মূল পৃষ্ঠা / স্বাস্থ্য / মানসিক স্বাস্থ্য / স্মৃতিশক্তি বৃদ্ধি সম্ভৱ হয়নে-
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্মৃতিশক্তি বৃদ্ধি সম্ভৱ হয়নে-

স্মৃতিশক্তি বৃদ্ধি সম্ভৱ হয়নে নহয় তাৰ বিষয়ে লিখা হৈছে

স্মৃতিশক্তি বৃদ্ধি সম্ভৱ হয়নে নহয়-

 

স্মৃতিশক্তি বৃদ্ধিত খোজকঢ়া-মেডিটেশ্বন আৰু ব্ৰাহ্মী শাকৰ ভূমিকা সম্পৰ্কে শেহতীয়া গৱেষণাৰ পৰা পোৱা তথ্যৰ কিছু চমুকৈ উল্লেখ কৰা হ’ল।

খোজকঢ়াঃ খোজকঢ়া সুস্বাস্থ্যৰ বাবে অতি প্ৰয়োজন। নিয়মিত খোজকঢ়া মানুহৰ হাৰ্টৰ অসুখ তথা ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা কম হয়। ৰক্তচাপ নিয়ন্ত্ৰণতো গুৰুত্বপূৰ্ণ ভূমিকা লয়। বেয়া কলেষ্টেৰলৰ (এল ডি এল) পৰিমাণ কমায় আৰু ভাল কলেষ্টেৰলৰ পৰিমাণ বঢ়ায়।, যাৰ বাবে আমাৰ লিপিড প্ৰফাইল নিয়মীয়া হৈ থাকে। টাইপ-২ ডায়েবেটিছ, এজমা ৰোগ হোৱাৰ পৰাও ৰক্ষা পৰে। ৪৫ মিনিট সময় খোজকাঢ়িলে ১০০ কেলৰি ৱাৰ্ন কৰিবলৈ সমৰ্থ হয়। খোজ কঢ়াৰ ফলত হাড়ৰ শক্তি তথা সুস্বাস্থ্য বৃদ্ধি হয়। অষ্টিঅ’পৰোচিছ আৰ্থ্ৰাইটিছৰ পৰা ৰক্ষা পাব পাৰি। শৰীৰৰ সকলো অংশৰ ব্যায়াম হয়। খোজকঢ়া হ’ল প্ৰাকৃতিক এনাৰাইজড তেজ চলাচল হোৱাৰ ফলত অক্সিজেন প্ৰত্যেক কোষলৈ গতি কৰে, যাৰ বাবে আপুনি সতেজ, সুস্থ আৰু সুপ্ৰতিভ হৈ পৰে। সপ্তাহত ৫ দিন ৪৫ মিনিটকৈ নিয়মীয়াকৈ খোজকঢ়াৰ অভ্যাস কৰক। প্ৰথম ১৫ মিনিট নিয়মীয়াকৈ তাৰ পিছৰ ১৫ মিনিট অলপ বেগাই আৰু পিছৰ ১৫ মিনিট নিয়মীয়াকৈ খোজ কঢ়াৰ অভ্যাস গঢ়ি তোলক। বৰ্তমান আধুনিক গৱেষণাত প্ৰমাণ হৈছে যে খোজকঢ়া এটা কাৰ্যকৰ উল্লেখযোগ্য ব্যায়াম যদি মানুহে ৪৫ মিনিটকৈ সপ্তাহত ৫ দিন খোজ কাঢ়ে, মস্তিষ্কৰ শক্তি বৃদ্ধি পাব। ফলত স্মৃতিশক্তিও সমপৰিমাণে বৃদ্ধি হ’ব আৰু বাৰ্ধক্যও কমাত সহায়ক হ’ব। খোজকঢ়াৰ ফলত মস্তিষ্কৰ ভিতৰত থকা হিপ’কেম্পাছৰ আকৃতি বৃদ্ধি হয়। ৫০ বছৰৰ ওপৰৰ মানুহে খোজ কাঢ়িলে অতিৰিক্তভাৱে তেওঁলোকৰ স্মৃতিভ্ৰংশ হোৱা ৰোগৰ উপসৰ্গৰ পৰিমাণ কমি যাব।

