অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সচেতনতা

মানসিক স্বাস্থ্য কি?

এখন দেশৰ বিকাশৰ বাবে জনস্বাস্থ্য অতি গুৰুত্বপূৰ্ণ কাৰক। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে স্বাস্থ্যৰ সংজ্ঞা হ’ল “দৈহিক,মানসিক আৰু সামাজিক আৰু আধ্যাত্মিকভাৱে ভালে থকা এটা অৱস্থা আৰু কোনো ধৰণৰ ৰোগ -নথকা”। বিশ্ব স্বাস্থ্য সংস্থাই মানসিক স্বাস্থ্যৰ বিষয়ে সংজ্ঞা দাঙি ধৰি কৈছে যে, কোনো ব্যক্তি বিশেষে তেওঁৰ সক্ষমতাৰ বিষয়ে অনুভৱ কৰা, জীৱনৰ স্বাভাৱিক হেঁচাসমূহৰ সৈতে মোকাবিলা কৰিব পৰাকৈ মানসিকভাৱে ভালে থকা, নিজৰ লগতে সমাজৰ বাবে উপাদনক্ষম কামেৰে অৱদান আগবঢ়োৱাৰ সক্ষমতা থকা। এনে যোগাত্মক দৃষ্টিৰ পৰা মানসিক স্বাস্থ্য ব্যক্তিৰ ব্যক্তিগত কল্যান আৰু সমাজখন কাৰ্য্যকৰীভাৱে চলিবৰ বাবে ভেটিস্বৰূপ। মানসিক স্বাস্থ্যই এই সমূহত প্ৰভাৱ পেলায়

  • শৈক্ষিক ফলাফল।
  • কামৰ উপাদকতা।
  • যোগাত্মক ব্যক্তিগত সম্পৰ্কৰ বিকাশ।
  • অপৰাধৰ হাৰ।
  • মাদক দ্ৰব্য আৰু নিছাযুক্ত ঔষধৰ ব্যৱহাৰ।

মানসিক স্বাস্থ্য কিয় গুৰুত্বপূৰ্ণ?

প্ৰায় ৪৫০ নিযুততকৈও অধিক লোক মানসিক বিসংগতিত ভোগে।বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ২০২০ চনলৈ হতাশগ্ৰস্ততাই বিশ্বৰ দ্বিতীয় বৃহ ৰোগ হিচাপে সমস্যাৰ সৃষ্টি কৰিব। (মুৰাৰী আৰু লোপেজ ১৯৯৬) মানসিক স্বাস্থ্যৰ এই গোলকীয় সমস্যা উন্নত আৰু উন্নয়নশীল দেশৰ চিকিসা প্ৰদান ক্ষমতাৰ ভালেমান ওপৰত থাকিব। বৃদ্ধি পোৱা মানসিক অসুস্থতাৰ সমস্যাৰ লগত জৰিত সামাজিক আৰু অৰ্থনৈতিক মূল্যৰ প্ৰতি লক্ষ্য ৰাখি মানসিক স্বাস্থ্যৰ উন্নতি সাধনৰ লগতে প্ৰতিৰোধ আৰু চিকিসাৰ সম্ভাৱনীয়তাবোৰত গুৰুত্ব প্ৰদান কৰা হৈছে। ব্যৱহাৰিক আৰু দৈহিক স্বাস্থ্য আৰু জীৱনৰ মানদণ্ডৰ লগত মানসিক স্বাস্থ্যৰ সম্পৰ্ক আছে।

  • শাৰিৰীক স্বাস্থ্য আৰু মানসিক স্বাস্থ্যৰ ওচৰ সম্পৰ্ক আছে আৰু এইটো কোনো সন্দেহ নথকাকৈ প্ৰমাণিত হৈছে যে হতাশগ্ৰস্ততাৰ ফলত হৃদযন্ত্ৰ আৰু হৃদযন্ত্ৰৰ লগত জড়িত আন ৰোগসমূহ হয়গৈ।
  • মানসিক বিশৃংখলতাৰ ফলত ব্যক্তিৰ স্বাস্থ্যৰ লগত জড়িত আচাৰ ব্যৱহাৰবোৰ প্ৰভাৱিত হয়; যেনে খাদ্য গ্ৰহণৰ সজাগতা, নিয়মীয়া কচৰত, অত্যাধিক নিদ্ৰা, সুৰক্ষিত যৌন সম্পৰ্কৰ অভ্যাস, মাদক দ্ৰব্য আৰু ধপাতৰ ব্যৱহাৰ, প্ৰয়োজনীয় চিকিত্সা ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে শাৰিৰীক অসুস্থতা বৃদ্ধিৰ আশংকা বৃদ্ধি কৰে।
  • মানসিক অসুস্থতাই নিবনুৱা, পৰিয়াল বিভাজন, দৰিদ্ৰতা, নিছাযুক্তি ঔষধ সেৱন আৰু ইয়াৰ জৰিত অপৰাধৰ দৰে সামাজিক সমস্যাসমূহৰো সৃষ্টি কৰে।
  • মানসিক স্বাস্থ্য ভালে নাথাকিলে ৰোগ প্ৰতিৰোধৰ ক্ষমতা নিম্নগামী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
  • আনসকলোতকৈ শাৰিৰীক অসুস্থতা থকা লোকৰ হতাশগ্ৰস্থতাৰ আশংকা বৃদ্ধি কৰে।

কাৰ্য্যকৰীকৰণৰ ক্ষেত্ৰত থকা সমস্যাসমূহ কি?

মানসিকভাৱে অসুস্থ লোকৰ প্ৰতি থকা কু-সংস্কাৰৰ বাবে তেওঁলোকক সকলো সামাজিক ক্ষেত্ৰত যেনে শিক্ষা, কৰ্মসংস্থান, বিবাহ আদিৰ ক্ষেত্ৰত বঞ্চিত কৰাৰ ফলত চিকিসা ব্যৱস্থা প্ৰদানত পলম হয়। মানসিক স্বাস্থ্য সম্পৰ্কে ভূল ধাৰণা আৰু মানসিক অসুস্থতা লগতে নিৰ্দিষ্ট লক্ষণ আৰু উপসৰ্গই দেখা নিদিয়াৰ ফলত ৰোগ নিৰ্ণয়ত বিভ্ৰমতাই দেখা দিয়ে।

  • বহুলোকে ভাৱে যে মানসিকভাৱে দূৰ্বল লোক বা ভূতে ধৰা লোকৰ মানসিক ৰোগ হয়।
  • বহুলোকে মন্তব্য কৰে যে মানসিক ৰোগ সুস্থ কৰিব নোৱাৰি ফলত চিকিসা প্ৰদান কৰা নহয়।
  • বহুলোকে বিশ্বাস কৰে যে প্ৰতিৰোধ ব্যৱস্থা সফল নহয়।
  • বহুলোকে বিশ্বাস কৰে যে মানসিক ৰোগ নিৰাময়ৰ বাবে ব্যৱহৃত ঔষধৰ বাবে বহুবোৰে পাৰ্শ্বক্ৰিয়া হয় আৰু এইবোৰৰ প্ৰতি আসক্ত হৈ পৰে। তেওঁলোকে ভাৱে যে এইবোৰ ঔষধে কেৱল টোপনীহে বৃদ্ধি কৰে।
  • বিশ্ব স্বাস্থ্য সংস্থাই সংগ্ৰহ কৰা তথ্যৰ পৰা এইটো দেখা যে মানসিক স্বাস্থ্য সমস্যাই সৃষ্টি কৰা বোজা আৰু এইবোৰ প্ৰতিৰোধ আৰু চিকিসা কৰিবলৈ দেশসমূহত থকা সমলসমূহৰ মাজত এক বিৰাট পাৰ্থক্য আছে।
  • বৰ্তমানলৈ বহুবোৰ দেশত মানসিক ৰোগৰ চিকিসা আন ৰোগ চিকিসাৰ পৰা পৃথককৈ ৰখা হৈছে।
  • মানসিক ৰোগী আৰু তেওঁলোকৰ পৰিয়ালে উপায়ুক্ত হেঁচা প্ৰদান কৰিবলৈ এই কাৰণেই সক্ষম হোৱা নাই যিহেতু ভয়াৱহ সামাজিক কু-সংস্কাৰ আৰু নিজৰ অধিকাৰ সম্পৰ্কে অজ্ঞ হোৱাৰ বাবে একেলগ হ’ব নোৱাৰে।
  • আনকি বেচৰকাৰী সংগঠনসমূহেও এই ক্ষেত্ৰখনক কঠিন বুলি ভাৱে কিয়নো। এই ক্ষেত্ৰত অধিক সময় দিব লাগে আৰু তেওঁলোকে মানসিকভাৱে বিকলাংগসকলৰ লগত কাম কৰিবলৈ শংকাবোধ কৰে।

মানসিক অসুস্থতা কিহে কৰে?

জৈৱিক কাৰক:

  • নিউৰ’ট্ৰান্সমিটাৰ: নিউৰ’ট্ৰান্সমিটাৰ নামৰ মগজুত থকা এবিধ বিশেষ ৰাসায়নিক পদাৰ্থৰ অস্বাভাৱিক ভাৰসাম্যতাৰ লগত মানসিক অসুস্থতা জড়িত হৈ থাকে। মগজুত থকা স্নায়ু কোষবোৰৰ মাজত যোগাযোগৰ ক্ষেত্ৰত এই নিউৰ’ট্ৰান্সমিটাৰে সহায় কৰে। যদিহে এই ৰাসায়নবিধে ভালদৰে কাম নকৰে বা সন্তোলন নাথাকে তেন্তে তথ্যসমূহ যথোপযুক্তভাৱে মগজুলৈ প্ৰৱাহিত নহয়, ফলত মানসিক অসুস্থতাৰ লক্ষণবিলাকে দেখা দিয়ে।
  • বংশগত (জিনগত): বহুবোৰ মানসিক ৰোগ পৰিয়ালত ধাৰাবাহিকভাৱে চলি আহে। কোনোৱাটো পৰিয়ালৰ সদস্যৰ মানসিক ৰোগ থাকিলে তেওঁৰ পিছৰ বংশৰ সদস্যৰ উক্ত ৰোগ হোৱাৰ আশংকা বৃদ্ধি হয়। এই ৰোগ জিনৰ জৰিয়তে প্ৰৱাহিত হয় বুলি ধাৰণা কৰা হৈছে। বহু বিশেষজ্ঞই বিশ্বাস কৰে যে মানসিক অসুস্থতাৰ বাবে কেৱল এটা জিনেই দায়ী নহয় ইয়াৰ লগত একাধিক সংখ্যক জিন জড়িত হৈ থাকে। সেয়েহে এজন ব্যক্তিয়ে বংশগতভাৱে মানসিক অসুস্থতাৰ জিন গ্ৰহণ কৰিলেও তেওঁৰ মানসিক অসুস্থতা বিকশিত নহবও পাৰে। বিভিন্ন ধৰণৰ মানসিক হেঁচা, অত্যাচাৰ বা ভয়াৱহ পৰিস্থিতিত একাধিক মানসিক অসুস্থতাৰ জিনৰ ফলত কোনো ব্যক্তিৰ মানসিক অসুস্থতা বিকশিত হোৱাত সহায়ক হব পাৰে।
  • সংক্ৰমণ: কিছুমান ধৰণৰ সংক্ৰমণৰ ফলত মগজুৰ ক্ষতি হব পাৰে আৰু ইয়াৰ বাবে মানসিক অসুস্থতা বিকশিত হোৱাৰ লগতে সাংঘাটিক ধৰণৰ উপসৰ্গই দেখা দিয়ে। উদাহৰণস্বৰূপে, পেডিয়েট্ৰিক অট’ইমোনু, নিউৰ’চাইক্ৰেটিক, ডিজোৰ্দাৰ (PANDA) নামৰ অৱস্থাটো ষ্ট্ৰেপট’কোকাছ বেক্টেৰীয়াৰ পৰা হয় আৰু শিশুৰ মানসিক অসুস্থতাৰ ই এটা মূল কাৰণ।
  • মগজুৰ বিসংগতি বা আঘাটপ্ৰাপ্ত হোৱা: মগজুত কিবা বিসংগতি হ’লে বা মগজুৰ কিছুমান বিশেষ অংশ আঘাটপ্ৰাপ্ত হ’লে ই মানসিক অসুস্থতাৰ কাৰণ হব পাৰে।

ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্যনীতি কেৱল মাত্ৰ মানসিক বিসংগতিৰ লগত জড়িত নহয়, যদিও ই বিভিন্ন বিষয়ক মানসিক স্বাস্থ্য উন্নত কৰা বিষয়বিলাককো সামৰি লোৱা উচিত। এইবিলাকৰ ভিতৰত মানসিক স্বাস্থ্য উন্নত কৰা নীতি আৰু কাৰ্য্যসূচী বিভিন্ন চৰকাৰী আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে শিক্ষা, শ্ৰম, ন্যায়িক, পৰিবহণ, পৰিৱেশ, গৃহ আৰু জন-কল্যাণৰ লগতে স্বাস্থ্যক্ষেত্ৰসমূহো অন্তভূৰ্ক্ত কৰিব লাগে।

বিশ্ব স্বাস্থ্য সংস্থাৰ সঁহাৰি

বিশ্ব স্বাস্থ্য সংস্থাই মানসিক স্বাস্থ্য উন্নত আৰু শক্তিশালী কৰা লক্ষ্যত উপনীত হ’বলৈ চৰকাৰক সাহাৰ্য্য আগবঢ়াইছে। বিশ্ব স্বাস্থ্য সংস্থাই চৰকাৰৰ সৈতে মানসিক স্বাস্থ্য উন্নত কৰাৰ কাৰ্য্যসূচী পৰ্য্যবেক্ষণ কৰিছে আৰু চৰকাৰৰ আঁচনি আৰু নীতিসমূহত কৌশলগতভাৱে কাৰ্য্যকৰী হোৱাৰ ৰণনীতি হাতত লৈছে। বাল্য কালৰ আৰম্ভণিতে হস্তক্ষেপ (উদাহৰণস্বৰূপে, ঘৰে ঘৰে গৈ গৰ্ভৱতী মহিলাক লগ ধৰা, প্ৰাক বিদ্যালয় মানসিক সামাজিক গতি বিধিসমূহ, অনাগ্ৰসী গোটৰ লোকসকলৰ বাবে মানসিক সামাজিক সহায় আৰু সংযুক্ত পৰিপুষ্টি প্ৰদান।

  • শিশুক সহায় (যেনে, দক্ষতা বিকাশৰ কাৰ্য্যসূচী, শিশু আৰু যুৱ বিকাশৰ কাৰ্য্যসূচী)
  • মহিলাৰ বাবে আৰ্থ-সামাজিক সৱলীকৰণৰ কাৰ্য্যসূচী (যেনে, শিক্ষা লাভৰ সুযোগ বৃদ্ধি কৰা আৰু ক্ষুদ্ৰ ৠণৰ আঁচনি)
  • বয়োবৃদ্ধসকললৈ সামাজিক সহায় (যেনে, বন্ধুত্বপূৰ্ণ বাতাবৰণ সৄষ্টি, বৃদ্ধসকলৰ বাবে ৰাজহুৱা আৰু দৈব্য কেন্দ্ৰ)
  • সংখ্যালঘূ, পুৰণি বাসিন্দা, শৰনাৰ্থী আৰু বিভিন্ন কাৰণৰ বাবে স্থানচ্যুত লোকসহ দূৰ্বল গোটসমূহৰ বাবে কাৰ্য্যসূচী (যেনে, দূৰ্য্যোগৰ পিছত সামাজিক-মানসিক সহায়)
  • বিদ্যালয়ত মানসিক স্বাস্থ্য উন্নয়নৰ কাৰ্য্যসূচী (যেনে, পাৰিস্বতাত্বিক পৰিৱৰ্তনৰ কাৰ্য্যসূচীসমূহ আৰু শিশু বন্ধুত্বপূৰ্ণ বিদ্যালয়)
  • কৰ্মক্ষেত্ৰত মানসিক স্বাস্থ্য সম্পৰ্কীয় ব্যৱস্থাসমূহ (হেঁচা প্ৰতিৰোধৰ কাৰ্য্যসূচী)
  • গৃহ নীতিসমূহ যেনে, গৃহ উন্নতীকৰণ।
  • হিংসা-প্ৰতিৰোধৰ কাৰ্য্যসূচী আৰু সামাজিক উন্নয়নৰ কাৰ্য্যসূচীসমূহ।

উৎস: আইএনডিজি দল।

শেহতীয়া উন্নীতকৰণ: : 6/16/2020

© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate