মূল পৃষ্ঠা / স্বাস্থ্য / মহিলাৰ স্বাস্থ্য / ঋতুস্ৰাৱ সম্বন্ধীয় স্বচ্ছতা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ঋতুস্ৰাৱ সম্বন্ধীয় স্বচ্ছতা

ঋতুস্ৰাৱ সম্বন্ধীয় স্বচ্ছতাৰ বিষয়ে লিখা হৈছে

আ:। ব’হাগৰ এটি ৰাতিপুৱা। ৰোমাঞ্চিত হয় এগৰাকী নাৰীৰ হৃদয়ৰ প্ৰতিটো কোঠালি। তাইৰ অন্তৰৰ চেনেহ ভালপোৱা ভাববোৰ কুলি-কেতেকীৰ সুৰীয়া মাতৰ দৰে যেন উথলি উঠিব, কপৌ ফুলৰ অপৰূপ নান্দনিক দৃশ্যই মনটো ৰঙিয়াল কৰি তুলিব, বিহুৰ সময়ৰ বেলুনৰ গোন্ধে শৈশৱলৈ ৰিঙিয়াই মাতিব। পিচে ইমানখিনি ৰং-ৰহইচ ভৰা পৰিবেশ নাৰীগৰাকীৰ বাবে মূল্যহীন হৈ পৰে— যদিহে নাৰীগৰাকীয়ে মাহটোৰ সেই নির্দিষ্ট দিনকেইটা অতিক্ৰম কৰিবলগীয়া হয় যেতিয়া নেকি বহুক্ষেত্ৰতেই শৰীৰতাত্ত্বিক সীমাৱদ্ধতা আহি পৰে।

“দেহা থাকিলেহে বেহা’ বা স্বাস্থ্যই পৰম ধন”— শীর্ষক দুটা প্রবচন আমাৰ “চিৰ চেনেহী মোৰ ভাষা জননী’ৰ সাহিত্যৰ ভঁৰালত বোপা ককাহঁতৰ দিনৰে পৰাই আছে যদিও বিশেষভাবে নাৰীৰ স্বাস্থ্য সম্বন্ধে আমি যিমানখিনি সচেতন হ’ব লাগিছিল সিমানখিনি যেন হ’ব পৰা নাই।

ইংৰাজী ভাষাতো অৱশ্যে অনুৰূপ ধৰণৰ এষাৰ প্ৰবাদ বা আপ্তবাক্য প্রচলিত আছে-WHEN MONEY IS LOST-SOME-THING IS LOST, BUT WHEN THE HEALTH IS LOST EVERY THING IS LOST (ধন হেৰুৱালে যৎ সামান্য ক্ষতি হয়, পিচে ভগ্ন স্বাস্থ্যৰ হেতুকে দেহাৰ যথাসর্বস্ব ক্ষতি হয়)।

একৈশ শতিকাত সমগ্ৰ বিশ্বতে বিজ্ঞানৰ জয়যাত্ৰা চলিছে। পিচে নাৰীৰ শৰীৰতাত্ত্বিক দিশৰ সৈতে জড়িত ঋতুস্ৰাৱৰ দৰে মাহেকীয়া প্রক্রিয়াৰ ক্ষেত্ৰতো অন্ধবিশ্বাস তথা কুসংস্কাৰেৰে আগুৰি থকা আমাৰ অসমীয়া তথা ভাৰতীয় সমাজখনৰ গৰিষ্ঠসংখ্যক নহ’লেও বুজন অংশই খামোচ মাৰি ধৰি আছে কোটিকলীয়া অর্বাচীন ধ্যান-ধাৰণাবোৰকে। ফলত অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হৈ জনস্বাস্থ্যৰ অৱনতি অৱধাৰিত হৈছে। পিচে আশাৰ বতৰা এয়ে যে, কেতবোৰ অনুষ্ঠান বা ব্যক্তিৰ আশাশুধীয়া প্ৰচেষ্টাৰ জৰিয়তে সচেতনতাৰ উন্মেষণ ঘটাই নাৰীৰ জীৱনৰ ‘সেই বিশেষ দিনকেইটাত” সুস্বাস্থ্য অটুট ৰখাৰ প্ৰয়াস কৰা হৈছে। প্ৰাসংগিকভাবে উল্লেখ কৰা নিশ্চয় নিষ্প্ৰয়োজন যে, এগৰাকী নাৰীৰ জীৱনত এই মাহেকীয়া ঋতুচক্রই এক গুৰুত্বপূর্ণ স্থান দখল কৰি আছে। সেয়েহে কিশোৰী অৱস্থাৰ পৰাই ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতা নেকি নাৰীগৰাকীৰ সুস্বাস্থ্য অটুট ৰখাত প্রভূত অহিৰণা যোগাব পাৰে।

এইক্ষেত্ৰত ছেনিটাৰী নেপ্‌কিন আঁৰ কাপোৰ ব্যৱহাৰৰ তুলনামূলক সুবিধা তথা অসুবিধাবোৰৰ বিষয়টো উত্থাপিত হয়। বহুতৰে মাজত এক বদ্ধমূল ধাৰণা প্রচলিত আছে যে, ঋতুস্ৰাৱৰ সময়ত দৈহিক পৰিষ্কাৰ-পৰিচ্ছন্নতা অটুট ৰখাৰ ক্ষেত্ৰত কাপোৰৰ তুলনাত ছেনিটাৰী নেপ্‌কিন অধিক কাৰ্যকৰী। পিচে গুৰুত্বপূৰ্ণ কথাষাৰ হৈছে যে, উপযুক্ত উদ্দেশ্য সাধনৰ ক্ষেত্ৰত দুয়োটাৰে সুবিধা তথা অসুবিধা আছে। যোৱা নৱেম্বৰত উন্মোচন কৰা ‘প্ৰজেক্ট সুছকি’নামৰ সংগঠনটিয়ে অসমৰ স্কুলীয়া তথা কলেজীয়া ছাত্ৰীসকলৰ মাহেকীয়া ঋতুস্ৰাৱজনিত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ব্যৱস্থাপনাৰ বিষয়ে স্বাস্থ্য শিক্ষা দিবলৈ তৎপৰ হৈ উঠিছে। তদুপৰি এই বছৰতে আন্তর্জাতিক নাৰী দিৱসত (৮ মার্চ) সংগঠনটিয়ে এই সন্দৰ্ভত বিশেষ উদ্যোগ লৈছে। ষষ্ঠ শ্রেণীৰ পৰাই ছাত্ৰীসকলৰ মাজত এই বিষয়ে সচেতনতা বৃদ্ধিৰ উদ্দেশ্যে কেতবোৰ অভিলাষী আঁচনি গ্ৰহণ কৰা হৈছে আৰু এইক্ষেত্ৰত ৰাজ্য চৰকাৰ তথা সংশ্লিষ্ট বিদ্যালয় কৰ্তৃপক্ষৰ সহযোগিতা তেওঁলোকে কামনা কৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ নাৰী সম্বন্ধীয় শিক্ষা বিভাগৰ উদ্যোগত এই প্রজেক্ট গ্ৰহণ কৰা হৈছে আৰু ঋতুস্ৰাৱকালীন চাফ-চিকুণতা সন্দৰ্ভত থকা কেতবোৰ। অন্ধবিশ্বাস দূৰীকৰণৰ বাবেও উদ্যোগ হাতত লোৱা হৈছে। তেল আৰু প্রাকৃতিক গেছ আয়োগৰ অর্থ-সাহায্যত পৰিচালিত এই আঁচনিখনে উত্তৰ-পূৰ্বাঞ্চলত তিনিখন ৰাজ্যক (অসম, মেঘালয় আৰু ত্ৰিপুৰা) সাঙুৰি লৈছে আৰু অসমৰ ৫ খন জিলাৰ ৭০ খন বালিকা বিদ্যালয়ত ইয়াক কাৰ্যকৰী কৰা হৈছে। অনুৰূপভাবে ত্ৰিপুৰাৰ দুখন জিলা আৰু মেঘালয়ৰ এখন জিলাত এইখন আঁচনিৰ কাম-কাজ ৰূপায়িত হৈছে।

প্রকৃততে নির্মোহ দৃষ্টিৰে পর্যবেক্ষণ কৰিলে উমান পোৱা যায় যে, বিষয়টি যথেষ্ট স্পর্শকাতৰ আৰু আবাল-বৃদ্ধ-বণিতা সমন্বিতে সকলোৱেই ইয়াক লজ্জাৰ আবুৰ দি যেন ঢাকি ৰাখিব বিচাৰে। পিচে ইয়াৰ সৈতে যে ৰোগ বিস্তাৰৰ দৰে গুৰুত্বপূর্ণ স্বাস্থ্যজনিত দিশ অংগাংগীভাবে জড়িত হৈ আছে, সেই কথা যেন সৰহসংখ্যক লোকৰেই বিবেচনাৰ পৰিসৰৰ বহির্ভূত বিষয়। নিচেই কোমল বয়সীয়া ছাত্ৰীসকলৰ সৈতে এক বন্ধুত্বপূর্ণ পৰিবেশতহে সমাজত প্ৰচলিত মানসিকতাৰ পৰিবর্তন সম্ভৱপৰ হয়।

সুখৰ তথা আনন্দৰ বিষয়টি হৈছে যে, শেহতীয়াভাবে ঋতুস্ৰাৱকালীন পৰিস্কাৰ-পৰিচ্ছন্নতা অটুট ৰখাৰ ক্ষেত্ৰত অসমৰ কথা বাদেই - সর্বভাৰতীয় ডেওনা অতিক্ৰমী আন্তর্জাতিক পর্যায়ত উদ্যোগ গ্ৰহণ কৰিছে এগৰাকী ‘চেলিব্ৰেটী’ নাৰীয়ে। তেওঁৰ দেউতাক হৈছে ক’কেছীয় মূলৰ আৰু মাতৃ হৈছে কৃষ্ণকায়া আমেৰিকান। মেঘেন মার্কেল নামৰ এই ৩৫ বছৰীয়া নাৰীগৰাকীৰ ব্যক্তিগত জীৱন হৈছে বিচিত্ৰতাৰে ভৰপূৰ। ইতিমধ্যে বিবাহ বিচ্ছেদ ঘটা এইগৰাকী নাৰী আজিৰ তাৰিখত সমগ্ৰ বিশ্বতে বিখ্যাত হৈ পৰিছে ব্ৰিটিছ ৰাজকুমাৰ হেৰীৰ প্ৰেয়সী ৰূপে। বিখ্যাত চিত্র নির্মাতা ট্ৰেভৰ ইন্‌জেলছনৰ সৈতে ২০১১ চনতে তেওঁৰ বিয়া হৈছিল যদিও এই পৰিণয় বেছি দিন নিটিকিল। ‘ৱলর্ড ভিছন ইণ্টাৰনেচনেল’ নামৰ এক স্বেচ্ছাসেৱী সংগঠনৰ সৈতে তেওঁ ওতঃপ্ৰোতভাবে জড়িত হৈ পৰিছে-

যাৰ নেকি প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল ৰাজকুমাৰী ডায়েনা। অলপতে ৰাজকুমাৰৰ প্ৰেয়সী ভাৰতলৈ আহিছিল এক পাঁচদিনীয়া ভ্ৰমণ কাৰ্যসূচী হাতত লৈ। এই সময়ছোৱাত তেওঁ মাহেকীয়া ঋতুস্ৰাৱকালীন পৰিস্কাৰ পৰিচ্ছন্নতা স্বাস্থ্যসন্মত কৰি তোলাৰ ক্ষেত্ৰত এক সাৰ্বজনীন মানসিকতা গঢ়াৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছিল। মেঘেন মাৰ্কেলৰ এই সন্দৰ্ভত মন্তব্য এনেধৰণৰ- ‘ফিটা কাটি দ্বাৰ উন্মোচন কৰা বা আধাৰশিলা স্থাপন কৰা চেলিব্ৰিটী হোৱাতকৈ মই গঠনমূলক কাম কৰিহে বেছি ভাল পাওঁ। বৰ্তমানে মই যিটো কামত নিজকে উৎসৰ্গীকৃত কৰিছো, তাৰ জৰিয়তে মোৰ আত্মাৰ খোৰাক বিচাৰি পাওঁ আৰু লগতে জীয়াই থকাৰ উদ্দেশ্য সফল হোৱাহেন অনুভূত হয়’।

নিউয়ৰ্কৰ সুবিখ্যাত ‘টাইম’ আলোচনীত তেওঁ এটা নিবন্ধত লিখিছে যে, ৱৰ্লড ভিছনৰ কামত দিল্লী আৰু মুম্বাইৰ ভালেকেইখন স্কুলত অধ্যয়নৰত ছাত্ৰীসকলক সাক্ষাৎ কৰিছে। ঋতুস্ৰাৱকালীন  স্বাস্থ্যৰ বিষয়ে সমাজত প্ৰচলিত অপব্যাখ্যাবোৰৰ বিষয়ে অৱগত হৈ তেওঁ বিস্ময়ত হতবাক হৈ পৰিছে। এনেকৈ ইয়াৰ ফলত ছাত্ৰীসকলৰ শিক্ষা গ্ৰহণৰ প্ৰক্ৰিয়াটিত বিঘিনিৰ সৃষ্টি হয়। ভাৰতত ঋতুস্ৰাৱজনিত স্বাস্থ্য সম্বন্ধীয় এনেবোৰ  কু-সংস্কাৰৰ প্ৰচলনৰ হেতুকেই ১২-১৪ বছৰ বয়সীয়া ১৩০ নিযুত ছাত্ৰীৰ স্কুল এৰাৰ শংকা প্ৰকট হৈ পৰিছে। এই ক্ষেত্ৰত মানসিকভাৱে এগৰাকী দৈহিকভাৱে সামান্যভাবে হ’লেও ছাত্রী একোগৰাকী দুর্বল হৈ পৰা হেতুকেই হতাশাগ্ৰস্ততাত সাময়িকভাবে হ'লেও ভুগিব পাৰে আৰু ফলত বিদ্যালয়ত শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত অনীহা হ’ব পাৰে। নেপ্‌কিনৰ পৰিৱর্তে সৰহভাগ ছাত্রীয়েই ফটা-ছিটা (সময় সাপেক্ষ অপৰিষ্কাৰ)কানি-কাপোৰ ব্যৱহাৰ কৰিবলগীয়া হোৱা হেতুকে শ্রেণীকোঠাত পাঠদান গ্ৰহণৰ সময়ত বা খেলা-ধূলাৰ সময়ত বিশেষভাবে অসুবিধাত পৰিবলগীয়া হয়। তদুপৰি ‘ভূতৰ ওপৰত দানহে পৰাৰ দৰে পৰিস্থিতিৰ উদ্ভৱ হয়— যদিহে স্কুলত বাথৰুমৰ কোনো সুবিধাই নাথাকে। স্বাস্থ্যজনিত দিশৰ পৰা ইয়াৰ উপৰিও অন্যান্য কাৰকেও এইক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰে। এনে পৰিস্থিতিৰ পটভূমিত প্রতি বছৰে ২৮ মে’ তাৰিখে সমগ্ৰ বিশ্বতে পালন কৰা ‘ঋতুস্ৰাৱজনিত স্বাস্থ্য দিৱস’ৰ গুৰুত্ব অপৰিসীম। এই দিৱসৰ জৰিয়তে সমাজত যি নীৰৱতাৰ প্ৰাদুৰ্ভাৱ পৰিলক্ষিত, সেয়া দূৰীভূত কৰি সক্ৰিয়ভাৱে আলাপ-আলোচনাৰ মাধ্যমেদি প্রচলিত কুসংস্কাৰটোৰ প্ৰতিহত কৰাৰ প্রয়াস কৰা হয়। তদুপৰি আনুষংগিকভাবে বিজ্ঞানসন্মত সচেতনতা বৃদ্ধিৰো প্রচেষ্টাত ব্ৰতী হোৱাৰ উদ্দেশ্যে সংকল্পায়িত হ’বলৈ পণ গ্ৰহণ কৰে। ইমানখিনি আলোচনা কৰাৰ পিচত পৰিশেষত ঋতুস্ৰাৱকালীন পৰিষ্কাৰ-পৰিচ্ছন্নতা অটুট ৰখাৰ উদ্দেশ্য গ্ৰহণীয় ব্যৱস্থাবোৰৰ বিষয়ে উল্লেখ কৰিলোহঁক।

(১) বাথৰুমলৈ গ’লেই বা এনেকি প্ৰস্ৰাৱ কৰিলেই চাবোনৰ অবিহনে পৰিষ্কাৰ পানীৰে যৌনাংগ ধুব লাগে।

(২) শৰীৰৰ যিখিনি অংশ দুখন ভৰিৰ মাজত অৱস্থিত সেই অংশখিনি শুষ্ক কৰি ৰাখিব লাগে। অন্যথা অস্বস্তিদায়ক অনুভূতিৰ সৃষ্টি হ’ব পাৰে।

(৩) এষাৰ অতি গুৰুত্বপূৰ্ণ কথা স্মর্তব্য যে, স্ত্রী যৌনাংগৰ স্বকীয়ভাবে পৰিষ্কাৰ হোৱাৰ এক প্রক্রিয়া আছে। গতিকে চাবোন বা ডিঅ’ড’ৰেণ্ট জাতীয় দ্রব্য ভিতৰলৈ সুমুৱাই দি পৰিষ্কাৰ কৰাৰ কোনো আৱশ্যকতা নাই।

(৪) যিকোনো ব্যক্তিৰেই জননেন্দ্ৰিয়ৰ অংশবোৰ অত্যন্ত সংবেদনশীল। গতিকেই পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত সতর্কতা অৱলম্বন কৰা যুগুত। প্রতি বছৰে ২৮ মে’ তাৰিখে সমগ্ৰ বিশ্বতে পালিত হয় ঋতুস্ৰাৱ স্বাস্থ্য (MENSTRUAL HEALTH) দিৱস। আজিকালি পৰিস্থিতিয়ে এনে এক পর্যায় পাইছেগৈ যে, বছৰৰ প্ৰতিটো দিনেই কিবা এটা নহয় এটা দিৱসৰূপে উদযাপিত হয়। অন্যান্য কিছুমান দিৱস যিমান ধুম-ধামেৰে স্বাস্থ্য দিৱসটি তেনে কোনো বিচিত্ৰতাৰে পালন কৰা নহয়। পিচে এই দিনটোৰ তাৎপর্য নাৰীৰ সামগ্রিক স্বাস্থ্যৰ বাবে অপৰিসীম। গতিকে নাৰীদেহৰ স্বাস্থ্যৰ এক গুৰুত্বপূর্ণ দিশস্বৰূপ ঋতুস্ৰাৱজনিত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত অপৰিসীম গুৰুত্ব আৰোপ কৰা উচিত।

লিখক: ডাঃ মিহিৰ কুমাৰ গোস্বামী, সাদিন ফিচাৰ্ছ।

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top