অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মানসিক হেঁচা আৰু মনোৰোগ চিকিৎসা

মানসিক হেঁচা আৰু মনোৰোগ চিকিৎসা

  1. পৰিচয়
  2. মানসিক হেঁচা কি?
  3. মানসিক হেঁচাৰ সাধাৰণ উৎসসমূহ
    1. জীয়াই থকাৰ হেঁচা:
    2. আভ্যন্তৰীণ হেঁচা:
    3. পৰিৱেশৰ হেঁচা:
    4. ক্লান্তি আৰু অতিৰিক্ত পৰিশ্ৰম:
  4. মানসিক হেঁচা আৰু মানসিক হেঁচাত নতশিৰ কৰাক প্ৰভাৱিত কৰা কাৰকসমূহ
  5. মানসিক হেঁচাৰ প্ৰভাৱ
  6. মানসিক হেঁচাৰ লগত সম্পৰ্ক থকা কেইটামান ৰোগ
  7. মানসিক হেঁচা ব্যৱস্থাপনা
  8. মানসিক হেঁচাৰ পঞ্জী আৰম্ভ কৰক
  9. মানসিক হেঁচাৰ মুখামুখি হোৱা অস্বাস্থ্যকৰ পদ্ধতিসমূহ
  10. আপোনাৰ প্ৰতিক্ৰিয়া সলনি কৰক
  11. অপ্ৰয়োজনীয় হেঁচা পৰিহাৰ কৰক
  12. পৰিস্থিতি পৰিৱৰ্তন কৰক
  13. হেঁচা সৃষ্টিকাৰী কাৰণবোৰ অৱলম্বন কৰক
  14. যিবোৰ আপুনি সলনি কৰিব নোৱাৰে সেইবোৰ স্বীকাৰ কৰক
  15. বিশ্ৰাম আৰু সজীৱ হৈ থকাৰ স্বাস্থ্যসন্মত উপায়
  16. জীৱনৰ স্বাস্থ্যকৰ পথ

পৰিচয়

মানসিক হেঁচা নথকাকৈ জীৱন-যাপনৰ চিন্তা কল্পনাই কৰিব নোৱাৰি। এটা পৰিমাণলৈকে মানসিক হেঁচা জীৱনৰ অংগ আৰু ই ব্যক্তিৰ স্বাভাৱিক ব্যক্তিত্ব বিকাশত অৰিহণাও যোগাব পাৰে। কিন্তু যদিহে এই মানসিক হেঁচা অতিপাত বৃদ্ধি পায় তেন্তে ই গুৰুতৰ মনোচিকিৎসা বিষয়ক বিষয় হ’বগৈ পাৰে। ই মানসিক অসুস্থতা বৃদ্ধিত অৰিহণা যোগোৱাৰ লগতে মানসিক যন্ত্ৰনাও বৃদ্ধি কৰিব পাৰে। মনোৰোগ বিকাশৰ ক্ষেত্ৰত মানসিক হেঁচাই যে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে সেইটোৰ ভাল প্ৰমাণ ইতিমধ্যে পোৱা গৈছে কিন্তু ইয়াৰ বিশেষ বিপদসমূহ আৰু প্ৰতিৰোধ ব্যৱস্থা সম্পৰ্কে এতিয়াও জানিবলৈ বাকী আছে। ঋণাত্মক আৰু হেঁচাৰে ভৰা জীৱন-যাপনৰ ফলত এনে ধৰণৰ বিসংগতিসমূহ বিকাশ হোৱাটো দেখা যায়, স্বভাৱ আৰু হতাশাজনিত বিসংগতিসমূহ ইয়াৰ ভিতৰত পৰে। যৌন উৎপীড়ন, শাৰিৰীক অত্যাচাৰ, মানসিক অত্যাচাৰ, ঘৰুৱা হিংসা আদিবোৰৰ শিশুকাল বা প্ৰাপ্তবয়স্ক অৱস্থাত চিকিৎসাহীনতাও এনে মানসিক বিসংগতি বিকাশৰ লগত যোগসূত্ৰ আছে। এইবোৰ সামাজিক, পৰিয়াল, মনোবৈজ্ঞানিক আৰু জীৱ বিজ্ঞানৰ বহুবোৰ জটিল কাৰকৰ যোগেৰে মানসিক বিসংগতিবোৰ হয়গৈ। এনেধৰণৰ বহুবোৰ কাৰকে একেলগে বহুদিন ধৰি প্ৰভাৱিত কৰা আৰু কেতিয়াবা মাত্ৰ এটা গুৰুতৰ আঘাতেও এনে মনোচিকিৎসাজনিত বিষয়ৰ কাৰণ হ’বগৈ পাৰে। সাধাৰণতে এজন ব্যক্তিয়ে কিছুমান ধৰণৰ অভিজ্ঞতাৰ সৈতে মোকাবিলা কৰিব পৰাকৈ প্ৰতিৰোধ ক্ষমতা থাকিব পাৰে। কিন্তু আনসকল তেনে পৰিস্থিতিতো আক্ৰান্ত হৈ পৰিব পাৰে। জিনগত দুৰ্বলতা, জটিল মানসিক অৱস্থা, জন্মগত বিসংগতি, পৰিস্থিতিৰ সৈতে খাপ খোৱা ধৰণ আৰু আন অভিজ্ঞতাসমূহ এই বিষয়ৰ লগত জড়িত থাকে।

মানসিক হেঁচা কি?

শাৰিৰীক, ৰাসায়নিক বা আৱেগজনিত এনে এক অৱস্থাত মানসিক হেঁচা বোলা হয় যিয়ে শৰীৰত বা মনত বিশৃংখলতাৰ সৃষ্টি কৰে যি ৰোগৰ কাৰণ হ’ব পাৰে। প্ৰাকৃতিক আৰু ৰাসায়নিক কাৰণত যিবোৰ চাপৰ সৃষ্টি হ’ব পাৰে এইবোৰৰ ভিতৰত দুৰ্দশা, সংক্ৰমণ, শৰীৰৰ বিভিন্ন অংশত হোৱা বিষ, অসুস্থতা আৰু যিকোনো ধৰণৰ আঘাট আদি সন্নিৱিষ্ট কৰিব পাৰি। মানসিক চাপ আৰু উত্তেজনাৰ আৱেগজনিত কাৰণ বিভিন্ন ধৰণৰ আৰু বিভিন্ন প্ৰকাৰৰ হয়। যি ক্ষেত্ৰত আমি চাপ বুলিলে মানসিক হেঁচাৰ কথা বুজো বৈজ্ঞানিক বা চিকিৎসকসকলে ইয়াত শাৰিৰীক কৰ্মদক্ষতাৰ দৃঢ়তা আৰু ভাৰসাম্যতা প্ৰভাৱিত কৰা শক্তিক বুজায়। যেতিয়া কোনো এজন ব্যক্তিৰ চাৰিওকাষৰ ঘটনাৰ ফলত হেঁচা অনুভৱ কৰে তেতিয়া তেওঁৰ শৰীৰৰ পৰা তেজত কিছুমান ৰাসায়নিক দ্ৰব্য নিৰ্গত কৰে। এই ৰাসায়নিক দ্ৰব্যসমূহে ব্যক্তিক আৰু অধিক শক্তি আৰু বল প্ৰদান কৰে। কম হেঁচা বহুসময়ত ব্যক্তিৰ বাবে লাভজনক হয়। উদাহৰণস্বৰূপে, কোনো এটা প্ৰকল্পৰ কাম কৰোতে কম পৰিমাণৰ মানসিক হেঁচাই আমাক অধিক ভালভাৱে, অধিক যত্ন সহকাৰে আৰু অধিক উৎসাহসহ কাম কৰিবলৈ বাধ্য কৰে। মানসিক হেঁচা দুই ধৰণৰ হয়। ইউষ্ট্ৰেছ (যোগাত্মক হেঁচা) আৰু ডিষ্ট্ৰেছ (ঋণাত্মক হেঁচা)। এই দুইবিধে থুলমূলভাৱে ক্ৰমে প্ৰতিদ্বন্দিতালৈ আহ্বান জনোৱা আৰু ভাৰাক্ৰান্ত কৰাতো বুজায়। যেতিয়া হেঁচা অত্যন্ত অধিক হয় বা সঠিকভাৱে মুখামুখি হ’ব নোৱাৰি তেতিয়া তাৰ ফল ঋণাত্মক হয়।