মেডিটেশ্বনঃ

 

ভাৰতবৰ্ষ এখন ঋষি-মুনিৰ দেশ। হাজাৰ বছৰ আগতেই হিমালয়ৰ পাদদেশত সেই সময়ৰ শ্ৰেষ্ঠ মুনিসকলে শৰীৰৰ মংগল সাধনৰ উপায় চিন্তি মিলিত হৈছিল। তেওঁলোক হ’ল- বশিষ্ঠ, ভৰদ্বাজ, গৰ্গ, পৰাশৰ হাৰীত, কাপা, গোভিল, শৌনক আদি। তেওঁলোকৰ আলোচনাৰ প্ৰধান বিষয় আছিল- ৰোগমুক্ত মানৱদেহ। কাৰণ তেওঁলোকে বুজিছিল ধৰ্ম, অৰ্থ, কাম, মোক্ষৰ মূলেই হ’ল দেহ। যদি দেহ নিৰোগী থাকে, তেতিয়াহে আনবোৰ লাভ কৰিব পাৰিব। কিন্তু ইয়াৰ উপায় কি ? গভীৰ ধ্যানৰ অন্তত তেওঁলোকে তেতিয়াই আৱিষ্কাৰ কৰিছিল নিৰোগী হৈ থকাৰ উপায়। জীৰ্ণে হিতভুকু মিতভুকু শ্ৰমোপভুকু শত পদগামী বাম শায়ীচ। অবিজিত মুত্ৰ পুৰীষি খগেন্দ্ৰ শোহৰুক, সোহৰুক সোহৰুক।

অৰ্থাৎ হে গজেন্দ্ৰ! পূৰ্বহাৰ জীৰ্ণ হ’লে, হিতকৰ খাবাৰ পৰিমিত মাত্ৰাই গ্ৰহণ কৰি শ্ৰমশীল মানুহে যদি একশবাৰ খোজ কাঢ়ে আৰু বাঁওফালে শোৱন কৰে আৰু মল-মূত্ৰ বেগ ৰোধ নকৰে তেওঁ আৰোগ্য থাকিব।

উপৰিউক্ত শ্লোকটোত বৰ্তমান আধুনিক গৱেষণাত সুস্বাস্থ্যৰ বাবে প্ৰয়োজন হোৱা সুষম আহাৰ, জিৰণি, খোজ কঢ়াৰ বা ব্যায়ামৰ উপকাৰিতা- বাঁওফালে শোৱা, শৌচ-প্ৰস্ৰাৱ নিৰ্দিষ্ট সময়ত কৰা, মেডিটেশ্বন আদিৰ মূল কথা বুলি ক’ব পৰা যায়।

আপুনি যদি সঁচাকৈয়ে মনক প্ৰশান্তি-আনন্দময় জীৱন, সুস্বাস্থ্য, তজবজীয়া শক্তি, মানসিক চাপমুক্ত- মুকলি জীৱন বিচাৰে, তেনেহ’লে নিয়মিত মেডিটেশ্বন কৰক। ইয়ে আপোনাক উচ্চ ৰক্তচাপ, মূৰৰ বিষ-টোপনি নোহোৱা, পেশীৰ বিষ আদি নিৰাময়ত সহায় কৰাৰ উপৰি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিব।

শেহতীয়া গৱেষণাৰ পৰা জনা গৈছে যে উপৰিউক্ত সকলো উপকাৰৰ উপৰি স্মৃতিশক্তি বৃদ্ধিৰ লগত মেডিটেশ্বনৰ ওতঃপ্ৰোত সম্পৰ্ক আছে।

নিয়মীয়া মেডিটেশ্বন, স্মৃতিশক্তি বৃদ্ধিৰ লগত মস্তিষ্কৰ কিছুমান পৰিৱৰ্তন হয়। ইয়াৰ লগত মনোযোগ, লক্ষ্য আৰু স্মৃতিশক্তি বৃদ্ধিৰ মাত্ৰাৰ পোনপটীয়া যোগাযোগ আছে। প্ৰকৃত সত্য কথাটো হ’ল- মেডিটেশ্বন কৰাৰ ফলত মস্তিষ্কৰ চেৰিব্ৰেল কৰ্টেক্স অঞ্চললৈ তেজৰ সৰবৰাহ বৃদ্ধিৰ কাৰণে মস্তিষ্কৰ এই কৰ্টেক্স অঞ্চল গুৰুত্বপূৰ্ণ। মে়ডিটেশ্বন কৰিবলৈ পৰ্বত-পাহাৰলৈ যোৱাৰ প্ৰয়োজন নাই। এজন ভাল মেডিটেশ্বন প্ৰশিক্ষকৰ পৰা মেডিটেশ্বন কৌশল আয়ত্ত কৰি নিয়মীয়া মেডিটেশ্বন কৰিলেই হ’ল।

ব্ৰাহ্মী শাকঃ

ব্ৰাহ্মী শাকৰ বৈজ্ঞানিক নাম ‘Bacopa Mannieri’, ভাৰতীয় এই ভেষজৰ ইতিহাস অতি প্ৰাচীন। এই শাকৰ বিষয়ে আয়ুৰ্বেদ শাস্ত্ৰত বহু বছৰ আগতেই উল্লেখ কৰিছে। ব্ৰাহ্মীৰ উদ্বেগ দমন, স্মৃতিশক্তি বৃদ্ধি, মানসিক ক্লান্তি, অৱসাদ আদি বিভিন্ন ৰোগত ই ব্যৱহাৰ হৈ আহিছে।

সম্প্ৰতি গৱেষণাত ব্ৰাহ্মীৰ আৰু কিছুমান গুণাগুণ সম্পৰ্কে জানিব পৰা গৈছে। যেনে- ই এবিধ এণ্টি-অক্সিডেণ্ট, ব্ৰংকাইটিছ, হাঁপানি, আৰ্থ্ৰাইটিছ, শৌচকচা, হজমৰ গোলমালত যথেষ্ট উপকাৰ কৰিব পাৰে। আটাইতকৈ উল্লেখযোগ্য বিষয় হল ব্ৰাহ্মীত বেকচাইড ‘এ’ আৰু ‘বি’ নামৰ ৰাসায়নিক আছে- যিয়ে নাৰ্ভ ছেল আৰু মস্তিষ্কৰ মধ্যৱৰ্তী ইম্পালছৰ উন্নতি ঘটায়। ইয়ে বিশেষকৈ মস্তিষ্কৰ লংটাৰ্ম মেম’ৰী অঞ্চলত প্ৰ’টিন কাইনেজ কাৰ্যকাৰিতা আৰু নতুন প্ৰ’টিন সংশ্লেষণৰ জৰিয়তে চেৰ’টিন নামৰ ৰাসায়নিকৰ মাত্ৰা বঢ়াই, যিয়ে মস্তিষ্কৰ শিথিলতাৰ কাম কৰে। এনেদৰে ব্ৰাহ্মীয়ে মস্তিষ্কৰ কাৰ্যকাৰিতা যথেষ্ট উন্নতি ঘটাই আৰু উদ্বেগ প্ৰশমনৰ ভূমিকা পালন কৰাৰ বাবে এ ডি এইচ ডি ৰোগত আক্ৰান্ত ৰোগীকো যথেষ্ট সকাহ দিব পাৰে।

গতিকে উপৰিউক্ত বিশ্লেষণৰ পৰা ইয়াকে ক’ব পাৰি যে মনোযোগ বঢ়াবলৈ, মানসিক চাপ প্ৰশমনৰ বাবে, এলঝেইমাৰ, ডিমেনচিয়া আদি ৰোগৰ পৰা ৰক্ষা পোৱাৰ বাবে প্ৰয়োজনীয় চিকিৎসাৰ লগতে ব্ৰাহ্মী ব্যৱহাৰ কৰিব পাৰি।

 

(উৎসঃ আমাৰ অসম, ড সনাতন ডেকা)।

2.85365853659
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top