মূল পৃষ্ঠা / স্বাস্থ্য / মহিলাৰ স্বাস্থ্য / গৰ্ভধাৰণৰ সময়ত প্ৰসাধন কৰিবনে?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গৰ্ভধাৰণৰ সময়ত প্ৰসাধন কৰিবনে?

গৰ্ভধাৰণৰ সময়ত প্ৰসাধন কৰিবনে? সেই বিষয়ে লিখা হৈছে ।

ছানস্ক্ৰীম লোচনত থাকে। এটা পৰীক্ষাত দেখা গৈছে যে যিসকল মহিলাই ছানস্ক্ৰীন লোচন ব্যৱহাৰ কৰে তেনে মহিলাই জন্ম দিয়া শিশুৰ ওজন কম হ’ব পাৰে।

গৰ্ভাৱস্থাত ব্যৱহাৰ কৰা কছমেটিক বা প্ৰসাধন সামগ্ৰীয়ে গৰ্ভস্থ সন্তানটিৰ ক্ষতি কৰিব পাৰে। আপুনি যদি সন্তানসম্ভৱা বা সন্তান জন্ম দিয়াৰ কথা ভাবিছে তেনেহ’লে এই আলোচনাটো নিশ্চয় এবাৰ পঢ়ক।

মহিলাৰ প্ৰেগনেন্সী বা গৰ্ভধাৰণৰ সময়ত কছমেটিক বা প্ৰসাধন ব্যৱহাৰৰ সময়ত কছমেটিক বা প্ৰসাধন ব্যৱহাৰৰ সাৱধানতা:

বৰ্তমান সময়ত কম-বেছি পৰিমাণে সকলো মহিলাই নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন আৰু সৰহসংখ্যকেই দৈনন্দিন ক্ৰীম, লিপষ্টিক, ফাউণ্ডেচন, নেইল পলিচ ইত্যাদি ব্যৱহাৰ কৰে। এই ক্ৰীমসমূহ বিভিন্ন প্ৰকাৰৰ,

যেনে-

  • ব্ৰন বা শালমইনা গুচোৱা ক্ৰীম,
  • বয়সৰেখা দূৰ কৰা ক্ৰীম,
  • ছালৰ ৰং উজ্জ্বল কৰা ক্ৰীম ইত্যাদি।

ইয়াৰ লগতে দাঁত বগা কৰা পেষ্ট, হেয়াৰ ৰিম’ভাৰ ক্ৰীম। কিন্তু আপুনিতো নাজানে বা জানিবলৈ হয়তো চেষ্টাও কৰা নাই যে এইবোৰ ব্যৱহাৰ কৰাৰ ফলত অনাগত সন্তানৰ ওপৰত কি প্ৰভাৱ পৰিব পাৰে।

এটা সমীক্ষাত দেখা গৈছে এগৰাকী যুৱতী বা মহিলাই প্ৰতি দিনে ১২ ধৰণৰ কছমেটিক ব্যৱহাৰ কৰে প্ৰেগনেন্সীৰ সময়ত।

কিছুমান কছমেটিক পৰিহাৰ নকৰিলে তাৰ পৰিণাম গৰ্ভস্থ সন্তানে ভুগিব লগা হ’ব পাৰে। আমাৰ দেশত ডাক্তৰে বৰ্তমানেও এই সম্পৰ্কত গৰ্ভৱতী মহিলাসকলক সতৰ্ক কৰা দেখা নাযায়।

গৱেষণাত দেখা গৈছে-

  • Retinoid,
  • Lead,
  • Paraben আদি থকা কছমেটিক ব্যৱহাৰ কৰিলে দেহত হৰম’নৰ পৰিৱৰ্তন ঘটি অনাগত শিশুটি বিকলাংগ বা মানসিক ভাৰসাম্যহীন হ’ব পাৰে। গতিকে গৰ্ভৱতী মহিলাসকল এইক্ষেত্ৰত সাৱধান হোৱা উচিত।

ছানস্ক্ৰীন লোচন -

ছানস্ক্ৰীন লোচনত Oxybe nozoe থাকে। এটা পৰীক্ষাত দেখা গৈছে যে যিসকল মহিলাই ছানস্ক্ৰীন লোচন ব্যৱহাৰ কৰে তেনে মহিলাই জন্ম দিয়া শিশুৱে ওজন কম হ’ব পাৰে।

ইয়াৰ উপৰি Oxybezne এই নামৰ উপাদানবিধে প্ৰেগনেন্সীত স্বাভাৱিক হৰম’নক ছেনচিটিভ বনাব পৰা ক্ষমতা থাকে।

গতিকে গৰ্ভৱতী মহিলাই ছানস্ক্ৰীন ব্যৱহাৰ নকৰি বাহিৰৰ ৰ’দত ওলাওঁতে দীঘল কাপোৰ ব্যৱহাৰ কৰি কাণ, মুখ ঢাকি লওঁক যাতে ছানবাৰ্ন নহয়।

নহ’লে পুৱা ১০ বজাৰ পৰা বিয়লি ২ বজাৰ এই সময়খিনিত বাহিৰলৈ ৰ’দত ওলাব নালাগে।

যদি যাব লগা হয় zinc oxid আৰু titanium olixid যুক্ত ছানস্ক্ৰীন লোচন ব্যৱহাৰ কৰক, ই আপোনাৰ সূৰ্যৰ বেঙুনীয়া ৰশ্মিৰ পৰা ৰক্ষা কৰিব আৰু এই উপাদান শৰীৰ বা তেজত মিহলি হৈ নাযায়।

পাৰাবেনছ -

এক কথাত ক’বলৈ গ’লে লোচন, ক্ৰীম, টোনাৰ, ফাউণ্ডেচন সকলো কছমেটিকতে এই উপাদানবিধ থাকে।

পাৰাবেনছ বিভিন্ন প্ৰকাৰৰ হয় যেনে- Proply parabens, methy parabens ইত্যাদি। এই সকলো পাৰাবেনছে বৰ্জনীয় কছমেটিকছৰ গাত লিখি থোৱা উপাদানবোৰ চাব, তাত যদি পাৰাবেন লিখা থাকে সেই ধৰণৰ কছমেটিক ব্যৱহাৰ নকৰিব। আমাৰ দেশত পাৰাবেনবিহীন ক্ৰীন, লোচন খুব কমেই দেখিবলৈ পোৱা যায়।

ৰেটিনল -

ৰেটিনল হ’ল এক ধৰণৰ ভিটামিন এ, যি ছালৰ বয়সৰেখা দূৰ কৰে, ছাল কোলাজেনৰ ভাৰসাম্য ৰক্ষা কৰে।

কিন্তু অতিৰিক্ত ভিটামিন এ গ্ৰহণে শিশুৰ ওপৰত প্ৰহাৱ পেলাব পাৰে। গতিকে ভিটামিন এযুক্ত যিকোনো ক্ৰীম পৰিহাৰ কৰা ভাল।

ছেলিচিলিক এচিড বা বেটা হাইড্ৰ’ক্সিল এচিড -

বিশেষতঃ এই উপাদানবিধ শালমইনা বা ব্ৰন নিৰ্মূল কৰা ক্ৰীম, বয়সৰেখা দূৰ কৰা ক্ৰীমত থাকে। ই মুখ পৰিষ্কাৰ কৰাত সহায় কৰে।

এছপিৰিনত যিহেতু ছেলিচিলিক এচিড আছে, গতিকে গৰ্ভধাৰণ কৰাৰ সময়ত এই ক্ৰীম পৰিহাৰ কৰা উচিত। অতিৰিক্ত এছপিৰিন ল’লে গুৰুতৰ সমস্যাই দেখা দিব পাৰে।

ব্লেক হেডছ দূৰ কৰা স্ক্ৰাবত ছেলিছিলিক এচিড থাকে। গতিকে স্ক্ৰাব ব্যৱহাৰ নকৰিব। তাৰ ঠাইত এক চামুচ চেনি আৰু এক চামুচ মৌৰ ৰস লৈ স্ক্ৰাবৰ দৰে ব্যৱহাৰ কৰিব পাৰে।

হোৱাইটেনিং টুথব্ৰাছ -

পেৰ’ক্সাইড হ’ল দাঁত চাফা কৰা মূল উপাদান। ই যিহেতু ব্লিচিং প্ৰচেছ গতিকে ইয়াকো পৰিহাৰ কৰাই ভাল। ঠাইত সাধাৰণ টুথপেষ্টৰ দ্বাৰাই দাঁত ব্ৰাছ কৰা নিৰাপদ হ’ব।

Phthalates:

এই উপাদানবিধ নেইল পলিচ তৈয়াৰ কৰিবৰ বাবে ব্যৱহাৰ কৰা হয়। আৰু পাৰফিউম, ব’ডী স্প্ৰে, হেয়াৰ স্প্ৰে আদিত ব্যৱহাৰ কৰা হয়।

২০০৬ বৰ্ষতে চিকিৎসা বিজ্ঞানৰ এক গৱেষণাত পোৱা গৈছে যে Phthalates বেছি ব্যৱহাৰকাৰী মহিলাৰ সন্তানৰ জেনিটেল ক্ষতিকৰ পৰিৱৰ্তন সাধন হোৱা গুৰুতৰ তথ্য পোৱা গৈছে।

Phthalates শিশুৰ জন্মগ্ৰহণত কোনো ক্ষতিসাধন নকৰে, কিন্তু শিশুৰ জেনিটেল বিকাশত বাধাৰ সৃষ্টি কৰে।

হেয়াৰ ৰিম’ভাৰ ক্ৰীম -

প্ৰেগনেন্সীৰ সময়ত দেহত সহজতে গ্ৰহণ হোৱা বা দেহে সহজতে শুহি লোৱা আৰু ৰক্তৰ সৈতে মিহলি লৈ যোৱা কোনো ধৰণৰ কছমেটিকেই ব্যৱহাৰ কৰিব নালাগে।

গৰ্ভৱতী মহিলাই হেয়া ৰিম’ভাৰ, পাৰফিউম ব্যৱহাৰ কৰিব নালাগে। যদি গাত থকা অত্যধিক নোমৰ বাবে কিবা সমস্যাত পৰে তেনেহ’লে প্ৰাকৃতিকভাৱে ৱয়েছিং কৰাব পাৰে, তেতিয়া গৰ্ভস্থ সন্তানৰ কোনো অসুবিধা নহয়।

লিড:

লিপষ্টিক তৈয়াৰ কৰিবৰ বাবে এই লিড ব্যৱহাৰ কৰা হয়। এক পৰীক্ষাৰ দ্বাৰা প্ৰমাণ হৈছে যে লিডৰ পৰা কেন্সাৰ, শিশু বিকলাংগ হ’বও পাৰে।

কিন্তু অতি দুখৰ বিষয় এই যে একেবাৰে বেয়াৰ পৰা আৰম্ভ কৰি ভাল কোম্পানীসমূহেও লিপষ্টিকত লিড ব্যৱহাৰ কৰা দেখিবলৈ পোৱা গৈছে।

প্ৰায় ৯০ শতাংশই ব্যৱহাৰ কৰে আৰু এই লিপষ্টিকবোৰ আমাৰ দেশৰ মহিলাৰ মাজত জনপ্ৰিয়।

এতিয়া কোন লিপষ্টিকত লিড আছে সেই কথা আপোনালোকে কেনেকৈ জানিব?

অলপ লিপষ্টিক হাতত লগাই ল’ব আৰু গ’লডেন কইন এটা দি ঘঁহি দিব। যদি দেখে লিপষ্টিকৰ ৰং ক’লা হৈ গৈছে তেতিয়া আপুনি জানিব লাগিব যে এই লিপষ্টিকত লিড আহে আৰু এনে লিপষ্টিক বৰ্জন কৰিব।

পুনৰ কৈছোঁ গৰ্ভাৱস্থাত কছমেটিক ব্যৱহাৰ কৰোঁতে কিছু সতৰ্কতা অৱলম্বন কৰা উচিত। সকলোবোৰ সামগ্ৰীতে যে বেয়া উপাদান থাকে তেনে নহয়।

কিছুমানত প্ৰাকৃতিক উপাদান থাকে, তেনেবোৰ ব্যৱহাৰ কৰিব পাৰে। আৰু আপোনালোকে এইবোৰ বস্তু নতুনকৈ যেতিয়া ব্যৱহাৰ কৰিবলৈ লয় বস্তুটোৰ বিষয়ে ভালদৰে আঁতিগুৰি মাৰি জানি ল’ব।

পাৰাবেনছযুক্ত বস্তু বনোৱাৰ বাবে ইউৰোপৰ দেশসমূহত নিষেধাজ্ঞা জাৰি কৰা হৈছে। যিটো আমাৰ দেশত বিনা বাধ্যই চলি আছে।

গতিকে মই আমাৰ দেশৰ যুৱতী-মহিলাসকলকো এই সম্পৰ্কে সচেতন হ’বৰ বাবে পৰামৰ্শ আগবঢ়াইছোঁ। অলপ সচেতনতাৰে নিশ্বিত বিপদৰ পৰা হাত সাৰিব পাৰে।

কেইটামান গৰ্ভধাৰণৰ সৰু টিপছ আপোনালোকলৈ আগবঢ়াইছোঁ -

সময়ত হৰম’নৰ পৰিৱৰ্তন আহে আৰু তাৰ বাবেও বহু গৰ্ভৱতী মহিলাৰ মুখত ব্ৰন উঠে। তেনেহ’লে এন্টিবায়’টিক ব্যৱহাৰ কৰিলে শিশুৰ জন্মগত কিছু সমস্যাই দেখা দিবও পাৰে।

তেতিয়া কোনো মেডিচিন নোখোৱাকৈ ঘৰতে প্ৰাকৃতিকভাৱে প্ৰস্তুত কৰি নিমপাত আৰু হালধিৰ পেষ্ট বনাই লগাব পাৰে।

দেখা যায় বহু গৰ্ভৱতী মহিলাই এন্টি ৰিংকল ক্ৰীম লগাই পেট মালিচ কৰে, সেইটো নকৰাটোৱে ভাল।

তাৰ ঠাইত অলিভ অইল ব্যৱহাৰ কৰিলেই এন্টি ৰিংকল ক্ৰীমতকৈও ভাল কাম কৰে। গৰ্ভৱতী মহিলাই চুলিত কোনো ধৰণৰ ৰং বা অন্যান্য হাইলাইট কৰিবলৈ লগোৱা বস্তুবোৰ ব্যৱহাৰ নকৰাই ভাল।

দৈহিক ভিটামিন ‘বি’যুক্ত খাদ্য খাব লাগে। সন্তান আৰু মাতৃ দুয়োৰে পক্ষে ভাল।

লেখক: ডাঃ হৰিকান্ত দাস(নিয়মীয়া বাৰ্তা)

4.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top