মানসিক হেঁচাৰ সাধাৰণ উৎসসমূহ

জীয়াই থকাৰ হেঁচা:

যেতিয়া কোনো এজন লোকে ভয় খায় বা আন কোনোৱে তেওঁক শাৰিৰীকভাৱে আঘাট কৰিব পাৰে বুলি আশংকা কৰে তেতিয়া স্বাভাৱিকভাৱেই শাৰিৰীক প্ৰতিক্ৰিয়া হিচাপে তেওঁৰ দেহলৈ অধিক শক্তি আহে যাতে তেওঁ সেই বিপদজনক পৰিস্থিতিৰ পৰা ৰক্ষা পাব পাৰে বা উক্ত স্থানৰ পৰা আতঁৰি আহিব পাৰে। এইটোকে জীয়াই থকাৰ হেঁচা বুলিব পাৰি।

আভ্যন্তৰীণ হেঁচা:

এই হেঁচা কোনো ব্যক্তিয়ে নিজেই নিজৰ ওপৰত সৃষ্টি কৰে। যেতিয়া আমি আমাৰ পৰিসীমাৰ বাহিৰৰ কোনো বিষয়লৈ দুঃচিন্তাত ভুগো বা আমি নিজেই মানসিক হেঁচা সৃষ্টি হোৱা পৰিস্থিতিলৈ নিজকে লৈ যাওঁ। তেতিয়াই এনে হেঁচাৰ সৃষ্টি হয়। এনে হেঁচাৰ মাজত থাকি থাকি বহু লোক এনে হেঁচাৰ প্ৰতি আসক্ত হৈ পৰে ফলত তেওঁলোকে মানসিক হেঁচা সৃষ্টি হোৱা পৰিস্থিতি বিচাৰি ফুৰে বা হেঁচাবিহীন কামৰ মাজতো হেঁচা অনুভৱ কৰে।

পৰিৱেশৰ হেঁচা:

শব্দ, জনসমাগম, পৰিয়াল বা কামৰ হেঁচা আদি বিভিন্ন পৰিৱেশগত অৱস্থাৰ প্ৰতিক্ৰিয়াত এনে মানসিক হেঁচাৰ সৃষ্টি হয়। এনে মানসিক হেঁচাবোৰ চিনাক্ত কৰা, আতঁৰি থাকিবলৈ শিকা বা এই হেঁচাসমূহ সহ্য কৰাটোৱেই ইয়াৰ মাত্ৰা কম কৰাত সহায় কৰে।

ক্লান্তি আৰু অতিৰিক্ত পৰিশ্ৰম:

 

এনে ধৰণৰ মানসিক হেঁচা সৃষ্টি হ’বলৈ সময় লয় আৰু ই শৰীৰৰ ওপৰত কঠিন প্ৰভাৱ পেলায়। কৰ্মস্থান, বিদ্যালয় বা ঘৰত অত্যন্ত বেছি কাম বা কঠিন পৰিশ্ৰম কৰাতো এই হেঁচাৰ কাৰণ হ’ব পাৰে। সময়ৰ ব্যৱস্থাপনা কৰিবলৈ নজনা বা বিশ্ৰাম আৰু আৰামৰ বাবে সময় উলিয়াব নোৱাৰা আদিও ইয়াৰ কাৰণ হ’ব পাৰে। যিহেতু বহুলোকে ভাৱে যে এই হেঁচা তেওঁলোকৰ নিয়ন্ত্ৰণৰ বাহিৰত, সেয়েহে এই হেঁচা অতি জটিল ধৰণৰ হেঁচা হ’ব পাৰে। মানসিক হেঁচা সৃষ্টি কৰাসমূহক হ্ৰস্বম্যাদী বা দীৰ্ঘম্যাদী বুলিও বৰ্ণনা কৰা হয়।

  • হ্ৰস্বম্যাদীৰ চাপ হ’ল তাৎক্ষণিক ভয় খোৱাৰ প্ৰতিক্ৰিয়া। মগজুৰ মৌলিক অংশ আৰু মগজুৰ কিছুমান ৰাসায়নিকৰ মাজত বিক্ৰিয়া হোৱাৰ ফলত এনে হয়।
  • দীৰ্ঘম্যাদী হেঁচা সৃষ্টিকাৰীবোৰৰ ভিতৰত পৰে যিবোৰ হেঁচা ক্ৰমাগতভাৱে চলি থাকে, যেতিয়া যুদ্ধ কৰা বা চত্ৰভঙ্গ দিয়াৰ ইচ্ছা দমাই ৰখা হয়। হেঁচা থকা কাম-কাজ কৰি থকা, সম্পৰ্কৰ সমস্যা চলি থকা, অকলশৰে থকা আৰু ক্ৰমাগত আৰ্থিক দুঃচিন্তা আদিবোৰ দীৰ্ঘম্যাদী হেঁচাৰ সৃষ্টিকাৰীৰ উদাহৰণ।

মানসিক হেঁচা আৰু মানসিক হেঁচাত নতশিৰ কৰাক প্ৰভাৱিত কৰা কাৰকসমূহ

এজন লোকৰ মানসিক হেঁচাৰ সৃষ্টি হোৱাৰ কাৰণ এটা বা বহুবোৰ হ’ব পাৰে। অৰ্থাৎ প্ৰত্যেকৰে মানসিক হেঁচা সহ্য কৰাৰ ক্ষমতা বেলেগ হয়। মানসিক হেঁচাৰ কাৰণৰ ভিত্তিত হেঁচা সহ্য কৰাৰ ক্ষমতা ভিন্ন হয়। সেইবাবে প্ৰতিজন লোকৰ সহন ক্ষমতা সময়-সাপেক্ষে পৰিৱৰ্তন হৈ থাকে।

  • সৰু কালৰ অভিজ্ঞতাসমূহ-দুৰ্ব্যৱহাৰৰ হেঁচাৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে।
  • ব্যক্তিত্ব (ব্যক্তিবিশেষে আন সকলোতকৈ মানসিক হেঁচাৰ প্ৰৱণতা অধিক থাকে)।
  • জিনগত (বিশেষভাৱে বংশগতভাৱে পোৱা ‘ৰিলাক্সেছন চিন্দ্ৰম’, ষ্ট্ৰেৰ’টনিনৰ মাত্ৰাৰ লগত জড়িত, মগজুৰ ৰাসায়নিক ভাৰসাম্যতা)।
  • অস্বাভাৱিক ৰোগ প্ৰতিৰোধ ব্যৱস্থা (যেনে, বাতবিষ, বেচু আদিধৰণৰ কিছুমান ৰোগৰ বাবে মানসিক হেঁচা সহ্য কৰাৰ ক্ষমতা হ্ৰাস কৰে)।
  • জীৱনশৈলী (মূলতঃ বেয়া আহাৰ, কচৰৎ নকৰা)।
  • মানসিক হেঁচা সৃষ্টি কৰা কাৰকসমূহৰ তীব্ৰতা আৰু সময়।

 

তলত দিয়া লক্ষণবোৰ দেখা দিলে মানসিক হেঁচা আছেনে নাই সেইটো পৰীক্ষা কৰা দৰকাৰ।

টোপনীত অসুবিধা।
ক্ষুধাৰ অভাৱ।
মনোযোগ প্ৰদানত দুৰ্বলতা বা দুৰ্বল স্মৃতিশক্তি।
অস্বাভাৱিক ভুল কৰা বা সময়সীমা পাৰ হৈ যোৱা।
কাৰ্য্যসম্পাদনৰ সমতা হ্ৰাস পোৱা।
অলপতে অতিপাত খং উঠা৷
হিংসা বা অ-সামাজিক ব্যৱহাৰ।
অতি বেছি আৱেগ।।
মাদকদ্ৰব্য বা নিচাযুক্ত ঔষধৰ ব্যৱহাৰ।
স্নায়ু দুৰ্বল হোৱা অভ্যাস।

মানসিক হেঁচাৰ প্ৰভাৱ

সাধাৰণতে মানসিক হেঁচাৰ প্ৰাকৃতিক প্ৰভাৱ হয় মূলতঃ নিউৰো-এণ্ডোক্ৰিন’-ইমোন’লজিকেল পথত। হেঁচা সৃষ্টিকাৰী যিয়েই নহওঁক কিয় ইয়াৰ মূল প্ৰতিক্ৰিয়াসমূহ আমাৰ শৰীৰৰ ওপৰত একে ধৰণেই হয় আৰু ইয়াৰ কেইটামান প্ৰভাৱ হ’ল-

  • হৃদস্পন্দন বৃদ্ধি পোৱা।
  • শ্বাস-প্ৰশ্বাস বৃদ্ধি পোৱা।
  • কঁপনি।
  • জাঁৰ লগা, চৰম দুৰ্দশা/ঘাঁমি যোৱা।
  • চকুৰ পতা তিতি যোৱা।
  • পেশী টান মাৰি ধৰা, পেট কামোৰ মাৰি ধৰা, হাত আৰু ভৰি ঠৰঙা লাগি যোৱা। দাঁত ঘঁহনি খাই শব্দ হোৱা, শৌচৰ সমস্যা।
  • ঘনাই প্ৰস্ৰাৱ হোৱা।
  • চুলি সৰা।

যদিহে তৎক্ষণাত বুজিব পৰা নাযায় বা সময়মতে আতঁৰাব পৰা নাযায় তেন্তে এনে হেঁচাৰ মানসিক প্ৰভাৱ বিভিন্ন ধৰণৰ হ’ব পাৰে। সময়মতে আতঁৰাব নোৱাৰিলে আৱেগজনিত হেঁচা মানসিক কষ্টলৈ পৰিণত হয় তাৰ পিছত শাৰিৰীক অসুস্থতা হয়গৈ। (ইয়াক চাইক’ চোমাটিক অসুস্থতা বুলি জনা যায়)।

হেঁচাৰ সাধাৰণ কেইটামান মানসিক প্ৰভাৱ

  • মনোযোগ প্ৰদানত অক্ষমতা।
  • সিদ্ধান্ত ল’ব নোৱাৰা।
  • আত্মবিশ্বাস কমি যোৱা।
  • বিৰক্তিৰ ভাৱ বা প্ৰায়ে খং উঠি থকা।
  • খোৱাৰ ইচ্ছা অপৰিতৃপ্ত।
  • বিনা কথাত দুঃচিন্তা, অস্বস্থি আৰু উদ্বেগ।
  • অমূলক ভয়।
  • আতংকৰ আক্ৰমণ।
  • অতি বেছি আৱেগিক আৰু মনৰ পৰিৱৰ্তন।

হেঁচাৰ ফলত কোনো ব্যক্তিয়ে কি ধৰণৰ ব্যৱহাৰ কৰে সেইবোৰ হেঁচাৰ ব্যৱহাৰিক প্ৰভাৱত দেখা যায়। হেঁচাৰ ব্যৱহাৰিক প্ৰভাৱ কেইটামান তলত উল্লেখ কৰা হ’ল:

  • অত্যাধিক ধুমপান।
  • স্নায়ু টানি ধৰা।
  • মাদক দ্ৰব্য বা নিচাযুক্ত ঔষধৰ ব্যৱহাৰ বৃদ্ধি পোৱা।
  • নখ কামুৰি থকা বা চুলি টনাৰ দৰে মুদ্ৰা দোষ।
  • আহাৰ গ্ৰহণ স্বাভাৱিকতকৈ বৃদ্ধি পোৱা বা কমি যোৱা।
  • অন্যমনস্কতা।
  • দূৰ্ঘটনা প্ৰৱনতা।
  • সামান্য উত্তেজনাতেই আক্ৰমণৰ চেষ্টা কৰা।

এইটো স্পষ্ট যে হেঁচাৰ ব্যৱহাৰিক প্ৰভাৱ অতি বিপদজনক বা কোনো ব্যক্তি বা সমাজৰ লগত ই সম্পৰ্ক নষ্ট কৰিব পাৰে। কিছুমান দীৰ্ঘম্যাদী হেঁচা একাকীত্ব, দাৰিদ্ৰতা, প্ৰিয়জনৰ মৃত্যু, অৱসাদ, হীনমন্যতাত ভোগা আদিবোৰ নিৰাশজড়িত আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাৰ বাবে ভাইৰাছজনিত অসুস্থতা,কাঁহ পানী লগা আৰু হাৰপিছৰ পৰা এইডছ আৰু কেন্সাৰ আদি ৰোগৰ লগত এনে মানসিক হেঁচাবোৰ জড়িত হৈ থাকে।

মানসিক হেঁচাৰ প্ৰভাৱ আন হৰমনৰ ওপৰতো পৰিব পাৰে। মগজু নিউৰ’ট্ৰেন্সমিটাৰ, অতিৰিক্ত ক্ষুদ্ৰ ৰাসায়নিক বাৰ্তা প্ৰেৰণ, প্ৰস্তাবোলান্ডিন, আন জটিল পাচন প্ৰক্ৰিয়া, পাচন কাৰ্য্যকৰী ব্যৱস্থা আদিৰ ওপৰত কি প্ৰভাৱ পৰে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

 

মানসিক হেঁচাৰ লগত সম্পৰ্ক থকা কেইটামান ৰোগ

  • আম্লিক পাকস্থলীৰ ৰোগ।
  • মাদকদ্ৰব্য গ্ৰহণৰ অভ্যাস।
  • হাঁপানি।
  • ক্লান্তিভাৱ।
  • উত্তেজনাৰ বাবে মূৰৰ বিষ।
  • উচ্চ ৰক্তচাপ।
  • নিদ্ৰাহীনতা।
  • অনিয়মীয়া শৌচৰ অভ্যাস।
  • স্কেমিট হৃদযন্ত্ৰৰ ৰোগ।
  • মানসিক বিশৃংখলতা।
  • যৌন অক্ষমতা।
  • চৰিঅ’ছিছ, প্লানাছ ঘাঁহ, ইউটিক এৰিয়া, ইউৰিটাছ, নিউৰ’দাৰ্মাটাইটিছ আদি ধৰণৰ ছালৰ ৰোগ। এই তালিকাখন সম্পূৰ্ণ কৰা হোৱা নাই। হেঁচা সম্পৰ্কীয় ৰোগসমূহ বুজি পোৱাৰ বাবে ইয়াৰ ব্যৱস্থাপনা কাৰ্য্যাৱলী পৰিকল্পনা কৰিবলৈ ওপৰত উল্লেখিত ধাৰণাসমূহ সম্পৰ্কে বুজি পোৱাটো গুৰুত্বপূৰ্ণ। চিকিৎসালয়ত এজন ব্যক্তিৰ গ্ৰন্থিসমূহে নিসৰিত কৰা বিভিন্ন হৰমনৰ পৰিমাণ জুখি এজন লোকৰ মানসিক হেঁচা বিজ্ঞানসন্মতভাৱে ধৰা পেলোৱা হয়।
  • হোমছ আৰু ৰাহ এ হেঁচাৰ মাপাংক যন্ত্ৰত এজন লোকৰ জীৱনৰ পূৰ্ৱৱৰ্তী বছৰৰ ‘জীৱন সলনি একক’ যোগ কৰা হয় আৰু শেষ অংক প্ৰদান কৰা হয়। উদাহৰণ হিচাপে, স্বামী/স্ত্ৰীৰ মৃত্যুত ১০০ অংশ প্ৰদান কৰা হয়।
  • ৩০০ তকৈ বেছি ৰোগ হোৱাৰ আশংকা।
  • ১৫০-২৯৯ মধ্যমীয়া ধৰণৰ ৰোগৰ আশংকা (ওপৰৰ আশংকাতকৈ ৩০ শতাংশতকৈ কম)।
  • ১৫০ অতি কম পৰিমাণৰ আশংকা।

 

মানসিক হেঁচা ব্যৱস্থাপনা

মানসিক হেঁচাৰ উৎসসমূহৰ চিনাক্তকৰণেৰে এই হেঁচাৰ ব্যৱস্থাপনা আৰম্ভ কৰক। এইটো সিমান সহজ নহয়। মানসিক হেঁচাৰ প্ৰকৃত উৎসটো চিনাক্ত কৰিবলৈ আপুনি আপোনাৰ অভ্যাস, ভঙ্গিমা, কৈফিয়ত ভালদৰে পৰ্য্যবেক্ষণ কৰক।

  • শেষৰ বাৰ কি কাৰণে আপোনাৰ মানসিক হেঁচা হৈছিল আৰু কেনেকৈ আতঁৰালে সেই কথা বৰ্ণনা কৰিবলৈ চেষ্টা কৰক।
  • কৰ্মস্থান বা ঘৰুৱা জীৱন বা আপোনাৰ ব্যক্তিত্বত হেঁচাৰ অভিন্ন অংগ বুলি আপুনি ভাৱে নেকি?
  • আপুনি আপোনাৰ মানসিক হেঁচাৰ বাবে আন ব্যক্তি বা বাহিৰৰ কিবা পৰিৱেশক দোষাৰোপ কৰে নেকি? বা এই হেঁচা সম্পূৰ্ণ স্বাভাৱিক আন অব্যতিক্ৰমী বুলি ভাৱে নেকি?
  • যেতিয়ালৈকে আপুনি মানসিক হেঁচা প্ৰস্তুত কৰাত বা প্ৰতিপালন কৰাৰ বিষয়ত আপুনি পালন কৰা ভূমিকা গুৰুত্ব সহকাৰে নল’ব তেতিয়ালৈকে মানসিক হেঁচাৰ মাত্ৰা নিয়ন্ত্ৰণৰ বাহিৰ হৈ যাব পাৰে।

 

মানসিক হেঁচাৰ পঞ্জী আৰম্ভ কৰক

হেঁচাৰ পঞ্জীখনে নিয়মীয়া হেঁচা সৃষ্টিকাৰী কাৰকসমূহক চিহ্নিত কৰা আৰু ব্যক্তিয়ে সেইবোৰৰ কেনেদৰে মুখামুখী হৈছে সেই সম্পৰ্কে সহায় আগবঢ়ায়। যেতিয়াই এজন ব্যক্তিৰ মানসিক হেঁচা উদ্ভৱ হয়, এনে পঞ্জীত যোগসূত্ৰ ৰখা উচিত। সদাই পঞ্জীত লিপিবদ্ধ কৰিলে এই হেঁচাৰ ধৰণ আৰু মিল থকা হেঁচাসমূহ চিনাক্ত কৰিব পৰা যায়। তলৰ তথ্যসমূহ লিখি ৰাখক:

১) কি কাৰণত আপোনাৰ মানসিক হেঁচা হৈছিল (নিশ্চিত নহ’লে অনুমান কৰক)?

২) শাৰিৰীক আৰু মানসিকভাৱে আপোনাৰ কি অনুভৱ হৈছিল?

৩) প্ৰতিক্ৰিয়া হিচাপে আপুনি কি কৰিছিল?

৪) ভাল হ’বলৈ আপুনি কি কৰিছিল?

বৰ্তমান আপুনি আপোনাৰ জীৱনত মানসিক হেঁচাৰ মুখামুখি কেনেদৰে হ’ব পাৰে চিন্তা কৰক। আপোনাৰ মানসিক হেঁচাৰ পঞ্জীয়ে এই ক্ষেত্ৰত আপোনাক সহায় কৰিব পাৰে। মানসিক হেঁচাৰ সৈতে মুখামুখি হোৱাৰ পদ্ধতি স্বাস্থ্যকৰ নে অস্বাস্থ্যকৰ, সহায়ক নে কামত নহা? দুৰ্ভাগ্যবশতঃ বহুলোকে মানসিক হেঁচাৰ সৈতে মুখামুখি হোৱাত যিবিলাক পদ্ধতি ব্যৱহাৰ কৰে সেইবোৰে সমস্যাটো বঢ়াইহে তোলে।

মানসিক হেঁচাৰ মুখামুখি হোৱা অস্বাস্থ্যকৰ পদ্ধতিসমূহ

 

মানসিক হেঁচা সাময়িকভাৱে কমাই ৰাখিবলৈ এই ব্যৱস্থাসমূহে সহায় কৰে যদিও দীৰ্ঘদিনৰ বাবে অধিক ক্ষতি কৰে।

  • ধুমপান৷
  • অধিক পৰিমাণৰ মাদক দ্ৰব্য সেৱন।
  • কমকৈ বা অধিক পৰিমাণৰ আহাৰ গ্ৰহণ।
  • অধিক সময় ধৰি টি,ভি বা কম্পিউটাৰৰ সন্মুখত বহি থকা।
  • পৰিয়াল, বন্ধু আৰু স্বাভাৱিক ক্ৰিয়াকলাপৰ পৰা আঁতৰি থকা।
  • বিশ্ৰামৰ বাবে নিচাজাতীয় দ্ৰব্য বা ঔষধ গ্ৰহণ কৰা।
  • অধিক সময় শুই থকা।
  • হেমাহি কৰা।
  • সমস্যাৰ পৰা আঁতৰি থাকিবলৈ প্ৰতিটো ক্ষণ ব্যস্ত হৈ থকা।
  • নিজৰ মানসিক হেঁচাৰ বাবে খং উঠা।
  • হেঁচাৰ ব্যৱস্থাপনা আৰু মুখামুখি হোৱাৰ বহুতো স্বাস্থ্যকৰ উপায় আছে। কিন্তু সেইবিলাকৰ বাবে পৰিৱৰ্তনৰ প্ৰয়োজন হয়। আমি প্ৰতিক্ৰিয়া বা পৰিস্থিতি পৰিৱৰ্তন কৰিব পাৰো। মানসিক হেঁচাৰ কাৰণসমূহ চিনাক্ত কৰিবলৈ গভীৰভাৱে চিন্তা কৰক আৰু আনৰ লগত আলোচনা কৰক। হেঁচা দূৰ কৰা, কমোৱাৰ ব্যৱস্থা কৰা বা মানসিক হেঁচাত থকা ব্যক্তিজনক হেঁচাৰ কাৰণ সৃষ্টি হোৱা পৰিস্থিতিৰ পৰা আঁতৰাই আনক।
  • কেনে ধৰণৰ হেঁচা সৃষ্টিকাৰীয়ে লোকজনৰ ওপৰত মানসিক হেঁচাৰ সৃষ্টি কৰে আৰু কেনে অৱস্থাই হেঁচা সৃষ্টি হোৱাৰ পৰিস্থিতি তৈয়াৰ কৰে সেয়া বুজিবলৈ চেষ্টা কৰক। আপুনি কিহৰ সৈতে মুখামুখি হৈছে সেই কথা জনাটো মানসিক হেঁচা ব্যৱস্থাপনাৰ পন্থা নিৰ্ণয় কৰাৰ বাবে অতি প্ৰয়োজনীয়।

মানসিক হেঁচা পৰিহাৰৰ উপায়সমূহ

পৰিস্থিতি সলনি কৰক:

    · হেঁচা সৃষ্টি কাৰকক পৰিহাৰ কৰক।

    · হেঁচা সৃষ্টি কাৰকক পৰিৱৰ্তন কৰক।

 

আপোনাৰ প্ৰতিক্ৰিয়া সলনি কৰক

    · হেঁচা সৃষ্টিকাৰীক অৱলম্বন কৰক।

    · হেঁচা সৃষ্টিকাৰীক গ্ৰহণ কৰক।

 

অপ্ৰয়োজনীয় হেঁচা পৰিহাৰ কৰক

  • · অস্বীকাৰ কৰিবলৈ শিকক:
  • আপোনাৰ পৰিসৰ জানক আৰু তাৰ মাজতেই থাকক। আপোনাৰ ব্যক্তিগত জীৱনেই হওঁক বা পেশাগত জীৱনেই হওঁক পৰঞ্চি দায়িত্বৰ পৰা আঁতৰি থাকক ।যিখিনি চম্ভালিব পাৰে তাতকৈ অধিক ল’লে মানসিক হেঁচাৰ সৃষ্টি হ’বই।

  • যিসকল লোকে আপোনাৰমানসিক হেঁচাৰ সৃষ্টি কৰে তেওঁলোকৰ পৰা আঁতৰাত থাকক: যদি কোনো লোকে অহৰ্নিষে আপোনাৰ ওপৰত মানসিক হেঁচাৰ সৃষ্টি কৰি থাকে আৰু পৰিহাৰ কৰাতো সম্ভৱ নহয়। তেন্তে তেনে ব্যক্তিৰ লগত যিমান সম্ভৱ হয় কম সময় সম্পৰ্ক ৰাখক বা সম্পৰ্ক সম্পূৰ্ণৰূপে বিচ্ছিন্ন কৰক।

  • আপোনাৰ পৰিৱেশটো নিয়ন্ত্ৰণত আনক:
  • যদি সন্ধিয়াৰ বাতৰিয়ে আপোনাক উদ্বিগ্ন কৰি তোলে তেন্তে সন্ধিয়াৰ বাতৰি চোৱাটো বন্ধ কৰক। যদি যান-বাহনে আপোনাক উত্তেজিত কৰে তেন্তে কম যান-বাহন থকা দীঘল পথ ব্যৱহাৰ কৰক। যদি আপুনি বজাৰলৈ গৈ ভাল নাপায় তেন্তে প্ৰয়োজনীয় সামগ্ৰী অনলাইনত ক্ৰয় কৰক।
  • উত্তেজনাপূৰ্ণ আলোচনাৰ বিষয়বস্তু পৰিহাৰ কৰক: যদি কোনো বিষয়বস্তুৱে আপোনাৰ স্বভাৱ বেয়া কৰি তোলে তেন্তে আপোনাৰ কথা-বতৰাৰ তালিকাৰ পৰা সেই বিষয়সমূহ আঁতৰাই পেলাওঁক। যদি আপুনি কোনো এটা বিষয় লৈ একেজন লোকৰ সৈতে তৰ্কট লিপ্ত হয় তেন্তে প্ৰসংগটো উলিয়াবই নালাগে বা সেই তেনে ধৰণৰ আলোচনা আৰম্ভ হোৱাৰ লগে লগেই আঁতৰি আহক।
  • · আপোনাৰ কামৰ তালিকা সৰু কৰি আনক: আপোনাৰ দৈনন্দিন কামৰ তালিকা, কাম-কাজ আৰু দায়িত্ব দৈনিক বিশ্লেষণ কৰক। যদি অতি বেছি কাম থাকে তেন্তে সেইসমূহ কৰা ‘উচিত’ আৰু ‘নিশ্চয়’ত ভাগ কৰি লওঁক। যিসমূহ কাম প্ৰকৃততেই প্ৰয়োজনীয় নহয় সেইসমূহ তালিকাৰ একেবাৰে তলত স্থান দিয়ক বা বাদ দিয়ক।

