰিপাৰ্শ্বিক সাৱধানতা অৱলম্বনেৰে স্মৃতিশক্তিৰ কিছু উন্নীতকৰণ আমি নিশ্চয় কৰিব পাৰো।

লিখক: ডা: ৰমেন কুমাৰ কাকতি।

শেহতীয়া উন্নীতকৰণ: : 3/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate