অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হতাশাবোধঃ কাৰণ আৰু নিৰাময়

হতাশাবোধঃ কাৰণ আৰু নিৰাময়

এই সাতটা সমস্যাই আপোনাক আমনি দিছে নেকি ? দিছে যদি আপুনি হতাশাত ভূগিছে, গতিকে ইয়াক অৱহেলা নকৰিব । কাৰণ শৰীৰক এই কেইটা সমস্যাই আমনি দিয়াৰ অৰ্থ হ’ল ; বৰ্ত্তমান আপুনি মানসিক চাপত আছে,আপোনাৰ শৰীৰটোৰ ভিতৰৰ অংগ-প্ৰত্যঙ্গ বিলাক upset হৈছে। তেনেহলে কিনো এই কেইটা সমস্যা......তাকে অলপ আলোচনা কৰো আহক।

হতাশত ভূগি থাকিলে শৰীৰে ইয়াৰ প্ৰয়োজনীয় পুষ্টি বিলাকক বৰ খৰতকীয়াকৈ হজম কৰি পেলায়। শক্তি,মগজুৰ সঁহাৰি বিলাক,হৰম’ণ,শৰীৰৰ নিজ-প্ৰতিষেধক ব্যৱস্থা বিলাকে তেতিয়া উচ্চ আৰু খৰতকীয়া হাৰত কাৰ্য কৰিবলৈ লয় আৰু পুষ্টি বিলাকক কেতিয়াবা অবাবতে খৰচ কৰি পেলায়। ফলত ব্যক্তি জনৰ ভোকৰ মাত্ৰাটোও বাঢ়ি যায়। ইয়াৰ ফল হিচাবে ব্যক্তিজনক ভিটামিন আৰু খনিজ পদাৰ্থৰ অভাৱত ভোগা দেখা যায়। বহুদিন এনেদৰে হতাশ বা mental stress অত ভূগি থাকিলে তাৰেই উপসৰ্গ হিচাবে আপোনাৰ শৰীৰত কিছুমান লক্ষণে দেখা দিয়ে।

(১) দুয়োটা উঁঠৰ মাজত, চুক দুটাৰ কোনোবা এফালে সদায় ফাটি থকা:

 

আপুনি তেনেহলে ভিটামিন- B ৰ অভাৱত ভূগিছে; বিশেষকৈ B6 ৰ অভাৱ হৈছে আপোনাৰ দেহত। ভিটামিন-বি শৰীৰৰ বাবে অতি জৰুৰী এক পদাৰ্থ। ই আমাৰ ‘নাৰ্ভাছ-চিষ্টেমৰ বাবে অতি জৰুৰী। আমাৰ দেহে শক্তি আহৰণ কৰে আমি খোৱা কাৰ্বহাইড্ৰেট,চৰ্বি আৰু প্ৰটিন ইত্যাদিৰ পৰা। কিন্ত্ত আপুনি যেতিয়া stress অত থাকে, শৰীৰে প্ৰয়োজনতকৈ অধিক গতিত এইবোৰক হজম কৰি পেলায় আৰু সঠিক খাদ্যপ্ৰাণৰ অভাৱত শৰীৰ ক্ষতিগ্ৰস্ত হয় আৰু উপসৰ্গ হিচাবে উঠঁৰ চুকত ঘা লাগে।

তেনেহলে আপোনাৰ প্ৰধান কাম হ’ব মানসিক চাপ,হতাশ ইত্যাদিক আতঁৰাই পঠাই সহজ হোৱা ....আৰু এই ভিটামিনৰ উৎস হিচাবে আপোনাৰ খাদ্য হ’ব: গাজৰ, কুকুৰা পোৱালীৰ মাংস,কণী, মাছ, মাংস, মটৰ, ধনিয়া পাত,বেলি ফুলৰ গুটি আৰু ইয়াৰ তেল, কল, উৰহী, ব্ৰকলি, বন্ধাকবি, আলু, ঘেহুঁ মাকৈ জাতীয় শস্যবোৰ।

(২) দাতঁৰ মাৰি কুটকুটাই থকা:

আপোনাক ভিটামিন B5 ৰ প্ৰয়োজন হৈছে। এইবিধ ভিটামিনক anti-stress vitamin বুলিও কব পাৰি। ই শৰীৰক ‘এড্ৰিনেল হ’ৰমন’(আপুনি ভয় খালে,খং উঠিলে,উত্তেজনাত পৰিলে শৰীৰে এই বিধ ৰাসায়নিক পদাৰ্থক সৃষ্টি কৰে, যাৰ ফলত আপোনাৰ হৃদপিণ্ডৰ গতি বাঢ়ি যায়),কলেষ্টৰেল, শৰীৰৰ নিজা প্ৰতিষেধক সৃষ্টি কৰাত সহায় কৰে। হতাশত থাকিলে ই বা এই বাকীবোৰ পদাৰ্থ অতি খৰকটীয়া হাৰত শেষ হৈ যায়। উপসৰ্গ হিচাবে দাতঁৰ মাৰি কুটকুটাবলৈ ধৰে।

মনত ৰাখিব কলেষ্টৰেল আপোনাৰ শৰীৰৰ বাবে কেৱল এবিধ অনিষ্টকাৰী পদাৰ্থই নহয়। ইয়াৰ সঠিক মাত্ৰাক শৰীৰৰ বহু প্ৰয়োজন আছে। দাতঁৰ মাৰি কুটকুটোৱাৰ বাবে প্ৰধানকৈ দায়ী ভিটামিন B-5.

সেয়ে ইয়াৰ অভাৱ পূৰাবৰ বাবে আপোনাৰ খাদ্যৰ তালিকাত থাকিব লাগিব; গো মাংস,কণী,সতেজ শাক-পাচলি,জন্ত্তৰ কিডনী,লিভাৰ,মাছৰুম,বাদাম জাতীয় শস্য,সাগৰৰ মাছ, ইত্যাদি।

(৩) নখত বগা দাগ পৰা:

আপোনাৰ দেহত জিংকৰ অভাৱ হৈছে। যদিও নখত বগা দাগ কেলচিয়ামৰ অভাৱত পৰা বুলি জনা যায়, তথাপিও ইয়াৰ মূল কাৰণটো হৈছে জিংকৰ অভাৱ। এইবিধ পদাৰ্থ আমাৰ পাচক ৰস সম্বন্ধীয় বহুতো পদ্ধতি,শৰীৰৰ নিজা প্ৰতিষেধক সৃষ্টি,হ’ৰমণ,ইনচুলিন,যৌন হ’ৰমন ইত্যাদিৰ উৎপাদনৰ বাবে অতি জৰুৰী।হতাশত থাকিলে এইবিধ পদাৰ্থক শৰীৰে সোনকালে হজম কৰি দিয়ে, যাৰ ফল স্বৰুপে নখৰ ওপৰ পৃষ্ঠত বগা দাগে দেখা দিয়ে।
মাছ-মাংসতকৈ শাকপাচলিত জিংকৰ উপস্থিতি ক’ম। কিয়নো নিৰামিষভোজীয়ে আহৰণ কৰা জিংকে এবিধ আহঁ বান্ধি পেলায়, যাক phytate বুলি কোৱা হয়, সেয়ে জিংক আহৰণ কৰাত শৰীৰৰ অসুবিধা হ’য়। এই সমস্যাত নিৰামিষভোজী সকলে দিনে ১৫-২০ মিঃলিঃকৈ জিংক টনিক খাব লাগে।
(মনত ৰাখিব বহু ক্ষেত্ৰত কিন্ত্ত নিৰামিষ-ভোজন স্বাস্থ্য সন্মত নহয়। এনে লোকক মই কিছুমান সমস্যাত ভোগা নিজে দেখিছো)।
আপোনাৰ খাদ্যত সেয়ে থাকিব লাগিব : মাছ, মাংস, বেলিফুলৰ গুটি, ৰঙলাও গুটি, পাইন গছৰ বাদাম, অয়েষ্টাৰ বা শামুক জাতীয় প্ৰাণী, কেকোঁৰা, চিডাৰ পণীৰ (এবিধ টান হাধীয়া পণিৰ: আমাৰ ইয়াত উপলব্ধ নহয়) ইত্যাদি।

(৪) একেৰাহে কৌষ্ঠকাঠিন্যতা বা ডায়েৰীয়াত ভূগি থকা:

আপোনাৰ শৰীৰত মেগনেছিয়ামৰ অভাৱ হৈছে। শৰীৰত মেগনেছিয়াম নামৰ ৰাসায়নিক পদাৰ্থবিধৰ ৭০% হাড়, বাকী ৩০% কোমল কোষ( soft tissues) আৰু শৰীৰৰ তৰল বিলাকৰ বাবে অতি প্ৰয়োজনীয়। কিন্ত্ত আমি হতাশত ভূগি থকা কালত, বা চেনি খালে শৰীৰে ইয়াক অতি খৰকটীয়া হাৰত হজম কৰি পেলায়।

আনফালে ইয়াৰ অভাৱত খিংখিঙিয়া, স্বভাৱ,নিদ্ৰাহীনতা,উত্তেজনা,হতাশ,মাংসপেশীৰ বিষ ইত্যাদিবোৰ সমস্যাই দেখা দিয়ে। তৰলৰ সঠিক মাত্ৰাৰ অভাৱত হয় কৌষ্ঠকাঠিন্য, নহয় ডায়েৰীয়াত ভূগি থাকিব লাগে।

সেয়ে আপোনাৰ খাদ্যত থাকিব লাগিব: বাদাম জাতীয় ফল, চয়াবিন,গাঢ় সেউজীয়া শাক-পাচলি,মটৰ, মিঠা আলু, বেলিফুল আৰু তিলৰ গুটি,মচুৰ দাইল, ফুলকবি, মাংস ইত্যাদি। লগতে মেগনেচিয়ামৰ direct supplement.

(৫) দাতঁৰ আলু সঘন ৰক্তক্ষৰণ:

আপোনাক ভিটামিন-চিৰ প্ৰয়োজন হৈছে। ভিটামিন-চি হৈছে এটা antioxidant (এবিধ এনে পদাৰ্থ, যি পদাৰ্থই আপোনাৰ শৰীৰটোক ক্ষতিহোৱাৰ পৰা বচাই ৰাখে) আৰু ৩০০ metabolic functions (খাদ্যগ্ৰহণ কৰাৰ পিচত শৰীৰে সেই খাদ্যৰ পৰা বিভিন্ন ৰাসায়নিক পদাৰ্থবোৰ পৃথক কৰাৰ বাবে যি প্ৰাকৃতিক ৰাসায়নিক পদ্ধতি অৱলম্বন কৰে,তাকে metabolic function বুলি কোৱা হ’য়) ৰ বাবে প্ৰয়োজন। লগতে anti-stress hormones, interferon (শৰীৰৰ এবিধ নিজা-প্ৰতিষেধক সম্বন্ধীয় প্ৰটিন) আৰু collagen (বিশেষকৈ হাড়ৰযোৰা বিলাকত উপস্থিত থকা এবিধ প্ৰটিন) উৎপাদনত বিশেষভাবে সহায় কৰে।

সেয়ে ইয়াৰ অভাৱত দাতঁৰ স্কাৰ্ভি ৰোগত ৰক্তক্ষৰণ হৈ থাকে আৰু কোষৰ এই ক্ষতিক মেৰামতি কৰিবলৈ শৰীৰ সক্ষম নহয়। মনৰ হতাশে শৰীৰত এইবিধ ভিটামিনৰ অনাৱশ্যকীয় খৰচ কৰি পেলায় যাৰ ফলত দাতঁৰ আলু ফুলি স্পঞ্জৰ দৰে হৈ পৰে আৰু ৰক্তক্ষৰণ হবলৈ ধৰে।

সেয়ে আপোনাৰ খাদ্যত থাকিব লাগিব: বগৰী, কমলা, নেমু, মৌচুমী টেঙা, ব্ৰুকলি,আম, পিয়াজ, অমিতা,সেউজীয়া মটৰ,আনাৰস, ধনিয়া পাত, ষ্ট্ৰবেৰি, বিলাহী, মূলা ইত্যাদি। লগতে direct supplement.

(৬) বাহু বা কৰঙন দুটাৰ ওপৰত কাঠ আচিনাই হোৱা:

বাহু আৰু কৰঙন দুটাৰ ওপৰত কাঠ আচিনাই হোৱাতো ভিটামিন-ই ৰ অভাৱ। ভিটামিন-ই এটা fat-soluble antioxidant আৰু ই শৰীৰৰ চৰ্বিযুক্ত এলেকা সমূহক ৰক্ষণাবেক্ষণ দিয়ে। ইয়াৰ প্ৰয়োজন আমাৰ গাটো সাৰুৱা কৰিবলৈ।শৰীৰত ভিটামিন-ইৰ স্তৰ ক’মি অহা,লগতে ওমেগা নামৰ তৈল পদাৰ্থটোৱে এটা কঠিন অৱস্থালৈ আহি কাঠ আচিনাইৰ বা শালমনৰ ৰূপত বাহু আৰু কৰঙণ দুটাৰ ওপৰত দেখা দিয়ে বা ভৰি দুখনৰ ছালৰ এটা অস্বাভাৱিক গঠন হবলৈ ধৰে, যাক ‘ফলিকুলাৰ কেৰাট’চিছ’ বুলি কোৱা হ’য়, যাৰ বাবে অতিমাত্ৰাত ছালৰ প্ৰটিন কেৰাটিনৰ বৃদ্ধি হ’বলৈ ধৰে। ভিটামিন-ইয়ে শৰীৰৰ স্বাস্থ্যসন্মত ৰক্ত-সঞ্চালন হোৱাত সহায় কৰে।লগতে ই ৰক্তৰ সঠিক খমলাবন্ধা, কোনো ক্ষতিগ্ৰস্ত অংশৰ মেৰামতি,ৰক্তচাপ,শুক্ৰানু বা ডিম্বানুৰ সঠিক উৎপাদন বৃদ্ধি হোৱাত সহায় কৰে।

হতাশা বা মানসিক চাপত ভুগি থাকিলে শৰীৰত এই ভিটামিনৰ স্তৰ দ্ৰুতগতিত ক’মি আহে। ফলত বাহু আৰু কৰঙনৰ ওপৰত কাঠ-আচিনাই দেখা দিয়ে। সেয়ে আপোনাৰ খাদ্যত থাকিব লাগিব:গাঢ় সেউজীয়া শাক-পাচলি, বাদাম জাতীয় খাদ্য, ৰঙলাউ ,বেলিফুল ইত্যাদিৰ গুটি, কণী, গাখীৰ, ওটমিল(য’ধানৰ গুৰি ,বজাৰত উপলব্ধ, Quicker, kolloegs ইত্যাদি কোম্পানী বোৰে বনাই),জন্ত্তৰ অংগ-প্ৰত্যঙ্গৰ মাংস (কিডনী,লিভাৰ,তিল,হাওঁফাওঁ ইত্যাদি),চয়াবিন,মিঠা আলু ইত্যাদি।

(৭) বাৰে বাৰে ডিঙি আৰু বুকুৰ সংক্ৰমন হোৱা:

ভিটামিন-এৰ অভাৱ। হতাশত ভুগি থকা লোক সকলক সঘনে ঠাণ্ডা লগা,পানী লগা,চৰ্দি ইত্যাদিয়ে আমনি কৰি থাকে যাৰ ফলত ইয়াৰ সংক্ৰমনে বুকু আৰু ডিঙিৰ ভিতৰলৈ গতি কৰে। মাছৰ কলিজাৰ(Cod liver oil ৰ দৰে) তেলত থকা ভিটামিন-এ য়ে শৰীৰৰ এই ক্ষতিক মেৰামতি কৰিব পাৰে। যথেষ্ট পৰিমানৰ জিংকৰ যোগানে শৰীৰত সঞ্চিত ভিটামিন-এৰ ভাণ্ডাৰক সঞ্চালিত কৰি মুকলি কৰিব পাৰে।
সেয়ে আপোনাৰ খাদ্যৰ তালিকাত থাকিব লাগিব: জন্ত্তৰ কলিজা, মাছৰ কলিজাৰ তেল, ৰঙা আৰু হালধীয়া কমলা,হালধীয়া ফলমূল আৰু শাক-পাচলি। যথেষ্ঠ পৰিমানত এই ভিটামিন উপলব্ধ আন কিছুমান বস্ত্ত হ’ল: ব্ৰুকলি, গাজৰ, অমিতা, নাচপতি, ৰঙালাও, ধনিয়া পাত, হালধীয়া স্কোৱাছ ইত্যাদি।

(মুঠতে tension, depression, mental stress ইত্যাদিৰ পৰা আতঁৰত থাকক। শৰীৰক ক্ষতি কৰাৰ ইহঁত মূল আহিলা।)

লিখক: ইমৰান হুচেইন।

শেহতীয়া উন্নীতকৰণ: : 3/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate