মূল পৃষ্ঠা / স্বাস্থ্য / মহিলাৰ স্বাস্থ্য / অবছেছিভ কম্পালছিভ ডিজঅৰ্ডাৰ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অবছেছিভ কম্পালছিভ ডিজঅৰ্ডাৰ :

অবছেছিভ কম্পালছিভ ডিজঅৰ্ডাৰৰ বিষয়ে লিখা হৈছে ।

 

এবাৰ এগৰাকী মহিলাই মোলৈ চিঠি লিখিছিল এটা সমস্যাৰ সমাধান বিচাৰি। তেওঁৰ সমস্যাটো আছিল, তেওঁৰ ঘৰত পূৰ্বপুৰুষৰ দিনৰেই এটা শালগ্ৰাম আছিল। ঘৰুৱা অসুবিধাৰ বাবে সেইখনৰ ঠাইটো সলাব লগা হ’ল। তাৰ কিছুদিনৰ পিছৰপৰা মানুহজনীৰ মনত কিছুমান অপ্ৰাসংগিক চিন্তা সোমাবলৈ ধৰিলে। মনত তেওঁৰ ভাব হয়- কিবা ভুল কৰিলে নেকি! কিবা বেয়া কাম কৰা হ’ল নেকি, যাৰ কাৰণে ভগৱানে কিবা শাস্তি দিব! অনবৰতে সেইবোৰ চিন্তাই তেওঁক আমনি কৰিবলৈ ধৰিলে আৰু তাক আঁতৰাবৰ বাবে তেওঁ মনতে অনবৰতে ভগৱানৰ নাম লৈ থকা আৰম্ভ কৰিলে। কিন্তু একোৱেই তেওঁৰ মন মুকলি কৰিব নোৱাৰিলে। ক্ৰমে তেওঁৰ টোপনি নহা হ’ল আৰু তেওঁৰ দৈনন্দিন কাম-কজবোৰ বাধাপ্ৰাপ্ত হ’বলৈ ধৰিলে। মহিলাগৰাকীৰ সমস্যাটোৰ গভীৰতা দেখি মই তেওঁক মানসিক চিকিৎসকৰ ওচৰ চাপিবলৈ পৰামৰ্শ দিলোঁ। এনে ধৰণৰ সমস্যাৰ সদুত্তৰ বিচাৰি বহু চিঠি বা ফোন আহে। তেওঁৰ সমস্যাটোক অবছেছিভ কম্পালছিভ ডিজঅৰ্ডাৰ(অ’ চি ডি) বুলি কোৱা হয়। মানসিক চিকিৎসা বিজ্ঞানত উদ্বিগ্নতাৰ ভিতৰত এই ৰোগটো সঘনাই দেখি থকা এবিধ ৰোগ। অৱশ্যে ইয়াৰ পৰিসৰ ওপৰত উল্লেখ কৰা ঘটনাটোতকৈ বহু বেছি বহল আৰু জটিল। বিশ্বৰ ২-৩ শতাংশ লোকেই এই সমস্যাত ভোগে। পুৰুষ-মহিলা উভয়ে সমানেই অ’ চি ডিৰ ভুক্তভোগী। অৱশ্যে American Psychiatric Associationৰ মতে, মহিলাসকলে অলপ বেছিকৈ ভোগে। ২০ বছৰ বয়সৰ পিছত এই বেমাৰৰ আৰম্ভণি হয়। আমাৰ বৃদ্ধমূল ধাৰণাৰ বিপৰীতে সৰু ছোৱালীয়েও এই সমস্যাত ভোগে। কেতিয়াবা অ’ চি ডি অইন কিছুমান মানসিক বেমাৰৰ সৈতেও দেখা দিব পাৰে। অ’ চি ডিৰ এক নিৰ্দিষ্ট কাৰণ নাই। অৱশ্যে জৈৱিক, মনোসামাজিক আৰু বংশগত আদি কাৰণৰ বাবেই এই সমস্যাটোৰ উদ্ভৱ হয়। যাৰ পৰিয়ালত অ’ চি ডি ৰোগী আছে, তেনে পৰিয়ালত অইন সদস্যৰ আৰু তেওঁলোকৰ আত্মীয়ৰ অ’ চি ডি হোৱাৰ আশংকা বেছি।

যেতিয়া আমি ৰোগী এজনৰ লগত কথা পাতো- গম পাওঁ যে এই সমস্যাবোৰৰ আৰম্ভণি হোৱাৰ বহুদিনেই হৈছে, কিন্তু চিকিৎসাৰ বাবে আহিবলৈ তেওঁলোকে বহু সময় লগায়। যিমান পাৰি তেওঁলোকে নিজৰ সমস্যাবোৰ লুকুৱাই ৰাখিব বিচাৰে। যেতিয়া সেইবোৰ অসহনীয় হৈ পৰে তেতিয়াহে আনৰ আগত ক’বলৈ ওলাই আহে। কাৰণ এইবোৰ কথা অমূলক বুলি নিজেও জানে বাবে আনৰ আগত প্ৰকাশ কৰিবলৈ লাজ বা অসুবিধা পায়। সেইবাবে অ’ চি ডি সদায়েই কমকৈ নিৰ্দ্ধাৰণ হয়। কিন্তু অইন সকলো মানসিক বেমাৰৰ দৰেই অ’ চি ডিও যিমান সোনকালে চিনাক্ত কৰিব পাৰি, সিমান সোনকালে আৰোগ্য লাভ কৰা সম্ভৱ।

অ’ চি ডি কি?

এই মানসিক বেমাৰঠোৰ দুটা ভাগ আছে- অবছেছন আৰু কম্পালছন(এই বৈশিষ্ট্যটোৱেই অ’ চি ডি-ক অইন মানসিক বেমাৰবোৰতকৈ বেলেগ কৰি ৰাখিছে)।

অবছেছন মানে হ’ল মনে নিবিচৰা কিছুমান চিন্তা, ভাব- যিবোৰ মানুহজনৰ অনবৰতে মনলৈ আহি থাকে। আৰু এই সকলোবোৰ মানুহজনৰ মনলৈ বাৰম্বাৰ এটাৰ পিছত এটাকৈ লানি নিছিগাকৈ আহি থাকে, তাৰ ওপৰত তেওঁৰ কোনো নিয়ন্ত্ৰণ নাথাকে। কিন্তু এই চিন্তাবোৰ আমাৰ দৈনন্দিন জীৱনৰ চিন্তা, সমস্যা, অশান্তিতকৈ বহু বেলেগ।

দৈনন্দিন জীৱনৰ চিন্তা আৰু অবছেছনৰ মাজত পাৰ্থক্য আছে:

*দৈনন্দিন জীৱনৰ চিন্তাবোৰ সাময়িকভাৱে আহে আৰু সময়ে সময়ে নাইকিয়া হয়। কিন্তু অবছেছনবোৰ মনে নিবিচৰা সত্ত্বেও বাৰে বাৰে উভতি আহি থাকে।

*সাধাৰণ চিন্তা-ভাবনাবোৰক আমি মন গ’লেই বাধা দিব পাৰো। কিন্তু অবছেছনবোৰ হ’ল অপ্ৰতিৰোধ্য, বৰঞ্চ ইয়াৰ তীব্ৰতা ক্ৰমান্বয়ে বাঢ়ি গৈ থাকে।

*অবছেছনবোৰ হ’ল ইগো-ডিছট’নিক যিবোৰ মনে মানি ল’ব নোখোজে। আনহাতে দৈনন্দিন জীৱনৰ চিন্তাবোৰ হ’ল ইগো-চিনট’নিক- যিবোৰ অতি সহজে আমাৰ মনে মানি লয়।

*অবছেছনবোৰ সদায়েই যুক্তিহীন।

*সদায়েই কৰি থকা চিন্তাবোৰতকৈ অবছেছনবোৰত মানুহে অলাগতিয়ালভাৱে মানুহে অলাগতিয়ালভাৱে বহু বেছি সময় খৰচ কৰে। আৰু এইবোৰে তেওঁলোকক অত্যধিক উদ্বিগ্ন কৰি তোলে।

কম্পালছন -

অবছেছন আৰু কম্পালছন একেটা মুদ্ৰাৰেই ইপিঠি-সিপিঠি। যেতিয়া এগৰাকী ৰোগীৰ মনত অবছেছন আহে, তেতিয়া সেই ভাববোৰ আঁতৰাবলৈ মানুহে কিছুমান কাম কৰিবলৈ লয়। এইবোৰ হ’ল- কিছুমান ৰুটিনবদ্ধ কাম, যিবোৰে মানুহজনক অলপ সময়ৰ বাবে উদ্বিগ্নতাৰপৰা মুক্ত কৰি মনলৈ শান্তি আনে। এইবোৰ যে অকল কামেই হ’ব, তেনে নহয়, এই অপ্ৰীতিকৰ চিন্তাবোৰ আঁতৰাবলৈ মানুহে নিজৰ মনতেই কিছুমান কাম কৰে। উদাহৰণস্বৰূপে, মনতেই ভগৱানৰ নাম লোৱা, কিছুমান সংখ্যা ওলোটা ফালৰপৰা গাই থকা ইত্যাদি। কম্পালছিভ কামবোৰ সদায়েই এক নিৰ্দিষ্ট আৰু প্ৰণালীবদ্ধ। উদাহৰণস্বৰূপে, মানুহ এজনৰ ভাব হয় যে তেওঁৰ হাতখন লেতেৰা হৈ আছে আৰু সেই ভাববোৰ আঁতৰাবলৈ তেওঁ হাতখন অজস্ৰবাৰ ধুই থাকে। মোৰ এজন ৰোগী আছিল, তেওঁৰ ভগৱানৰ ছবি বা মূৰ্তি দেখিলেই মনলৈ বেয়া ভাব আহে আৰু মুখেৰে বেয়া গালি ওলায়। সেইবোৰ নাইকিয়া কৰিবলৈ তেওঁ ঘৰত থকা ভগৱানৰ মূৰ্তি বা কেলেণ্ডাৰ সকলোবোৰ আঁতৰাই পেলাইছিল, আনকি তেওঁ মন্দিৰৰ সন্মুখেৰে অহা-যোৱা কৰিবলৈও বাদ দি দিলে।

অ’ চি ডি ৰোগৰ লক্ষণসমূহ -

এনে অসুখৰ ৰোগীৰ মনত এক অসুৰক্ষিত আৰু অনিশ্চয়তাৰ ভাব অনবৰতে আহি থাকে। তেওঁৰ এনে লাগে যেন তেওঁ কিবা ঠিককৈ কৰা নাই বা কিবা এটা সম্পূৰ্ণ হোৱা নাই। এই চিন্তাধাৰাবোৰ অত্যন্ত অমূলক আৰু অদ্ভুত ধৰণৰ হয়। এৰাব বিচাৰিলেও এই চিন্তাবোৰ মনৰপৰা আঁতৰাব নোৱাৰে। অনবৰতে এনেকুৱা লাগি থাকে যে কিবা বেয়া হ’ব নেকি? বা কিবা এটা নকৰিলে অইন কিবা বিষম তেওঁৰ সৈতে বা পৰিয়ালৰ অইন লোকৰ সৈতে ঘটিব নেকি(Magical thinking)। তেনেবোৰ কথাই তেওঁলোকক অশান্তি দি থাকে আৰু সেই ভাববোৰৰপৰা মুক্তি পাবলৈ তেনে ৰোগীয়ে অইন কিছুমান কাম কৰিবলৈ(কম্পালছিভ কামবোৰ) লয়, কিন্তু এই কামবোৰ কৰিও তেওঁলোক সন্তুষ্ট হ’ব নোৱাৰে। সেইবাবে বাৰে বাৰে আনৰপৰা তেওঁলোকে কৰা কামবোৰৰ সমৰ্থন বিচাৰি থাকে। কিছুমান ৰোগীৰ ক্ষেত্ৰত এনে অবছেছিভ চিন্তাবোৰ কিছুমান অভিজ্ঞতাৰপৰাও আহে।

*অ’ চি ডিৰ এটা প্ৰধান লক্ষণ হ’ল- লেতেৰা বা দূষিত কৰিব পৰা বস্তু(যেনে- ধূলি-মাকতি, বীজাণু, প্ৰস্ৰাৱ আদি) আদিৰ প্ৰতি ঘৃণা ভাব আহি থাকে। ভুক্তভোগীয়ে এনে ভাব দূৰ কৰিবলৈ মাত্ৰাধিকভাৱে হাত-ভৰি বা গা ধুই থাকে।

*কিছুমান মনত আন এক ধৰণৰ সন্দেহ হয়- ঘৰৰপৰা ওলাই অহাৰ পিছত ভাব হয় যে দৰ্জাখনত তলা লগালে নে নাই। সন্দেহৰ বশৱৰ্তী হৈ পুনৰ উভতি গৈ দৰ্জাখন চাই আহে, তলাত চাবি পুনৰ সুমুৱাই নিশ্চিত হৈ লয়। সেইবাবে কাম কৰি থাকোঁতে মানুহজনৰ বহু সময় পাৰ হৈ যায়, সেই সকলোবোৰ কথা জানিও তেওঁ অসহায়।

*আমি সকলোৱে কম-বেছি পৰিমাণে পৰিপাটি হয় বা হৈ থাকিব বিচাৰো। কিন্তু এনে ৰোগীৰ ক্ষেত্ৰত এই পৰিপাটিৰ মাত্ৰাটো লগাতকৈ অলপ বেছি হয়। উদাহৰণ হিচাপে কিবা এটা বস্তু সদায় নিৰ্দিষ্ট ঠাইতে থাকিব লাগিব, সেইটো তাত নেদেখিলেই ৰোগীজনৰ মনত অশান্তি আৰম্ভ হৈ যায়।

*অ’ চি ডিৰ আন এটা লক্ষণ হ’ল- নিৰ্ভুল আৰু নিখুঁত হোৱাৰ আৱশ্যকতাৰ ভাব। তাৰ বাবে তেওঁলোকে কোনো এটা কামতে এবাৰতে সন্তুষ্ট নহয়। লিখাটোকে এবাৰ লিখিব, এবাৰ কাটিব, আকৌ লিখিব।

*তেওঁলোকৰ কেতিয়াবা নিজকে বা আনক আঘাত কৰাৰ তীব্ৰ আগ্ৰহ জন্মে।

*কিছুমান মানুহৰ বেয়া শব্দ কোৱাৰ ইচ্ছা অনবৰতে আহি থাকে। এই শব্দবোৰ মানুহৰ আগত ওলাই যাব নেকি, সেইটোৰ বাবে তেওঁলোকে ভয় খাই থাকে।

*মনলৈ সঘনাই অপ্ৰিয় বা উপভোগ কৰিব নোৱাৰা যৌন সম্বন্ধীয় কিছুমান ভাব বা ছবি আহি থাকে। বিপৰীত লিংগৰ মানুহক এই বিষয়ে মন্তব্য দিয়াৰ মন গৈ থাকে। এনেবোৰ অশান্তিকৰ ভাবৰপৰা মুক্ত হ’বলৈ ৰোগীজনে কম্পালছিভ কাম কৰিবলৈ লয়। সঘনাই ব্যৱহাৰ হৈ থকা কম্পালছনবোৰ হ’ল-

*অনবৰতে ধোৱা-পখলা কাম কৰি থকা।

*বাৰে বাৰে দৰ্জা, চিলিণ্ডাৰ আদি ভালকৈ লগোৱা হ’ল নে নাই পৰীক্ষা কৰি থাকে।

*অনাৱশ্যক কিছুমান বস্তু গণি থকা- ছিৰি, বটল, ৰাস্তাৰে যোৱা গাড়ী ইত্যাদি।

*মনৰ ভিতৰতে প্ৰাৰ্থনা কৰা বা কিবা শব্দ কৈ থকা।

*একেখিনি লিখাকেই ভুল হোৱা বুলি ভাবি বাৰে বাৰে লিখি থকা।

অবছেছনৰপৰা মুক্ত হ’বলৈ ৰোগীবোৰে এনেবোৰ কাম বাৰে বাৰে কৰি থাকিবলগা হয়। কিন্তু এইবোৰ কাম কৰি তেওঁলোকে কোনোধৰণৰ আনন্দ অনুভৱ নকৰে, বৰঞ্চ ইয়ে দিয়ে বিৰক্তি আৰু দুগুণ যন্ত্ৰণা। তদুপৰি তেওঁলোকৰ দৈনন্দিন কাম-কাজবোৰ একেবাৰে লেহেমীয়া হৈ যায়। এটা সময়ত তেওঁলোকৰ জীৱনটো নিজৰ বাবে অত্যন্ত অশান্তিকৰ আৰু পীড়াদায়ক হৈ উঠে। সেইবাবে বহুসংখ্যক অ’ চি ডিত ভোগা ৰোগীয়ে ডিপ্ৰেছনতো ভোগে। সঠিক সময়ত মানসিক চিকিৎসকৰ পৰামৰ্শ আৰু উপযুক্ত ছাইক’থেৰাপীয়ে বহু পৰিমাণে মুক্ত কৰিব পাৰে।

লেখিকা: ড° মৈত্ৰেয়ী দত্ত(দৈনিক অসম)

2.88888888889
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top