মূল পৃষ্ঠা / স্বাস্থ্য / মহিলাৰ স্বাস্থ্য / গৃহিণীসকল সুস্থ থকাৰ উপায়ঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গৃহিণীসকল সুস্থ থকাৰ উপায়ঃ

প্ৰায়বোৰ গৃহিণীয়ে, বিশেষকৈ একান্নৱৰ্তী পৰিয়ালৰ গৃহিণীসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ মনোযোগী নহয়। গৃহিণীসকলৰ শৰীৰ সুস্থ ৰখাৰ উপায় হ’ল-

 

প্ৰায়বোৰ গৃহিণীয়ে, বিশেষকৈ একান্নৱৰ্তী পৰিয়ালৰ গৃহিণীসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ মনোযোগী নহয়। গৃহিণীসকলৰ শৰীৰ সুস্থ ৰখাৰ উপায় হ’ল-

* খালী পেটে চাহ খোৱা বা দুবাৰৰ বেছি চাহ খোৱা উচিত নহয়।

অন্তঃসত্ত্বা অৱস্থাত একেবাৰে খাব নালাগে।

*জুইৰ পৰা নমায়েই অতি গৰম চাহ খোৱা উচিত নহয়।

*কিডনীৰ পাথৰ হোৱা এৰাবলৈ বেছিকৈ পালেংশাক খাব।

হঠাৎ বদহজম হ’লেঃ

 

*ভাত খাই বদহজম হ’লে যোৱান আৰু বীটলোণ খাব লাগে।

* দালি খাই বদহজম হ’লে যোৱান আৰু লোণ খাব লাগে।

* মাছ খাই বদহজম হ’লে কাজি পাণ খাব লাগে।

*মাংস খাই বদহজম হ’লে যোৱান আৰু লোণ খাব লাগে।

*ৰুটি খাই বদহজম হ’লে যোৱান আৰু লোণ পানীৰে সৈতে খাব লাগে।

*পিঠা খাই বদহজম হ’লে বেছিকৈ ঠাণ্ডা পানী খাব লাগে।

*পায়স খাই বদহজম হ’লে কেঁচা মুগৰ দালি চোবাই খাব লাগে।

*নাৰিকল খাই বদহজম হ’লে চাউল খালে বহুত উপকাৰ পোৱা যায়।

*গাখীৰ খাই বদহজম হ’লে ঘোল খাব লাগে।

*খিচিৰী খাই বদহজম হ’লে সৈন্ধৱ লোণ খাব লাগে।

*ঘুগুনী খাই বদহজম হ’লে শিলিখা খাব লাগে

*বগৰী খাই বদহজম হ’লে গৰম পানী খাব লাগে।

*কঁঠাল খাই বদহজম হ’লে কঁঠালৰ গুটি বা কল খাব লাগে।

*কল খাই বদহজম হ’লে লোণ খাব লাগে।

*তাল খাই বদহজম হ’লে চাউল খাব লাগে।

*জাম খাই বদহজম হ’লে শিলিখা খাব লাগে।

*ঘি খাই বদহজম হ’লে কাজি নেমুটেঙা খাব লাগে।

*মাখন খাই বদহজম হ’লে ত্ৰিফলাৰ পানী খাব লাগে।

*লুচি খাই বদহজম হ’লে পিপলি চূৰ্ণ খালে উপকাৰ পোৱা যায়।

*মালপোৱা খাই বদহজম হ’লে যোৱান খাব লাগে।

*চুজিৰ হালোৱা খাই অজীৰ্ণ হ’লে কৰ্পূৰৰ পানী খাব লাগে।

*মদ খাই অজীৰ্ণ হ’লে তেঁতেলীৰ পানী খাব লাগে।

*তৈলাক্ত দ্ৰব্য খাই বদহজম হ’লে পঁইতাভাতৰ পানী খাব লাগে।

*মৌ খাই অজীৰ্ণ হ’লে পিপলি চূৰ্ণ খাব লাগে।

*আম খাই বদহজম হ’লে তালমিছৰি খাব লাগে।

*বেল খাই বদহজম হ’লে গুৱামুৰি খাব লাগে।

*ৰঙালাউ খাই বদহজম হ’লে আদা খাব লাগে।

* লোণ খাই অজীৰ্ণ হ’লে পঁইতাভাতৰ পানী খাব লাগে।

কোন খাদ্যত কি গুণঃ

* পুঠি মাছ খালে চকুৰ ৰোগ নহয়, শুক্ৰ বৃদ্ধিকাৰক হয়।

* তামোল-পান খালে লম্বুপোক নাশ হয়, মুখৰ দুৰ্গন্ধ নাশ হয়।

* বাদাম খালে বায়ু পিত্ত নাশ হয় আৰু শুক্ৰ বলবৃদ্ধিকাৰক হয়।

* পকা বেল খালে মহৰোধক, আমৰোগ উপশম হয়।

* মানকচু পুষ্টিজনক আৰু শোথনাশক হয়।

* মূলা খালে ত্ৰিদোষ নাশ হয়।

* পানিফল খালে বলকাৰক, ৰক্তজনক, পিত্তনাশক হয়।

* লাউ খালে ধাতুপুষ্টি, পিত্ত শ্লেষ্মানাশক হয়।

* জলকীয়া খালে অগ্নিকৰ অজীৰ্ণ (বেছি খোৱা ক্ষতিকৰ)।

* সৰিয়হ তেল খালে বেদনানাশক, অম্লদায়ক হয়।

* সৈন্ধৱ লোণ খালে ত্ৰিদোষনাশক, বলকাৰক, চকুৰ কাৰণে হিতকৰ।

* যোৱান খালে কৃমি নিবাৰক, কুষ্ঠনাশক, হজম হয়।

* লং খালে বমি, ক্ষয়ৰোগ নিবাৰণ হয়।

* নিম খালে কুষ্ঠনাশক, জ্বৰ, তেজৰ দোষ নাশক, মলৰোধক হয়।

* হালধী খালে কৃমি, কুষ্ঠ, তেজৰ দোষ নাশক, মলৰোধক হয়।

* শিলিখা খালে অৰ্শ, শোথ, পিত্তশূল আৰু হাঁপানীনাশক হয়।

* আমলখি খালে হেঁকেটি, শ্বেতপ্ৰদৰ, পিত্তশূল আৰু বমিনাশক হয়।

* আম (পকা) খালে শুক্ৰ বৃদ্ধিকাৰক, বায়ুনাশক, বলকাৰক হয়।

* আদা খালে বাত, কফ, পিত্তনাশক হয়।

* আম খালে মলবৰ্ধক, বীৰ্যবৰ্ধক, বাতনাশক, কৃমিনাশক।

* সৰু ইলাচী খালে শ্বাস, কাহ, কফনাশক হয়।

* খিচমিচ খালে পুষ্টিকৰ পিত্তনাশক হয়।

* ইলিচ মাছ খালে বায়ুনাশক হয়।

* খাহিৰ মাংস খালে চৰ্বিবৰ্ধক হয়।

* কাছৰ মাংস খালে চকু হিতকৰ হয়, বল আৰু শুক্ৰ বৃদ্ধি হয়।

* কল খালে বল আৰু শুক্ৰ বৃদ্ধিকাৰক, শীতল।

* আখৈ খালে কোষ্ঠ পৰিষ্কাৰক, বলবৰ্ধক হয়।

* গম খালে ৰুচি পিত্তনাশক, বলকাৰক হয়।

* ঘিউ খালে বায়ু, পিত্তনাশক হয়।

* গাজৰ খালে বল, শ্লেষ্মা আৰু অৰ্শনাশক হয়।

জন্মৰোধঃ

* সহবাসৰ পিছত আধাতোলা ৰাশিতেলৰ লগত ৪ ৰতি সৈন্ধৱ লোণ মিহলাই খালে গৰ্ভ নহয়।

* কৃষ্ণা চতুৰ্থীৰ দিনা ক’লা ধতুৰা গছৰ শিপা তামৰ তাবিজৰ ভিতৰত ভৰাই স্ত্ৰীৰ কঁকালত বান্ধি সহবাস কৰিলে গৰ্ভ নহয়।

(উৎসঃ স্বামী ৰামদেৱৰ মুখনিঃসৃত আয়ুৰ্বেদিক ঔষধ দৰ্শন, তথ্যসংগ্ৰহ ও সম্পাদনাঃ এন. গোস্বামী)।

3.09090909091
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top