মূল পৃষ্ঠা / স্বাস্থ্য / মহিলাৰ স্বাস্থ্য / কফি আৰু চাহৰ কেফেইনে ডায়েবেটিক মহিলাৰ মৃত্যুৰ হাৰ কমায়
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কফি আৰু চাহৰ কেফেইনে ডায়েবেটিক মহিলাৰ মৃত্যুৰ হাৰ কমায়

কফি আৰু চাহৰ কেফেইনে ডায়েবেটিক মহিলাৰ মৃত্যুৰ হাৰ কমায়, সেই বিষয়ে লিখা হৈছে ।

 

ডায়েবেটিছত ভুগি থকা মহিলাসকলে নিয়মীয়াকৈ কফি বা চাহ খাই থাকিলে মৃত্যুৰ আশংকা বহুগুণে কমি থাকে। শেহতীয়া এটা অধ্যয়নত এই কথা প্ৰকাশ পাইছে। বাদাম আৰু মাহজাতীয় খাদ্য:

পৃথিৱীৰ ৮০ শতাংশতকৈ বেছিসংখ্যক প্ৰাপ্তবয়ষ্ক লোকে নিয়মীয়াকৈ কফি বা চাহ সেৱনৰ যোগেদি কেফেইন গ্ৰহণ কৰে। এনেদৰে কফি সেৱন কৰা লোকে প্ৰতিদিনে গড়ে ১৫০ মিলিগ্ৰামৰ পৰা ৩০০ মিলিগ্ৰাম কফি সেৱন কৰে। কফি সেৱনত অভ্যস্ত দেশ আৰু সেৱনকাৰীৰ বয়সৰ ওপৰত এই পৰিমাণ নিৰ্ভৰ কৰে।

সকলো ধৰণৰ ৰোগৰ ফলত হ’ব পৰা মৃত্যুৰ আশংকা কফি সেৱনৰ ফলত বহুলাংশে কমে বুলি বিভিন্ন অধ্যয়নযোগে জানিব পৰা গৈছে যদিও ডায়েবেটিছ ৰোগীৰ মৃত্যুৰ হাৰ কফি সেৱনে কমাব পাৰে নে নাই, সেই কথা এতিয়াও ভালদৰে জানিব পৰা হোৱা নাই।

পৰ্তুগালৰ প’ৰ্ট বিশ্ববিদ্যালয়ৰ গৱেষকসকলে ১৯৯৯ চনৰ পৰা ২০১০ চনলৈকে তিনি হেজাৰ গৰাকী ডায়েবেটিছত ভুগি থকা পুৰুষ আৰু মহিলাক বিভিন্ন মাত্ৰাত কেফেইন সেৱন কৰোৱাই সেৱন কৰোৱাই মৃত্যুৰ সৈতে তাৰ সম্পৰ্কৰ বিষয়ে পৰীক্ষা কৰিছিল। এই পৰীক্ষাত অংশ লোৱা লোকসকলে কফি, চাহ আৰু শীতল পানীয় সেৱনৰ যোগেদি গ্ৰহণ কৰা কেফেইনৰ পৰিমাণৰ বিষয়ে গৱেষকসকলক জনাইছিল। এনে ধৰণে চলোৱা পৰীক্ষাৰ ১১ বছৰীয়া কালছোৱাৰ ভিতৰত ৬১৮ জন ব্যক্তিৰ মৃত্যু ঘটিছিল। গৱেষকসকলে এই পৰীক্ষালানিৰ তথ্য বিশ্লেষণ কৰি প্ৰমাণ পালে যে যিসকল ডায়েবেটিছত ভুগি থকা মহিলাই দৈনিক একাপকৈ কফি অৰ্থাৎ ১০০ মিলিগ্ৰাম কফি সেৱন কৰিছিল, তেওঁলোকৰ ভিতৰত শতকৰা ৫১ গৰাকীৰে মৃত্যুৰ আশংকা কমি থাকিল। যিসকল মহিলাই প্ৰতিদিনে ১০০ৰ পৰা ২০০ মিলিগ্ৰাম কফি সেৱন কৰে, সেইসকলৰ ভিতৰত ৫৭ শতাংশ মহিলাৰে কফি নোখোৱা মহিলাৰ তুলনাত মৃত্যুৰ আশংকা কম হয়। যিসকলে প্ৰতিদিনে ২০০ মিলিগ্ৰাম বা দুকাপকৈ কফি খায়, তেওঁলোকৰ ক্ষেত্ৰত মৃত্যুৰ আশংকা ৬৬ শতাংশলৈ হ্ৰাস পায়। কিন্তু ডায়েবেটিছত ভুগি থকা পুৰুষসকলৰ ক্ষেত্ৰত কেফেইন সেৱনৰ উপকাৰিতাৰ বিষয়ে এই গৱেষণাত প্ৰমাণ পোৱা নগ’ল।

যদি মহিলাসকলে চাহ সেৱনৰ যোগেদি কেফেইন গ্ৰহণ কৰে, তেন্তে মহিলাসকলৰ কেন্সাৰজনিত মৃত্যুৰ হাৰো বহুখিনি কমে। চাহ সেৱনৰ যোগেদি উচ্চ মাত্ৰাত কেফেইন সেৱন কৰি থাকিলে, একেবাৰে কেফেইন সেৱন নকৰা মহিলাতকৈ কেন্সাৰজনিত মৃত্যুৰ হাৰ ৮০ শতাংশ কমি আহে। গৱেষকসকলে প্ৰকাশ কৰিছে যে, যিকোনো ৰোগত মৃত্যুৰ হাৰ নিৰ্ভৰ কৰে কেফেইনৰ উৎসৰ ওপৰত। কফিৰ পৰা পোৱা কেফেইনৰ উৎসৰ ওপৰত। কফিৰ পৰা পোৱা কেফেইনে সকলো ৰোগৰ পৰা হ’ব পৰা মৃত্যুৰ লগতে হৃদযন্ত্ৰ আৰু ৰক্তসঞ্চালন তন্ত্ৰৰ ৰোগৰ ফলত হ’ব পৰা মৃত্যুৰ আশংকা কমাই ৰাখে। আনহাতে চাহৰ পৰা লাভ কৰা কেফেইনে ডায়েবেটিছত ভোগা মহিলাসকলৰ মৃত্যুৰ হাৰ কমোৱাত সহায় কৰে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

4.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top