অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মানসিক অসুস্থতা

মানসিক অসুস্থতাৰ লক্ষণসমূহ কি?

মানসিক বা আচাৰ ব্যৱহাৰৰ বিসংগতিসমূহ এজন মানুহৰ সামাজিক সাংস্কৃতিক ৰীতি-নীতিৰ বাহিৰৰ চিন্তা-ভাৱনা, আচাৰ ব্যৱহাৰত থকা বিসংগতিৰ ভিত্তিত নিৰ্ণয় কৰা হয়। এই উপসৰ্গসমূহৰ ফলত ব্যক্তিৰ দৈনন্দিন ব্যক্তিগত কাম-কাজসমূহ ক্লেশপূৰ্ণ আৰু বাধাগ্ৰস্থ হয়।

বোধজ্ঞানৰ সমস্যাসমূহ

যিকোনো কামত মনোযোগ দিয়াটোত সমস্যা হয় আৰু সোনকালে ধৈৰ্য্যহীন হয়।
তথ্যসমূহ মনত ৰাখিব নোৱাৰে।
কৰ্ম নিৰ্দেশ বুজি পোৱাত লেহেম হয় বা বিভ্ৰান্ত হয়।
সমস্যা সমাধান কৰিবলৈ অতিপাত কষ্ট কৰিবলগীয়া হয়।
সাৰমৰ্ম বুজিব নোৱাৰে।

চিন্তাৰ সমস্যাসমূহ

  • চিন্তাবোৰ খুব দ্ৰুতভাৱে হয় বা অতি লেহেমীয়া হয়।
  • নজনাকৈয়ে চিন্তাবোৰ এটা বিষয়ৰ পৰা আন এটা বিষয়লৈ গতি কৰে।
  • অভিধানত নথকা অৰ্থহীন কিছুমান নতুন শব্দ বা ধ্বনি ব্যৱহাৰ কৰে।
  • আনৰ প্ৰভাৱ নোহোৱাকৈ অদ্ভুত কিছুমান চিন্তা কৰ্মকাণ্ড কৰি থাকে।

উপলব্ধিৰ সমস্যাসমূহ

ধাৰণাৰ বিসংগতি:

  • অস্বাভাৱিক উজ্জ্বল ৰং বা ডাঙৰ শব্দ।
  • বাস্তৱত নথকা কিছুমান কন্ঠ শুনা পোৱা। কাষত কোনো নাথাকিলেও কথা পতা বা হাঁহি থকা।
  • পুৰণি পৰিস্থিতি এটাকে নতুন আৰু অচিনাকী বুলি ভবা।
  • টেলিভিশ্যন, ৰেডিঅ’ বা ৰাজহুৱা যান-বাহনত কিবা বাৰ্তা লুকাই থকা বুলি বিশ্বাস কৰা।

 

ভাৱৰ সমস্যাসমূহ

  • মূল্যহীন, আশাহীন, আৰু সহায়হীন ভাৱ অহা।
  • সৰু কথাতে অপৰাধবোধ কৰা।
  • অনবৰতে মৃত্যু বা আত্মহত্যাৰ ভাৱ অহা।
  • বেছিভাগ ক্ষেত্ৰতে আগ্ৰহ আৰু আনন্দৰ ভাৱ নথকা।
  • নিজৰ সক্ষমতা, পাৰদৰ্শিতা, স্বাস্থ্য আৰু অৱয়বক লৈ অতিৰঞ্জিত আত্মবিশ্বাস আৰু অহংকাৰ ভাৱ।
  • অতি বেছি শক্তি খৰছ কৰা আৰু কম সময় টোপনীৰ ভাৱ।
  • বেছিভাগ সময়ে উত্তেজিত হৈ থাকে আৰু সহজে খং উঠে।
  • কোনো কাৰণ নোহোৱাকৈ সঘনে মেজাজ সলনি হয়।
  • আনৰ প্ৰতি সহজে অতিপাত আত্মবিশ্বাস, আলোড়িত, ভাল লগা আৰু অনুকম্পা বা বেয়া ভাৱ জাগি উঠা।
  • অতিপাত সতৰ্ক হৈ থকা আৰু সকলো সময়তে পহৰা দিয়া।
  • দৈনন্দিন কাৰ্য্যসূচীবোৰৰ প্ৰতি ভয় আৰু আশংকাবোধ কৰা।
  • ভয়ৰ বাবেই স্বাভাৱিক কাম-কাজবোৰ কৰাৰ পৰা বিৰত থকা (যেনে, বাছত উঠা, বজাৰ কৰা)।
  • কাষত থকা লোকসকলক লৈ অস্বস্তি বোধ কৰা।
  • বাৰে বাৰে একেটাই ভাৱ-ভঙ্গী।
  • পূৰ্বে ঘটি যোৱা ঘটনাক লৈ দুঃস্বপ্ন হোৱা, হতাশ হোৱা।