পৰিস্থিতি পৰিৱৰ্তন কৰক

  • নীৱে থকাৰ সলনি আপোনাৰ মনোভাৱ প্ৰকাশ কৰক: যদি কিবা পৰিস্থিতি বা ব্যক্তিয়ে আপোনাক বিৰক্ত কৰে তেন্তে মুক্ত আৰু ভদ্ৰভাৱে আপোনাৰ মনোভাৱ জনাই দিয়ক। আপুনি যদি আপোনাৰ অনুভূতিবোৰ নজনাই তেন্তে বিৰক্তিবোধ বাঢ়ি যাব আৰু সদায় একে পৰিস্থিতিৰ সৃষ্টি হব।
  • মীমাংসাৰ মনোভাৱ ৰাখক: যেতিয়া আপুনি আন কাৰোবাক কোনোবাটো ব্যৱহাৰ পৰিৱৰ্তন কৰিবলৈ কয় তেতিয়া নিজেও তেনে কৰিবলৈ ইচ্ছুক হওঁক। আপোনালোক উভয়ে অকমানকৈ মীমাংসাত আহি এটা মধ্যমীয়া পন্থাত থকাৰ সম্ভাৱনা গঢ়ি তোলক।
  • আৰু অধিক দৃঢ় হওঁক: নিজৰ জীৱনত পিছুৱাই নাথাকিব। আপোনাৰ সামৰ্থ্য অনুসৰি সমস্যাবোৰ প্ৰত্যক্ষভাৱে মুখামুখি হওঁক আৰু নিবাৰণ কৰক। যদি আপোনাৰ পৰীক্ষা আছে আৰু তাৰ বাবে পঢ়া-শুনা কৰি আছে, আনহাতে অন্য বন্ধুসকলে আপোনাৰ ওচৰত বিভিন্ন কথা পাতি থাকে তেন্তে আপুনি তেওঁক স্পষ্টকৈ কৈ দিয়ক যে আপুনি কিছু সময়ৰ বাবে তেওঁলোকৰ আলোচনাত ভাগ ল’ব নোৱাৰে।
  • আপোনাৰ সময়ৰ ব্যৱস্থাপনা ভালদৰে কৰক: বেয়া সময়ৰ ব্যৱস্থাপনাই বহু ক্ষেত্ৰত হেঁচাৰ সৃষ্টি কৰিব পাৰে। যেতিয়া আপোনাৰ বহুতো কাম থাকে সময় কম আৰু কামবোৰতো অগ্ৰগতি লাভ কৰিব পৰা নাই , তেতিয়া মনটোক শান্ত কৰি ৰখা আৰু লক্ষ্যস্থিৰ কৰি ৰখাটো টান হৈ পৰে।কিন্তু যদি আপুনি আগৰ পৰা পৰিকল্পনা কৰে আৰু অতিৰিক্ত কাম হাতত নলয় তেন্তে আপুনি আপোনাৰ মানসিক হেঁচাৰ মাত্ৰা পৰিৱৰ্তন কৰিব পাৰিব।

হেঁচা সৃষ্টিকাৰী কাৰণবোৰ অৱলম্বন কৰক


  • সমস্যাসমূহক আন ধৰণে চাবলৈ চেষ্টা কৰক: হেঁচা সৃষ্টিকাৰী পৰিস্থিতিবোৰক ইতিবাচকভাৱে চাবলৈ শিকক। পথৰ যান-বাহনৰ ভিৰ আদি সম্পৰ্কে মনটো উত্তেজিত নকৰি সেইটোক অকনমান ৰ’বলৈ পোৱাৰ সুযোগ হিচাপে ভাৱক আৰু আপোনাৰ প্ৰিয় ৰেডিঅ’ ষ্টেচন বা আন কিবা প্ৰিয় গান শুনক।
  • বিশাল দৃশ্যপটত চাওঁক: হেঁচাপূৰ্ণ অৱ্স্থাতো ভালদৰে বিচাৰ কৰি চাওঁক। অধিক সময়ৰ বাবে সেইটো কিমান জৰুৰী নিজকে প্ৰশ্ন কৰক। এমাহৰ ভিতৰত ইয়াৰ কিবা হীনদেৰী হ’বনে? এবছৰত? এই বিষয়ে অশান্তিত ভোগাৰ কি প্ৰয়োজন আছে? এইবোৰৰ উত্তৰ যদি নেতিবাচক হয় তেন্তে আপোনাৰ সময় আৰু শক্তি আন কাৰ্য্যত ব্যৱহাৰ কৰক।
  • আপোনাৰ মানদণ্ড নিৰ্দিষ্ট কৰক: পৰিপূৰ্ণ কৰাৰ চেষ্টাসমূহ পৰিহাৰযোগ্য হেঁচাৰ এক প্ৰধান উৎস। কোনোবাটো বিষয়ত পৰিপূৰ্ণ হ’বলৈ চেষ্টা কৰি অকৃতকাৰ্য্য হোৱাৰ পৰিস্থিতি এটা সৃষ্টি নকৰিব। আপোনাৰ নিজৰ আৰু আনসকলৰ বাবে যুক্তিসন্মত মানদণ্ড নিৰ্দিষ্ট কৰক। ইয়াৰ পিছত “অতিকৈ ভাল” টো মানি চলিবলৈ শিকক।
  • যোগাত্মক দিশসমূহৰ প্ৰতি লক্ষ্য দিয়ক: যেতিয়া “মানসিক হেঁচা” ই আপোনাক হেঁচা প্ৰদান কৰিছে তেতিয়া আপুনি আপোনাৰ যোগাত্মক গুণ সহকাৰে আপুনি যিবোৰ বস্তু ভাল পায় সেইবোৰৰ কথা এক মূহুৰ্তৰ বাবে চিন্তা কৰক। এই সাধাৰণ কৌশলে আপোনাৰ ধাৰণা সঠিককৈ ৰখাত সহায় কৰিব।

 

যিবোৰ আপুনি সলনি কৰিব নোৱাৰে সেইবোৰ স্বীকাৰ কৰক

 

কিছুমান মানসিক হেঁচাৰ উৎসৰ পৰা আঁতৰি থাকিব নোৱাৰি। আপুনি কোনো ভাল পোৱাজনৰ মৃত্যু, কোনোৱাটো জতিল অসুস্থতা বা ৰাষ্ট্ৰীয় অচলাৱস্থা পৰিহাৰ কৰিব পৰা নাযায়। এনেবোৰ ক্ষেত্ৰত এইবোৰ স্বীকাৰ কৰি লোৱাটোৱেই সৰ্বোত্তম উপায়। স্বীকাৰ কৰি লোৱাটো খুব কঠিন কাম কিন্তু দীৰ্ঘম্যাদীভাৱে এনে পৰিৱৰ্তন কৰিব নোৱাৰা হেঁচাসমূহ স্বীকাৰ কৰি লোৱাটো সহজ হৈ পৰে।

  • যিসমূহক নিয়ন্ত্ৰণ কৰিব নোৱাৰি সেইসমূহক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা নকৰিব: আমাৰ জীৱনত বহুবোৰ পৰিস্থিতি আমাৰ নিয়ন্ত্ৰণৰ ভিতৰত নাথাকে, বিশেষকৈ আন লোকৰ ব্যৱহাৰ। সেইবোৰৰ বাবে নিজৰ ওপৰত যাতে হেঁচাৰ সৃষ্টি হোৱাটো আপুনি নিয়ন্ত্ৰণ কৰিব পাৰে সেই বিষয়টোলৈ লক্ষ্য ৰাখক। যেনে এনে সমস্যাৰ প্ৰতিক্ৰিয়াৰূপে আপুনি কি কৰি ভাল পাব।
  • ভালৰ ফালে লক্ষ্য দিয়ক: কথাতে কয় যিয়ে আমাক মৃত্যু নঘটাই, বলৱান কৰি তোলে। যেতিয়া কোনো ডাঙৰ সমস্যাৰ সন্মুখীন হ’ব সেইটোক নিজৰ এটা ব্যক্তিগত উন্নতিৰ সুযোগ হিচাপে চাবলৈ শিকক। যদি আপোনাৰ নিজৰ ভুলৰ বাবে মানসিক হেঁচাৰ সৃষ্টি হয় তেন্তে সেই সম্পৰ্কে ভাৱক আৰু এই ভুলৰ পৰা ভৱিষ্যতৰ বাবে শিক্ষা গ্ৰহণ কৰক।
  • আপোনাৰ অনুভূতিবোৰ ভাগ কৰি লওঁক: এজন বিশ্বস্ত বন্ধুৰ সৈতে কথা পাতক বা এজন চিকিৎসকৰ লগত আলোচনা কৰক। আপোনাৰ মানসিক অৱস্থাৰ বৰ্ণনা কৰাটো কষ্টকৰ যদিও হেঁচাপূৰ্ণ পৰিস্থিতিটোৰ পৰিৱৰ্তন কৰিবলৈ আপুনি কৰিব পৰা আন একো নাথাকিবও পাৰে।
  • ক্ষমা কৰিবলৈ শিকক: আমি এখন ত্ৰুটি বিশিষ্ট পৃথিৱীত বাস কৰো আৰু সকলো লোকেই ভুল কৰেই বুলি স্বীকাৰ কৰি ল’বলৈ শিকক। খং আৰু বিৰক্তিবোধ বৰ্জন কৰক। ঋণাত্মক শক্তিৰ পৰা মুক্ত হৈ ক্ষমা কৰক আৰু আগবাঢ়ি যাওঁক। প্ৰতিদিনে যদি বিশ্ৰাম আৰু বিনোদনৰ বাবে আপুনি সময় উলিয়াব পাৰে তেতিয়াহ’লে জীৱনলৈ যেতিয়া মানসিক হেঁচা আহিব সেইবোৰ চম্ভালিবৰ বাবে আপুনি ভাল অৱস্থাত থাকিব পাৰিব।

 

বিশ্ৰাম আৰু সজীৱ হৈ থকাৰ স্বাস্থ্যসন্মত উপায়

  • পুৱা বা গধূলি খোজ কাঢ়িবলৈ লওঁক।
  • প্ৰাকৃতিক পৰিৱেশৰ মাজত সময় কটাওঁক।
  • এজন ভাল বন্ধুৰ লগত সময় কটাওঁক।
  • ভালদৰে কচৰৎ কৰি ঘামৰ লগত মানসিক হেঁচা বাহিৰ কৰি দিয়ক।
  • আপোনাৰ দিনলিপি লিখক।
  • অধিক সময় ধৰি স্নান কৰক।
  • প্ৰিয় গোন্ধযুক্ত ধূপ জলাওঁক।
  • একাপ গৰম কফি বা চাহ পান কৰক।
  • পোহনীয়া জন্তুৰ লগত খেলক।
  • আপোনাৰ বাগিছাত কাম কৰক।
  • খৱৰ সংগ্ৰহ কৰক।
  • এখন ভাল কিতাপ পঢ়ক।
  • গান শুনক।
  • কৌতুকধৰ্মী অনুষ্ঠান চাওঁক।
  • বিশ্ৰামৰ বাবে পৃথককৈ সময় ৰাখক: আপোনাৰ দৈনন্দিন কাম-কাজৰ মাজত বিশ্ৰামৰ বাবে পৃথককৈ সময় ৰাখক। আন কোনো বাধ্যবাধকতা ইয়াৰ মাজত সন্নিৱিষ্ট নকৰিব। সকলো দায়িত্বৰ পৰা বিৰাম লোৱা আৰু আপোনাৰ মনটোক উজ্জীৱিত কৰাৰ কাৰণে ই অতি প্ৰয়োজনীয়।
  • আন সকলৰ লগত যোগাযোগ কৰক: যোগাত্মক চিন্তা কৰা লোক-যিয়ে আপোনাৰ জীৱনটো সমৃদ্ধ কৰে তেনে লোকৰ সৈতে সময় পাৰ কৰক। এটা শক্তিশালী অৱলম্বন ব্যৱস্থাই আপোনাক মানসিক হেঁচাৰ ঋণাত্মক ফলাফলৰ পৰা ৰক্ষা কৰিব।
  • প্ৰতিদিনেই আপুনি আনন্দ পোৱা কিবা কৰক: লাগিলে সেয়া আকাশৰ তৰা গনাই হওঁক বা কোনো বাদ্য যন্ত্ৰ বজোৱা বা ঘৰৰ বাহিৰত কাম কৰা যিয়েই নহওঁক কিয় আপোনাৰ অৱসৰৰ সময়ত আপুনি আনন্দ পোৱা কিবা এটা কাম প্ৰতিদিনেই কৰক। আনন্দৰ প্ৰতি আপোনাৰ আসক্তি অব্যাহত ৰাখক। ইয়াৰ ভিতৰত নিজকে লৈ হঁহাটোও পৰে। হাঁহিয়ে আপোনাৰ শৰীৰটোক মানসিক হেঁচাৰ লগত যুদ্ধ কৰাত সহায় কৰে।

 

