মূল পৃষ্ঠা / স্বাস্থ্য / মহিলাৰ স্বাস্থ্য / ঋতুস্ৰাৱৰ বিষয়ে কিছু কথা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ঋতুস্ৰাৱৰ বিষয়ে কিছু কথা :

ঋতুস্ৰাৱৰ বিষয়ে লিখা হৈছে ।

 

প্ৰকৃতিয়ে নাৰীক এক অনুপম শক্তি উপহাৰ দিছে। ইয়াৰ ফলস্বৰুপে নাৰীয়ে সন্তান জন্ম দি ধৰাত মানৱ জীৱন সম্ভৱ কৰিছে। এজনী ছোৱালীৰ দহৰ পৰা তেৰ বছৰমান বয়স হোৱাৰ লগে লগে তাইৰ শৰীৰত কিছুমান পৰিৱৰ্তনে দেখা দিয়ে। এই সময়ছোৱাতে ছোৱালীজনীৰ প্ৰথম মাহেকীয়া বা ঋতুস্ৰাৱ হয়। তেতিয়াৰ পৰা ৪৫-৫০ বছৰমানলৈ ঋতু বন্ধ বা মেন’পজ নোহোৱা পৰ্যন্ত এই প্ৰক্ৰিয়া চলি থাকে আৰু নাৰীৰ সন্তান জন্ম দিব পৰা ক্ষমতা অটুট থাকে।

মাহেকীয়া ঋতুস্ৰাৱ এটা স্বাভাৱিক প্ৰক্ৰিয়া। মহিলাগৰাকীৰ শৰীৰত প্ৰত্যেক মাহৰ অন্তত জৰায়ু আৰু ডিম্বাশয়ৰ পৰা কিছুমান কোষৰ নিষ্কাশন হয়। জৰায়ুৰ ভিতৰত এখন আৱৰণৰ সৃষ্টি হয়। ডিম্বাশয়ৰ ভিতৰত ডিম্ব প্ৰস্তুত হয় আৰু নি:সৰণ হয়। মহিলাগৰাকীৰ উৰ্বৰ গৰ্ভত ডিম্ব আৰু পুৰুষৰ শুক্ৰাণুৰ মিলন হৈ মানৱ ভ্ৰুণৰ সৃষ্টি হয় আৰু এই ভ্ৰুণেই ক্ৰমান্বয়ে বিকশিত হৈ পুৰ্ণাংগ মানৱ শিশুৰ সৃষ্টি হয়। গৰ্ভধাৰণ নহ’লে, ডিম্ব, জৰায়ুৰ সৃষ্টি হোৱা আৱৰণ, যোনিৰ গ্ৰন্থিসমুহৰ পৰা নি:সৰণ হোৱা জুলীয়া পদাৰ্থ আৰু মৃত কোষ তেজৰ সৈতে যোনিদ্বাৰেদি বাহিৰ হয়। এই প্ৰক্ৰিয়াকে ঋতুস্ৰাৱ বুলি কোৱা হয়। এটা ঋতুস্ৰাৱ প্ৰথম দিনটোৰ পৰা পৰৱৰ্তী ঋতুস্ৰাৱৰ প্ৰথম দিনটোলৈকে এই সময়ছোৱাক এক ঋতুচক্ৰ বোলা হয়। ঋতুচক্ৰৰ প্ৰতিটো স্তৰতে হৰম’নৰ তাৰতম্যৰ বাবে শৰীৰত অনেক ৰাসায়নিক প্ৰক্ৰিয়া চলি থাকে। ঋতুস্ৰাৱৰ সময়ত সচৰাচৰ ৫০ মিলিলিটাৰমান ৰক্ত আৰু জুলীয়া পদাৰ্থ নিৰ্গত হয়। সাধাৰণতে এই ৰক্তক্ষৰণ তিনিদিনৰ পৰা সাতদিন পৰ্যন্ত থাকে। হৰম’নৰ তাৰতম্যৰ বাবে মাহেকীয়া ঋতুস্ৰাৱৰ সময়সীমা আৰু পৰিমাণৰ হেৰফেন হ’ব পাৰে।

মাহেকীয়া আৰু বিষ -

মাহেকীয়া ঋতুস্ৰাৱৰ আনুষংগিক লক্ষণসমুহ হ’ল- স্তনৰ বিষ, তলপেট গধুৰ লগা, ভাগৰ লগা, কৌষ্ঠ-কাঠিন্য, পিঠিৰ তলভাগ , তলপেট আৰু উৰুত বিষ অনুভৱ, মানসিক চাপ (অশান্তি, অস্বস্তি অনুভৱ কৰা), মুৰৰ বিষ ইত্যাদি । শতকৰা প্ৰায় ৫০ গৰাকী মহিলাৰ মাহেকীয়াৰ সময়ত পেটৰ বিষ হয়। তাৰ ভিতৰত শতকৰা প্ৰায় ১০ গৰাকীৰ বিষ তীব্ৰ হয়। মাহেকীয়াৰ সময়ত জৰায়ুৰ সংকোচন আৰু সম্প্ৰসাৰণ হয়। ইয়াৰ ফলত তলপেট, পিঠিৰ তলৰ অংশ, উৰু আদিত বিষ হ’ব পাৰে। এই কষ্টৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে তলপেটত লাহে লাহে মালিচ কৰিব লাগে, হটৱাটাৰ বটল বা এটুকুৰা ডাঠ কাপোৰ গৰম পানীত তিয়াই সেক দিব লাগে। পাতল ব্যায়াম, খোজকঢ়া আদিৰ দ্বাৰা এনেধৰণে বিষ ৰোধ কৰিব পাৰি। বিষ অসহনীয় হ’লে চিকিৎসকৰ পৰামৰ্শ মতে ঔষধ সেৱন কৰিব লাগে।

মাহেকীয়া বন্ধৰ কাৰণ -

কিছুমান মহিলাৰ ক্ষেত্ৰত মাত্ৰাধিক ৰক্তক্ষৰণ হ’ব পাৰে। ঋতুচক্ৰ আৰু ডিম্ব নি:সৰণৰ মাজত সন্তুলন হৈ দেহৰ হৰম’নসমুহৰ কাম-কাজ নিয়াৰিকৈ চলি থাকে। এই প্ৰক্ৰিয়াত আউল লাগিলে মাত্ৰাধিক ঋতুস্ৰাৱ হ’ব পাৰে। জৰায়ু আৰু ডিম্বাশয়ৰ ৰোগ হ’লেও মাত্ৰাধিক ঋতুস্ৰাৱ হ’ব পাৰে। গৰ্ভধাৰণ নকৰিলেও অন্যান্য কাৰণত মাহেকীয়া বন্ধ হ’ব পাৰে। এনেহ’লে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। অত্যধিক মানসিক চাপৰ কাৰণেও মাহেকীয়া বন্ধ হৈ থাকিব পাৰে। সন্তানক স্তনপান কৰাই থকাৰ সময়তো অস্থায়ীভাৱে মাহেকীয়া বন্ধ হৈ থাকিব পাৰে। জৰায়ু, ডিম্বাশয়, যকৃত, বৃক্ক আৰু থাইৰয়ডৰ অসুখ মাহেকীয়া বন্ধ হোৱাৰ কাৰক। ৪৫ বছৰৰ ঊৰ্ধ্বৰ মহিলাৰ মাহেকীয়া বন্ধ হ’লে মেন’পেজ হোৱা বুলি কোৱা হয়।

ঋতুস্ৰাৱ আৰু অন্ধবিশ্বাস -

এতিয়াও আমাৰ সমাজত মাহেকীয়া ঋতুস্ৰাৱৰ লগত জড়িত বহুতো অন্ধবিশ্বাস প্ৰচলিত হৈ আছে। এই অন্ধবিশ্বাসবোৰে কিশোৰী বা মহিলাগৰাকীৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত কু-প্ৰভাৱ পেলায়। উদাহৰণস্বৰুপে দৈনন্দিন কাৰ্যত হস্তক্ষেপ, চাবোন ব্যৱহাৰ কৰিবলৈ নিদিয়া, কাকো চুব বা বস্তুত হাত লগাবলৈ নিদিয়া ইত্যাদি। ঋতুস্ৰাৱ হোৱা মহিলাগৰাকীক লেতেৰা আৰু অপৱিত্ৰ বুলি ধৰা লোৱাৰ্হয়। তেওঁলোকক আছুতীয়াকৈ থাকিবলৈ দিয়া হয়। ৰান্ধনি ঘৰত প্ৰৱেশ কৰিবলৈ দিয়া নহয়। কিছুমানৰ ক্ষেত্ৰত গা ধুবলৈও দিয়া নহয়। আনকি এনেকুৱা অঞ্চল এতিয়াও আছে, য’ত মাহেকীয়া হোৱা মহিলাগৰাকীক ঘৰৰ বাহিৰত অপৰিষ্কাৰ পৰিৱেশত খাবলৈ নিদিয়াকৈ ৰখা হয়। খাদ্য গ্ৰহণৰ ক্ষেত্ৰতো বহুতো বাধা দিয়া হয়। দৈ, টেঙা জাতীয় ফলমুল, কণী আৰু বহুতো পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিবলৈ দিয়া নহয়। কিশোৰীসকলে বেছি অসুবিধাৰ সন্মুখীন হয়। তেওঁলোকৰ সমস্যাবোৰো মুকলিভাৱে প্ৰকাশ কৰিব নোৱাৰে। মাহেকীয়া মানেই যেন গোপনীয়তা। তেওঁলোকৰ মনত এনে ধৰণৰ ভাব সুমুৱাই দিয়া হয়। তেওঁলোকৰ স্কুল-ক্ষতি হয়। লগৰীয়াৰ লগত খেলা-ধুলাৰ পৰা বঞ্চিত হয়।

পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু নেপকিন ব্যৱহাৰ -

ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰ-পৰিচ্ছনন্নতাৰ প্ৰতি বিশেষ চকু দিব লাগে। এই সময়ছোৱাত চেনিটাৰী নেপকিন ব্যৱহাৰ কৰিব লাগে। আৰ্থিক কাৰণত অত্যন্ত দুখীয়া পৰিয়ালত নেপকিন কিনাৰ সামৰ্থ্য নাথাকিলে ঘৰতে কাপোৰেৰ বনোৱা নেপকিন ব্যৱহাৰ কৰিব লগা হ’ব পাৰে। মন কৰিব লাগে যাতে ই পৰিষ্কাৰকৈ ধোৱা আৰু ৰ’দত শুকুওৱা হয়। দিনত কেইবাবাৰো নেপকিন সলাব লাগে। ৬ ঘণ্টাৰ মুৰে মুৰে সলালে ভাল। অৱশ্যে ই স্ৰাৱৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰে। স্ৰাৱেৰে সংপৃক্ত সেমেকা চেনেটাৰী নেপকিনৰ পেড বহু সময় ধৰি ব্যৱহাৰ কৰিলে সংক্ৰমণ হোৱাৰ সম্ভাৱনা থাকে। গৰম আৰু সেমেকা পৰিৱেশত যোনি আৰু জননাংগত থকা অণুজীৱবোৰৰ বৃদ্ধি হয়। ইয়াৰ ফলত প্ৰস্ৰাৱ নলীৰ সংক্ৰমণ, জননাংগ আৰু যোনিৰ সংক্ৰমণ আৰু ছালৰ জোলা (rash) হ’ব পাৰে। সমগ্ৰ প্ৰজনন তন্ত্ৰত বীজাণুৰ সংক্ৰমণ হ’ব পাৰে। নেপকিনৰ সলনি কোনো কোনোৱে টেম্পন (Tampons)ব্যৱহাৰ কৰে। টেম্পন যোনিৰ ভিতৰত প্ৰয়োগ কৰা হয় । দীঘলীয়া সময়ৰ কাৰণে টেম্পন থাকিলে বীজাণু সমগ্ৰ শৰীৰতে বিয়পি Toxic shock syndrome(TSS) সৃষ্টি কৰিব পাৰে। ইয়াৰ ফলত মানুহগৰাকীৰ মৃত্যু পৰ্যন্ত হ’ব পাৰে। ঋতুস্ৰাৱৰ সময়ত নিয়মিতভাৱে স্নান কৰিব লাগে। নেপকিন সলনি কৰাৰ আগতে অপৰ্যাপ্ত পৰিষ্কাৰ পানীৰে জননাংগ ধুব লাগে। যোনি পৰিষ্কাৰ কৰোঁতে চাবোন ব্যৱহাৰ কৰিব নালাগে। যোনিত অপকাৰী আৰু উপকাৰী বেক্টেৰিয়া এক সন্তুলনত থাকে। চাবোন ব্যৱহাৰ কৰিলে উপকাৰী বেক্টেৰিয়াবোৰ মৰি যোৱাৰ ফলত সংক্ৰমণ হ’ব পাৰে। বাহিৰৰ অংশ ধোওঁতেই পানী আৰু চাবোন ব্যৱহাৰ কৰিব লাগে। ভাৰতবৰ্ষৰ শতকৰা ৭৭ ভাগ কিশোৰীয়ে ঋতুস্ৰাৱৰ সময়ত পুৰণা কাপোৰ ব্যৱহাৰ কৰে। বহুতে শুকান গোবৰ, খেৰ, বালি আদি কাপোৰত মেৰাই ব্যৱহাৰ কৰে। ই অতি বিপজ্জনক। কাপোৰবোৰ মানুহে নেদেখাকৈ ৰ’দ নপৰা জেকা ঠাইত মেলাৰ ফলত ভেঁকুৰৰ সংক্ৰমণ হ’ব পাৰে। ভাৰত চৰকাৰে ২০১০ চনৰ পৰা এন আৰ এইচ এমৰ জৰিয়তে ১.৫ কোটি কিশোৰীক চেনিটাৰী নেপকিন যোগান দিয়াৰ আঁচনি গ্ৰহণ কৰিছে। স্কুলবিলাকত অনাময় ব্যৱস্থা নথকাৰ বাবেও কিশোৰীসকল এই সময়ত সমস্যাৰ সন্মুখীন হয়। বহুতে আনকি স্কুললৈ যাবলৈও এৰি দিয়ে।

পুষ্টিকৰ খাদ্য আৰু ব্যায়াম -

১) মাহেকীয়াৰ সময়ত দানাযুক্ত, আঁহযুক্ত পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিব লাগে। বুটমাহ, দাইল, মাহ, চয়াবিন, মাখন, গাখীৰ আদি প্ৰটিনযুক্ত খাদ্য উপযুক্ত হাৰত খাব লাগে। শাক-পাচলি , ফলমুল, বাদাম, চিড যথেষ্ট পৰিমাণে খাব লাগে। চাহ, কফি, শীতল পানীয় কমাই খাব লাগে বা বৰ্জন কৰিব লাগে। এই সময়ছোৱাত পাতলীয়াকৈ সঘনাই আহাৰ গ্ৰহণ কৰিব লাগে।

২) পাতলীয়া ব্যায়াম, খোজকঢ়া আদিৰ জৰিয়তে মাহেকীয়া সময়ত হোৱা পেটৰ বিষ আৰু অন্যান্য কষ্টসমুহৰ পৰা পৰিত্ৰাণ পাব পাৰি। ব্যায়াম কৰিলে চেৰটনিন নামৰ ৰাসায়নিক পদাৰ্থ নি:সৰণ হয়। ই মন প্ৰফুল্লিত কৰে।

৩) আজিৰ আধুনিক যুগত মাহেকীয়া ঋতুস্ৰাৱক লৈ দৃষ্টিভংগী সলাবৰ হ;ল। এতিয়া আৰু এইকেইটা দিনত মহিলা আৰু কিশোৰীসকলে ঘৰৰ চাৰিবেৰৰ মাজত আবদ্ধ হৈ অযুক্তিকৰ নিয়ম মানি থকাৰ দিন নাই। ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতা, পুষ্টিকৰ আহাৰ আৰু পাতলীয়া ব্যায়ামৰ দ্বাৰা ঋতুস্ৰাৱৰ সময়ত হোৱা কষ্ট আৰু অসুবিধা লাঘৱ কৰি কিশোৰী আৰু মহিলাসকলে এটা স্বাস্থ্যৱান জীৱন অতিবাহিত কৰিব পাৰে।

উৎস: দৈনিক জনমভুমি, ডা: মিৰান্দা দত্ত

3.05555555556
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top