সামাজিক ক্ষেত্ৰৰ সমস্যাসমূহ

  • অতি কম সুহৃদ বন্ধু থকা।
  • সামাজিক পৰিস্থিতিত ভয় খোৱা আৰু বিৰক্ত হোৱা।
  • মৌখিক আৰু শাৰিৰীকভাৱে আক্ৰমণাত্মক হোৱা।
  • অতি জটিল আৰু বিশৃংখল সম্পৰ্ক গঢ়ি তোলা।
  • সঙ্গ নথকা।
  • অস্বাভাৱিকভাৱে সন্দেহবাদী হোৱা।

 

কাম-কাজত সমস্যা

  • সঘনাই খং উঠা আৰু কমি যোৱা
  • স্বাভাৱিক হেঁচা আৰু আশাবোৰৰ মাজতে সহজে খং উঠা আৰু উত্তেজিত হৈ পৰা।
  • কৰ্মক্ষেত্ৰ বিদ্যালয় বা ঘৰ আদিত কাৰো লগত সম্পৰ্ক নথকা।
  • কাম-কাজবোৰ উপযুক্তভাৱে কৰিব নোৱাৰা বা মনোযোগ দিব নোৱাৰা।

 

ঘৰত সমস্যাসমূহ

  • আনৰ প্ৰয়োজনীয়তাৰ প্ৰতি গুৰুত্ব নিদিয়া।
  • ঘৰুৱা প্ৰয়োজনীয় সৰু-সুৰা কামবোৰতে ক্লান্তিবোধ কৰা।
  • ঘৰুৱা কাম-কাজ নকৰা।
  • প্ৰত্যক্ষ বা পৰোক্ষভাৱে ঘৰৰ আন সদস্যসকলৰ লগত তৰ্ক আৰু কাজিয়া কৰা।

 

নিজৰ যত্নৰ ক্ষেত্ৰত সমস্যাসমূহ

  • অবয়ৱ আৰু পৰিষ্কাৰ পৰিচন্নতাৰ প্ৰতি যত্ন নোলোৱা।
  • পৰ্য্যাপ্ত খাদ্য গ্ৰহণ নকৰা বা অত্যাধিক খাদ্য গ্ৰহণ।
  • টোপনী নোযোৱা বা অতি বেছি সময় শোৱা বা দিনত শোৱা।
  • শাৰিৰীক স্বাস্থ্যৰ প্ৰতি একেবাৰে চকু নিদিয়া বা কম যত্ন লোৱা

 

দৈহিক লক্ষণৰ সমস্যাসমূহ

  • শাৰিৰীক লক্ষণসমূহ ব্যাখ্যা কৰিব নোৱাৰা।
  • ঘনাই মূৰৰ বিষ, পিঠি বিষ, গাৰ বিষ আৰু ডিঙিৰ বিষ হোৱা।
  • একে সময়তে বহুবোৰ প্ৰক্ৰিয়াত অসুবিধা হোৱাৰ অভিযোগ।

অভ্যাসৰ সমস্যাসমূহ

  • দৈনন্দিন কাম-কাজত বাধা জন্মোৱা আৰু অনিয়ন্ত্ৰিতভাৱে অত্যাধিক কৰা যিকোনো অভ্যাস।
  • নিচাযুক্ত ঔষধ বা মাদক দ্ৰব্য সেৱন কৰা।
  • জুই লগোৱাৰ অনিয়ন্ত্ৰিত ইচ্ছা থকা।
  • অনিয়ন্ত্ৰিতভাৱে জুৱা খেলা।
  • অনিয়ন্ত্ৰিতভাৱে বজাৰ সমাৰ কৰা।

শিশুৰ সমস্যাসমূহ

  • নিচাযুক্ত ঔষধ বা মাদক দ্ৰব্য সেৱন কৰা।
  • দৈনন্দিন পোৱা সমস্যা আৰু কাম-কাজসমূহৰ সৈতে খাপ খোৱাত সক্ষম নোহোৱা।
  • টোপনী আৰু খোৱা অভ্যাসৰ পৰিৱৰ্তন হোৱা।
  • অত্যাধিক শাৰিৰীক সমস্যাৰ অভিযোগ থকা।
  • কৰ্তৃত্বৰ নিৰ্দেশ পালন নকৰা, বিদ্যালয় খতি কৰা, সম্পদ ধ্বংস বা চুৰ কৰা।
  • ওজন বঢ়াৰ প্ৰতি অত্যাধিক ভয় কৰা।
  • দীৰ্ঘম্যাদী ঋণাত্মক স্বভাৱ থকা, ভোক কমকৈ লগা আৰু মৃত্যুৰ কথা ভাবি থকা।
  • সঘনাই অত্যাধিক খং উঠা।
  • বিদ্যালয়ৰ কাৰ্য্যকাৰীতা সলনি হোৱা।
  • অত্যাধিক চেষ্টা কৰিও কম নম্বৰ লাভ কৰা।
  • অত্যাধিক ভয় বা দুঃচিন্তাত ভোগা।
  • অতিশয় কৰ্মদক্ষ।
  • দু:স্বপ্ন দেখা।
  • সহজে ধৈৰ্য্য হেৰুৱাই ক্ৰোধান্বিত হোৱা।
  • উৎস: আইএনডিজি দল।

শেহতীয়া উন্নীতকৰণ: : 6/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate