মূল পৃষ্ঠা / স্বাস্থ্য / মানসিক স্বাস্থ্য / ৭ টা বিপজ্জনক বদ অভ্যাস
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

৭ টা বিপজ্জনক বদ অভ্যাস

দৈনন্দিন জীৱনত আমাৰ এনে কিছুমান সাধাৰণ অভ্যাস আছে, যিবোৰে আমাৰ অজানিতে কিন্তু আমাৰ স্বাস্থ্যৰ বাবে বেছ ক্ষতিকাৰক, বেয়া অভ্যাসৰ তালিতাক সাধাৰণতে আমি ধূমপান আৰু মদ্যপানকেই অগ্ৰাধিকাৰ দি থাকে।

 

দৈনন্দিন জীৱনত আমাৰ এনে কিছুমান সাধাৰণ অভ্যাস আছে, যিবোৰে আমাৰ অজানিতে কিন্তু আমাৰ স্বাস্থ্যৰ বাবে বেছ ক্ষতিকাৰক, বেয়া অভ্যাসৰ তালিতাক সাধাৰণতে আমি ধূমপান আৰু মদ্যপানকেই অগ্ৰাধিকাৰ দি থাকে। পিচে জানেনে এই দুটা বদ্‌অভ্যাসৰ উপৰি আমি প্ৰতিদিনাই কিন্তু গুৰুত্ব নিদিয়া আন কিছুমান বদ অভ্যাসৰ দাস। গুৰুত্বহীন যেন লগা সেই বদ্‌অভ্যাসকেইটা আমি যদি পৰিত্যাগ নকৰো তেন্তে আমাৰ সুস্বাস্থ্য অটুট নাথাকিব। বদ্‌ অভ্যাসৰ তালিকাত আছে ৭ টা বদ্‌ অভ্যাস, যাক আমি এৰাই চলাটো অতি প্ৰয়োজনীয়।

ক) ভোক নালাগিলেও সৰু-সুৰা খাদ্য খায় নেকি?

 

আমাৰ দেহত যেতিয়া আহাৰৰ প্ৰয়োজন হয়, তেতিয়াহে আমাৰ ভোক লাগে। পেট ভৰাই খোৱাৰ পিচতো যদি সেই পাতল যেন লগা সৰু-সুৰা খাদ্যবোৰ খাই থাকে, তেন্তে আপোনাৰ ওজন বাঢ়ি যাব, বহুমূত্ৰ, হৃদৰোগকে ধৰি নানা গুৰুতৰ ৰোগ হোৱাৰো আশংকা বাঢ়ি যাব। ভোক লাগিলে নিশ্চয় খাওক, পিচে খাবলৈ ইচ্ছা থকাৰ বাবে সেই আহাৰ পুনৰ গ্ৰহণ নকৰে যেন। পেটটো ভৰা যেন অনুভৱ কৰিলে খাদ্য গ্ৰহণ কৰাটো বন্ধ কৰি দিব।

খ) খৰকৈ খাদ্য নাখাব:

 

আধুনিক যুগত ব্যস্ততা আৰু সময়ৰ অভাৱৰ বাবে মানুহে স্কুল, কলেজ, অফিচলৈ যাবৰ পৰত সময় বচাবলৈ বৰ খৰকৈ আহাৰ খায়। এনেকৈ খৰকৈ আহাৰ গিলিলে আহাৰ হজম কৰোতে নানা সমস্যাৰ সৃষ্টি হয় আৰু শৰীৰৰ ওজনো বাঢ়ি যায়। হুৰমূৰকৈ আহাৰ নাখাই ভালকৈ চোবাইহে আহাৰ খাব, অন্যথা খৰকৈ আহাৰ খোৱাৰ বাবে আপোনাৰ এচিডিটি বাঢ়িব, পেটটো ফুলিব আৰু ওজনো বাঢ়ি যাব।

গ) নিশা উজাগৰে থাকে নেকি?:

 

বহুলোকে নিশা উজাগৰে থাকি টেলিভিছন অথবা লেপটপত চিনেমাকে ধৰি নানা অনুষ্ঠান চায়। পিচে জানেনে, ৭টা বদ্‌ অভ্যাসৰ তালিকাত উজাগৰী নিশাও আছে। যিহেতু আমি দিনটো জুৰি যথেষ্ট ব্যস্ত হৈ থাকো, সেয়ে নিশা লোকে পুৱাৰ আহাৰ খোৱাটো বাদ দিয়ে। পুৱাৰ খাদ্যই আপোনাৰ দেহত হজম কৰাৰ বাবে প্ৰয়োজনীয় তাপৰ সৃষ্টি কৰে, দেহৰ মেটাবলিজম প্ৰণালীটো লেহেমীয়া হৈ পৰে আৰু দেহৰ ওজনো বৃদ্ধি কৰে। যিসকল ব্যক্তি ওজনৰ প্ৰতি সচেতন তেওঁলোকে প্ৰাত:ভোজনত কম চৰ্বিযুক্ত আহাৰ খালেই হ’ব।

ঙ) দাঁতেৰে নখ কামুৰি থাকে নেকি?:

 

সাধাৰণতে নাৰ্ভাছ অনুভৱ কৰা অথবা বেছিকৈ চিন্তিত থাকিলে বহুতে নখ কামুৰি থাকে। নখৰ ভিতৰত বহুত মল থাকে, যিবোৰ আপোনাৰ মুখখনৰ যোগেদি পেটৰ ভিতৰলৈ সোমাই যায়। চানচে’ছাৰা নামৰ চিকিৎসকজনে সাৱধান বাণী শুনাইছে যে, আপোনাৰ হাত দুখনে সকলো সময়ত কিবা নহয় কিবা বস্তু স্পৰ্শ কৰিয়েই থাকে, গতিকে হাত দুখনত নানা তৰহৰ বীজাণু লাগিয়েই আছে, গতিকে নখ কামুৰি থকাৰ ফলত ইনফ্লুয়েঞ্জাৰ দৰে ৰোগবোৰ হোৱাৰ বেছ সম্ভাৱনা থাকে।

চ) সদায় গধুৰ বেগ কঢ়িয়ায় নেকি?:

 

কৰ্মস্থলী অথবা কৰ’বালৈ ওলাই যাওঁতে আমি আমাৰ বেগটোত অনেক নিনিবলগীয়া বস্তুও ভৰাই নিওঁ। তদুপৰি আধুনিক জীৱনৰ প্ৰয়োজনীয় লেপটপটো থাকেই। চাব, পিঠিত গধুৰ বেগ প্ৰতিদিনাই কঢ়িওৱাৰ ফলত আপোনাৰ পিঠিত এটা স্থায়ী বিষে বাহৰ পাতিবহি।

ছ) হেডফোন শুনাৰ অভ্যাস:

 

আজিকালি বহুতে যথেষ্ট দীৰ্ঘসময় জুৰি হেডফোন ব্যৱহাৰ কৰি গান শুনে। এনেকৈ হেডফোনত গান শুনি যান-বাহনৰ ভিৰ থকা ৰাস্তা পাৰ হোৱাটো বেছ বিপজ্জনক। ই দুৰ্ঘটনা বা মৃত্যুৰো কাৰণ হ’ব। চিকিৎসক ভিহৎ নামৰ বিখ্যাত চিকিৎসকজনৰ মতে খুব বেছি ভলিউমত হেডফোনত গান শুনি থাকিলে আপুনি শ্ৰবণ শক্তি হেৰুৱাব অৰ্থাৎ কাণেৰে নুশুনা হৈ যাব।

 

উৎস: সাদিন।

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top