- গাটো অনবৰতে ইছাট-বিছাট লাগি থকা।
- শৰীৰত কেতবোৰ সমস্যাই দেখা দিয়ে- দৃষ্টিশক্তি অস্পষ্ট হৈ পৰে, কষ্টদায়ক প্ৰস্ৰাৱ হোৱা মূৰ, ডিঙি পিঠিফালে বিষ হোৱা, অজীৰ্ণ, মাংসপেশী টানি ধৰা।
- অনবৰতে বিষণ্ণতাই আগুৰি ধৰা।
- মনলৈ আত্মহত্যা বা নিজে কোনো দুৰ্ঘটনাগ্ৰস্ত হোৱা- এনে ধৰণৰ চিন্তা হোৱা।
- টোপনি নহা নতুবা আহিলেও সাৰ পাই যোৱা।
- নানা ধৰণৰ দুশ্চিন্তাই মনটো জুৰুলা কৰি পেলোৱা।
- কোনো কথাতে আনন্দ নলগা, হাঁহিবলৈ মন নোযোৱা হৈ অহা।
- জৈৱিক প্ৰেৰণা কমি অহা।
- নিজৰ চিন্তা শক্তিৰ স্থিৰতা নোহোৱা।
- কেতিয়াবা একেৰাহে ভোক নলগা, কেতিয়াবা অসময়ত কিবা কিবি খাই থাকিবলৈ মন যোৱা।
- কোনো কামতে মন নবহা।
- কথা পাতিবলৈ, ফুৰিবলৈ মন নোযোৱা।
লেখিকা: সুমিত্ৰা গোস্বামী।
বিশেষ সংযোজন: ৰিতু গগৈ।