মূল পৃষ্ঠা / স্বাস্থ্য / মহিলাৰ স্বাস্থ্য / আপুনি আপোনাৰ গুপ্ত অংগৰ যত্ন লয়নে?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আপুনি আপোনাৰ গুপ্ত অংগৰ যত্ন লয়নে?

আপুনি আপোনাৰ গুপ্ত অংগৰ যত্ন লয়নে?, সেই বিষয়ে লিখা হৈছে ।

যোৱা বিশ বছৰীয়া চিকিৎসা জীৱনৰ অভিজ্ঞতাৰে এটা কথা মই উপলব্ধি কৰিছো যে প্ৰায় নব্বৈ শতাংশ ব্যক্তিয়ে নিজৰ গুপ্ত অংগ যেনে-

*পায়ুদ্বাৰ,

*যৌন অংগ,

*কাষলটি,

*কৰঙন ইত্যাদিৰ যত্ন নলয় বা হয়তো লবলৈ নাজানে।

তলৰ প্ৰশ্ন কেইটাৰ উত্তৰ আপুনি নিজে বিচাৰক:

১)আপুনি মলত্যাগ কৰাৰ পিছত চাবোনেৰে মলদ্বাৰ পৰিষ্কাৰ কৰেনে?

বেছিভাগ ব্যক্তিয়ে গা ধুওতে গোটেই শৰীৰ ভালদৰে পৰিষ্কাৰ কৰে কিন্তু তাৰ পিছত যদি মলত্যাগ কৰিব লগা হয় গাটো হয়তো পানীৰে তিয়াই আহে কিন্তু চাবোনেৰে মলদ্বাৰ পৰিষ্কাৰ নকৰে।

যাৰ ফল স্বৰূপে pin worm নামৰ এবিধ কৃমিয়ে ৰাতি পায়ু দ্বাৰেৰে ওলাই আহি কণী পাৰে আৰু ব্যক্তিজনৰ পায়ুদ্বাৰ খজুৱাব ধৰে।

কেনেবাকৈ খালি হাতেৰে খজুৱালে নখৰ ভিতৰত কণীবোৰ লাগি ধৰে আৰু হাত ভালদৰে চাবনেৰে নুধুৱাৰ ফলত পুনৰ পেটত প্ৰৱেশ কৰে। শিশু সকলে প্ৰায়েই এনে ৰোগত ভূগে যদিও প্ৰাপ্তবয়স্ক লোকেও ভূগা দেখা যায়।

ইয়াৰোপৰি পায়ুদ্বাৰ পৰিষ্কাৰ কৰি নাৰাখিলে fungus বা ভেকুৰৰ জন্ম হয় আৰু পায়ুদ্বাৰৰ খজুৱতিৰ পৰা আৰম্ভ কৰি ঘাঁ পৰ্য্যন্ত হব পাৰে।ইয়াৰোপৰি আজিকালি প্ৰায়ভাগ ৰোগীয়ে ভূগা ৰোগ বিধ হৈছে fistula।

ফিচতুলা হলে পায়ুদ্বাৰৰ কাষত ফোৰা হৈ পিছলৈ গুয্যাদ্বাৰৰ লগত এটা নলীৰ সৃষ্টি কৰে। ফলত ৰোগীজনৰ পূঁজ বাঁহীৰ হৈ থাকে। ইয়াৰোপৰি পাইলছ, ফিচাৰ আদি ৰোগৰো প্ৰধান কাৰণ হ'ল অপৰিস্কৃত পায়ুদ্বাৰ।

আপোনাৰ যৌনাংৰ যত্ন লয়নে?

পুৰুষৰ তুলনাত মহিলাৰ যৌনাঙ্গৰ বেমাৰ অধিক। ইয়াৰ প্ৰধান কাৰণ হ'ল মহিলাৰ যৌনাঙ্গ বহল আৰু উন্মুক্ত।

মহিলাসকলে মাহেকীয়া হোৱাৰ পিছত বা সেই সময়ত নিজৰ যৌনাঙ্গ পৰিষ্কাৰ কৰি ৰাখিব লাগে। এতিয়াও আমাৰ সমাজত ধনৰ অভাৱত মাহেকীয়া সময়ত ছিঙা কাপোৰ ব্যৱহাৰ কৰা দেখা যায়। যাৰ ফলত যৌনাঙ্গ বীজাণুৰ দ্বাৰা সংক্ৰমিত হয়।

যৌনাঙ্গৰ কাষৰ নোমবোৰ পৰিষ্কাৰকৈ কাটি ৰাখিব লাগে নহলে ভেঁকুৰে(fungus) আক্ৰমত কৰা দেখা যায় আৰু ব্যক্তিগৰাকীৰ যৌনাঙ্গৰ খজুৱতি আৰম্ভ হয়।

নখ দীঘল থাকিলে ঘাঁ হৈ বেক্টেৰিয়াৰ দ্বাৰা সংক্ৰমিতও হব পাৰে। মহীলাৰ আন এক প্ৰধান সমস্যা বগা শ্ৰাৱ ৰ প্ৰধান কাৰন হৈছে বীজাণুৰ দ্বাৰা সংক্ৰমন।

বিবাহিত মহিলা সকলে যৌন সংগমৰ পিছত যৌনাঙ্গ পৰিষ্কাৰ নকৰি শুই থাকি ৰাতিপূৱাহে চাফা কৰা দেখা যায়। যাৰ ফলস্বৰূপে বীজাণুৰ আক্ৰমণৰ সম্ভাৱনা বাঢ়ি যায়।

ব্যৱহাৰ কৰা অন্তৰ বসন পৰিষ্কাৰ আৰু সূতাৰ কোমল কাপোৰ হব লাগে। বহুতো ধনীঘৰৰ মহিলায়ো ফুট পাঠত উপলব্ধ দহ টকীয়া অন্তৰ বসন হে ব্যৱহাৰ কৰা দেখা যায়।

দৰাচলতে শৰীৰৰ লগত লাগি থকা বস্ত্ৰ সদায় কোমল আৰু সূতাৰ হব লাগে।আমি বেছি ভাগেই বাহীৰত কাপোৰ যোৰতহে গুৰুত্ব দিওঁ ভিতৰৰ যোৰত নহয়।

আপুনি আপোনাৰ জংগীয়া, গেঞ্জী সদায় ধোৱে নে?

বেছিভাগৰে উত্তৰ হব সদায় নুধুও।সদায় দিনত দুবাৰকৈ জংগীয়া গেঞ্জী সলাব লাগে।

জংগীয়া, ব্ৰা, গেঞ্জী ইস্ত্রী কৰি পিন্ধে নে?

প্ৰশ্নটি অবান্তৰ যেন লাগে।মনত ৰাখিব আপুনি যদি fungus ৰ দ্বাৰা সংক্ৰমিত তেন্তে আপোনাৰ অন্তৰবসন ওলোটাই ইস্ত্রী কৰিব লাগে কিয়নো এনেবোৰ বস্ত্ৰৰ ভিতৰ ফালে অৰ্থাৎ যি অংশ শৰীৰত লিপিত খাই থাকে সেই অংশত fungus ৰ বীজাণু থাকি যায় যি সাধাৰণ চাবনেৰে ধুলে নাযায়।

সেই বাবেই এবাৰ fungus ৰোগত আক্ৰান্ত হলে তাৰ পৰা মুক্তি পোৱা কঠীন হৈ পৰে। আমাৰ চিকিৎসক সকলেও এনে ধৰণৰ পৰামর্শ ৰোগী সকলক দিয়া দেখা নাযায়।

লেখক: ডাঃ অনুপ বৈশ্য

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন নং-8638211711

 

3.42857142857
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top