মূল পৃষ্ঠা / স্বাস্থ্য / মহিলাৰ স্বাস্থ্য / কনভাৰ্ছন বা ডিছʼচিয়েটিভ ডিছঅৰ্ডাৰ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কনভাৰ্ছন বা ডিছʼচিয়েটিভ ডিছঅৰ্ডাৰ :

কনভাৰ্ছন বা ডিছʼচিয়েটিভ ডিছঅৰ্ডাৰৰ বিষয়ে লিখা হৈছে ।

 

কনভাৰ্ছন বা ডিছ’চেয়েটিভ ৰোগ হ’ল এইক প্ৰকাৰৰ স্নায়ু মনোৰোগ। যাৰ আৰম্ভণি হয় মকিছু মানসিক সংঘাতৰ ফলত আৰু শাৰীৰিক ৰূপত ইয়াৰ লক্ষণসমূহে দেখা দিয়ে। শৰীৰত দেখা দিয়া এই লক্ষণসমূহ প্ৰচলিত দেহতাত্ত্বিক(Anatomical) আৰু জীৱতাত্ত্বিক(Physiological) ধাৰণাৰে ব্যাখ্যা কৰিব নোৱাৰি। এই ৰোগত আক্ৰান্ত ৰোগীয়ে স্ব-ইচ্ছাৰে এই লক্ষণসমূহ পৰিৱেশন বা প্ৰকাশ নকৰে। ই সম্পূৰ্ণভাৱে চিকিৎসা বিজ্ঞানত এই ৰোগৰ উল্লেখ আছে। আধুনিক চিকিৎসা বিউজ্ঞানৰ পিতৃস্বৰূপ Hipposestesৰ লেখাতো এই ৰোগৰ বিষয়ে বৰ্ণনা আছে।

এই ৰোগৰ লক্ষণসমূহ যেনে- সঘনাই মূৰ্চ্ছা যোৱা, পক্ষাঘাত, দুৰ্বলতা, অস্বাভাৱিক দেহ সঞ্চালন, খোৱা বস্তু গিলিব নোৱাৰা, কথা কোৱাত অসুবিধা, চকুৰে ধোঁৱা ধোঁৱা দেখা, মূক হোৱা, মানুহ চিনি নোপোৱা বা পাহৰি যোৱা, শৰীৰৰ বিভিন্ন অংগৰ বিষ, প্ৰস্ৰাৱ-পায়খানা বন্ধ হোৱা ইত্যাদি বিভিন্ন ধৰণৰ হ’ব পাৰে। লক্ষণীয়ভাৱে এই লক্ষণসমূহ কিন্তু পৰিয়ালৰ আন লোকৰ উপস্থিতিত বেছিকৈ হোৱা দেখা যায়। লক্ষণসমূহৰ বাবে কিন্তু ৰোগীক কেতিয়াও শাৰীৰিকভাৱে আঘাতপ্ৰাপ্ত হোৱা দেখা নাযায়। তদুপৰি কিছু সময়ত লক্ষণবোৰৰ প্ৰতি ৰোগীয়ে একপ্ৰকাৰৰ উদাসীনতা দেখুৱায়।

এই ৰোগৰ নামকৰণ, ব্যাখ্যা আৰু ধাৰণা বিভিন্ন সময়ত বিভিন্ন ধৰণে কৰা দেখা গৈছে। প্ৰাচীন ইজিপ্তত এই ৰোগ(Hysteria) বুলি জনাজাত আছিল। Hysteria শব্দটো আন এক গ্ৰীক শব্দ Hysteronৰ পৰা আহিছে, যাৰ অৰ্থ হ’ল জৰায়ু বা গৰ্ভ। সেই সময়ত wondering Uterus অৰ্থাৎ সংগতিবিহীন জৰায়ুই এই ৰোগৰ মূল কাৰক বুলি ভবা হৈছিল। কিয়নো পুৰুষৰ তুলনাত মহিলা এই ৰোগত বেছিকৈ আক্ৰান্ত হোৱা দেখা গৈছিল। সংগতিবিহীন জৰায়ু শৰীৰৰ ওপৰলৈ যোৱাৰ ফলতে এই ৰোগৰ লক্ষণসমূহ প্ৰকাশ পোৱা বুলি ভবা হৈছিল। সংগতিবিহীন জৰায়ু ওপৰ পেটত অৰ্থাৎ Hypochondeiumত যেতিয়া থিতাপি লয়, তেতিয়া উশাহ-নিশাহত কষ্ট পোৱা, ডিঙিত থিতাপি ল’লে কথা কোৱাত অসুবিধা, উৎকন্ঠিত হোৱা ইত্যাদি বিভিন্ন ধৰণৰ লক্ষণে দেখা দিয়ে বুলি ভবা হৈছিল। বাসনাৰ পৰা বঞ্চিত মহিলাৰ জৰায়ু ঊৰ্ধ্বগামী হৈ এই ৰোগ আৰম্ভ হোৱা বুলি ধাৰণা কৰা হৈছিল। ফলস্বৰূপে মহিলাগৰাকীক অতি সোনকালে বিয়া দিয়া নতুবা গৰ্ভধাৰণৰ দৰে উপদেশ দিয়া হৈছিল।

সমান্তৰালভাৱে অন্ধবিশ্বাসৰ কু-প্ৰভাৱৰ ফলত তথা বৈজ্ঞানিক যুক্তিৰ জ্ঞানৰ অভাৱত Conversion ৰোগত আক্ৰান্ত বহু ৰোগীকে ডাইনী সজাই নানা যন্ত্ৰণা দিয়াৰ লগতে মৃত্যুদণ্ডৰ দৰে চৰম শাস্তিও দিয়া হৈছিল। কিয়নো প্ৰায়েই এনে ৰোগীক ভূত-প্ৰেতে লম্ভা বুলি ভবা হয়, কাৰণ ৰোগীসকলেও নিজকে বিভিন্ন দেৱীৰ ৰূপ বুলি মানি লয়।

মধ্যযুগ পৰ্যন্ত ইউৰোপকে ধৰি সমগ্ৰ বিশ্বতে সংগতিবিহীন জৰায়ুকে এই ৰোগৰ মূল কাৰক বুলি ভবা হৈছিল। কিন্তু ষোড়শ শতিকাৰ মাজৰ পৰা বিভিন্ন চিকিৎসা বিজ্ঞানী আৰু গৱেষকসকলে বহুতো গৱেষণাৰ অন্তত Conversion ৰোগৰ বৈজ্ঞানিক যুক্তি আগবঢ়ায়। তাৰ ভিতৰত Paracelsus, Benjamin Rush, Franz Anton Mesmer, Jeah-Martin Charcoat আদি অন্যতম। ঊনবিংশ শতিকাত Paul Briquet–এ এই ৰোগৰ ওপৰত কৰা গৱেষণাত পোনপ্ৰথমে উল্লেখ কৰে যে Conversion ৰোগ জৰায়ুৰ প্ৰভাৱত নহয়, বৰং স্নায়ু-মনস্তাত্ত্বিক সংঘাত বা বিক্ষোভৰ প্ৰভাৱতহে হয়।

আধুনিক মনোবিজ্ঞানৰ পিতৃস্বৰূপ Sigmund Freudৰ মতে, অৱচেতন মনৰ(Unconcecious mind) সংঘাতৰ পৰাই এই ৰোগৰ বিভিন্ন ধৰণৰ লক্ষণসমূহৰ সৃষ্টি হয়। তদুপৰি লক্ষণসমূহে অৱচেতন মনত থকা মনস্তাত্ত্বিক সংঘাত বা ক্ষোভবোৰৰ সৈতেও এক প্ৰতীকী অৰ্থ বহন কৰে। সৰ্বশেষত Amerian Psychiatric Association–এ যোৱা শতিকাৰ প্ৰায় আশীৰ দশকত এই ৰোগক Conversion বা Dissociative Disorder ৰূপে নামকৰণ কৰে।

বৰ্তমান সময়তো পৃথিৱীৰ বিভিন্ন অঞ্চলত এই ৰোগৰ লগত জড়িত অন্ধবিশ্বাস আৰু কু-প্ৰথা এতিয়াও প্ৰচলিত হৈ আছে। অসমতো জ্ঞানৰ অভাৱ বা আন কোনো কাৰণতেই নহওক কিয়, Conversion Disorderৰ দ্বাৰা আক্ৰান্ত ৰোগীক ডাইনী সজোৱা ঘটনা মাজে-সময়ে এতিয়াও নোহোৱা নহয়।

সামৰণি:

মহিলাৰ লগতে পুৰুষৰ ক্ষেত্ৰতো এই ৰোগৰ প্ৰাদুৰ্ভাৱ দেখা যায়। এই ৰোগত আক্ৰান্ত ৰোগীৰ প্ৰায়েই শাৰীৰিক পৰীক্ষা-নিৰীক্ষাত(CT Scan, MRI, Blood Investigation) কোনো বিশেষ বিসংগতি দেখা পোৱা নাযায়। সেয়েহে এই ৰোগৰ উপযুক্ত প্ৰতিকাৰ মনোৰোগ চিকিৎসা বিশেষজ্ঞ আৰু মনোবিজ্ঞানীৰ দ্বাৰা সম্ভৱ। এই ৰোগৰ তাৎক্ষণিক চিনাক্তকৰণ তথা ৰোগৰ অন্তৰালত থকা মানসিক অন্তৰ্দ্বন্দ্ব বুজাটো বেছি প্ৰয়োজন।

লেখক: ডাঃ অভিজিৎ কলিতা(নিয়মীয়া বাৰ্তা)

3.21428571429
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top