জীৱনৰ স্বাস্থ্যকৰ পথ

  • উন্নত আহাৰ গ্ৰহণ কৰক: ‘খ’ গোটৰ খাদ্যপ্ৰানসমূহ আৰু মেগনেছিয়াম অতি জৰুৰী যদিও বাকীসমূহ খাদ্যপ্ৰানো জৰুৰী। মানসিক হেঁচা মুক্ত হৈ থাকিবলৈ খাদ্যপ্ৰান ‘গ’ ৰ প্ৰয়োজন। শৰীৰ সুস্থ ৰাখিবলৈ, বিশেষকৈ হাড়ৰ বাবে খাদ্যপ্ৰান ‘ঘ’ ৰ প্ৰয়োজন। সুস্থ শৰীৰ, সুস্থ মগজুৰ বাবে আৰু মানসিক হেঁচাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা হ্ৰাস কৰিবৰ বাবে যথেষ্ট পৰিমাণৰ খনিজ পদাৰ্থৰ গ্ৰহণ অতি প্ৰয়োজনীয়। বৰ্তমানে গ্ৰহণ কৰি থকা আহাৰসমূহ বিশ্লেষণ কৰি চাওঁক। কি কি ক্ষেত্ৰত উন্নত কৰিব লাগিব সেয়া নিৰ্ণয় কৰক আৰু সেইমতে আহাৰ গ্ৰহণ কৰক। সেঁকা, টেমাত থকা আহাৰ, বেছি নিমখীয়া আহাৰ আৰু বড়ি জাতীয় আহাৰ পৰিহাৰ কৰক।
  • বিষাক্ত পদাৰ্থ সৃষ্টি কৰা দ্ৰব্য গ্ৰহণ কমাই আনক, বিশেষকৈ ধপাত আৰু মাদকদ্ৰব্য। এইসমূহে সাময়িক আৰাম দিয়া বুলি ভাৱ হয় কিন্তু এইবোৰে শৰীৰৰ ভাৰসাম্যতাৰ বিৰুদ্ধে কাম কৰে আৰু মানসিক হেঁচাৰ সম্ভাৱনা বৃদ্ধি কৰে, অৰ্থাৎ মানসিক হেঁচাহে বঢ়াই।
  • আৰু অধিক কচৰৎ কৰক: সাধাৰণতে আৰু যেতিয়া অতি মানসিক হেঁচা অনুভৱ কৰে তেনে সময়ত ব্যায়াম কৰিলে এড্ৰেনালিম ধ্বংস কৰে আৰু সহায়কাৰী ৰসায়ন আৰু যোগাত্মক অনুভূতিৰ সৃষ্টি কৰে। ব্যায়ামে আমাক মানসিক হেঁচাৰ কাৰকবোৰৰ পৰা আমাৰ মনটোক আতঁৰাই আনে। ব্যায়ামে মানসিক হেঁচা অনুভূত কৰা শীতল, টান মাংসপেশী বা কলা আদিক উত্তাপিত কৰে আৰু আমাক আৰাম প্ৰদান কৰে। ব্যায়ামে মগজুলৈ ৰক্তপ্ৰৱাহ বৃদ্ধি কৰে, যিটো আমাৰ বাবে ভাল। ব্যায়ামে সুস্থ শৰীৰ উন্নত কৰে আৰু সেইটো অব্যাহত ৰখাত সহায়ক হয় যাৰ ফলত প্ৰত্যক্ষভাৱে মানসিক হেঁচাৰ সম্ভাৱনা হ্ৰাস কৰে।
  • নিজৰ ব্যক্তিগত স্বভাৱ আৰু অনুভূতি সম্পৰ্কে সচেতনতা বৃদ্ধি কৰক: মানসিক হেঁচা সৃষ্টি হোৱাৰ আগতেই অনুমান কৰক আৰু এই হেঁচা বাঢ়ি যোৱাৰ আগতেই পৰিহাৰ কৰিবলৈ উপযুক্ত পদক্ষেপ লওঁক। ধ্যান, যোগ, আত্মসন্মোহন, মালিচ, বিশুদ্ধ বায়ু সেৱন আদিবোৰ যি পৰিস্থিতিত যিটো কৰা সম্ভৱ হয় তেনে আৰামদায়ক ব্যৱস্থা গ্ৰহণ কৰক।
  • স্বাস্থ্যকৰ জীৱনৰ ভাৰসাম্যতাৰ বাবে টোপনী আৰু বিশ্ৰাম অতি জৰুৰী। দিনৰ ভাগত কমসময়ৰ নিদ্ৰাও স্বাস্থ্যকৰ হয়। নিদ্ৰাই আমাক উজ্জীৱিত কৰে, বল আৰু বিশ্ৰাম প্ৰদান কৰে আৰু মগজুৰ পৰা হেঁচা আৰু বেয়া অনুভূতিসমূহ নোহোৱা কৰে।
  • কৰ্মস্থানত খং উঠাতো মানসিক হেঁচাৰ এটা লক্ষণ। যদিহে ব্যক্তিজনে গ্ৰহণৰ স্বীকৃতি, জ্ঞান, অংগীকাৰ পৰিৱৰ্তন কৰিব বিচাৰে তেন্তে ক্ৰোধ ব্যৱস্থাপনা বা যি হেঁচাৰ বাবে সেইটো হয় তাক নিয়ন্ত্ৰণ কৰিব পাৰি। প্ৰথম প্ৰয়োজন সচেতনতাৰ। কিছুমান খঙাল লোকে নিজৰ খঙক লৈ গৌৰৱ কৰে আৰু সেয়া পৰিৱৰ্তন কৰিবলৈ নিবিচাৰে। তেনে লোকে নিজৰ আৰু আনৰ ওপৰত ইয়াৰ প্ৰভাৱ বুজিব নোৱাৰে। ক্ৰোধ ব্যৱস্থাপনা তেতিয়াহে সম্ভৱ, যেতিয়া খঙাল ব্যক্তিজনে পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা স্বীকাৰ কৰিব আৰু অংগীকাৰবদ্ধ হব। খঙৰ মূল কাৰণ চিহ্নিত কৰিবলৈ আলোচনাৰ আৰু পৰামৰ্শৰ প্ৰয়োজন হয়। এজন খঙাল লোকে আন এজনৰ লগত সংবেদনশীলতা আৰু বৈষয়িকসহ তেওঁৰ খঙৰ ফলাফলৰ কথা (নিজৰ আৰু আনৰ বাবে) চিন্তা কৰা দৰকাৰ। খঙাল ব্যক্তিজনক এইটো বুজাবলৈ সহায় কৰিব লাগে যে তেওঁৰ ব্যৱহাৰে তেওঁক নিশ্চয়কৈ ধ্বংসাত্মক আৰু ঋণাত্মক দিশলৈ আগবঢ়াই নিয়ে। তেওঁৰ স্বাস্থ্য আৰু পৰিয়ালৰ ওপৰত পৰা প্ৰভাৱৰ ফলাফলৰ ওপৰত আলোচনা কৰিব লাগে। ব্যক্তিজনক নিজকে বাহিৰৰ পৰা বিষয়টো চাবলৈ শিকাব লাগে। পৰৱৰ্তী ক্ৰোধ ব্যৱস্থাপনাৰ প্ৰথম পদক্ষেপ হ’ব লোকজন খঙাল হোৱাৰ প্ৰৱণতাৰ কাৰণ বুজিবলৈ চেষ্টা কৰা যিটো হেঁচাসৃষ্টিকাৰী আৰু হেঁচাৰ সংবেদনশীলতাৰ মিশ্ৰিত ৰূপ। বিশ্বাস আৰু তাৰ সৌহাদ্যপূৰ্ণ অৱস্থা এটা সৃষ্টি কৰিবলৈ কেইবাবাৰো পৰামৰ্শদাতাৰ লগত আলোচনাৰ প্ৰয়োজনীয়তা থাকিব পাৰে।

উৎস: আইএনডিজি দল।

শেহতীয়া উন্নীতকৰণ: : 7/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate